#গল্প
#শাস্তি
সৰু গাওঁখনত খবৰটো ফাটি-ফুটি গ’ল ৷ ৰাজহুৱা পুখুৰীটোৰ পৰা পানী আনিবলৈ যাওঁতেই নগেনৰ ঘৈণীয়েকে কথাটো শুনি আহিলে ৷ তাই আহি চিধাই কাষৰে মনবৰৰ ঘৈণীয়েকক কথাটো ক’লেহি ৷ চুচেনৰ ঘৈণীয়েক হেনো কাৰোবালৈ গ’ল ৷ গহণাগাঁঠৰি বোলে সোপাকে লৈ গ’ল লগত ৷ সাঁচতীয়া যি দুই এটকা আছিলে তাকো নেৰিলে ৷ গাঁৱত বু বু বা বা আৰম্ভ হৈ গ’ল ৷ ল’ৰা ছোৱালী দুটা আৰু গিৰিয়েকৰ কথা অলপো নাভাবিলে চাতৰীজনীয়ে ৷ গাঁওখনৰে নাক কাণ কাটিলে ৷ কিহে পাইছিল তাইক সেই ফেৰীৱালাটোৰ লগত ইমান আদান প্ৰদান কৰিবলৈ ৷ ক’লৈবা নিলেগৈ ! ক’ৰবাত বেচি দিয়েগৈ যদিও ঠিক নাই ৷ সেইজনীৰ চাগৈ মূৰৰ বিকৃতিহে ঘটিছিল ৷
গাঁৱৰ মানুহবোৰৰ কথাবোৰ চুচেনৰ কাণত পৰি থাকিল ৷ হলেও সি একো নকলে ৷ কবনো কি ? সি নিজেই অঁকৰা লাগিলে ৷ পাটীৰ তিৰোতাজনীয়ে এনে এটা অসম্ভৱ কাণ্ড কৰিব বুলি সমাজিকতো ভবা নাছিল সি ৷ গতিকে যেয়ে যি ক’লে সি শুনি থাকিল ৷ ঘৰখনৰ মতাৰ কাম, মাইকীৰ কাম সকলো কৰি থাকিল ৷ ল’ৰা ছোৱালী দুটাক স্কুললৈয়ো নপঠোৱাকৈ নাথাকিল ৷ ভাতো নোখোৱাকৈ নাথাকিল ৷ ল’ৰাছোৱালী দুটাইও কিবা এটা যেন বুজি পালে ৷ বাপেকটোক আমনি নকৰাকৈ যি পালে তাকে খালে ৷ মাকৰ কথাও সুধিবলৈ এৰিলে ৷
দুদিনৰ পাছত গাঁৱত আকৌ চেপা উত্তেজনা এটা হ’ল ৷ কোনোবাই ৰেল ষ্টেচনত কান্দি কান্দি বহি থকা চুচেনৰ ঘৈণীয়েকক পাই গাঁৱলৈ লৈ আনিলে ৷ ফেৰীৱালাটোৱে তাইৰ ভাগৰ টকা-পইচা , গহণা-পাতিবোৰ লৈ পলাই দিলে ৷ নাককাটীয়ে কলৈ যাম, কি কৰিম বুলি তাতেই বহি থাকিলে ৷ মুখীয়াল ধৰণৰ দুজনমানে কথা পাতি তাইক চুচেনৰ ঘৰত থৈ গ’লহি ৷ মানুহহে ৷ ভুল এটা যেনিবা কৰিলেই ৷ কলৈনো দলিয়াই দিবি ৷ খালী তামোল পাণ এটা দি ৰাইজৰ আগত সেৱা এটা ল’ব লাগিব ৷ অপৰাধ স্বীকাৰ কৰি মাফ খুজিব লাগিব ৷হৈ যাব ৷
চুচেনে একো নকলে ৷ চুচেনৰ ঘৈণীয়েকে গাঁৱৰ ৰাইজৰ চকুত চকু থৈ কথা ক’ব পৰা সাহসকণ কেতিয়াবাই হেৰুৱাই পেলাইছিল ৷ তাইক চমজাই থৈ মানুহবোৰ গ’লগৈ ৷ল’ৰাছোৱালী দুটাই প্ৰথমতে মাকক দেখি সেমেনা সেমেনি কৰিছিল যদিও সোনকালেই মাকৰ লগত সহজ হৈ পৰিল ৷
নিৰ্দিষ্ট দিনত ৰাইজৰ মেল বহিল ৷ চুচেনৰ ঘৈণীয়েকে ৰাইজৰ আগত আঠু ল’লে ৷ "ৰাইজসকল , মই পাপ কৰিলোঁ ৷ মোক মাফ কৰি দিয়ক " বুলি তাই ৰাউচি জুৰাবলৈ লাগিল ৷ কান্দি কান্দি বেহুচ হোৱাৰ উপক্ৰম হোৱা চুচেনৰ ঘৈণীয়েকক দেখি উপস্থিত ৰাইজ আচৰিত হ’ল ৷ "হ’ব আৰু ৷ তোক মাফ কৰিলোঁ ৷ আকৌ এনে কাম কৰিবলৈ হলে তোৰ আৰু ইয়াত স্থান নহব ৷ যা এতিয়া ৷ " তেনেকৈ কওঁতেও তাই শান্ত নহল ৷ কান্দিয়েই থাকিল ৷ "কি হ’ল ৷ চুচেনে তোক কিবা ক’লে নেকি? " বুলি সুধিবলৈহে পালে তাইক , তাই চিঞৰি চিঞৰি কান্দি ক’বলৈ ধৰিলে , " অ' ৷ তেওঁ মোক শাস্তি দিছে ৷ বৰ ডাঙৰ শাস্তি ৷ হয় , মই দোষ কৰিছোঁ ৷ তেওঁ মোক মাৰক , কাটক যি কৰে কৰক ৷ কিন্তু মৰা কটাতকৈয়ো ডাঙৰ শাস্তি দিছে মোক ৷" "কি কৰিলেনো অ' সি ? তই মিছা কৈছ যেন লাগিছে ৷" কোনোবা এজনৰ প্ৰশ্নত চুচেনৰ ঘৈণীয়েকে কান্দি কান্দি কৈ থাকিল ,
"একোৱেই নকৰিলে মোক ৷ তেওঁ মোক মাফ কৰি দিলে অ' ৷ " হিয়ালিজিয়ালিকৈ চুচেনৰ ঘৈণীয়েকে কান্দি থাকিল ৷ ক্ষমা ও যে কেতিয়াবা কাৰোবাৰ বাবে শাস্তি হ’ব পাৰে বুলি নভবা মানুহকেইজনে কথাবোৰ নতুনকৈ ভাবি থাকিল ৷
স্বপ্না দত্ত ভৰালী
I am very fond of your stories...I like every short stories of yours in social media like on facebook..And I am very happy to see you in blogger..
ReplyDeleteThank u
DeleteExplanation👍
ReplyDeleteThank you so much. Plz keep encouraging me.
DeleteThank you so much. Plz keep encouraging me.
ReplyDeleteI always wait for your beautifully explained short stories.
ReplyDeleteThanks a lot mam.
Deleteভাল লাগিল গল্পটো। সুন্দৰ
ReplyDeleteঅশেষ ধন্যবাদ
Deleteবহুত ভাল লাগিল বাইদেউ। আগলৈও পঢ়িবলৈ পাই থাকিম বুলি আশা থাকিল।
ReplyDeleteআন্তৰিক ধন্যবাদ
Deleteভাল লাগিল গল্পটো
ReplyDeleteবহুত ধন্যবাদ
DeleteTumar Jolosobi golpo tu mur bor priyo..
ReplyDeleteঅশেষ ধন্যবাদ
Deleteআপোনাৰ গল্পসমূহে সদায় মুগ্ধ কৰি আহিছে ।গল্প চৰ্চা অব্যাহত হ ওক ।
ReplyDeleteআন্তৰিক ধন্যবাদ জনালোঁ ৷ চেষ্টা কৰি যাম 🙏
DeleteNice. Keep it up.
ReplyDeleteঅশেষ ধন্যবাদ আপোনাক 😊
Deleteবৰ ধুনীয়া হৈছে বাইদেউ ।আপোনাৰ প্ৰতিটো গল্পই আমি পঢ়ো । গাঁৱৰ পটভূমিত লিখা গল্পবোৰৰ সঁচাকৈয়ে এক অনন্য মাদকতা আছে ।
ReplyDeleteবহুত বহুত ধন্যবাদ ৷ শুনি ভাল পালোঁ দেই ৷
DeleteBohut vaal lgile ma'am...wish u all the best ma'am 😊
ReplyDeleteThank you ❤️ পঢ়ি থাকিবা দেই
ReplyDeleteBaideu apunar likha podhi mur bor bhal lage..Anekua dhunia golpo likhi thakibo hodai buli akha korilu..
ReplyDeleteঅশেষ ধন্যবাদ 🙏🙏
ReplyDeleteBhal lagil porhi
ReplyDeleteThank you
ReplyDelete