#গল্প
#চাহ ( দ্বিতীয় খণ্ড )
গাড়ীখনত বহি কুন্দনে নিজকে অলপ সুস্থিৰ কৰি ল’লে ৷ প্ৰিয়ংকাক খালী চকীখনলৈ চাই চাই উৎসাহিতভাৱে কথা পাতি থকা দেখা পোৱাৰ পাছত বুকু কঁপি গৈছিল তাৰ ৷ বুকুৰ ধপধপনিটো অলপ শান্ত হোৱাৰ পাছত ষ্টিয়াৰীঙত মুৰটো থৈ অলপপৰ কিবা চিন্তা কৰিলে ৷
কিছুসময়ৰ পিছত গাড়ীখন লৈ পুনৰ কেম্পাচৰ পৰা ওলাই গ’ল সি ৷ এইবাৰ তাৰ লক্ষ্যস্থান তাৰ অভিন্ন বন্ধু ডা° মাধৱনৰ চেম্বাৰ ৷ মাধৱনক জৰুৰী কথা আছে বুলি কুন্দনে ফোন কৰাত সি তাৰ চেম্বাৰলৈকে আহিবলৈ ক’লে । কুন্দনৰ মাতটো শুনিয়েই গম্ভীৰ কিবা এটাৰ অনুমান কৰিছিল মাধৱনে ৷
মনোৰোগ বিশেষজ্ঞ মাধৱনে কুন্দনক ৱেটিং ৰুমতে অলপ বহিবলৈ ক’লে ৷ ৰোগী এজনৰ লগত তাৰ এপইণ্টমেণ্ট আছিল ৷ কুন্দন বহি থাকোঁতেই মাধৱনৰ চেম্বাৰত থকা ল’ৰা এজনে পানী এগিলাচ যাচিলেহি ৷ পানী গিলাচ খাওঁতেহে তাৰ যে ইমান পিয়াহ লাগি আছিল বুলি গ’ম পালে ৷ এগিলাচ খোৱাৰ পাছত আৰু এগিলাচ সি ল’ৰাটোক খুজি খালে ৷
অলপ পাছত মাধৱনে তাক মতাই নিলে ৷ এফালৰ পৰা কথাবোৰ সি মাধৱনৰ আগত কৈ গ’ল ৷ মাধৱনে মন দি কথাখিনি শুনিলে ৷ স্কিজফ্ৰেনিয়া ৰোগীৰ এনেধৰণৰ লক্ষণসমূহ দেখা পোৱা যায় বুলি মাধৱনে মন্তব্য দিলে ৷ প্ৰিয়ংকাৰ অতীতৰ বিষয়ে সকলোখিনি জনাটোও প্ৰয়োজন বুলি মাধৱেনে ক’লে ৷ ৰোগীক চোৱাৰ আগত ৰোগীৰ বিষয়ে জানি লোৱাটো যিহেতু বৰ প্ৰয়োজনীয় ৷
মাধৱনৰ লগত কথা পাতি কুন্দন কিছু আশ্বস্ত হ’ল ৷ মাধৱনেও তাৰ ভাঙি পৰা মনোবল বঢ়াবলৈ তাক সকলো সোনকালেই আগৰ দৰে হোৱাৰ আশ্বাস দিলে ৷
একাকিত্বই প্ৰিয়ংকাৰ মনোজগতত প্ৰভাৱ বিস্তাৰ কৰিছে ৷ মাধৱনে কুন্দনক বুজালে যে পৰিবেশৰ লগতে মনোৰোগৰ কাৰণ জেনেটিকো হ’ব পাৰে ৷ বা কেতিয়াবা মগজুৰ গঠন বা ৰসায়নৰ তাৰতম্যৰ বাবেও এনে হ’য় ৷ নিউৰট্ৰেনচমিটাৰ বুলি যিটো কেমিকেল মানুহৰ মগজুত থাকি স্নায়ুকোষ বিলাকৰ লগত সম্পৰ্ক ৰক্ষাত সহায় কৰে, সেই নিউৰট্ৰেনচমিটাৰৰ পৰিমাণ খুউব কম বা বেছি হোৱাটোও ইয়াৰ কাৰণ হ’ব পাৰে৷ এই বেমাৰ হ’লে ৰোগীৰ ভ্ৰম হয় ৷ কোনোবাই যেন তেওঁক কিবা অসুবিধা দিছে , বা তেওঁৰ প্ৰেমত পৰিছে ৷ কাল্পনিক চৰিত্ৰৰ সৈতে ৰোগীয়ে বাৰ্তালাপ কৰে ৷ কিবাকিবি শব্দ কাণেৰে শুনি থাকে ৷ দৈনন্দিন কৰ্মৰ প্ৰতি আগ্ৰহ কমি যায় ৷ কোনোবাই কিবা ক’লে গুৰুত্বটো কম দিয়ে , আগতে আনন্দ পোৱা কামবোৰত আনন্দ অনুভৱ নকৰা হয় বা পৰিষ্কাৰ পৰিচন্নতাৰ প্ৰতিও গুৰুত্বটো কমাই দিয়ে ৷ আনকি এনে ৰোগীৰ দুই একে আত্মহত্যাৰ চেষ্টাও কৰে ৷ সকলোতকৈ ডাঙৰ কথা তেওঁলোকে এইটো তেওঁলোকৰ ভ্ৰম বুলি মানি লবলৈ টান পায়। ৰোগীৰ অভিভাৱক তথা বন্ধুবৰ্গৰ মানসিক সাহাচাৰ্য্য খুবেই জৰুৰী ৷
মাধৱনে যিহেতু প্ৰিয়ংকাৰ অতীতটোৰ কথা জানিবলৈ বিছাৰিলে , কুন্দনে বহুত আগৰেপৰা তাইৰ লগত চিনাকি নাছিল বাবে তাইৰ মুখত শুনা কথাবোৰকে মাধৱনৰ আগত কৈ থাকিল ৷ কথাবোৰ শুনি মাধৱনে মন্তব্য দিলে যে মাকক হেৰুৱাই তাই নিসংগ অনুভৱ কৰাটো স্বাভাৱিক ৷ আকৌ দেউতাকে মাহীমাকক বিয়া কৰোৱাৰ পাছতো তাইৰ মনোজগতত কিছু নকৰাত্মক প্ৰভাৱ পৰিব পাৰে ৷ তাৰ পাছত দেউতাকক হেৰুৱালে ৷ মাহীমাকৰ অত্যাচাৰৰ কথাও তাই যিহেতু কুন্দনৰ আগত ব্যক্ত কৰিছে , সেইটোৱেও তাইক মানসিক ৰোগী কৰি তোলাত অৰিহণা আছে ৷ তাতে বিয়াৰ পাছত তাই আৰু বেছি অকলশৰীয়া হৈ পৰিল ৷ লাহে লাহে কাল্পনিক বান্ধৱী এগৰাকীৰ লগত তাই কথা পাতিবলৈ আৰম্ভ কৰিলে ৷ প্ৰথমতে কমকৈ আৰু দিন যোৱাৰ লগে লগে কাল্পনিক বান্ধৱীগৰাকীক তাই সঘনাই দেখি থাকিবলৈ আৰম্ভ কৰিলে ৷ আনকি তাই বান্ধৱীৰ কাল্পনিক ঠিকনাও কুন্দনক দিলে ৷ কল্পনাত ফোন নম্বৰো আছিল ৷ আচলতে কেতিয়াবা কাৰোবাৰ মুখত শুনা ঠিকনাটো প্ৰিয়ংকাৰ অৱচেতন মনত ৰৈ গৈছিল ৷ সেয়ে সেইটো ঠিকনা তাই ৰশ্মিৰ বুলি বিশ্বাস কৰি ললে ৷ ৰশ্মিৰ লগত একেলগে বহি চাহ খোৱা কৰিলে ৷ এনেকুৱা এটা স্পৰ্শকাতৰ সময়ত দৰৱতকৈও কুন্দনৰ সাহাচাৰ্য্য কিন্তু অতিকৈ প্ৰিয়ংকাৰ বাবে প্ৰয়োজনীয় বুলিও মাধৱনে বাৰে বাৰে ক’লে ৷
মাধৱনৰ লগত কথাখিনি পাতি কুন্দন কিছু আশ্বস্ত হ’ল ৷ পাছদিনা এবাৰ মাধৱনৰ ওচৰৰ পৰা এনেই ফুৰাবলৈ অনাৰ চলেৰে প্ৰিয়ংকাক লৈ আহিবলৈ মাধৱনে কৈ পঠালে ৷
মাধৱনৰ পৰা বিদায় লৈ ঘৰলৈ বুলি ঘুৰি আহোঁতে কুন্দনে ভাৱি ভাৱি আহি থাকিল ৷ প্ৰিয়ংকাক আৰু সি অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়ে ৷ দুদিনমান চুটী লৈ সি তাইৰ লগত সম্পূৰ্ণ সময় কটাব ৷ সেইকেইদিনতে তাৰ ঘৰৰ পৰা কাৰোবাক কিছুদিনৰ বাবে তাইৰ লগত থাকিব পৰাকৈ মাতি পঠিয়াব ৷ তাই বাধা দিলেও কামকৰা মানুহ এজনীও দিনটো তাইৰ লগত থাকিব পৰাকৈ ঠিক কৰিব ৷ অলপদিন যোৱাৰ পাছত তাইক ব্যস্ত ৰাখিবলৈকে কিবা এটা শিকাৰ ব্যৱস্থা কৰি দিব ৷ তাৰ বাবে এটা চুৱেটাৰ গুঠা নাইবা চিলাই জাতীয় কাম কৰিবলৈ তাইক আব্দাৰ কৰিব ৷ দৰকাৰ হ’লে সি সেইটো ফ্লেট সলায়েই পেলাব , তথাপি তাইক ৰশ্মিৰ কবলৰ পৰা মুক্ত কৰিবই কৰিব ৷ কথাবোৰ ভাবি মনটো কিছু মুকলি লাগিল তাৰ ৷ এক নতুন উদ্যম মনত লৈ সি এইবাৰ আহি তাৰ ফ্লেটৰ কলিংবেলটো বজালেহি ৷
১৮/৭/২০২০
বঢ়িয়া হৈছে। ক্ৰমশ:...
ReplyDeleteধন্যবাদ দেই😊
Deleteভাল লাগিল
Deleteধন্যবাদ
Deleteভাল লাগিল বা, সুন্দৰ
ReplyDeleteৰূপালীম ধন্যবাদ❤️❤️
Deleteভাল লাগিল বা, সুন্দৰ
ReplyDelete😘❤️❤️
Deleteবৰ ভাল লাগিল
ReplyDeleteThanks dei❤️❤️😊😊😊😊
ReplyDelete