www.hunguti.in

Breaking

www.hunguti.in

Ads

Sunday, July 26, 2020

#চাহ ( খণ্ড-১২ )

#চাহ    ( খণ্ড-১২ )



               ইয়াৰ মাজতে কুন্দনে  ৰুণিমাৰ লগতো কথা পাতিলে ৷ ৰশ্মিৰ খবৰ উলিয়াবলৈ তাই চেষ্টা কৰি থকা বুলি ক’লে ৷ তাইৰ চিনাকি , বৰ্তমান অৱসৰপ্ৰাপ্ত পুলিচৰ কনিষ্টবল এজনৰ পৰা ৰশ্মিৰ দেউতাকৰ নামটো জানিলে ৷ গুৱাহাটীতে  ঘৰ মাটিও কৰিলেগৈ বুলি তেখেতে শুনা পাইছিল ৷ কিন্তু তাতকৈ বেছি একো নাজানে  ৷ হ’লেও তেখেতে ঠিকনাটো বিচাৰি পালেই ৰুণিমাক জনাব ৷ 

            আশাৰ কিৰণ এটা দেখা পোৱা যেন লাগিল কুন্দনৰ ৷ চিকিৎসকৰ লগতে ভগৱানৰ অস্তিত্বৰ  ওপৰতো তাৰ বিশ্বাস আছে ৷ তাৰ বিশ্বাস আৰু ভৰষাৰ মান ৰক্ষা  পৰিব বুলি তাৰ মনটোৱে কৈছে ৷

            মাধৱনে কোৱা লক্ষণবোৰ লাহে লাহে এটা দুটাকৈ যেন ফুটি উঠিছে প্ৰিয়ংকাৰ গাত ৷ মাজতে এদিন ৰাতি একেবাৰেই টোপনি নাহিল তাইৰ ৷ উঠি আহি ঘৰটোত ইফাল সিফাল কৰি কিবাকিবি বিৰবিৰাই থাকিল ৷ তাই নুশুলেে কুন্দন শুৱাৰ প্ৰশ্নই নাহে ৷ ৰাতিপুৱাবৰ সময়তহে তাইৰ টোপনি আহিল ৷ বহুত দেৰিলৈকে শুয়েই থাকিল তাই ৷

             মাধৱনে কথাটো গম পাই কুন্দনক মাতি পঠালে ৷ ইমানদিনে দৰৱ দিয়া নাছিল যদিও এইবাৰ সি দৰৱৰ কথা ক’লে তাক ৷ আচলতে এনে ৰোগত ব্যৱহাৰ হোৱা দৰৱৰ পাৰ্শ্বক্ৰিয়া আছে আৰু দীঘলীয়াকৈ ব্যৱহাৰ কৰিলে আন কিছুমান লক্ষণেও দেখা দিব পাৰে ৷ কিছুমান দৰৱে ৰোগীক অস্বাভাৱিক ভাৱে শৰীৰত চৰ্বি জমা কৰে আৰু তেজৰ চাপ বৃদ্ধি কৰাৰ লগতে শৰীৰত কলেষ্টৰেলৰো মাত্ৰা বৃদ্ধি কৰে ৷ সেয়ে সুষম আহাৰ আৰু শাৰীৰিক ব্যায়াম আদিত গুৰুত্বটো দিবই লাগিব ৷ আকৌ কিছুমান দৰৱ দীৰ্ঘদিন ব্যৱহাৰ কৰি থাকিলে পাছলৈ ৰোগীয়ে  অনৱৰত চকু টিপিয়াই থকা , মুখেৰে কিবা চোবাই থকাৰ দৰে কৰা , কঁপাল কোচাই থকা বা জিভাখন নিজে কব নোৱাৰাকেই বাহিৰলৈ উলিয়াই থকা, এনেধৰণৰ লক্ষণ দেখা পোৱা যায় যিটোক চিকিৎসা বিজ্ঞানত 'Tardive dyskinesia'  বুলি কোৱা হয় ৷

            মাধৱনে প্ৰিয়ংকাক চাইক’থেৰাপি এটা দিয়াৰ কথা ক’লে ৷ যিটো থেৰাপীত তাইক তাইক ৰোগটোৰ বিষয়ে অৱগত কৰি কোনটো সঁচা বা কোনটো সঁচা নহয় , কেনেকৈ চিন্তা আৰু আচৰণ পৰিৱৰ্তন কৰিব পাৰিব আৰু নিজৰ জীৱনটো নিজৰ নিয়ন্ত্ৰণত আনিব পাৰিব তাক জানিবলৈ দিব ৷ তাৰ উপৰিও CBT বা ক’গনিটিভ বিহেভিয়াৰ থেৰাপী আৰু CET বা ক’গনিটিভ এনহেন্সমেন্ট থেৰাপীও এনে ৰোগীক দিয়া হ’য় ৷ CBT দিলে ৰোগীয়ে নিজৰ চিন্তাধাৰা আৰু আচৰণৰ পৰিৱৰ্তন  কৰাত সহায়ক হয় ৷ এইটো থেৰাপীয়ে ৰোগীক কাণেৰে শুনি থকা বিভিন্ন শব্দ আৰু ভ্ৰমৰ পৰা মুক্ত হোৱাটো সহায় কৰে ৷ আকৌ CET য়ে মনোযোগ আৰু স্মৃতি বঢ়াবলৈ শিকোৱাৰ লগতে মানুহৰ দেহভংগীমা, মুখৰ অভিব্যক্তি আদিবোৰ ভালদৰে বুজি পাবলৈ সহায় কৰে ৷ কম্পিউটাৰৰ ওপৰত আধাৰিত মগজুৰ প্ৰশিক্ষণো ইয়াৰ ভিতৰতে পৰে ৷ 

          কুন্দনে মাধৱনৰ কথাবোৰ শুনি শুনি যেন বেলেগ এখন পৃথিৱীলৈহে গুচি গ’ল ! আগতে এইবিষয়ে সি ইমান গম পোৱা নাছিল ৷ আচলতে প্ৰয়োজনো হোৱা নাছিল ৷ প্ৰিয়ংকাৰ বাবে কিন্তু সি এতিয়া এই বিষয়ে জানিবলৈ বহুত আগ্ৰহী ৷

            কুন্দনৰ আগ্ৰহ দেখা পায় মাধৱনে আকৌ বুজাবলৈ লাগিল তাক ৷ এনেধৰণৰ ৰোগীৰ যদি থেৰাপী দিয়াৰ কালচোৱাত অৱস্থাৰ উন্নতি দেখা পোৱা যায় , তেতিয়া আকৌ সেইখিনিতে চাইক’চচিয়েল থেৰাপীৰ কথা আহি যায় ৷ এই থেৰাপীত ৰোগীক চচিয়েল স্কিল ট্ৰেইনিং দিয়া হয় যাতে ৰোগীয়ে সামাজিক আদান প্ৰদান বা যোগাযোগ কৰিবলৈ সহজ হয় ৷ তদুপৰি জব কাউনচেলিঙ, প্ৰব্লেম চলভিংৰ লগতে মানি মেনেজিংৰ ওপৰতো শিক্ষা দিয়া হ’য় যিটোক ৰিহেবিলিটেচন বুলি কোৱা যায় ৷ চচিয়েল ৰিক’ভাৰি থেৰাপীত ৰোগীৰ মনলৈ এক আশাৰ সঞ্চাৰৰ লগতে সকৰাত্মক চিন্তা এটা আনিবলৈও চেষ্টা কৰা হয় ৷


3 comments:

  1. স্বপ্না বা....একেলগে গোটেখিনি পঢ়িলো,ধুনীয়া গল্প লগতে বহুত তথ্য থকা।ভাল লাগিছে।

    ReplyDelete
  2. বৰ ভাল লাগিল দেই। বহুখিনি কথা জানিব পাৰিলো।

    ReplyDelete
  3. গোটেই কেইটা খণ্ড একেলগে পঢ়িম ভাবি আছিলো।আজি পঢ়িলো। খুবেই ভাল লাগিছে পঢ়ি।পিছৰ খণ্ডৰ বাবে আগ্ৰহেৰে ৰৈ আছো।

    ReplyDelete