#গল্প
বাহিৰৰ পৰা দৌৰি সোমাই আহিল কণমানিটো ৷ অকণি অকণি দুহাতত দুমুঠি বকুলফুল ৷ "ক'ত আছিলাগৈ ইমানদেৰি ৷ স্কুল যাবলৈ দেৰি হ'ব নহয় ৷ আহা, স্কুললৈ ৰেডি হব লাগে ৷" দেউতাকে মৃদু ধমক এটা দিলে তাক ৷ "দেউতা, মাৰ কাৰণে বকুলফুল আনিলোঁগৈ ৷ চোৱানা , ইমান ধুনীয়া গোন্ধ ৷" দেউতাকৰ নাকৰ ওচৰলৈ হাতখন নি কণমানিটোৱে এইবাৰ মাকৰ ওচৰলৈ দৌৰ মাৰে ৷ " চোৱানা মা , তোমাৰ কাৰণে কি আনিছোঁ ৷ ৰাজুদাহঁতৰ গেটৰ মুখত কিমান যে বকুলফুল পৰি আছে ! কুকুৰটোৱে ফুল বুটলি থাকোঁতে মোক খেদিয়েই আহিছিলে ৷ দৌৰি গুচি আহিলো ৷ " অনৰ্গল কথা কৈ গৈছে কণমানিটোৱে ৷ "বাবু , ব্ৰেকফাষ্ট জলদি কৰি লোৱাহি ৷ দেৰি হব নহলে ৷ " দেউতাকৰ মাতত কণমানিটো দৌৰি গৈ এইবাৰ খোৱা টেবুলৰ ওচৰ পায়গৈ ৷ "ইস্ , সদায় সদায় ব্ৰেড আৰু অমলেট কিমান খাম ?" নাকটো কোঁচাই উঠে সি৷"মা, মই চাওমিনহে খাই ভাল পাওঁ ৷ তুমি জানা নহয়৷" চিঞৰি মাকক কয় কণমানিটোৱে ৷ "খোৱাচোন বাবু আজিলৈ ৷ গধুলীকৈ মই ৰেষ্টুৰেণ্টৰপৰা চাওমিন লৈ আনিম ৰবা ৷" দেউতাকৰ ফুচুলনিত সি ব্ৰেড এপিচ এটুকুৰা অমলেটৰ সৈতে মুখত লয় ৷ "তুমি গুড বয় হয় যে ৷ গাখীৰখিনিও শেষ কৰিবা দেই ৷" সি খাই থাকোঁতেই ইউনিফৰ্মযোৰ পিন্ধাই পিন্ধাই দেউতাকে তাক ফুচুলাই থাকে ৷ "গোটেইখিনি নাখাওঁ দেই দেউতা ৷ অলপহে খাম ৷ আৰু আজি কিন্তু গধূলি মোক চিকেন-পোলাও লাগিব ৷" কৈ উঠে সি ৷ "মা , শুনিছানে ? গধূলি চিকেন-পোলাও খাম কিন্তু ৷" পুনৰ চিঞৰি কয় সি ৷ আঠুকাঢ়ি তাৰ জোতাৰ ফিটা মাৰি মাৰি দেউতাকে তাক স্নেহেৰে কয় , "হ'ব বাবু ৷ খাবা বাৰু ৷ এতিয়া সোনকাল কৰা ৷ মোৰো অফিচ দেৰি হব নহয় নহলে ৷" দেউতাকৰ লগত গাড়ীৰ আগৰ চিটত বহি স্কুললৈ যাওঁতেও সি চিঞৰি যায়, "বাই মা , বাই বাই ৷ স্কুলৰ পৰা আহি লগ পাম দেই ৷" ঘৰৰপৰা স্কুললৈ পাঁচমিনিটৰ ৰাস্তা মাত্ৰ ৷ স্কুলৰ গেটলৈকে আগবঢ়াই দিবলৈ যাওঁতেও লানি নিছিগা কথা কণমানিটোৰ ৷ "অহ্ বাবু ৷ তোমাৰ টিফিন ভৰোৱা নহল নেকি? ৰবা মই দোকানৰ পৰা পটক্ কৈ কিবা এটা লৈ আহোগৈ ৷" খৰকৈ গৈ দেউতাকে তাক আমুল চকলেট দুটা আনি হাতত তুলি দিয়েহি ৷ হাঁহি হাঁহি দেউতাকক 'ঠেংকিও' বুলি কৈ দৌৰ মৰা কণমানিটোলৈ দেউতাকে নেদেখা হোৱালৈকে সজল নয়নেৰে চাই থাকে ৷
বাৰটা বাজে ৷ কণমানিটোৰ স্কুল ছুটীৰ সময় হয় ৷ ছুটীৰ ঘন্টাত সি দৌৰি আহি গেটৰ ওচৰ পায়হি ৷ ইফালে সিফালে চাওঁতেই দেখে দেউতাকক ৰৈ থকা ৷ "দেউতা , তুমিহে আহিলানেকি? মই আকৌ মা আহিব বুলি ভাবিছিলো ৷" দৌৰি দেউতাকৰ হাতত ধৰি কৈ উঠে সি ৷দেউতাকে তাক একেখন চহৰতে থকা মামাকৰ ঘৰলৈ লৈ যায় ৷ "তুমি আইতাক আমনি নকৰিবা দেই ৷ মই অফিচ চুটীৰ পাছত তোমাক লৈ যামহি ৷" জপিয়াই জপিয়াই কণমানিটো এইবাৰ আইতাকৰ বুকুত সোমায়গৈ ৷ স্কুলত কি কৰিলে কওঁতে কওঁতে আইতাকে সানি খুৱাই দিয়া ভাতকেইটা শেষ কৰিবলৈ এঘন্টা লাগে তাক ৷ "আইতা , বেছি বেছি খুৱাই নিদিবানা ৷ ৰাতি চিকেন-পোলাও খাম বুলি মাক কৈ আহিছোঁ নহয় ৷ পেটতো ফুটি যাবচোন ৷ " দুগালত দুটা চুমা দি আইতাকে আবেগেৰে সাৱটি ধৰে তাক ৷ "সাধু এটা ক'ম বলা" বুলি কণমানিটোক ফুচুলাই শুৱাবলৈ লৈ যোৱা আইতাকৰহে টোপনি যায়গৈ ৷
"দেউতা কেতিয়া আহিব ?" বুলি আবেলি হোৱাৰ লগে লগে গেটৰ ওচৰলৈ তাতঁবাটি কৰি থাকে কণমানিটোৱে ৷গাড়ীৰ হৰ্ণ শুনি স্কুলবেগটো আৰু পানীৰ বটলৰ সৈতে দৌৰি সি দেউতাকৰ ওচৰ পায়গৈ ৷ গাড়ীৰ ফ্ৰন্ট চিটত বহি কণমানিটো দেউতাকৰ লগত এইবাৰ বজাৰত ৰয়গৈ ৷ গধূলিৰ বাবে মাংস লবলৈ দেউতাক কুকুৰা বেপাৰীটোৰ ওচৰ পায়গৈ ৷ কণমানিটোৰ আব্দাৰ পূৰাবলৈ পোলাওৰ ৰেচিপিটোও নেটত চাই থৈছে তেওঁ ৷ দৰকাৰী বস্তুকেইটা কিনি লৰালৰিকৈ ঘৰলৈ বুলি গাড়ী ষ্টাৰ্ট দিয়ে তেওঁ ৷ ঘৰ গৈ পাই কণমানিটোৱে অনৰ্গল কৈ যায় , "মা, আজি জানা আইতায়ে মোলৈ আলুভাজি বনাই থৈছিলে ৷ মই যে ভাল পাওঁ তেনেকৈ ৷ আলুভাজি আৰু বাটাৰ সানি সানি ভাত খুৱাই দিলে আইতাই ৷ চব্ শেষ কৰি খালোঁ ৷ পেটতো ফুটি যাওঁ, ফুটি যাওঁ হৈ গ'ল মোৰ ৷" কৈ কৈ কণমানিটোৱে ড্ৰেচিং আয়নাখনৰ দ্ৰয়াৰকেইটা খুলি খুলি কিবা বিচাৰি থাকিল ৷ "মা, বেজী গুলিটো ক'ত থৈছানো? তোমাৰ কাৰণে বকুল ফুলৰ মালা এডাল গুঠিবলৈ আছে নহয় ? " দ্ৰয়াৰ এটাৰ পৰা মামৰে ধৰা বেজী এটা বগা গুলিটোত সুমুৱাই থোৱা পাই হাতত তুলি লয় সি৷ "বাবু , তুমি থোৱাচোন ৷ মই গুঠি দিম ৷ বেজীয়ে ফুটিলে তেজ ওলাব নহয় ৷ " তাৰ মনটো ৰাখিবলৈ দেউতাকে তাৰ হাতৰপৰা বেজিটো লৈ সূতা ভৰায় ৷ অপৈনত হাতেৰে তেওঁ বকুল ফুলৰ মালা এডাল গুঠিবলৈ ধৰে ৷ খৰধৰ কৰে তেওঁ৷গধূলি সাজৰ বাবে নেটত চাই চাই তেওঁৰ চিকেন পোলাও বনাবলৈও আছে ৷ মালাডাল পায় স্ফূৰ্তিৰ হাঁহি মাৰি সি দেউতাকৰ কোঁচত উঠে ৷ দেউতাকে তাক অলপ ওপৰলৈ দাঙি দিয়ে ৷ মাকৰ ফটোখন ঢুকি পোৱাৰ পাছত পুৰণি বকুলৰ মালাডাল আতঁৰাই সি নতুন মালাডাল পিন্ধাই দিয়ে ৷
স্বপ্না দত্ত ভৰালী ৷
২৫/৮/২০১৯
দুখ লাগিল
ReplyDeleteসুন্দৰ বা। হৃদয় চুই গ'ল।
ReplyDelete