www.hunguti.in

Breaking

www.hunguti.in

Ads

Friday, June 25, 2021

অন্য এক অথেল’ (২)

 (২)

#অন্য_এক_অথেল’




          মুখাৰ্জী কাকীয়ে আজি শুক্তো ৰান্ধিবলৈ লৈছে৷ শুক্তোৰ বাবে আলু, বেঙেনা, কাঁচকল, কেৰেলা, চিম, চজিনা এই সকলোবোৰ পাচলি সুন্দৰকৈ বঠিত কাটি লৈছে৷ কিছুদিনৰ আগতে তৈয়াৰ কৰা, মাটিদালি মিহিকৈ পিহি সৰু সৰু বড়ি বনাই ৰদত শুকুৱাই টেমাত ভৰাই থোৱা বড় দুটামানো উলিয়াই লৈছে৷ তিয়াই থোৱা সৰিয়হৰ লগত আফুগুটি দুটামানো দি একেবাৰে মিহিকৈ শিলপটাত বটিছে৷ লগতে অকনমান আদাবটাও দিব শুক্তোত৷ তাইৰ দৰে মচলা পিচিবলৈ মিক্সিৰ ব্যৱহাৰ নকৰে কাকীয়ে৷ সেয়ে হয়তো কাকীয়ে ৰন্ধা খাদ্যৰ সোৱাদ তুলনাবিহীন৷ বিপাক্ষীক পাকঘৰতে মুঢ়া এটাত বহুৱাই কাকীয়ে কথাও পাতি থাকিল, কামো কৰি থাকিল৷ কাকীয়ে নিয়াৰিকৈ কৰা কামবোৰ চাই তাই বৰ ভাল পায়৷ ইমান আন্তৰিকতাৰে ৰন্ধা কামটো কৰে! 

       

" আজ মাকে চা খাওয়াবে না?" 

পিছচোতালত পাৰি থোৱা আৰামী চকিখনত বহি থকাৰপৰাই মুখাৰ্জী কাকুয়ে কাকীক চিঞৰি সুধিলে৷ কাকুয়ে তাইক বৰ মৰমেৰে মা বুলি মাতে৷ ঠিক আগতে দেউতাকে তাইক মতাৰ দৰেই৷ মানুহহাললৈ কিয় জানো কিবা এটা মায়া জাগে তাইৰ! 


"খাওয়াব খাওয়াব। খাওয়াব না কেন। কিন্তু শুধু মা কেই চা খাওয়াব। তোমাকে নয়।"


তাইলৈ চাই চকু টিপিয়াই কাকীয়ে কৈ উঠিল৷ 


"জানি জানি তোমার কথা।সকাল থেকে কত কাপ চা খেলে? পরে ডায়বেটিস হলে আমি দেখব না।" 


বিপাক্ষীয়ে তেওঁলোকৰ মৰমৰ কাজিয়াবোৰ বৰ উপভোগ কৰে৷ হাঁহি হাঁহি শুনি থাকিল তাই৷ কাকুৰ চাহৰ প্ৰতি থকা দুৰ্বলতাৰ কথা জানে তাই৷ কাকীয়ে নিদিও বুলি কলেও পাছ মুহূৰ্ততে খাওঁ বুলিলে আধাকাপ চাহ হ’লেও যাচেগৈ৷ মুখেৰে যি বুলিয়েই নকওক লাগে৷ জীৱন বীমা নিগমত চাকৰি কৰা কাকুয়ে চাৰিবছৰমান আগতে অৱসৰ ললে৷ তেওঁলোকৰ একমাত্ৰ পুত্ৰ সুদীপ্ত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ৷ কাকীৰ লগত আগতে শশাংকৰ মাকৰো বৰ বন্ধুত্ব আছিল৷ তাইৰ আগত শশাংকৰ মাকৰ কথা কৈ প্ৰায়েই দুখ কৰে কাকীয়ে৷ বাইভনীৰ দৰেই থকা দুজনী মানুহৰ এজনী হঠাতে হেৰাই গ’লে আনজনীৰ দুখবোধ অহাটো স্বাভাৱিক৷ তাই বুজে৷ সেয়ে শশাংকৰ মাকৰ সৈতে কটোৱা সময়বোৰৰ কথা বাৰেপতি শুনি থাকিও প্ৰত্যেকবাৰ নতুন কথা শুনাৰ দৰেই শলাগি শুনে তাই৷ দুয়োঘৰৰ মিলামিছাৰ কথা তাই আগতেও শশাংকৰ মুখতো শুনিছে৷ 

         নাখাওঁ নাখাওঁ বুলি কোৱাৰ পাচতো কাকীয়ে তাইক চাউলৰ গুৰিৰে বনোৱা পাটিচাপ্তা আৰু মচুৰ দালিৰ পকৌৰি খুৱালে৷ তাৰপাছত আদা আৰু ইলাচী দিয়া গাখীৰ চাহ৷ কেৰাহীত তেল দি প্ৰথমে বড়কেইটা ভাজি উঠাই সেই তেলতে বেলেগ বেলেগকৈ কেৰেলা, কাঁচকল, আলু ভাজি ল’লে কাকীয়ে৷ তাৰপাছত কেৰাহীত এবিধ এবিধকৈ পাচলিও পৰি থাকিল, সিহঁত দুজনীৰ মুখো চলি থাকিল৷ শেষত গাখীৰ দি ঢাক মাৰি দিওঁতেই তাই আহিবলৈ উঠিছিলেই৷ পিছে নাই, কাকীয়ে নেৰিলে৷ কথা পাতি পাতি বহুৱাই ৰাখি আহিবৰ পৰত তাই ঘৰৰ পৰা তেওঁলোকলৈ বুলি লৈ যোৱা মধুসোলেং দিয়া মাছৰ জোলৰ বাতিটো আজৰি কৰি সিহঁত দুয়োটাৰ বাবে শেষত গৰুৰ ঘিউ আৰু ৰষ্টেড পাঁচফুৰণৰ গুড়ি চটিয়াই দিয়া শুক্তো অকনমানো দি পঠালে৷ লগতে শশাংকলৈ বুলি দুটামান পাটিচাপ্তাও৷ 



আগলৈ


1 comment:

  1. সাংঘাতিক সুন্দৰ

    ReplyDelete