www.hunguti.in

Breaking

www.hunguti.in

Ads

Saturday, July 31, 2021

অন্য এক অথেল’ (৩১)

 (৩১)


#অন্য_এক_অথেল’


      গভীৰ চিন্তাত ডুব গৈ আছে বিপাক্ষী৷ ৰশ্মিয়ে কোৱা কথাবোৰ জুকিয়াই লৈ তাই শশাংকৰ সৈতে মিলাই চাইছে৷ সঁচাকৈয়ে বাৰু সি তাই কোৱাৰ দৰেই অথেল’ চিনদ্ৰমত ভূগিছে নেকি? 

        ভাবি ভাবি তাই মিলাই যায়, শশাংকয়ো দেখোন তাইক মুখাৰ্জী কাকীৰ ল’ৰা সুদীপ্তৰ সৈতেও কথা পতা দেখিব নোৱাৰিছিল৷ আনকি সিহঁতৰ ঘৰলৈ যোৱাটো বাধা আৰোপ কৰিছিল৷ সৰুৰে পৰা একেলগে খেলি ধূলি ডাঙৰ হোৱা পংকজৰ সৈতেও তাইৰ সম্পৰ্কক সন্দেহৰ দৃষ্টিৰে চাইছিল৷ কিন্তু এইকেইটা সম্পৰ্কত জানো সন্দেহ কৰিবলগীয়া কিবা দেখা পাইছিল সি? তাইলৈ কোনোবাই ফোন কৰিলেও তাৰ হাজাৰটা প্ৰশ্ন৷ তাইৰ ফোন চেক্ কৰাটো তাৰ ৰুটিনৰ ভিতৰত আছিল৷ আনকি তাই অলপ পৰিপাটিকৈ থাকিলেও তাৰ মূৰ কামোৰনি হৈছিল৷ এইবোৰ লক্ষণ জানো তাই কোৱাৰ দৰেই নহয়!

       তাৰ বেংকৰ সহকৰ্মী দিবাকৰ হাজৰিকাৰ পত্নী পূৰ্বৰ প্ৰেমিকৰ সৈতে গুচি যোৱাৰ পাছৰে পৰা তাৰ তাইৰ প্ৰতি সন্দেহটো কিছু বেছি হোৱা নাছিলনে? সেই কথা তাই তেতিয়াও মন কৰিছিল৷ তায়ো কিজানি কাৰোবাৰ সৈতে গুচি যায় বুলিয়েই সি বেছি পজেচিভ্ হৈ পৰিছিল৷ তাইৰ গাত হাত উঠাবলৈয়ো সি পাছলৈ সংকোচ নকৰা হৈছিল৷ সেই সময়ত মনৰ অশান্তিৰ বাবে তাই তাৰ সৈতে শাৰীৰিকভাৱে একাত্ম হ’বলৈ ইচ্ছা কৰা নাছিল, যিটো কথাত সি পাগলৰ দৰে হৈছিল৷ এনেকুৱা ক্ষেত্ৰত ৰোগীৰ মনৰ সন্দেহ আৰু তীব্ৰ হৈ পৰে বুলিও ৰশ্মিয়ে কৈছিল৷

          আৰু, আৰু তাইক যে পুনৰ লৈ যাবলৈ তাৰ বাৰে বাৰে আগমন! ভালেৰে, খঙেৰে, বলপূৰ্বকভাৱেও চেষ্টা কৰি আছে সি তাইক তাৰ ওচৰলৈ নিবলৈ৷ এয়া কি সঁচাকৈয়ে অথেল’ চিনদ্ৰমৰেই লক্ষণনে? তাইৰ ইমান অনিচ্ছাটো সি তাইৰ পাছ এৰা নাই৷ তাৰ আত্মসন্মানত লাগক বুলিয়েই কেতিয়াবা টানকৈয়ো কৈ চাইছে তাই, কিন্তু তথাপিও দেখোন সি তাইক লৈ যাবলৈ চেষ্টা নকৰাকৈ থকা নাই! শ্বেইকছপীয়েৰৰ অথেল’ নাটকখনত অথেল’ই বিনা কাৰণত, আনৰ কথা শুনিয়েই,  সন্দেহৰ বশৱৰ্তী হৈয়েই নিজৰ প্ৰিয়তমা স্ত্ৰীক হত্যা কৰিছিল৷ ভালপোৱাগৰাকীক নিজৰ কৰি ৰাখিব নোৱাৰিলে আনৰো হ’বলৈ দিব নোৱাৰে৷ 

গা জিকাৰ খাই যায় বিপাক্ষীৰ৷ শশাংকৰ মতি গতি দেখিয়েই তাই বুজি উঠিছে, তাইক সুকলমে মুকলি কৰি নিদিব সি৷ কি বা হ’বলৈ গৈ আছে কোনে জানে!


"কি চিন্তা কৰি আছা?"


তাইৰ চিন্তাত যতি পেলাই বৌয়েকে মাত দিলেহি৷ কোঠাৰ লাইটতোও জ্বলাই দিলে তেওঁ৷ ৰশ্মিক আগবঢ়াই দি তাই একেভাজেই বিচনাত পৰি কথাবোৰ চিন্তা কৰি আছেহি৷ 


"নাই বৌ৷ একো চিন্তা কৰা নাই৷ এনেই পৰি আছোঁ৷"


তাই মিছা মাতিলে৷


"হ’ব উঠা এতিয়া৷ সন্ধিয়ালগাখন বিচনাত পৰি থাকিব নালাগে৷ মা গোঁসাইঘৰৰ পৰা ওলালেই চাহ কৰিম৷ বাৰাণ্ডাতে অকনমান বহাগৈচোন৷ ভাল লাগিব৷"


বিপাক্ষীৰ মনটো ভাল লাগিল৷ বৌয়েকজনী বুজন বুলিহে! নহ’লে জানো তাই নিজৰ ঘৰ হ’লেও এনেকৈ আহি থাকিবলৈ ভাল পালেহেঁতেন নে! 

          উঠি আহি চকু মুখত পানী অলপ মাৰি দিলেহি তাই৷ চিন্তাবোৰে মূৰটো গধুৰ কৰি পেলায়৷ টিংটিঙাই থকা মূৰটো সঁচাকৈয়ে কাঢ়া ফিকা চাহ একাপেহে ভাল কৰিব পাৰিব চাগৈ! 

        মাক গোঁসাইঘৰৰ পৰা ওলোৱাৰ পাছত সিহঁতে চাহ খালে৷ মাক আজিকালি প্ৰয়োজনতকৈ বেছি সময় গোঁসাইঘৰত কটায়৷ মৰমৰ জীয়াৰীৰ আউল লগা জীৱনটো চিজিল লগাবলৈ প্ৰাৰ্থনা জনায়৷ গোসাঁইঘৰত থকা সময়কণ মানুহগৰাকী এক অদ্ভুত প্ৰশান্তিত ডুবি থাকে৷ তাত থকা সময়কণত যেন একো দুখ যন্ত্ৰণাই যেন তেওঁক স্পৰ্শ কৰিব নোৱাৰে!  মাকৰ এই কথাটো অনুভৱ কৰিব পাৰে বিপাক্ষীয়ে৷ 


"শুনিছ, পংকজৰ মাকে মোক মন্ত্ৰ এটা দিলে৷ একলাখবাৰ জপ কৰিলে হেনো মনৰ কামনা পূৰণ হয়৷"


চাহ খাই উঠাৰ পাছত মাকে বিপাক্ষীক কলে৷


"আচৰিত৷ কি মন্ত্ৰ?"


"আচলতে মন্ত্ৰও নহয় অ'৷ ভাগৱতৰ এটা শ্লোকহে৷ মোৰহে কোৱাত ভুল হৈছে৷ তাত লেখাই আছে কথাটো৷ মই তোৰ কাৰণে শ্লোকটো পঢ়িবলৈ লৈছোঁ৷"


মাকে তাইৰ আগত সৰু কাগজ এখন তুলি ধৰিলে৷ তাত লিখা আছিল-


'অচ্যুত কেশৱ বিষ্ণু হৰি

সত্যে জনাৰ্দন হংসে নাৰায়ণ৷'


বিপাক্ষীয়ে একো নকলে মাকক৷ কিনো ক’ব? 'বিশ্বাসে মিলয় হৰি, তৰ্কে বহুদূৰ৷' বুকুত খুন্দ খাই থকা বেদনাবোৰ প্ৰাৰ্থনাৰ জৰিয়তে উপশম কৰিব পাৰে যদি সেয়াই হওকচোন! জীৱনত আহি পৰা অনাকাংক্ষিত পৰিস্থিতিবোৰ  সহনীয় কৰি তুলিবলৈ প্ৰাৰ্থনাৰ প্ৰয়োজন নাই জানো! প্ৰাৰ্থনা তায়ো কৰে৷ বিশ্বনিয়ন্তা এক মহাজাগতিক শক্তিৰ অস্তিত্ব অন্তৰৰ পৰা স্বীকাৰ কৰে৷ কিন্তু বাহ্যিকতাৰ পোষকতা কোনোদিনেই নকৰে৷


আগলৈ


1 comment:

  1. How To Make Money On Sports Betting
    Online sports betting is available 바카라 사이트 casinopan for a whole host of US and European sports betting markets. งานออนไลน์ Some US states, Authentic jordan 7 retro like 메리트 카지노 조작 Louisiana and New 카지노 사이트 Jersey, allow

    ReplyDelete