#চাহ ( পঞ্চম খণ্ড )
গধূলি ছয়মান বজাত কুন্দন ঘৰ পালেগৈ ৷ কাম কৰা মানুহগৰাকী কুন্দন অহাৰ পাছত যাবলৈ ওলাল ৷ সি আশা কৰাৰ দৰেই প্ৰিয়ংকাই এপল্ পাই দেখি আনন্দিত হ’ল ৷ দুয়োটাই একেলগে চাহো খালে হাঁহি ধেমালিকৈ ৷ দিনটো কি কি কৰিলে তাই উৎসাহেৰে বৰ্ণনা কৰোঁতে কুন্দনৰ কাণ দুখন উৎকৰ্ণ হৈ থাকিল , কিজানিবা তাই ৰশ্মিৰ কথা কিবা কয় ! তাক নিচিন্ত কৰি তাই কিন্তু ৰশ্মিৰ কথা একোৱেই নকলে ৷ নতুনকৈ নেটত চাই বাতৰি কাকত ৰোল কৰি কৰি সজা পেন ষ্টেণ্ডটো আনি উৎসাহেৰে দেখুৱালেহিও ৷
কুন্দনৰ অকনমাণ ৰিলেক্স লাগিল ৷ ভাত ৰন্ধাৰ সময়তো কেইবাবাৰো তাইৰ ওচৰলৈ গৈ গৈ সি কথা পাতি থাকিল ৷ "মাছৰ তৰকাৰীখন কিহেৰে ৰান্ধিবলৈ লৈছা" বুলি বা "ঘৰলৈ ফোন এটা কৰি মা আৰু ভন্তিৰ লগত ভাত হোৱাৰ পাছত কথা পাতিম দেই" ধৰণৰ কথাবোৰ উলিয়াই থাকিল ৷ মাজতে অফিচত ক্লায়েণ্ট এজনৰ লগত হোৱা বচৰ খণ্ডযুদ্ধৰ ৰসাল বৰ্ণনা এটা দি তাইক হহুঁৱাই থৈয়ো গ’লহি ৷
দুদিনমান সুন্দৰকৈয়ে অতিবাহিত হ’ল ৷ তাৰপাছত এদিন অফিচৰ পৰা আহি দেখিলে প্ৰিয়ংকাৰ মুডটো যেন কিছু বেয়া হৈ আছে ৷ সি যোৱাৰ লগে লগে তাৰ হাতৰ পৰা বেগটো ললে যদিও মুখখন যেন অলপ কঠোৰ ৷ হাঁহিটোও খোলোচা নহয় ৷ কুন্দনে একো নুসুধিলে ৷ এনেয়েও তাই কবই ৷
কুন্দন অহাৰ পাছত কামকৰা মানুহজনী গ’লগৈ ৷ প্ৰিয়ংকাই কুন্দনৰ লগত চাহ খাই খাই কৈ থাকিল , "কামকৰা মানুহজনীলৈ যে আজি ইমান খং উঠিছিল মোৰ জানা ! কামবোৰ কিবা লাগ বান্ধ নাইকিয়া ধৰণৰ ৷ খৰধৰকৈ অহা যোৱা কৰোঁতে নতুনকৈ বনোৱা মাটিৰ পটটো ভাঙিলে ৷" হয়ো , খং উঠাৰে কথা ৷ তাই দুদিন নে তিনিটা দিন খৰচ কৰি মাটিৰ পটটো সজাইছিল ৷ দুটা কোটা ৰং কৰি তাৰ ওপৰত বিভিন্ন ৰঙৰ নক্সা আঁকি , আকৌ নক্সাৰ ওপৰত এম চিল লগাই শুকুৱাই পেলাই আকৌ ৰং কৰিছিল ৷ শেষত ওপৰত বাৰ্ণিছ মাৰি জিলিকাই পেলাইছিল ৷ তথাপি কথাটো পাতলাই দিবলৈকে কুন্দনে "একো নহয় দিয়া ৷ তায়ো ভাঙো বুলি ভঙা নাই ৷" বুলি লাহেকৈ কৈ থলে ৷ "নহয় অ' ৷ কাপো দুটা প্লেট এখনৰ সৈতে ভাঙিলে ৷ তথাপিও একো কোৱা নাছিলোঁ মই ৷ কিন্তু আজি সঁচাই খং উঠিল ৷" প্ৰিয়ংকাই কৈ উঠিল ৷ কুন্দনে "হ’ব বাৰু ৷ তাইক ক’ম মই কামবোৰ অলপ সাৱধানে কৰিবলৈ ৷" বুলি কৈ তাইৰ মনটো ঠিক কৰিবলৈ বেলেগ কথা উলিয়ালে ৷
প্ৰিয়ংকা ৰান্ধনীঘৰত থাকোঁতেই মাধৱেনে ফোন কৰিলে ৷ মাধৱনৰ ফোনটো আহোঁতেই কুন্দনে "গাড়ীখন লক কৰা হ’ল নাই চাই আহোঁ" বুলি তললৈ নামি আহিল ৷ নহ’লে তাইৰ আগত কথাবোৰ পাতিবলৈ দিগদাৰ ৷ মাধৱনে প্ৰিয়ংকাৰ খবৰ সুধাত কুন্দনে কামকৰা মানুহগৰাকীৰ ওপৰত উঠা খঙৰ বৰ্ণনা দিলে ৷ পৰাপক্ষত তাইৰ খংটো উঠোৱাবলৈ মানা কৰিলে মাধৱনে ৷ যিমান পাৰি মৰমেৰেহে এনেবোৰ অসুখ নিয়ন্ত্ৰণত আনিব পাৰি ৷ এনেবোৰ ৰোগীক খং কৰিলে বা খং উঠোৱালে হিতে বিপৰীত হোৱাৰহে সম্ভাৱনা হেনো ৷
মাধৱনৰ লগত কথা পাতি হোৱাৰ পাছতহে কুন্দন ওপৰলৈ আহিল ৷ ইতিমধ্যে প্ৰিয়ংকাৰ ভাত ৰন্ধা প্ৰায় হৈছিলেই ৷ ভাত খোৱাৰ আগতে মাক আৰু ভনীয়েকৰ লগত ভিডিঅ কল কৰি দুয়োটাই কথা পাতিলে ৷ তাই হাঁহি হাঁহি কথা পতা দেখি তাইৰ খংটো জামৰিলে বুলি কুন্দনে স্বস্তিৰ নিশ্বাস পেলালে ৷
আনদিনাৰ দৰেই ভাত খাই দুয়ো শুবলৈ যোৱাৰ আগতে অলপপৰ টি ভি চালে ৷ পাছদিনা লগাবলৈ বুলি হেনা তিয়াই থোৱা প্ৰিয়ংকাৰ পৰিৱৰ্তন দেখি সুখী হ’ল কুন্দন ৷
বৰ ভাল লাগিল
ReplyDeleteধন্যবাদ দেই❤️
Deleteভাল লাগিল বাইদেউ
ReplyDeleteধন্যবাদ❤️
ReplyDeleteধন্যবাদ❤️
ReplyDeleteMadam , ekeloge gotei keita khondo prhilu bulihe.. Nohole moi apunak aapotti kari thakilu hoi.. HUNADR.... INFORMATIVE... HAPPY ENDING..bahut bhal lagil...Aru likhak..Best wishes my dear Madam (friend)
ReplyDelete