#চাহ
দুদিনমানৰ ভিতৰতেই কুন্দনে প্ৰিয়ংকাক কৈ তাৰবাবে হাফ চুৱেটাৰ এটা আৰম্ভ কৰোৱালে ৷ পাতল আকাশ ৰঙী উলৰ বলবোৰ তায়েই পচন্দ কৰি আনিলে ৷ বেলকনিলৈ ফুলৰ টাব দুটামান আনি সৰুকৈ কিচ্চেন গাৰ্ডেন এখন কৰিবলৈও উৎসাহ যোগালে ৷ তাৰ উৎসাহত তাই মানধনীয়া , ধনীয়া আৰু লগৰ এটাৰ পৰা কুন্দনে আনি দিয়া ভোটজলকীয়া দুজোপামানো লগালেহি ৷ ইউ টিউবৰ পৰা চাই চাই চাউলধোৱা খৰাহীত পানীত ডুবাই মেথি শাকো কৰিবলৈ দিহা কৰিলে ৷
তাৰপাছতো সি ক্ষান্ত নহ’ল ৷ সৰু সুৰা কিছুমান হাতৰ কাম কৰিবলৈও তাইক উৎসাহিত কৰিলে ৷ কনীৰ চোকোৰাৰ ওপৰত 'এগ শ্বেল পেইণ্টিং ' , কাগজৰ পৰা কৰা 'কুইলিং আৰ্ট' আনকি পেলনীয়া বস্তুৰ পৰাও কিবা কিবি সাজিবলৈ উৎসাহিত কৰিলে তাইক ৷ দুয়োটাই মিলি পাকঘৰত সোমাই কেক্ , লাড়ুও বনাই ফেচবুকতো ফটো দিয়ালে ৷ লগৰবোৰৰ উৎসাহজনক মন্তব্যই প্ৰিয়ংকাক সুখী কৰাত সি আনন্দিত হ’ল ৷ তাৰ মাজে মাজে তাইক ফুৰাবলৈও লৈ যোৱা কৰিলে ৷
লাহে লাহে তাৰ চাকৰিত যোগদান কৰিবলৈ সময় চমু চাপি আহিল ৷ সি অফিচলৈ যোৱাৰ পাছত তাই পুনৰ অকলশৰীয়া হ’ব ৷ এইকেইদিন ৰশ্মিৰ নাম তাই লোৱা নাই ৷ কিন্তু অকলে থাকিলে পুনৰ তাই ৰশ্মিক দেখা পাবলৈ আৰম্ভ কৰিব বুলি মাধৱনে কৈছে ৷ যিহেতু এই অসুখটো প্ৰায়েই গোটেই জীৱনটো লগত থাকি যোৱা দেখা যায় ৷ খুউব কম সংখ্যকৰ হে ব্যতিক্ৰম হয় ৷ দৰৱে ইয়াত ৩০ শতাংশ মানহে কাম দিয়ে ৷ বাকী মানসিক সাহাচাৰ্য্য , কাউনচেলিঙৰ কামহে বুলি মাধৱনৰ লগত কথা পাতোতে কুন্দনে গম পাই থাকে ৷
ভগৱানৰ কৃপাত কুন্দনে কাম কৰা মানুহ এগৰাকী পালে ৷ ৰাতিপুৱা ন মান বজাত আহি গধুলি কুন্দন অহাৰ পাচতহে যোৱাৰ বন্দবস্তত মানুহজনীক ৰাখিলে ৷ দৰমহা জোখতকৈ বেছি বিচৰাৰ বাবেই প্ৰিয়ংকাই আপত্তি কৰিছিল ৷ "কেইটানো কাম! তাই কৰিব পাৰিব ৷ মিছাতে ইমানখিনি টকা তাইক দিব নালাগে" বুলিয়েই কৈছিল ৷ কিন্তু কুন্দনে "হ’বচোন দিয়া ৷ তোমাৰ বাবে দিনটো ওলাই যাব পৰাকৈ ক’ৰবাত কিবা এটা বিচাৰিয়েই আছোঁ ৷ তুমি কিবা এটা কাম পালেও চোন তাইক দৰকাৰ হ’ব ৷ থাককচোন দিয়া ৷" বুলি তাইক সৈমান কৰোৱালে ৷ নহলে কেনেবাকৈ এৰি দিব লাগিলে বেলেগ এজনী পাবলৈও কম পয়মাল নহয় !
কামকৰা মানুহজনী পোৱাত কুন্দন অকনমাণ নিচিন্ত হ’ল ৷ দুদিনৰ পাছত সি অফিচত যোগদান কৰিলে ৷ অফিচৰ কামৰ মাজে মাজে সময় উলিয়াই সি দিনটোত চাৰি/পাঁচবাৰমান তাইলৈ ফোন কৰিলে ৷ তাই "কি হ’ল ৷ আজি ইমানকৈ ফোন যে ! আগতেতো অফিচ গ’লে মোলৈ পাহৰিয়েই যোৱা" বুলি তাই তাক জোকালেও ৷ সি উত্তৰত "ইমান দিন দিনে ৰাতিয়ে তোমাৰ লগতে থাকিলোঁ যে , এতিয়ে সেয়ে অফিচলৈ আহিও তোমালৈকে মনত পৰি আছে" বুলি ধেমেলীয়া উত্তৰ এটাও দিলে ৷ প্ৰিয়ংকাৰ খোলা হাঁহিটো শুনি তাৰ ভাল লাগিল ৷ কথা পাতি থাকোঁতে বুকুখন দুৰুদুৰুকৈ কঁপিও থাকিল কেনেবাকৈ ৰশ্মিৰ প্ৰসংগ উত্থাপন কৰে বুলি ৷ ভাগ্যে যেনিবা তাই ৰশ্মিৰ কথা একো নকলে ৷
অফিচত থকাৰ মাজতেই মাধৱেনে ফোন কৰি প্ৰিয়ংকাৰ খবৰ ল’লে ৷ খোৱা বোৱা ঠিকমতে কৰিছেনে বা ৰাতি টোপনিটো কম হৈছে নেকি বুলি সুধিবলৈ নাপাহৰিলে ৷ কিবা অস্বাভাৱিক আচৰণ প্ৰতক্ষ্য কৰিলে তেওঁক জনাবলৈ কৈ মাধৱেনে ফোনটো থলে ৷ অফিচৰ পৰা ঘুৰিবৰ সময় হোৱাত সি লেপটপটো বেগত ভৰাই ল’লে ৷ যাওঁতে বেকাৰীৰ পৰা প্ৰিয়ংকাই ভাল পোৱা এপল্ পাই এটাও লৈ যাম বুলি মনতে ভাবিলে ৷
পঢ়িম আপোনাৰ লেখাবোৰ ।
ReplyDeleteবহুত ধন্যবাদ দেই ❤️
ReplyDeleteMojja👍👍👍👍
ReplyDelete