www.hunguti.in

Breaking

www.hunguti.in

Ads

Thursday, July 16, 2020

চুটি গল্প (চাহ)

#গল্প

#চাহ


         বিয়া এখনতেই চিনাকি প্ৰিয়ংকা আৰু কুন্দনৰ ৷ তাৰপাছত প্ৰথম দৃষ্টিৰ প্ৰেম আৰু দুমাহমানৰ ভিতৰতেই প্ৰিয়ংকা বৰুৱা প্ৰিয়ংকা কুন্দন শইকীয়া হৈ কুন্দনৰ বাংগালোৰৰ শিৱাজী নগৰত থকা তাৰ কোম্পানীৰ ফ্লেট পালেহি ৷ মাহীমাকৰ লগত থকা প্ৰিয়ংকাৰ দেউতাকো ঢুকাইছিল ৷ সেয়ে মাহীমাকে গলগ্ৰহ গ’ল বুলি সন্তোষেই পালে ৷  

             বেচিজিল কুন্দনৰ ফ্লেটৰ লগতে তাৰ জীৱনটোও চিজিল লগাই পেলালেহি প্ৰিয়ংকাই ৷ সুখী হ’ল কুন্দন ৷ মন পচন্দৰ নাস্তা, লান্স, ডিনাৰ, সুশৃংখল ঘৰ-দুৱাৰ, সুন্দৰী দৰদী পত্নী, আৰু কি লাগে তাক? দেউতাক ঢুকুৱাৰ পাছত মাহীমাকৰ লগত কটোৱা কষ্টকৰ দিনবোৰৰ কথা সি তাইৰ পৰা শুনিছিল ৷ সেয়ে সিও যৎপৰোনাস্তি চেষ্টা কৰে তাইক সুখী কৰি ৰাখিবলৈ ৷ কৰ্পৰেট কোম্পানীৰ দায়িত্বশীল অভিযন্তা কুন্দন প্ৰিয়ংকাৰ ওচৰত যেন এটি মৰম আকলুৱা শিশুহে !

             বন্ধৰ দিনত কুন্দনে কেতিয়াবা লগৰ বন্ধু-বান্ধৱক খোৱাৰ নিমন্ত্ৰণ দিয়ে ৷ সিহঁতে প্ৰিয়ংকাৰ হাতৰ সুস্বাদু খাদ্যৰ প্ৰশংসা কৰে ৷ কুন্দন সুখী হয় ৷ বুকুখন এহাতমান যেন ফুলি যায় তাৰ ৷ 

            অনবৰতে সুখী সুখী ভাব এটা লৈ থকাৰ বাবেই নে কি জানো , কুন্দন আগতকৈ অকনমাণ শকতো হ’ল ৷ "ভাবীজীয়ে খুৱাই খুৱাই পেতুৱা কৰি দিলে বুলি লগৰবোৰে প্ৰায়েই জোকাই তাক ৷ ৰাতিপুৱা খোজ কাঢ়িবলৈ বা জিমলৈ যাবলৈ বুলি স্বাস্থ্য সচেতন বন্ধু দুজনমানে উপদেশো দিলে তাক ৷

          এনেকুৱা দিনতে এদিন অফিচৰ পৰা ঘৰলৈ আহি কুন্দনে দেখিলে, প্ৰিয়ংকা বৰ স্ফূৰ্তিত আছে ৷ তাৰ হাতৰপৰা বেগটো লৈ তাই সি সোধাৰ আগতেই কৈ গ’ল, "আজি জানা, মনটো বৰ ভাল লাগি আছে ৷ মোৰ লগৰ ৰশ্মি আহিছিল ৷ খুউব কথা পাতিলোঁ দুয়োজনীয়ে ৷" কুন্দন আচৰিত হ’ল অলপ ৷ তাইনো কিমানদিন হৈছে বাংগালোৰলৈ অহা! "ক’ত থাকেনো তোমাৰ লগৰজনী ? আগতে যে শুনা নাই তোমাৰ কোনোবা লগৰ ছোৱালী ইয়াত থকাৰ কথা ৷" 

"তাই কস্কটাউনত থাকে ৷ মোৰ সৰুকালৰ বান্ধৱী ৷ বহুত দিন লগ পোৱা নাছিলোঁ ৷ কেনেবাকৈ গম পালে মই ইয়াত থকাৰ কথা ৷ সেয়ে আহি ওলাল ৷" কুন্দনে শলাগিলে ৷ প্ৰিয়ংকাই চাহ দিলেহি তাক ৷ সদায় তাৰ লগত চাহকাপ খাবলৈ ৰৈ থকা প্ৰিয়ংকাই সেইদিনা তাৰ লগত চাহ নাখালে ৷ ৰশ্মিৰ সৈতে কথা পাতি পাতি দুকাপকৈ চাহ খালে হেনো ৷ চাহকাপ খায়েই কুন্দনে লেপটপটো উলিয়াই ললে ৷ আধা কৰি থোৱা প্ৰজেক্টটোৰ কামটো সোনকালে সম্পূৰ্ণ কৰিবলৈ বুলি সি ব্যস্ত হৈ পৰিল ৷ প্ৰিয়ংকাই গানৰ কলি এটা গুণগুণাই গুণগুণাই পাকঘৰত সোমাল ৷ 

          কেইদিনমানৰ পাছত আকৌ এদিন প্ৰিয়ংকাই ক’লে , "ৰশ্মি আজিও আহিছিল জানা ৷ ময়েই মাতিলোঁ তাইক ৷ অকলে অকলে আমনিও লাগে নহয় ৷ তায়ো অকলেহে থাকে দিনৰ দিনটো ৷ হাজবেণ্ড ওলাই যোৱাৰ পাছত কামেই নাথাকে হেনো ৷ এতিয়া অলপতে গৈছেহে তাই ৷ চোৱা , মোৰ চাহখোৱা কাপ প্লেটবোৰ ধুবলৈকে আছে ৷ ৰবা দেই ৷ পটকৰে কাপ প্লেট কেইটা ধুই লৈ তোমাক চাহ দিম ৷" কৈ কৈ তাই কাপ প্লেট ধুই থাকিল ৷ কুন্দনে হাত ভৰি ধুই ফ্ৰেচ হৈ আহে মানে তাইৰো চাহ সাজু হ’ল ৷ সেইদিনাও তাৰ লগত চাহ নাখালে তাই ৷ ৰশ্মি আহিলে চাহ ভালপোৱা প্ৰিয়ংকাই দুকাপমানেই খাই দিয়ে বোলে ৷

        তাৰ পাছৰ দিনবোৰত ৰশ্মি সঘনাই অহা হ’ল ৷ কুন্দনে বেয়া নাপালে ৷ হাজাৰ হলেও ইমান দূৰৈত আহিও তাই যে লগ এটা পাইছেহি ! তথাপি সি মন কৰিলে , তাই যেন আগতকৈ কিছু অন্যমনস্ক হৈ গৈছে ৷ খোৱা বোৱাও আগৰদৰে ভালকৈ নকৰে ৷ আগৰ দৰে ফুলদানীত সজীৱ ফুল সজোৱা নাথাকে ৷ মাত্ৰ ৰশ্মি অহাৰ দিনাহে স্ফূৰ্তি দেখে তাইৰ ৷ তাইৰ লগত দুকাপমান চাহ খোৱাৰ কথা খুউব উচ্ছাসেৰে কুন্দনক কয় ৷ কুন্দনৰ মনলৈ আহে , দিনৰ দিনটো অকলে থাকি থাকি মনটো বেয়া লাগে তাইৰ ৷ সিও সময় দিব নোৱাৰে ৷ ঘৰলৈয়ো এসোপামান কাম লৈ আহিব লাগে ৷ নিজকে দোষী দোষীও লাগে তাৰ ৷ লগৰজনীক লগ পোৱা বুলি কোৱাৰ পাছত সেয়ে সি বেয়া পোৱা নাই ৷ তাইৰ মনটো অন্ততঃ ভাল লাগি থাকিব ৷ দেওবাৰৰ দিন এটাত কুন্দনে ৰশ্মিক হাজবেণ্ডৰ সৈতে ভাতৰ নিমন্ত্ৰণ দিবলৈ ক’লে ৷ সিও ভালকৈ চিনাকি হ’ব পাৰিব ৷ পাছদিনা কুন্দন অফিচৰ পৰা অহাৰ পাছত প্ৰিয়ংকাই ৰশ্মিহঁতক পাছৰ দেওবাৰটোত ভাত খাবলৈ নিমন্ত্ৰণ দিয়াৰ কথা ক’লে ৷ বজাৰৰ লিষ্টখন তাইক কৰি থবলৈ দি কুন্দন নিজৰ কামত মগ্ন হ’ল ৷

            ৰশ্মিহঁতক নিমন্ত্ৰণ কৰা দেওবাৰটোত বিধে বিধে খোৱাবস্তু সাজু কৰিলে প্ৰিয়ংকাই ৷ দুপৰীয়া ভাত খোৱাৰ সময় হ’লহি ৷ ৰশ্মিহঁত নাহিল ৷ প্ৰিয়ংকাৰ ফোনত নেটৱৰ্ক নাই ৷ তাই কুন্দনৰ মোবাইলৰ পৰা ৰশ্মিৰ নম্বৰটো ডায়েল কৰিলে ৷ একো সঁহাৰি নাপালে ৷ চিন্তিত হৈ পৰিল সিহঁত দুটা ৷ কি বা হ’ল ! সেইদিনা ভাতৰ নামত সিহঁতে চুলেহে ৷ 

           পাছদিনা প্ৰিয়ংকাৰ পৰা ৰশ্মিহঁতৰ এপাৰ্টমেণ্টৰ ঠিকনাটো ললে কুন্দনে ৷ অফিচৰ পৰা লাগিলে অলপ সোনকালে আহি হলেও পাক এটা মাৰিম বুলি ঠিক কৰিলে সি ৷ যিমান হ’লেও নিজৰ ঠাইৰ মানুহ ৷ কিবা কিজানি বিপদেই হৈছে ! 

              পাছদিনা অফিচৰ পৰা বাহিৰে বাহিৰে কুন্দনে ৰশ্মিহঁতৰ  কস্কটাউনৰ  এপাৰ্টমেণ্টৰ সন্মুখত ৰৈ খবৰ কৰিলে ৷ সেইটো এপাৰ্টমেণ্টত সৌৰভ বৰুৱা নামৰ কোনো নাই ৷ সৌৰভ ৰশ্মিৰ হাজবেণ্ডৰ নাম বুলি ঠিকনাটোত লিখি দিছিল প্ৰিয়ংকাই ৷ এইবাৰ সি প্ৰিয়ংকাই আগদিনা তাৰ মোবাইলৰ পৰা ডায়েল কৰা  ৰশ্মিৰ নম্বৰটো পুনৰ ডায়েল কৰিলে ৷ 'কোঁট' 'কোঁট' শব্দ কৰি মোবাইলটো বন্ধ হ’ল ৷ দুই তিনিবাৰ কৰিও একো সঁহাৰি নাপালে সি ৷ ওচৰৰ দুই এটা এপাৰ্টমেণ্টটো এনেই খবৰ এটা কৰি চালে সি ৷ নাই , তেনে নামৰ কোনো নাই ৷ আনকি সেইকেইটাত অসমৰ মানুহ নাই বুলিয়েই ক’লে ৷

            চিন্তিত মনেৰে কুন্দনে ঘৰলৈ বুলি উভতিল ৷ কলিংবেল বজোৱাত প্ৰিয়ংকাই উজ্জ্বল মুখেৰে দৰ্জাখন খুলিলেহি ৷ প্ৰিয়ংকাৰ মনটো স্ফূৰ্তি দেখি সি অলপ আশ্বস্ত হ’ল ৷ তাইৰ বাবেইটো সি অচিনাকি ৰশ্মি আৰু সৌৰভক বিচাৰি এপাৰ্টমেণ্টে এপাৰ্টমেণ্টে ঘুৰি আহিছে ৷ তাক দেখি প্ৰিয়ংকাই স্ফূৰ্তিৰে কৈ গ’ল , "যোৱাকালি সৌৰভৰ বচে কিবা ইম্পৰটেণ্ট প্ৰজেক্ট এটাৰ বাবে মাতি নিলে হেনো ৷ সেয়ে আহিব নোৱাৰিলে ৷ তাইৰ ফোনটো নেটৱৰ্ক নথকাৰ বাবে ফোন কৰিবও নোৱাৰিলে ৷ তাই আজি আহি মোক 'চৰি' কৈ গৈছেহি ৷" 

         কুন্দনে লাহেকৈ হয়নেকি বুলি কৈ থলে ৷ শিৱাজী নগৰৰ এপাৰ্টমেণ্টত সিহঁতক বিচাৰি নোপোৱা বুলি নকলে ৷ তাই ভাতত লাগিল ৷ সি তাইৰ মোবাইলটো লৈ চাই থাকিল ৷ ৰশ্মি নামৰ কোনো নম্বৰ কিন্তু তাইৰ ফোনত চেভ হৈ থকাও নেদেখিলে ৷ এইবাৰ ফেচবুকটোও খুলি চালে সি ৷ তাতো ৰশ্মি নাইবা সৌৰভ নামৰ কাকো বন্ধুৰ তালিকাত নেদেখিলে ৷ 

            কুন্দনৰ মনটো কিছু অশান্ত হৈ থাকিল ৷ মনে মনে সি ভাবি থাকিল ৷ প্ৰিয়ংকাই বাৰু তাক কিবা মিছা কথা কৈছে নেকি? নহলে ৰশ্মিয়ে তাইক ঠগি আছে ৷ ক’ৰবাত কিবা এটা গণ্ডগোল হৈছে বুলি তাৰ মনটোৱে কৈছে ৷ কথাবোৰ ভাবি ভাবি বহুত দেৰিকৈহে টোপনি ধৰিলে তাৰ ৷

            পাছদিনা সময়মতেই অফিচলৈ গ’ল কুন্দন ৷ গাটো বেয়া বুলি এবেলা চুটি ললে সি ৷ দুৰু দুৰু কঁপনি এটা লৈ সি তাৰ ফ্লেটৰ দৰ্জামুখ পালেগৈ ৷ ফ্লেটৰ ডুপ্লিকেট চাবিটো লগত আছিলেই তাৰ ৷ হাতত সাৰে ভৰিত সাৰেকৈ সি ডুপ্লিকেট চাবিৰে ফ্লেটৰ দৰ্জাখন খুলিলে ৷ মনে মনে ভাবিলেও প্ৰিয়ংকাই কি ভাবিব বুলি ৷ পিছে বুদ্ধি এটা  সি ভাবিয়েই থৈছে ৷ কলিংবেলটো নেবাজিলে বুলি কম বুলি ! তাই পৰীক্ষা কৰি নাচায় বুলি বিশ্বাস আছে তাৰ ৷  
               ড্ৰয়িংৰূমটো পাৰ হৈয়েই ডাইনিং ৰূমটো ৷ প্ৰিয়ংকাই উচ্ছলভাৱে কাৰোবাক কিবা কথা কৈ আছে ৷ ডাইনিং টেবুলত দুযোৰ কাপ প্লেট আৰু স্নেকচ্ ৷ প্ৰিয়ংকা বহি থকা চকিখন দুৱাৰৰ ফালে পিঠি দিয়া আছে বাবে তাই কুন্দনক দেখা নাই ৷ তাই কৈ আছে, "জানা ৰশ্মি, তোমাক নোপোৱাহ’লে যে কি গতি হলহেঁতেন মোৰ ৷ দিনৰ দিনটো অকলে অকলে কি কৰিলোহেঁতেন! ইয়াতটো কোনো কাৰো ঘৰলৈ নাযায়েই দেখোন ! চাহকাপ খাবলৈকো লগ এটা লাগে অ' ৷তুমি দেখোন একো খোৱাই নাই ৷ খোৱাচোন ৷" বুলি তাই প্লেটৰ পৰা বেকাৰীৰ বিস্কুট এটা নিজে লৈ প্লেটখন আগবঢ়াই দিলে ৷ চমকি উঠিল কুন্দন ৷ মুৰৰ পৰা ভৰিলৈকে যেন তাৰ বিদ্যুতহে প্ৰবাহিত হ’ল ৷ যেনেকৈ আহিছিল তেনেকৈয়ে হাতত সাৰে ভৰিত সাৰে সি ফ্লেটৰ পৰা ওলায় গ’ল ৷ তললৈ গৈ সি পুনৰ নিজৰ গাড়ীখনত বহি এ চি টো অন কৰি ললেগৈ ৷ গোটেই মানুহটো ঘামি জেপজেপীয়া দিলে ৷ নিজৰ বুকুৰ ধপধপনি  নিজেই শুনা পালে সি ৷ তাৰ ঠাইত আন এটা হোৱাহেঁতেনো এনেকুৱা অৱস্থাই হ’লহেঁতেন ৷ ফ্লেটলৈ সোমাই গৈ সি দেখিছিল , প্ৰিয়ংকাই তাইৰ সন্মুখৰ চকীখনলৈ চাই চাই কথা পাতি আছিল , কিন্তু সেই চকীখন খালী আছিল ৷ ফ্লেটত তাইৰ বাহিৰে আন কোনো নাছিল ৷

স্বপ্না দত্ত ভৰালী

৭/৭/২০২০

12 comments:

  1. গা সিৰ সিৰাই গ’লদেই৷ ভাল লাগিল৷

    ReplyDelete
  2. বাইদেউ ,খুব ভাল লাগিছে। সামৰণি ৰ ফালে গা জিকাৰ খাই গল

    ReplyDelete
  3. Its very nice...waiting for 2nd part please realese soon..

    ReplyDelete
  4. Its very nice...waiting for 2nd part please realese soon..

    ReplyDelete
    Replies
    1. বিৰাট ধুনীয়া দেই বা। গা জিকাৰ খাই উঠিল 😌

      Delete
  5. বৰ সুন্দৰ উপস্থাপন

    ReplyDelete
  6. বৰ সুন্দৰ উপস্থাপন

    ReplyDelete