www.hunguti.in

Breaking

www.hunguti.in

Ads

Saturday, July 18, 2020

#চাহ (তৃতীয় খণ্ড )


#গল্প

#চাহ (তৃতীয় খণ্ড )

          কলিংবেলৰ শব্দত প্ৰিয়ংকাই দৰ্জা খুলি দিলেহি ৷ নিজকে যিমান পাৰি স্বাভাৱিক ৰাখিবলৈ চালে কুন্দনে ৷ আনদিনাৰ দৰেই প্ৰিয়ংকাই তাৰ হাতৰ পৰা বেগটো লৈ গ’ল ৷ মুখত উজ্জ্বল হাঁহি লৈ কথাও কৈ থাকিল তাই , "জানা কুন্দন ৷ আজি ৰশ্মিৰ লগত পাতিছোঁ ৷ দুয়োজনী এদিন অলচুৰ লেকত গৈ বটিং কৰিম ৷ খুউব মজা লাগিব ৷ তোমাৰটো সময়েই নাই ৷ তাইৰ লগতে যাম ৷" ভিতৰি ভয় এটা খাই থাকিলেও কুন্দনে কথাটো শলাগি থলে ৷ চাহ খোৱাৰ পাছত আজি সি অফিচৰ কাম নকৰিলে ৷ প্ৰিয়ংকাক অলপ সময় দিব সি ৷ লাগিলে বাকী থকা কামবোৰ তাই শুৱাৰ পাছতেই কৰিব ৷

             চাহ খাই সি সেয়ে তাইক বেলকনিলৈ মাতি নিলে ৷ "আহাচোন দুইটা অকনমান বহিম ইয়াতে ৷ " বুলি কোৱাত আনন্দিত হ’ল তাই ৷ বেলকনি বহি তাইৰ লগত যি কোনো লাগ বান্ধ নোহোৱা কথা পাতিলে সি ৷ তাৰপাছত ভাত ৰান্ধিবৰ সময়ত "আজি তৰকাৰীখন ময়েই ৰান্ধো দিয়া ৷ তুমি মাত্ৰ যোগাৰটো দিবা " বুলি সিও তাইৰ লগত পাকঘৰ পালেগৈ ৷ তাইৰ মুখৰ হাঁহিটোৱেই ক’লে তাই বৰ সুখী হৈছে বুলি ৷ 

             ভাত পানী খাই দুয়োটাই অলপপৰ টি ভিও চালে ৷ তাৰপাছত তাইক শুবলৈ দি সি লেপটপটো উলিয়াই অফিচৰ আধৰুৱা কামকেইটা কৰি অফিচৰ মেইলটোত পঠিয়াই বচলৈ গা বেয়া বুলি দুদিনমানৰ চুটি বিচাৰি মেইল এখন পঠিয়াই দিলে ৷ কিবা কাম থাকিলে ঘৰৰপৰাই কৰাৰ প্ৰতিশ্ৰুতিও দিলে ৷ 

             চুটি নোপোৱাৰ প্ৰশ্নই নাছিল ৷ পৰিশ্ৰমী কুন্দনৰ কামত  সন্তুষ্ট বচে তাৰ চুটি লগে লগেই মঞ্জুৰ কৰিলে ৷ তাতে আগতেও সি বিনা কাৰণত চুটি লোৱাৰ দৃষ্টান্ত নাই ৷ মাত্ৰ দৰকাৰী কাম হ’লেহে পঠিয়াব বুলি খবৰো দিলে ৷ লেপটপটো থৈ সি এইবাৰ প্ৰিয়ংকাৰ মুৰটোত হাত বুলাই দিলে ৷ গভীৰ টোপনি তাইৰ ৷

           চিগাৰেট এটা জ্বলাই সি এইবাৰ আহি বেলকনিত বহিলহি ৷ ভনীয়েকলৈ ফোন এটা কৰি  তাইক কেইদিনমিনৰ কাৰণে আহিব পাৰিবনেকি সুধিলে ৷ নাই , তাইৰ ইউনিভাৰ্চিটিৰ চেমিনাৰবোৰ এটেণ্ড কৰি থাকিবলগা হৈছে ৷ এতিয়া কোনোপধ্যেই নোৱাৰে ৷ প্ৰিয়ংকাৰ কথা তাইক এতিয়া একোৱেই নকলে ৷ নহলে কেনেবাকৈ মাকৰ কাণত পৰিলে চিন্তাহে কৰিব ৷

           পাছদিনা সি অফিচলৈ নোলোৱা দেখি তাই আচৰিত হ’ল ৷ কেজুৱেল লিভ দুদিনমানৰ বাকী আছিল বাবে লৈয়েই পেলালোঁ বুলি সি কৈ থলে ৷ দিনটো তাইৰ কাষে কাষে ঘুৰিয়েই থাকিল সি ৷ আবেলি "বলা,অলপ ওলাই যাওঁ" বুলি তাইক লৈ বজাৰলৈ গ’ল ৷ সৰু সুৰা দুই এটা বস্তু কিনি কেফেত গৈ কফি খাই খায়েই সি ক’লে , "বলাচোন , মাধৱনৰ খবৰ এটা কৰি যাওঁ ৷ বেচেৰাটোক বহুতদিন লগেই পোৱা নাই ৷" 

               দুয়োটা এইবাৰ মাধৱনৰ চেম্বাৰ পালেগৈ ৷ মাধৱনে সিহঁতৰ লগত , বিশেষকৈ প্ৰিয়ংকাক কিছুমান কথা সুধি থাকিল ৷ "কুন্দন অফিচলৈ যোৱাৰ পাছত কি কৰি থাকে? আমনি নালাগেনে?"বুলি পাকে প্ৰকাৰে প্ৰিয়ংকাক কিছু কথা সুধি জানি ল’লে ৷ এনেই থকাতকৈ ক’ৰবাত কিবা এটা কৰি নিজকে ব্যস্ত ৰাখিবলৈ উপদেশো দিলে মাধৱনে ৷ কফিও আনি খুৱালে তেওঁ সিহঁতক ৷ তাৰপাছত সিহঁতে বিদায় লৈ এইবাৰ একেবাৰে ঘৰ পালেহি ৷(ক্ৰমশঃ)


No comments:

Post a Comment