www.hunguti.in

Breaking

www.hunguti.in

Ads

Wednesday, July 15, 2020

চুটিগল্প (নোকোৱা কথাটো)

#গল্প

#নোকোৱা কথাটো



                ৰাতিপুৱা মাকৰ লগত ফোনত কথা পাতিলে নীৰাই ৷ সদায় পতাৰ দৰেই ৷ ল’ৰাটো দেৰিলৈকে শুই থকাৰ আপত্তি দিলে ৷ খটাসুৰ ভতিজাকটোৰ দুষ্টামিৰ কথা শুনি হাঁহিলে ৷ আৰু দুপৰীয়ালৈ দেউতাকে ৰন্ধাৰ দৰে কচুৰ জালুকীয়া ৰান্ধিব বুলিও ক’লে ৷ মাকৰ লগত নীৰাই সদায় কথা পাতোতে ৰন্ধা-বঢ়াৰ কথা ওলাবই ৷ ৰন্ধাত বৰ চখ থকা দেউতাকৰ পৰাই নীৰাই খানা বনোৱাৰ অ আ ক খ শিকা ৷ নতুনকৈ বিয়া হৈ ৰোহিতৰ সৈতে গুচি অহাৰ পাচত সদায় কিবা ৰান্ধিলে দেউতাকক তাই কবই ক’ব , “জানে দেউতা, আজি মানে আমি অমিতাখোৱা পাতিছো ৷ অৱশ্যে আপুনি ৰন্ধাৰ দৰে ইমান বেছি তেল মচলা দিয়া নাই দেই ৷ খাবলৈ পিছে বেয়া হোৱা নাই ৷” নাইবা “আজি আপোনাৰ দৰে খিচিৰি ৰান্ধিছো ৷ লগত চালাদ আৰু বেঙেনাফ্ৰাই ৷ ভাল হওক বুলি যে আপুনি সৰহকৈ ঘিঁউ ঢালি বনাই, মই পিচে গোন্ধটোহে দিছো দেই ৷” আচলতে দেউতাকক এনেকৈ জোকাই খুউব ভাল পায় তাই ৷ আৰু দেউতাকো জানো ক’ম ? ৰোহিতক ৰাতিপুৱা ফোন কৰি কয় , “তাই এতিয়ালৈকে উঠা নাই যদি পানী এগিলাচ ঢালি দিয়া ৷ পানী ঢালিলেহে উঠে তাই ৷” আৰু আগতে তাই পাকঘৰত সোমালে মাকক চিঞৰি ক’বই, “হেৰা, শুনিছা ৷ এইজনীয়ে যিখনহে তেল মচলা ঢালি বনাইছে , খাবা আৰু ৷ পেটৰ অসুখ হ’ব আজি ৷” তায়ো দেউতাকে ৰন্ধা তৰকাৰী পৰম তৃপ্তিৰে চেলেকি চেলেকি খায়ো কেনে হৈছে সুধিলে ক’ব, “টেটুত দি দি গিলিব পৰা হৈছে আৰু৷” 
                 দেউতাকৰ গা বেয়া হওঁতে, সিবাৰ তাই ঘৰলৈ যাওঁতে কৈছিল , “দেউতা গা ভাল হ’লে অমিতা খোৱা পাতিম দেই ৷ খাবলৈ মন গৈ আছে ৷” অমিতা খোৱা মানে ডাঙৰ ডাঙৰকৈ আমিতা আৰু আলুৰ লগত পাঁচফুৰণ, জালুক পিহি কুকাৰত বনোৱা ছাগলীৰ মাংসৰ জোলকণ ৷ বৰ সুন্দৰকৈ ৰান্ধে দেউতাকে ৷ নীৰা যোৱাৰ কাৰণে দেউতাকৰ গা আধা আধি ভালেই হৈছিল ৷ লগে লগে উঠি ভায়েকক বজাৰলৈ পঠিয়ালেই ৷ “আজিয়েই পাতোঁ ৰহ্ অমিতাখোৱা ৷” দেউতাকৰ নিৰ্দেশত তায়েই ৰান্ধিলে যদিও দেউতাকে ৰন্ধা সোৱাদটো হ’লে নাপালে ৷ হলেওঁ দেউতাকক জোকালে , “আপুনি বনোৱাতকৈ ভাল হৈছে ন’ ?” বুলি ৷
              দুপৰীয়া নীৰাই মিৰিকা মাছেৰে কচুৰ জালুকীয়া ৰান্ধিলে ৷ ন’ৰাটোৱে জ্বলা নাখায় ৷ সি দালি আৰু ভজামাছেৰেই ভাত খালে ৷ ভজা মাছটুকুৰা তাক সদায় কাঁইট গুচাই,  সামান্য জ্বলা দি , নেমু চেপি পিটিকি দিব লাগে ৷ সেইটো চাটনিও নীৰাই দেউতাকৰ পৰাই শিকা ৷ “ককাৰ নিচিনা চাটনিটো বনাবা” বুলি সি মাছ আনিলে ক’বই ক’ব ৷ ভাতকেইটা খায় , বাচন ধুই অহাৰ পাছত বিচনাত অকণমান দীঘল দিওঁতেই ল’ৰাটোৱে ক’লে , “মা, আবেলিকৈ ক’কাই ভালপোৱা পিঠাটো বনাই দিবা?” তাৰমানে ভাত খোৱা চাউলৰ গুৰিৰে নিমখ দি বনোৱা সৰু সৰু তেলপিঠা ৷ তাৰ আবদাৰ নমনাৰ কথাই নাই ৷ তায়ো ভাবি থৈছে , গধুলিৰ সাজত শুকান ৰুটী আৰু আঙুলিত লাগি অহা মাংসৰ গ্ৰেভী বনাব ৷ তাকো দেউতাকৰ ষ্টাইলত ৷ প্ৰতিটো কথাতে দেউতাক আহিবই ৷ উপায় নাই ৷ ইলেক্ট্ৰা কমপ্লেক্স ৷ 
             সন্ধিয়া লাগিল ৷ গোঁসাই চাকিগজ জ্বলাই চাইকেল ব্ৰেণ্ডৰ ধূপ দুদালমানো অত ত’ত গুজি দিলে নীৰাই ৷ তেলপিঠাৰ সৈতে ল’ৰাটোক হৰলিক্স আৰু ৰোহিতক লালচাহ যাঁচিলে ৷ পিঠাখন কামুৰি কামুৰি ল’ৰাটোৱে সুধিলে , “মা, পূজা কৰি থাকোতে যদি ভগৱান ওলাই সুধে , 'তোক কি লাগে ক’ বুলি' তুমি কি বিচাৰিবা?” হাঁহিলে তাই ৷ ৰামায়ণ, মহাভাৰত চাই আছে যে এইকেইদিন ! বাহিৰা বহীখনত অংক দুটামান পাতি তাক কৰিবলৈ দি মনতে ভাবিলে তাই ৷ সঁচাকৈ যদি ভগৱান আহিলহেঁতেন আৰু তাইক কি লাগে সুধিলেহেঁতেন!!! দেউতাকক ঘুৰাই বিচাৰিলেহেঁতেন ৷ ক’ম বুলি ভাবিও কথাটো নকলে তাক ৷

✍ স্বপ্না দত্ত ভৰালী

      ২৫/৪/২০২০

2 comments:

  1. Mon tu beya lagi gol..😢😢

    ReplyDelete
  2. সুন্দৰ। দেউতালৈ মনত পৰি গ'ল

    ReplyDelete