- #চাহ ( ষষ্ঠ খণ্ড )
দুদিন ভালেৰেই গ’ল ৷ তাৰ পাছত আকৌ প্ৰিয়ংকাৰ কাম কৰা মানুহজনীৰ ওপৰত খং উঠিল ৷ সেইদিনা কুন্দন অফিচৰ পৰা অহাৰ পাছত তাই কৈ উঠিল , "নালাগে দেই আৰু কামকৰা মানুহ ৷ এইকেইটা কাম মই অকলেই কৰিব পাৰিম ৷ ইমান কুলক্ষণীয়া হাত ৷ লা অপেলাৰ নতুন ডিনাৰ চেটটোৰ প্লেট এখনো ভাঙিলে আজি ৷ শ্ব কেচটো
মোহাৰি সামৰি চাফা কৰোঁতেই প্লেটখন লেঠা মাৰিলে ৷ বেয়াকৈ ক’বলৈয়ো বেয়া ৷ মুঠতে দিনটো খঙতেই থাকিলোঁ মই ৷" কুন্দনৰ মুখৰ মাত হৰিল ৷ কি ক’ব সি ৷ মাধৱনৰ কথা মনত পৰিল ৷ খং উঠি থাকিলে তাইৰ বাবে বেয়া ৷ কাক কেনেকৈ বুজাব !
পাছদিনা কাম কৰা মানুহজনীক অফিচলৈ ওলাওঁতেই সি লগ ধৰি গ’ল ৷ তাইক " মেডামৰ খং নুঠাবি একো কথাতেই ৷ গাটো বেয়া আছে অলপ " বুলি কৈ গ’ল ৷ সি লগ কৰি কথাটো কৈছে বুলে প্ৰিয়ংকাক কবলৈও মানা কৰিলে ৷ তাই শলাগিলে ৷ কুন্দনৰো উপায় নাছিল ৷ প্ৰিয়ংকাক অকলেও এৰিব নোৱাৰে , আৰু কাম কৰা নতুন মানুহ এগৰাকী পাবলৈও দিগদাৰ ৷
সেইদিনা অফিচৰ পৰা আহি প্ৰিয়ংকাক নৰ্মেলেই দেখিলে ৷ ভাল লাগিল তাৰ ৷ ভাললৈ আহিছে কিজানি ! খোৱা বোৱা, ৰন্ধা বঢ়াবোৰৰ ঠিকেই কৰি থাকিল তাই ৷ পিছে হাতৰ কামবোৰ কৰিবলৈ যেন অলপ এলাহ হ’ল ! ইচ্ছা নহলে জোৰ কৰিবলৈও বেয়া ৷
দুদিনৰ পাছত অফিচৰ পৰা আহি দেখিলে , গেটৰ ওচৰত সিহঁতৰ কাম কৰা মানুহজনী ৰৈ আছে ৷ তাৰ গাড়ীখন দেখি তাক ৰবলৈ ইংগিত কৰিলে তাই ৷ গাড়ীখন ৰখাই খিৰিকীৰ গ্লাচখন আধা খুলি তাইক কি হ’ল সুধিলে কুন্দনে ৷ ভঙা ভঙা হিন্দীত তাই আৰু সিহঁতৰ ঘৰত কাম নকৰোঁ বুলি ক’লে ৷ মেডামে অকলে অকলে কাৰোবাৰ লগত কথা পাতি আছিল বুলিও ক’লে ৷ মেডামৰ বান্ধৱীৰ বাবে তাইক চাহ বনাইও দিবলৈ ক’লে ৷ তাই হেনো ভয়তে চাহ দি বাহিৰলৈ গুচি আহিলে আৰু গেটৰ ওচৰতে তাক কথাটো কৈ যাওঁ বুলিয়েই ৰৈ থাকিল ৷
ৰথাটো শুনি কুন্দনৰ চুলিৰ আগে জীৱটো ওলাই যোৱাৰ দৰেই লাগিল ৷ কামকৰা মানুহগৰাকীক মেডামৰ অসুখ সেইটোৱেই বুলি কৈ নহাকৈ নাথাকিবলৈ দঢ়াই দঢ়াই কৈ পঠালে ৷ তাৰ অনুনয় শুনিয়েই নেকি জানো , কান্নাড়া মানুহগৰাকীয়ে এইবাৰ না নকলে ৷ সম্ভৱতঃ কিবা এটা বুজিলে ৷
গাড়ী পাৰ্কিং কৰিয়েই উপৰলৈ যোৱাৰ আগতে কুন্দনে মাধৱনলৈ ফোন এটা কৰি লোৱাটো ভাল হ’ব বুলি ভাবিলে ৷ নহলে তাইৰ আগতটো কথা পাতিব নোৱাৰি ৷ মাধৱনে তাক চিন্তা কৰিবলৈ মানা কৰি পাছদিনা কথা দুটামান আলোচনা কৰিবলৈ মাতি পঠিয়ালে ৷ প্ৰিয়ংকাৰ মনৰ ভ্ৰমটো আঁতৰাবলৈ কিবা এটা কৰিব লাগিব বুলি তাক আশ্বাস দিলে মাধৱনে ৷ মাত্ৰ তাইৰ লগত নৰ্মেল ব্যৱহাৰ কৰিবলৈ উপদেশ দিলে মাধৱেনে ৷
ভিতৰলৈ গৈ দেখিলে , প্ৰিয়ংকাই চিংকত গোটাই থোৱা বাচন বৰ্তন ধুই আছে ৷ তাক দেখি কৈ উঠিল তাই , "আহিলা তুমি? কাম কৰা মানুহজনী ক’ত যে গ’ল আবেলিৰে পৰা ৷ নাই নহয় ৷ ৰশ্মি আহিছিল যে আজি ৷ মই তাইৰ লগত কথা পাতি থাকোঁতেই তাই গায়ব ৷ কৈ তো যাব লাগে ন’ ?" কুন্দনে শলাগিলে ৷ একো নকলে ৷
পিছৰ খণ্ড টোলৈ আগ্রহী হৈ ৰ'লো।
ReplyDeleteধন্যবাদ মেডাম 😊😊😊😊😊
ReplyDeleteOhh. .. Aru ase... Borhia.
ReplyDelete