www.hunguti.in

Breaking

www.hunguti.in

Ads

Friday, July 24, 2020

#চাহ ( খণ্ড-১০ )

#চাহ  ( খণ্ড-১০ )



            দেউতাক গুচি গৈ তাইক যেন অথাই সাগৰতহে পেলাই থৈ গ’ল ৷ দেউতাক থাকোঁতেও তাইক মাহীমাকে গণ্য নকৰিছিল ৷ নথকাতটো কথাই নাই ৷ মাহীমাকৰ অত্যাচাৰ , ভনীয়েকৰ অভব্য আচৰণ তাইৰ প্ৰতি যেন সৰু কথা ! দেখাত ধুনীয়া হোৱাৰ বাবেই ভনীয়েকৰ 'চকুৰ কুটা, দাঁতৰ শূল' হৈ পৰে প্ৰিয়ংকা ৷ স্কুলত কৰিবলৈ দিয়া কামবোৰ সুকলমে কৰিব পাৰিলেও যুদ্ধ এখন জয় কৰাৰ দৰে লাগে তাইৰ ৷ পঢ়িবলৈ বহিলেই মাকে কাম কৰিবলৈ মাতি নিয়ে ৷ ৰাতিপুৱা সোনকালে উঠি বা ৰাতি উজাগৰে থাকি পঢ়াতো ঠিক ৰাখিবলৈ চায় তাই ৷ তাৰ মাজতো ৰাতি উঠি তাইক পঢ়ি থকা দেখা পালে "লাইট জ্বলাই নথবি ৷ বিলবোৰ মইহে দিব লাগে বুলি" লাইটটো অফ্ কৰি থৈ যোৱাটো সাধাৰণ কথা ৷

          এনেকৈয়ে কলেজ পায়গৈ প্ৰিয়ংকা ৷ ঘৰৰ সকলোবোৰ কাম কৰি থৈ, কলেজৰ ক্লাচকেইটা কৰি, আকৌ উভতি আহিও তাইলৈ বুলি পেলাই থোৱা কামবোৰ  কৰিবলগীয়া হ’য় ৷ কেতিয়াবা মাহীমাকৰ ফালৰ আলহী আহিলেতো সেইদিনা কলেজলৈ যোৱাটোৱেই বন্ধ কৰে প্ৰিয়ংকাৰ ৷ আলহীক সোধ পুচা তায়েইটো কৰিব লাগিব ৷ সেয়ে তাইৰ মেধাৰ তুলনাত পৰীক্ষাৰ ফলাফলবোৰ আশানুৰূপ নহয় ৷ মাহীমাকৰ তাইক কলেজত পঢ়ুৱাবলৈ মন নাথাকিলেও মানুহে বেয়া দেখিব বুলিহে আচলতে কলেজত এডমিচনটো দিয়ে ৷ 

            টনা আজোৰাকৈয়ে পঢ়ি ছোৱালীজনীয়ে হায়াৰ চেকেণ্ডাৰীটো পাচ কৰে ৷ মাহীমাকৰ অপচন্দ হ’লেও ওচৰৰ কণ কণ ল’ৰা ছোৱালী দুটামানক পঢ়ুৱাই নিজৰ খৰচটোও উলিয়াই ৷ তাতো ভনীয়েকৰ চকু ৷ তাৰপৰাও চান কাঢ়ে ৷ 

             বি এৰ ডিগ্ৰীটো লোৱাৰ পাছত উচ্চ শিক্ষাৰ বাবে আৰু হাত মেলিব নোৱাৰিলে তাই ৷ মাহীমাকৰ প্ৰবল আপত্তি ৷ তাইৰ লগত বহুত পইচা খৰচ কৰিলে , আৰু এটকাও নকৰে ৷ মাহীমাকৰ ওপৰত তাই মাত মাতিব আগৰেপৰাই নোৱাৰে ৷

           তাৰ এবছৰ মানৰ পাছতেই প্ৰিয়ংকাৰ কুন্দনৰ লগত দেখা দেখি ৷ ওচৰতে লগৰ এজনীৰ বিয়া ৷ নপঠিয়ালে বেয়া দেখিব বুলি বিয়াৰ দিনা থকাৰ অনুমতি দিছিল মাহীমাকে ৷ লগৰ জনীৰ ককায়েকৰ বন্ধু হিচাপে কুন্দনো আহিছিল বিয়ালৈ ৷ প্ৰিয়ংকাক দেখি প্ৰথম দৃষ্টিতেই প্ৰেমত পৰিছিল সি ৷ তাৰ কল্পনাৰ মানস কন্যাৰ ছবিখনৰ লগত তাই যেন মিলি গৈছিল ৷ 


              বিয়াঘৰত তাইৰ লগত চিনাকীও হ’ল সি ৷ তাইৰ প্ৰতি আগ্ৰহৰ বাবেই বিয়া হৈ যোৱাৰ পাছত সি তাৰ বন্ধুৰ আগত মনৰ কথা ব্যক্ত কৰিলে ৷ কুন্দনে নিজৰ ঘৰটো কথাটো জনালে ৷ কুন্দনৰ ঘৰৰপৰা আপত্তি নাহিল ৷  বন্ধুৰ উৎসাহতে  বিয়াখন ঠিক হ’লগৈ ৷ বিয়া মানে কৰ্ট মেৰেজ হে ৷ মাহীমাকে বিয়াৰ নামত খৰচ কৰিবলৈ হাতত পইচা নাই বুলি আগতেই লেঠা মাৰি থৈছে ৷ কুন্দনে বন্ধুৰ পৰা মাহীমাকৰ কথাবোৰ অলপ অচৰপ শুনিছিল ৷ সিও "ছোৱালীজনী দিলেই হ’ব ৷ আৰু একোৱেই বিচৰা নাই" বুলি মাহীমাকৰ আগত কৈ দিলে ৷  মাহীমাকৰ পেটে পেটে  হিংসাও হ’ল তাইলৈ ভাল ল’ৰা পোৱা বুলি ৷ হলেও "গলগ্ৰহ গ’লেও যাওক" বুলি জীয়েকৰ লগত পাতিলে প্ৰিয়ংকাৰো আপত্তি নাছিল ৷ সহজ, সৰল অমায়িক ল’ৰাজনক তাইৰো ভাল লাগিছিল ৷

              তাৰ পাছৰ কথা চমু ৷ মাক , তেল কোম্পানীত কাম কৰা কুন্দনৰ ককায়েকৰ পৰিয়ালটো , ইউনিভাৰ্চিটিত এম ফিল কৰি থকা তাৰ ভনীয়েকজনীৰ লগতে বন্ধু দুজনমানৰ সৈতে গৈ তাইৰ সৈতে কৰ্ট মেৰেজ কৰাৰ পাছতহে ডাঙৰকৈ পাৰ্টি এটা দিলে সি ৷ মাহীমাকহঁতকো খবৰ দিছিল যদিও পাৰ্টিলৈ নাহিল তেওঁলোক ৷ 

               ৰক্ষণশীলতা নথকা কুন্দনৰ মাকজনী, সপ্ৰতিভ ভনীয়েকজনী , গহীন গম্ভীৰ অথচ মৰমিয়াল  ককায়েকজন আৰু সৰু ছোৱালীৰ দৰেই সৰলমনা বৌৱেকজনীক প্ৰিয়ংকাই বৰ ভাল পালে ৷ এনেকুৱা এখন ঘৰত কেনেকৈ মিলিমগৈ বুলি ভাবি থকা প্ৰিয়ংকাক তেওঁলোকৰ ব্যৱহাৰে একেবাৰে সহজ কৰি দিলে ৷ হলেও কৰ্তব্যৰ খাতিৰত কুন্দনে বিয়াৰ পাছত মাত্ৰ এসপ্তাহ থাকিয়েই গুচি আহিব লগা হ’ল বাংগালোৰলৈ ৷

( মোক চিনাকী মানুহ এগৰাকীয়ে তেওঁৰ  জীৱন কাহিনী কৈছিল ৷ তেখেতৰ কথাবোৰ এইটো খণ্ডত অলপ অচৰপ সোমাইছে ৷ তেওঁৰ অনুৰোধত  মই এটা গল্প লিখিলো , মাত্ৰ টাইপ কৰাহে হোৱা নাই ৷ )


1 comment:

  1. ভাল লাগি লাগি গৈছে

    ReplyDelete