#চাহ ( নৱম খণ্ড )
চতুৰ্থ শ্ৰেণীত থাকোঁতেই মাকক হেৰুৱাইছিল কণমানি প্ৰিয়ংকাই ৷ হৃদৰোগত ভূগি থকা মাকে দেউতাক আৰু তাইক শোকৰ সাগৰত পেলাই গুচি যোৱাৰ পাছত চাৰিওফালে শূন্যতাই শূন্যতা অনুভৱ কৰিছিল বাপেক জীয়েক দুয়োয়ে ৷ মাকৰ বছৰেকীয়া শ্ৰাদ্ধ যোৱাৰ পাছতেই দেউতাকৰ বংশ পৰিয়ালৰ কেইজনমানে মিলি দেউতাকক পুনৰ বিয়া পাতিবলৈ জোৰ দিলে ৷ ফলস্বৰূপে এমাহৰ পিছতেই নতুন মাক এজনী আহি ঘৰ সোমালহি ৷
নতুন মাকক দেখি প্ৰিয়ংকাই বৰ এটা বেয়াও নাপালে ৷ এতিয়া আৰু দেউতাকৰ ইমান কষ্ট নহয় ৷ ডাক ঘৰত চাকৰি কৰা দেউতাকে লৰালৰিকৈ ভাত ৰান্ধি বাঢ়ি যাব নালাগে আৰু ৷ তাইকো ওচৰৰ কাৰোবাৰ ঘৰত থৈ থৈ যাব নালাগে ৷ মাহীমাক আহিলে যেতিয়া তেওঁৰ লগতেই থাকিব পাৰিব ৷
কিন্তু তাই ভাবি থকাৰ দৰে কথাবোৰ নহ’ল ৷ মাকৰ দৰেই মৰম কৰিব কৰিব বুলি ভাবি থকা মাহীমাকে কিন্তু তাইক অকনো মৰম নকৰিলে ৷ মাহীমাকৰ হাতৰ ভাত আঞ্জা খাম বুলি ভাবি থকা প্ৰিয়ংকায়েহে অকণ অকণ হাতেৰে মাহীমাকক ভাত ৰান্ধি খুৱাব লগা হ’ল ৷ দেউতাক দিনটো ঘৰত নাথাকেই ৷ থাকিলেও তাইক কাম কৰিবলৈ দি "ছোৱালী মানুহে কাম শিকিবই লাগিব ৷ নকৰিলে হ’বনে? " বুলি দেউতাকৰ মুখ বন্ধ কৰি থয় ৷ কাম কৰিবলৈ পোৱাতকৈও তাই মাহীমাকৰ কেটেৰা জেঙেৰাতহে মনত দুখ পায় ৷
দিনবোৰ গৈ থাকিল ৷ ক্লাচ চিক্সৰ পৰা প্ৰিয়ংকা বেলেগ এখন স্কুললৈ আহিল ৷ তাতেই তাই ৰশ্মিক লগ পালে ৷ ৰশ্মিৰ লগত প্ৰিয়ংকাৰ বন্ধুত্ব গঢ় লৈ উঠিল ৷ স্কুল অহা যোৱা কৰোতে ৰাস্তাতে পৰা ৰশ্মিহঁতৰ ঘৰত তাইক জোৰ কৰাত দুদিনমান সোমাব লগাও হ’ল ৷ ৰশ্মিৰ মাকক প্ৰিয়ংকাৰ ভাল লগা হ’ল ৷ মাকজনী নাই বুলি গম পোৱাৰ বাবেই নেকি , ৰশ্মিৰ মাকেও তাইক বৰ মৰম কৰিলে ৷ এদিন জোৰকৈ ভাত কেইটা খুৱাই পঠোৱাৰ পাছত ঘৰলৈ আহি মাহীমাকৰ পৰা "দুদিনমানৰ পাছত জীয়ৰী হ’বি ৷ ক’ত বনাই ফুৰিছিলি অত দেৰি " বুলি চৰ আৰু চুলি জোকোৰা খোৱাৰ দিনাৰে পৰা তাই সিহঁতৰ ঘৰত নোসোমোৱা হ’ল ৷
পিছে ৰশ্মিৰ সৈতে তাই বেছিদিন একেলগে থাকিবলৈ নাপালে ৷ আৰক্ষী বিভাগত চাকৰি কৰা ৰশ্মিৰ দেউতাকৰ দূৰৈৰ চহৰ এখনলৈ বদলি হোৱাত সিহঁত তাৰপৰা গুচি গ’ল ৷ মৰমৰ বান্ধৱীও আঁতৰি যোৱাত প্ৰিয়ংকাই অকলশৰীয়া অনুভৱ কৰিলে ৷ ইতিমধ্যে মাহীমাকৰো ছোৱালী এজনী হ’ল ৷ তাইৰ অকণমানি কান্ধত কামৰ বোজাটো অলপ বেছিকৈ পৰিল ৷
মাহীমাকক আলপৈচান ধৰা , ভনীয়েকৰ আপদাল , ঘৰৰ কামৰ মাজতো তাই সময় উলিয়াই কিতাপো পঢ়ে ৷ দেউতাক নাথাকিলে মাহীমাকে পঢ়িবলৈয়ো নিদিয়ে ৷ ভনীয়েকক ওমলাব লাগে ৷দেউতাক ঘৰত থাকিলে সিমান একো নকয় ৷
লাহে লাহে ভনীয়েক ডাঙৰ হ’ল ৷ প্ৰিয়ংকাই মৰম কৰিলেও ভনীয়েকে তাইক জনা হোৱাৰে পৰা শত্ৰু যেনহে জ্ঞান কৰিবলৈ ল’লে ৷ তাইৰ গাতো দুখ নাই ৷ সৰুৰে পৰা মাকৰ ব্যৱহাৰবোৰ দেখি দেখিয়েই তাইৰো মনোভাৱ তেনেকুৱাই হৈ পৰিল ৷ মাহীমাক, ভনীয়েকে দেখিব নোৱাৰিলেও দেউতাক প্ৰিয়ংকাৰ বাবে ঢাল সদৃশ হৈ আছিল ৷ সেই দেউতাকো তাই ক্লাচ নাইনত থাকোঁতেই হঠাতে মাকৰ ওচৰলৈ গ’লগৈ ৷ সাধাৰণ জ্বৰ এটাত মানুহ মৰে বুলি প্ৰিয়ংকাই জনাই নাছিল ৷
বৰ দুখ লাগিল
ReplyDelete