#চাহ ( খণ্ড-১৫ )
প্ৰিয়ংকাৰ মানসিক স্বাস্থ্যৰ লাগে লাহে উন্নতি হবলৈ ধৰিলে ৷ মাধৱনৰ চাইক’থেৰাপি, কুন্দনৰ মৰম আৰু মানসিক সাহাচাৰ্য্যৰ লগতে প্ৰিয়ংকাৰ নিজৰো ৰোগটোৰ পৰা মুক্ত হোৱাৰ অদম্য ইচ্ছাই অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিলে ৷ মাধৱনৰ পৰামৰ্শমতে ৰুণিমাই প্ৰিয়ংকাৰ লগত কথাপাতি ৰশ্মিৰ ঠিকনা তথা ফোন নম্বৰো তাইক দিলে ৷ মুম্বাইত স্বামীৰ চাকৰিসূত্ৰে থকা ৰশ্মিৰ দুবছৰীয়া ল’ৰা এটাও আছে ৷ফোনৰ যোগে কথা পাতি সিহঁত দুজনীয়ে পুৰণি স্মৃতি ৰোমন্থনো কৰিলে ৷ ৱাটচ্ এপত ফটোৰ আদান প্ৰদানো হ’ল ৷ কেতিয়াবা সঁচাকৈয়ে দুয়োজনী লগ হোৱাৰ পৰিকল্পনাও কৰিলে ৷
ইয়াৰ মাজতে প্ৰিয়ংকাৰ অসুখৰ খবৰ পাই কুন্দনৰ মাক আৰু ভনীয়েকো আহি ওলাল ৷ তেওঁলোক অহাত প্ৰিয়ংকাৰ মনটো আৰু মুকলি হ’ল ৷ ইতিমধ্যে আগৰ ফ্লেটটো সলনি কৰি অফিচৰ ওচৰৰ ফ্লেট এটালৈও আহিল সিহঁত ৷ কুন্দনৰ ভনীয়েক আৰু মাক কিছুদিন সিহঁতৰ লগত কটাই ঘৰলৈ গ’ল ৷ ৱেডিং কেক্ ডেকৰেচনৰ ক্লাচ এটাৰ লগতে গ্ৰুমিং ক্লাচ এটালৈকো প্ৰিয়ংকা গৈ থাকিল ৷
মাজতে কুন্দনৰ অফিচত খালী হোৱা কম্পিউটাৰ অপাৰেটৰ পষ্টটোত প্ৰিয়ংকাৰ নিযুক্তি হ’ল ৷ ৰাতিপুৱা দুয়োটাই মিলামিছাকৈ কামবোৰ কৰি অফিচলৈ বুলি ওলায় আহে ৷ অফিচৰ পৰা গৈ ৰন্ধা বঢ়া কৰোঁতেও কুন্দনে তাইক সহায় কৰে ৷ মাধৱনৰ পৰামৰ্শমতেই তাইক যিমান পাৰি সিমান অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়াকৈ মানসিক সাহাচাৰ্য্য দি থাকে , যাতে পুনৰ তাই আগৰ অৱস্থালৈ উলটি যাব নোৱাৰে ৷ নহ’লে হেনো কিছু কিছু ক্ষেত্ৰত এনে দেখা পোৱা যায় যে ৰোগীৰ অৱস্থা কিছু উন্নত দেখাৰ পাছত ঘৰৰ মানুহ বা অভিভাৱকে ভাল পোৱা বুলি তেওঁৰ প্ৰতি গুৰুত্বটো কমাই দিয়ে যিটোৰ বাবে ৰোগী পুনৰ আগৰ অৱস্থালৈ ঘুৰি যায় ৷ অৱশ্যে মাধৱনে এইটোও কলে যে কুন্দনৰ ওপৰত তাৰ দৃঢ় বিশ্বাস আছে ৷ কুন্দনৰ দৰে স্বামী পোৱাৰ বাবেই তাইৰ ইমান স্পিডী ৰিক’ভাৰি হৈছে বুলি কোৱাত অকনমান লাজো লাগিল কুন্দনৰ ৷
সৰু সৰু কথাত সুখ বুটলি বুটলি কুন্দন আৰু প্ৰিয়ংকাৰ সংসাৰখন আগুৱাই গৈ থাকিল ৷ অপ্ৰত্যাশিতভাৱে আৰু এটা সুখৰ খবৰে কুন্দনৰ হিয়া উপচাই পেলালে ৷ সেইটো খবৰ প্ৰিয়ংকা মা হ’বলৈ ওলোৱাৰ খবৰ ৷ কণমানি কুন্দন এটা বা প্ৰিয়ংকা এজনী অহাৰ খবৰ ৷ খবৰটো শুনি নাম বিছাৰিবলৈকে লাগি গ’ল কুন্দন ৷ ল’ৰা হ’লে হেনো নামটো 'অণুৰনন' ৰাখিব আৰু ছোৱালী হ’লে 'আলফুল' ৷ কুন্দনৰ মাকো খুউব সুখী হ’ল ৷ কি কি খাব , কি কি নাখাব এইবোৰক লৈ দীঘল লিষ্ট এখনেই দিলে তেওঁ প্ৰিয়ংকাক ৷ কুন্দনৰ ভনীয়েকে কেছুঁৱা হোৱাৰ সময়ত যিমান কাম থাকিলেও সকলো এৰি তাত থাকিবগৈ বুলি ফোনত কৈয়েই থৈছে ৷ কুন্দনৰ ককায়েক-নবৌয়েকেও আগতকৈ ঘনকৈ ফোন কৰি কৰি তাইৰ খবৰ লৈ থকা হ’ল ৷
সকলোৰে হেঁপাহ দেখি অভিভূত হ’ল প্ৰিয়ংকা ৷ মাহীমাককো খবৰটো দিবলৈ ফোন কৰিছিল তাই ৷ কিন্তু মাহীমাকে আগৰ দৰেই তাইৰ ফোনটো ৰিচিভ নকৰিলে ৷ হ’লেও এইবোৰ কথাত আজিকালি বিচলিত নহয় প্ৰিয়ংকা ৷ কুন্দনৰ মৰমে তাইক নতুন জীৱন এটা উপহাৰ দিলে ৷ কুন্দনৰ ঠাইত আন এজন হোৱাহলে কিজানি তাৰ বিপৰীত ছবি এখনো দেখা গলহেঁতেন ! ক’তজনী এনে প্ৰিয়ংকা চাগৈ এষাৰি মৰমৰ মাত, এধানি সহানুভূতিৰ অভাৱত অন্ধকাৰ ভৱিষ্যত এটাৰ দিশে গুচি গৈছে ! ভাবিলে জাৰ লাগি যায় তাইৰ ৷ মনটোক নিজৰ আয়ত্বলৈ আনে প্ৰিয়ংকাই ৷ দুখৰ স্মৃতিবোৰ দূৰৈত থৈ সুখবোৰ হাতৰ মুঠিত বন্দী কৰি ৰাখিম বুলি পণ লোৱা প্ৰিয়ংকা এতিয়া এজনী নতুন মানুহ ৷
_________________________
সমাপ্ত
( আচলতে প্ৰথম এইটো গল্প হিচাপেহে আপোনালোকলৈ আগবঢ়াই দিছিলোঁ ৷ কিন্তু এটা দুটাকৈ আগবঢ়াই এইটোৰ ১৫ টা খণ্ড হ’লগৈ ৷ ধাৰাবাহিকতা অক্ষুণ্ণ ৰক্ষাৰ স্বাৰ্থতেই কম সময়তেই লিখাৰ বাবে পাছতহে আৰু কিছু তথ্য লাভ কৰিলোঁ যদিও সংযোজন কৰা নহ’ল ৷ পাছলৈ বহল আকাৰে আৰু দৰকাৰী কথাৰ সংযোগ কৰি লিখাৰ ইচ্ছা আছে ৷ ইমান দীঘল গল্প লিখাৰ ধৈৰ্য্য আচলতে মোৰ নাছিল ৷ আপোনালোকৰ মৰমে মোক লিখিবলৈ বাধ্য কৰালে ৷ গল্পটো যদি ভাল পাইছে তাৰ সম্পূৰ্ণ Credit আপোনালোকৰহে কিন্তু ৷ মোক ইমান মৰম দিয়াৰ বাবে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ🙏🙏
কাইলৈৰ বাবে এটা ভিন্নস্বাদৰ গল্প লিখি আছোঁ দেই ৷😊)
খুব ভাল লাগিল স্বপ্না বা😘😘😘
ReplyDeleteআন্তৰিক ধন্যবাদ
Delete😍😍😘😘😘
Deleteখুৱ ভাল লাগিল
ReplyDeleteগোটেইখিনি পঢ়িলো বাইদেউ। বহুত ভাল লাগিল। ইতিবাচক তথা তথ্যসুলভ কাহিনীটোৱে মানসিক জগতৰ বিষয়ে এটি সুন্দৰ ধাৰণা দিলে।
ReplyDelete