#গল্প
বনানী বৰুৱাৰ ঘৰটো হ’লগৈ ৷ সৰু অথচ আটোমটোকাৰীকৈ সজাই লোৱা এমহলীয়া ঘৰটো ৷ চহৰৰ পৰা কিছু দূৰৈত অলপ নিৰিবিলি পৰিবেশত ৷ ড্ৰয়িং কাম ডাইনিং ৰুম আৰু সৰু অথচ সুবিধাজনক পাকঘৰটো ৷ এফালে তাইৰ নিজস্ব সৰু লাইব্ৰেৰীটো আৰু বেডৰুম ৷ ওপৰ মহলাতো এটা বেডৰুম আৰু বেলকনি আছে ৷ বেলকনিত বহি চাহ বা কফি খাই খাই গাণ শুনা কামটো তাইৰ আজৰি সময়ৰ প্ৰিয় কাম ৷
অকলশৰীয়া বনানী ৷ অবিবাহিতা বনানীৰ বিয়াৰ বাবে সম্বন্ধও কোনোবা কোনোবাই আনিছিল ৷ কিবাকিবি কাৰণত নহ’লগৈ বিয়াখন ৷ সৰু চহৰখনত কলেজ এখনৰ অধ্যাপিকা বনানী অকলেই থাকে ৷ মাক দেউতাক কেতিয়াবাই ঢুকাল ৷ লগৰীয়া মাত্ৰ মালতী বাই ৷ মালতী বাইৰো কেওঁ কিছু নাই ৷ দুয়োজনী ইজনী সিজনীৰ লগ ৷ যোৱাবছৰ চল্লিশ পাৰ হোৱা বনানীৰ বিয়াৰ বাবে ইচ্ছাও নোহোৱা হ’ল ৷
ঘৰত থকা সময়ত বেছিভাগ সময় তাই বেলকনিতেই বহি থাকে ৷ কেতিয়াবা গাণ শুনে আৰু কেতিয়াবা কিতাপ পঢ়ি থাকে৷ বেলকনিৰ পৰা তাইৰ ঘৰৰ বাউণ্ডেৰী ৱালৰ লগত লাগি থকা মানুহঘৰ ভালকৈ দেখি থাকে ৷ ৰিক্সা এখন লৈ ৰাতিপুৱাই মানুহটো ওলাই যাওঁতে মলিয়ন চোলা পিন্ধা, শেঙুননকা সৰু ল’ৰাটোৱে ৰিক্সাৰ পাছত ওলমি কিছুদূৰলৈ যায়গৈ ৷ বাৰাণ্ডাত চটিবস্তা দুটা পাৰি বহি চিঞৰি চিঞৰি কিতাপ পঢ়ি থকা মাকে দুজনী ছোৱালীৰ কোনোবা এজনীক দৌৰাই পঠিয়াই দিয়ে তাক লৈ আহিবলৈ ৷ ভায়েকক আনি ছোৱালীজনীয়ে আকৌ চিঞৰি পঢ়িবলৈ ধৰে , "নাজানো তোমাক ক’ত আছা প্ৰভু আমি অতি সৰু ল’ৰা ...." ৷ সৰু ভায়েকটোৱে জিভাখনেৰে বৈ অহা শেঙুনৰ ধাৰদুটা চেলেকি চেলেকি মুখেৰে গাড়ী চলাই চলাই চাইকেলৰ ৰিংটোৰ পাছত দৌৰি ফুৰে ৷ মাকে সেইসময়ত ক’ৰবাৰ পৰা বুটলি অনা কচু ঢেঁকীয়াকেইদাল চোতালতে মেলি বাচি থাকে ৷
মালতীৰ লগত মানুহজনীৰ কেতিয়াবা কথা হয় ৷ মাটিটুকুৰাৰ ৰখীয়া হিচাপে আছে সিহঁত ৷ মালিকে ঘৰ সাজিবলৈ আৰম্ভ কৰিলেহে সিহঁত যাবগৈ লাগিব ৷ মানুহটোৱে ৰিক্সা চলায় ৷ তিনিটা ল’ৰা ছোৱালীৰে সৈতে পাঁচোটাকৈ খাৱৰীয়া ৷ কষ্টৰ সংসাৰ ৷ হ’লেও মানুহটোৱে মানুহজনীক আনৰ ঘৰত কাম কৰিবলৈ মাতিলেও যাবলৈ নিদিয়ে ৷ মালতীয়ে কথাবোৰ কৈ থাকে বনানীৰ আগত ৷ আত্মসন্মানবোধ থকা মানুহক বনানীয়ে শ্ৰদ্ধা কৰে ৷ মানুহঘৰক এইবাৰ তাই আগতকৈও কৌতুহলেৰে নিৰীক্ষণ কৰে ৷
গধুলি কেতিয়াবা মানুহজন সোনকালে আহে ৷ হাতৰ টোপোলাটো ছোৱালী এজনীৰ হাতত দি ৰিক্সাখন চোতালৰ একাষে থৈ অত তত ফুটা ওলোৱা ট্ৰিপাল এখনেৰে ঢাকি থয় ৷ চোতালৰ আনটো মুৰত থকা দমকলটো মাৰি হাত ভৰিকেইটা ধুই লয় মানে কোনোবা এজনীয়ে গামোচা এখন আনি দেউতাকক দিয়েহি ৷ ইকৰাৰ বেৰৰ জলঙাইদি সিহঁতৰ ৰান্ধনীঘৰৰ জুইকুৰা দেখি বনানীয়ে ৰন্ধাবঢ়া কৰিছে বুলি অনুমান কৰে ৷
গতানুগতিক জীৱনলৈ ব্যতিক্ৰম আহে ৷ লকডাউনে স্থবিৰ কৰে ৰাজ্য, দেশ, মানুহ ৷ ঘৰৰ ভিতৰৰ পৰাই বনানীয়ে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাব লগা হয় ৷ নগলে নোহোৱাতহে কেতিয়াবা ওলাই যায় তাই ৷ ওচৰৰ ঘৰটোৰ দেউতাকজনক এইকেইদিন ঘৰতে দেখে ৷ বাৰীখনকে পৰিস্কাৰ কৰি , গছপুলিকে দুই এটা ৰুই ব্যস্ত হৈ থাকে মানুহজন ৷ ট্ৰিপালখনৰ তলতে ৰিক্সাখন এইকেইদিন ঢাক খাই থাকে ৷ অকনমাণিটোয়েহে মাজে মাজে গৈ ট্ৰিপালখন টনা আজোৰা কৰেগৈ ৷
মানুহঘৰৰ গোটাই থোৱা চাউলকেইটা শেষ হওঁ হওঁ হয়গৈ ৷ সাঁচতীয়া পয়চাকেইটা মানুহজনীয়ে চাউল কিনিবলৈ বুলি চুঙা কাটি উলিয়াই থয় ৷ সাহায্য আনিবলৈ যাবলৈ স্বাভিমানী মানুহটোৰ মনটোৱে নকয় ৷ এইবোৰ কথাও বনানীয়ে মালতীৰ পৰা গম পাই থাকে ৷ ইকৰাৰ বেৰখনেদি পাকঘৰৰ জুইকুৰা দিনটোত এবাৰহে দেখে ৷ ল’ৰা ছোৱালী কেইটাৰ শুকান মুখকেইখন দেখি বনানীৰ বেয়া লাগে ৷
দুদিনমানৰ পাছত বনানীয়ে তাইৰ জন্মদিন পাতে ৷ মালতীৰ লগত লগ লাগি সুন্দৰকৈ ভাত আঞ্জা ৰান্ধে ৷ চিনাকী বেপাৰীএটাই দি যোৱা ছাগলী মাংস বনানীয়ে নিজ হাতেৰে ৰান্ধে ৷ সুন্দৰকৈ ৰান্ধি বাঢ়ি সিহঁত দুয়োজনীৰ বাবে অলপমান থৈ বাকীখিনি মালতীৰ সহায়ত ওচৰৰ ঘৰলৈ লৈ যায় ৷ প্ৰথমতে লবলৈ সংকোচ কৰিলেও বনানীৰ আন্তৰিকতাত তেওঁলোকে সেয়া গ্ৰহন কৰে ৷ মনটো বেয়া কৰি থকা বনানীয়ে সেইদিনাখন মুকলি মনেৰে ভাতকেইটা খায় ৷
মালতীয়ে গম পায় , এইকেইদিন মাজে মাজে বনানীৰ ঘৰত কিবা কিবি পৰ্ব ওলায়েই থাকিব ৷ ৰন্ধা-বঢ়া আৰু বিলোৱা পৰ্ব চলিয়েই থাকিব ৷ বনানীৰ জন্মদিন যোৱামাহতেই পাৰ হৈ গ’ল বুলি তাই জানে ৷
✍ স্বপ্না দত্ত ভৰালী
২৭/৬/২০২০
বৰ সুন্দৰ উপস্থাপন
ReplyDeleteAkhekh dhonyobad❤️🙏
Deleteধন্যবাদ দেই😊😊😊😊
ReplyDeleteগল্পটো পঢ়ি খুবেই ভাল লাগিল
ReplyDeleteDhonyobad dai apunak🙏
Delete