www.hunguti.in

Breaking

www.hunguti.in

Ads

Thursday, July 30, 2020

#কোন বাৰু

# কোন বাৰু


             ছয়কোঠলীয়া ঘৰখনত কেৱল আমি তিনিটা প্ৰাণী ৷ মই , মোৰ পত্নী আৰু আমাৰ তিনিবছৰীয়া ছোৱালী মুমু  ৷ চহৰৰ উপকণ্ঠত নতুনকৈ সজা আমাৰ এই ঘৰটোলৈ অহা বৰ বেছিদিন হোৱা নাই ৷ ঠাইকণ বৰ নিজান ৷ ওচৰে পাজৰে মানুহৰ ঘৰ নাই ৷ সেৰেঙা সেৰেঙকৈহে আছে ৷ ঘৰৰপৰা কিছু আঁতৰেদি এটা সৰু জান বৈ গৈছে ৷ কাষতে বাঁহগছে ঠাঁহ খাই আছে ৷ চহৰৰ পৰা দূৰৈত যদিও ঠাইকণৰ প্ৰাকৃতিক পৰিবেশ বৰ মনোমাহা ৷
              
              বন্ধুবৰ্গই ইমান দূৰৈত ঘৰ সাজিবলৈ মানাই কৰিছিল ৷  ওচৰে পাজৰে ক’ৰবাত মাটি অকণমান লৈ ঘৰটো সাজিবলৈ উপদেশ দিছিল ৷ কিন্তু মোৰ মন ডাঙৰ, আহল বহল কম্পাউণ্ডৰ ভিতৰত ডাঙৰ ঘৰ এটা সাজি আগফালে  ফুলনি ,পাছফালে শাকনিবাৰী  এখন কৰাৰ ৷ তাতে মাটিখিনি সস্তাত পায় ৰৈয়েই নাথাকিলো ৷ ঘৰৰ কাম আৰম্ভ কৰিয়েই দিলোঁ ৷ চহৰৰ পৰা কিছু দূৰ হ’লেওনো কি ? গাড়ীখন আছে নহয় ৷ এনেয়েও ক’ৰবালৈ গ’লে গাড়ীখনকেই লৈ ওলায় যোৱা হয় দেখোন ৷
 
              ঘৰটোৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত এদিন লগৰবোৰক পাৰ্টি এটাও দিলোঁ ৷ সকলোৱে ঘৰটোৰ পৰিবেশটো একেমুখে শলাগিলে ৷ চহৰৰ পৰা আঁতৰত ঘৰটো বন্ধাৰ সিদ্ধান্তটো সঠিকেই আছিল বুলি বন্ধুবৰ্গই মন্তব্য কৰিলে ৷ সীমান্তয়ো মোৰ ওচৰতে মাটি অকন লোৱাৰ ইচ্ছা ব্যক্ত কৰিলে ৷ ভাল লাগিল মোৰ ৷ 

           নতুন ঘৰত আমাৰ দিনবোৰ সুন্দৰকৈ পাৰ হ’বলৈ ধৰিলে ৷ মানুহ এজন লগাই আগফাল , পাছফাল ধুনীয়াকৈ কোৰ মৰাই ললোঁ ৷ আগফালে ফুলনি এখন পাতিবলৈ আৰম্ভ কৰিলোঁ ৷ পুৰণা টায়াৰ সুন্দৰকৈ ৰং কৰি ঠায়ে ঠায়ে পেলাই লৈ তাৰ মাজত চিজন ফ্লাৱাৰৰ পুলি লগালো ৷ ফুলৰ টাববোৰ চকুত লগাকৈ সজালোঁ ৷ আঁৰিও দিলোঁ বাৰাণ্ডাত কেইটামান টাব ৷ তেনেদৰে পাছফালেও গোল নেমু , জলকীয়া, কলপুলিৰ পৰা নাৰিকলৰ পুলিলৈকে লগালো ৷ লগতে পদিনা, মানধনীয়া, নৰসিংহ, ভেদাইলতালৈকে সকলো ৰুলোঁহি ৷ 

            অলপদিন ব্যস্ততাৰ মাজতেই গ’ল ৷ ব্যস্ততা লাহে লাহে শাম কটাত  পত্নীয়ে ক’বলৈ ধৰিলে , "দিনটো বৰ নিজান জানকৈ থাকিব লাগে" বুলি ৷ মই থাকিলে বাৰু যেন তেন ৷ অফিচত থকাৰ সময়খিনি নাযায় নুপুৱায় যেন লাগে হেনো ৷ হয়ো , কথা এষাৰ পাতিবলৈও ল’গ এটা নাই ৷ অকনমাণিজনীয়ে টিভি চাই নাইবা পুতলা খেলিয়েই ব্যস্ত থাকে ৷ তাইক স্কুলত দিয়াৰ পাছত দেখোন দিগদাৰেই হ’ব ! "কিবা এটা কৰিম ৰ’বা" বুলি তাইক সান্ত্বনা দিলোঁ ৷ পত্নীৰ লগত থাকিবলৈ কাৰোবাক বিছাৰিব লাগিব ৷ লাচনিপাচনি কৰিবলৈ লাগেও দেখোন ৷ কেওকিছু নোহোৱা মানুহ এগৰাকীৰ কথা সেইদিনা অফিচৰ পিয়নজনে কৈছিল ৷ ভাল মানুহ পালে থাকিব হেনো ৷ কথাটো পাতি চাব লাগিব তাৰ লগত ৷ 

          আজি অফিচ বন্ধ ৷ চেকেণ্ড চেটাৰডে ৷ দিনটো ঘৰতে ইটো সিটো কৰি থাকিলোঁ ৷ বাৰীখনত কোৰ মাৰিলোঁ ৷ বহুতদিন এনেবোৰ কাম কৰাই নাই ৷ অভ্যাস নাইকীয়া হোৱাৰ বাবে ভাগৰেই লাগিল ৷ সেয়ে দুপৰীয়া ভাতকেইটা খায় খুউব শুলোঁ ৷ সন্ধিয়া পত্নীৰ মাতহে সাৰ পালোঁ ৷ কাষতে অকণমানি জনীও টোপনিত ৷ তেওঁ জগাই আছেহি মোক ৷ হাতত একাপ চাহ ৷ চাহকাপ বিচনাৰ কাষৰ টেবুলখনতে থৈ তেওঁ মোক ক’লে  , "বাথৰূমৰ দৰ্জাখন খুলিব পৰা নাই ৷ ইমান টানকৈ লাগি আছে ৷ চাবগৈ চোন ৷" "নতুন দৰ্জাবোৰ এনে হয়েই কেতিয়াবা ৷ ৰবা , চামগৈ বাৰু ৷" বুলি মই চকুত অলপ পানী মাৰিলোগৈ ৷ তাৰপাছত চাহকাপ খায় গৈয়েই বাথৰুমৰ দৰ্জাখননো কি হ’ল বুলি চাবলৈ গলোঁ ৷ শ্ৰীমতীয়ে মুমুক জগাই থাকিল ৷ আবেলি সাধাৰণতে তাই নুশুৱে ৷ কিন্তু কেনেবাকৈ শুলে জগাবলৈ টান ৷ উঠিবলৈ নিবিচাৰে ৷

               আমাৰ বাথৰুমটো পাছফালৰ বাৰাণ্ডাৰ লগতে লগা ৷ বাথৰুমৰ দৰ্জাখন ঠেলি খুলিবলৈ চাওঁতেই দেখিলোঁ , ভিতৰত যেন বাল্টিটো কোনোবাই ঘটংমটং কৰি আছে ! কি কৰোঁ? অকলশৰীয়া ঘৰ বুলি জানি কিজানি চোৰেই আহি সোমাই আছেহি ! মনে মনে মোৰ অকনমান ভয়ো লাগিল ৷ লাহেকৈ গৈ পত্নীক কথাটো কলোগৈ ৷ তেওঁ শুনি বৰ ভয় খালে ৷ কোনোবা এজনক ফোন কৰি মাতি অনাটো ভাল হ’ব বুলি মোক উপদেশ দিলে ৷ কাক মাতো? আমাৰপৰা কিছু আঁতৰত শইকীয়া লিখা শিক্ষক এজনৰ ঘৰ ৷ তেখেতকেই মাতো নেকি?

              আমি দুজনে জল্পনা কল্পনা কৰি থাকোঁতেই বাথৰুমৰ দৰ্জাখন খোল খোৱা গ’ম পালোঁ ৷ দৌৰ মাৰি যোৱাদি গৈ যি দৃশ্য দেখিলোঁ , সেইটো দেখি কথমপিহে মূৰটো ঘুৰাই পৰি নগলো ৷ মই দেখিলোঁ, বাথৰূমৰ ভিতৰৰ পৰা টাৱেল এখন কান্ধত পেলাই মোৰ পত্নী ওলায় আহিল ৷ হাতত দুটামান তিতা কাপোৰ ৷ মোক দেখা পাই তেওঁ কৈ উঠিল  "আপুনি উঠিল হবলা ৷ চাহ দিওঁ ৰব ৷ পায়খানা কৰিব লগাত গাটো ধুই ললোঁ ৷"  
         মোৰ মেলা মুখ মেলাতে থাকিল ৷ ( আগলৈ)

✍ স্বপ্না দত্ত ভৰালী

      ২৩/৭/২০২০

6 comments: