www.hunguti.in

Breaking

www.hunguti.in

Ads

Wednesday, July 15, 2020

চুটিগল্প ( গজালি মেলা সপোন)

#গল্প

#গজালি মেলা সপোন



              কণল’ৰাহঁতৰ ঘৰৰ আগেদি যোৱা ৰাস্তাটোৰে কেইঘৰমান আগলৈ গৈয়েই কেঁকুৰি এটা পায় ৷ কেঁকুৰিটোৱেদি প্ৰায় আধা কিঃ মিঃ মান গৈ সোঁহাতেৰে সোমাই যোৱা ৰাস্তাটোৰে গৈ থাকিলেই তেলখাদ্ টো পায়গৈ ৷ তেলখাদ্ টোত সিহঁতৰ গাঁৱৰ কেইবাঘৰৰো পথাৰৰ মাটি সোমাইছে ৷ সেইকেইঘৰে পইচাও ভালেমানখিনি ভালেমানখিনি পাইছে ৷ অপুহঁতৰ দোকানৰ আগত কেৰম খেলি থকা ল’ৰাবোৰে এইবোৰ কথা পাতি থাকে ৷ কণল’ৰা সৰু বাবে সিহঁতৰ লগত খেলিবলৈ সুবিধা নাপায় ৷ সি কিন্তু সিহঁতৰ খেলা চাই চাই কথাবোৰ শুনি থাকিবলৈকে যায় তালৈ ৷

             গাঁওখনৰ  পথাৰত তেল ওলোৱাৰে পৰা কথাবোৰ কিছু বেলেগ হ’ল ৷ কিবা টাউনীয়া টাউনীয়া ভাৱ এটা আহি গ’ল যেন গাঁওখনলৈ ৷ আজিকালি মাখনৰ ঘৰৰ গৰুয়ে দুদুলহঁতৰ জেওৰা ভঙাত লগা কাজিয়াখন নাইবা থানেশ্বৰৰ ঘৰৰ সকামটোলৈ নলেগলে লগা মনবৰক নমতাৰ কথাটোৱে গাঁৱৰ মানুহবোৰৰ কথাবতৰাত আগস্থান নাপায় ৷ তেলখাদলৈ কেইখন ডাঙৰ ডাঙৰ গাড়ী আহিছে, তাত কাম কৰিবলৈ অহা মানুহবোৰ থাকিবলৈ কি ব্যৱস্থা লৈছে, গেলামাল বা তেনেধৰণৰ দোকান দুখনমান বহুৱাব পাৰিলে লাভ হ’ব জাতীয় কথাইহে স্থান পায় ৷

              গাঁৱলৈ সোমোৱাৰ পৰা তেলখাদলৈকে  পকী কৰিব হেনো ৰাস্তাটো ৷ লগতে আগতকৈ বহলো ৷ কথাটো গাঁৱৰ মানুহবোৰে শুনাৰ এসপ্তাহমান হ’ল কি নহ’ল , ৰাস্তাৰ দাঁতিত শিল বালি পৰিলেহিয়েই ৷ মাটি পেলাই ৰাস্তাটো বহল কৰাৰ পাছত বনুৱাবোৰ কামত লাগিয়েই গ’ল ৷ গলোৱা আলকতৰাৰ গোন্ধ পুৱাৰ পৰা গধূলিলৈকে গাঁওখনৰ বতাহত বিয়পি থাকিল ৷ গাঁৱৰ কাম বিছাৰি ফুৰা ল’ৰাদুটামানে দৈনিক হাজিৰা লৈ ৰাস্তাৰ কামত ধৰিলে ৷ 

             কণল’ৰাৰ বৰ স্ফূৰ্তি ৷ স্কুলৰপৰা আহি ভাতকেইটা খায় চিধাই ৰাস্তা পায়গৈ ৷ বনুৱাবোৰে শিল ভাঙি ভাঙি ৰাস্তাত দিয়া , আলকতৰা গলোৱা , ৰোলাৰে আহি ৰাস্তা সমান কৰা এইবোৰ চাই থাকোঁতেই তাৰ সময় যায় ৷ দিনটোৰ কোনোবা এটা সময়ত ক’লা ৰঙৰ দীঘল গাড়ী এখনত চিনেমাৰ হিৰ’টোৰ দৰে মানুহ এজন আহে ৷ বনুৱা এজনক সুধি গম পালে, সেয়া হেনো সিহঁতৰ এঞ্জিনিয়াৰ চাৰ ৷ চাৰজনৰ গাড়ীখন দেখিলেই দামী বুলি গম পোৱা যায় ৷ সুন্দৰ সাজ পোছাকেৰে চকুত চানগ্লাছ পিন্ধা চাৰজনক চাই থাকিও কণল’ৰাৰ হেঁপাহ নপলায় ৷ চাৰজন কাষেদি পাৰ হৈ যাওঁতে পোৱা ধুনীয়া গোন্ধটো নাকেৰে যিমান পাৰি উজাই লয় কণল’ৰাই ৷ ধুনীয়া চাৰজনক হাতেৰে চুই চাবলৈ মন যায় তাৰ ৷ মানুহজনক চুব নোৱাৰি গাড়ীখনকে চুই তাৰ হেঁপাহটো পূৰাই ৷ গাড়ীৰ পাচফালৰ গ্লাচখনত লাগি থকা ধূলিৰ ওপৰত আলফুলে 'শ্ৰী মানস জ্যোতি বৰুৱা' বুলি লিখি পেলায় ৷ চতুৰ্থ শ্ৰেণীত পঢ়া কণল’ৰাৰ পোছাকী নাম সেইটো ৷ 

          দেওবাৰ ৷ কণল’ৰাৰ স্কুল নাই ৷ ৰাতিপুৱা কিতাপ পঢ়া সামৰি জলপানটো খায়েই ৰাস্তাৰ কাম চাবলৈ বুলি সি ওলাই গ’ল ৷ গাঁৱৰে এল্ পি স্কুলখনত চকীদাৰৰ কাম কৰা দেউতাকো সেইদিনা ঘৰতে ৷ দুপৰীয়া মাকে ভাত খাবলৈ চিঞৰ ধৰাতহে সি ঘৰলৈ আহিল ৷ কঁঠালগুটি দিয়া ঢেঁকীয়াৰ জোল আৰু মোৱা মাছ ভজাৰে ভাতকেইটা খায় বাহিৰলৈ ওলাই আহোতেই দেখিলে, সিহঁতৰ নঙলাডাল খুলি ৰাস্তাৰ কাম চোৱা চাৰজন সিহঁতৰ ঘৰলৈ সোমাই আহিছে ৷ 

            উধাতু খাই দৌৰি গ’ল সি ভিতৰলৈ ৷ ইমান ডাঙৰ চাৰজন আহিছে সিহঁতৰ ঘৰলৈ ৷ মাককে দেউতাককে একেকোবেই মাতি আনিলেগৈ সি ৷ মাক দেউতাকক দেখি হাঁহি এটাৰে নমস্কাৰ জনালে তেখেতে ৷ দেউতাকে আথে বেথে ভিতৰলৈ মাতি আনি কাঠৰ চকীখন কান্ধত থকা গামোচাখনেৰে মচি তেখেতক বহিবলৈ দিলে ৷ বটলত অনা খোৱা পানী শেষ হ’ল ৷ দোকানো বন্ধ ৷ সেয়ে পানী এগিলাচ খাবলৈহে সোমাল তেখেত ৷ 

            ষ্টিলৰ ধোৱা গিলাচটো আকৌ ধুই মাটিৰ টেকেলিত ফিল্টাৰ কৰি থোৱা পানী এগিলাচ বাকিলে ৷ গিলাচৰ বাহিৰৰ ফালটো চাদৰৰ আঁচলেৰে মচি কাঁহৰ কাঁহী এখনৰ ওপৰত থৈ মাকে মানুহজনক সম্ভ্ৰমেৰে আগবঢ়াই দিলেহি ৷ দেউতাকৰ লগত চিনাকি মানুহৰ দৰেই কথা পতা মানুহজনৰ মুখলৈ কণল’ৰাই ভেবালাগি চাই থাকিল ৷ 

               পানীগিলাচ খোৱাৰ পাছতো মানুহজন বহি থাকিল ৷ কণল’ৰাৰ মাকে চাহ কৰিলেগৈ ৷ মেৰিগল্ড বিস্কুটেৰে চাহকাপ যাঁচি কণল’ৰাৰ মাকে মানুহজনক কওঁ নকওঁকৈ ক’লে , "জলপান অকণমানো দিব খুজিছিলোঁ ৷ পিঠাগুৰি ৷ আপুনি বা খায়নে নে নেখায় !" মাকক আচৰিত কৰি মানুহজনে জলপান খাম বুলিয়েই ক’লে ৷ পিঠাগুৰি, গুৰ আৰু এঁৱাগাখীৰেৰে  জলপানটো হাতেৰেই সানি খালে মানুহজনে ৷ চামুচখন নললে ৷ কণল’ৰা আচৰিত হ’ল ৷ এইজন মানুহেও পিঠাগুৰিৰ জলপান খায় ! তাকো হাতেৰেই সানি ! মাক-দেউতাক দুয়োজন শ্ৰদ্ধা আৰু কৃতজ্ঞতাত গদগদ ৷ এইজন মানুহে যে সিহঁতৰ দৰে ঘৰখনত কিবা এটা খাইছে ! সৰু কথানেকি?

                চাহ-জলপান খাই মানুহজন গল’গৈ ৷ যাওঁতে কণল’ৰাক ভালকৈ পঢ়িবলৈ কৈ গ’ল ৷ কণল’ৰাহঁতৰ দৰে ঘৰ এখনৰ পৰাই যে তেওঁ অহা সেইটোও ক’লে ৷ আশ্চৰ্যান্বিত কণল’ৰাৰ বহল চকুদুটিৰ সন্মুখতেই তেওঁ ৰাস্তাৰ কামৰ তদাৰক কৰিলেগৈ ৷ তাৰপাছত ধুনীয়া গাড়ীখনত উঠি গুচি গল’গৈ ৷

            আকাশ চুব নোৱাৰে নোৱাৰে বুলি ভাৱি থকা কণল’ৰাক যেন তেওঁ কাণে কাণে কৈ গ’ল , " ইচ্ছা থাকিলে চুব পাৰিবা৷"

 https://www.facebook.com/banima.talukdar/videos/3220819051342655/


✍ স্বপ্না দত্ত ভৰালী
      ৩০/৬/২০২০

No comments:

Post a Comment