www.hunguti.in

Breaking

www.hunguti.in

Ads

Thursday, August 13, 2020

চুটিগল্প (পশ্চিমৰ পৰা পূবলৈ)

#গল্প

#পশ্চিমৰ পৰা পূবলৈ


            মানুহজনীক চকুপাৰি দেখিব নোৱাৰে সোণজনীয়ে ৷ কেনেকৈনো পাৰিব? মুখখন ভাল হলেহে ৷ অকল যদি বকিয়েই থাকে কোনেনো ভাল পাব? সোণজনীয়ে চতুৰ্থ শ্ৰেণীত পঢ়া ভায়েকৰ লগত কথা পাতে, জানো ইমান বকনি খাই ঘৰৰ মানুহবোৰ কেনেকৈ থাকে ! 

              সোণজনীহঁত নতুনকৈ থাকিবলৈ লোৱা চুবুৰিটোত মুখচোকা মানুহজনীৰ বাদেও তাইৰ সমান বয়সৰ , কিন্তু ইংৰাজী স্কুলত পঢ়া ৰিম্ লিহঁত থাকে ৷ ধুনীয়া ধুনীয়া শাৰী পিন্ধি কলেজত পঢ়ুৱাবলৈ যোৱা প্ৰফেচাৰনী বাইদেউ থাকে ৷ ওখ ৱাল দিয়া, ডাঙৰ গেটৰ প্ৰকাণ্ড ঘৰটোত থকা মানুহবোৰ অৱশ্যে সোণজনীহঁতে দেখা নাই ৷ ক’লা গ্লাচ দিয়া গাড়ীখনতহে তাৰ মানুহবোৰ অহাযোৱা কৰে ৷ ঘৰটোৰ আগেৰে গ’লে কুকুৰৰ ভুকভুকনিহে শুনে বাবে সিহঁত ভয়তে বৰকৈ সেইফালে নাযায় ৷ সেউজীয়া ৰঙৰ আসাম টাইপৰ ঘৰটোত চাগৈ মাষ্টৰ এজন থাকে ৷ ৰাতিপুৱা-আবেলি এগালমান ল’ৰা ছোৱালী টিউচন কৰিবলৈ অহা দেখে সোণজনীহঁতে ৷

               সোণজনীৰ দেউতাকৰ চাইকেল ভাল কৰা দোকান এখন আছে ৷ সিহঁতে আগতে থকা ভাৰাঘৰটোত বাৰিষা পানী সোমাও সোমাও হয় ৷ এইটো ঘৰলৈ অহা বৰ বেছিদিন হোৱা নাই সিহঁতৰ ৷ মানুহবোৰ ভালকৈ চিনিয়েই নাপায় ৷ অৱশ্যে আগৰ ঘৰটোত সিহঁত বহুতদিনেই আছিলে ৷ তাতো একেই ৷  মানুহবোৰক চিনি পোৱা নোপোৱা লৈ কোনো কথা নাই ৷ তাত সিহঁত কাৰো ঘৰলৈ নগৈছিল আৰু সিহঁতৰ ঘৰলৈকো কোনো নাহিছিল ৷ ইয়াতো ৷ 

           মাকে কয় তাইক , গাঁৱতেই ভাল আছিল ৷ মানুহবোৰ অহা যোৱা কৰিছিল ৷ ইয়াতো ইঘৰ সিঘৰ অহা যোৱা কৰে ৷ কেৱল সিহঁতৰ ঘৰলৈহে নাহে ৷ চাইকেল মিস্ত্ৰীৰ ঘৰলৈ ধনী ধনী মানুহবোৰ কিয় আহিবনো? হ’লেও সোণজনী আৰু ভায়েকক দেখিলে মাত এটা নিদিয়াকৈয়ো নাথাকে তেওঁলোকে ৷

            সেই লৈ সোণজনীৰ আক্ষেপ নাই ৷ মুখচোকা মানুহজনীকহে মাত্ৰ তাই দেখিব নোৱাৰে ৷ মুখচোকা মানুহজনীয়ে সোঁফালৰ খিৰিকি খুলিলেই সোণজনীহঁতৰ ঘৰটো দেখা পায় ৷ ভায়েকৰ লগত তাই কেতিয়াবা কাজিয়া লাগিলে নাইবা ভায়েকে কিবা কথাত ৰাউচি জুৰিলে মানুহজনীয়ে সেইফালৰ পৰা , 'এইসোপাৰ পৰা শান্তি নাইকিয়া হ’ল আৰু ' বুলি আৰম্ভ কৰিয়েই দিয়ে ৷ সোণজনী আৰু ভায়েকক ৰাস্তাত দেখিলে 'তহঁতৰ পঢ়া শুনা নাই নেকি ? ক’ত ঘুৰি ফুৰিছ?' বুলি ধমক এটা দি ঘৰলৈ পঠাই দিয়ে ৷ মানুহজনীৰ ভয়ত সিহঁতে ৰাস্তালৈয়ো ওলাবলৈ এৰিছে আজিকালি ৷ সেয়ে সোণজনীহঁতৰ মুখচোকা 
মানুহজনীৰ ওপৰত খং ৷

            মুখচোকা মানুহজনীৰ ঘৰত ঠাণ্ডা মানুহজন থাকে ৷ ল’ৰা ছোৱালী দুটাও দেখে কেতিয়াবা ৷ ডাঙৰ ৷ কলেজত পঢ়ে হ’বলা ৷ সিহঁতৰ মাত কোনোদিন নুশুনে ৷ ক’ৰপৰা শুনিব? ভয়তে টেপেচা মাৰি থাকে চাগে ৷ সোণজনীহঁত ওচৰৰ ঘৰটোত থাকিয়েই ভয়ত টেপেচা মাৰি থাকে ৷ ভাগ্য ভাল  সোণজনীৰ মাক এনেকুৱা নহল ! 

             সোণজনীৰ দেউতাক  সেইদিনা ঘৰতে আছে ৷ গাটো জ্বৰ জ্বৰ ৷ সেয়ে দোকান খুলিবলৈ নগল ৷ ৰাতিলৈ মানুহজনৰ জ্বৰটো বেছি হ’ল ৷ সোণজনীৰ  মাকে ভৰিৰ তলুৱাত কাঁহৰ বাতি এটা মাৰি মাৰি জ্বৰটো কমাবলৈ চালে ৷ নকমে ৷ জ্বৰত ভ্ৰম বকা মানুহজনক লৈ বিবুধিত পৰিল মাকজনী ৷ মাকৰ চকুত চকুলো দেখি সোণজনীয়েও কান্দিলে ৷ ভায়েকেও ৷ সিহঁতৰ কান্দোনত মুখচোকা মানুহজনীৰ খিৰিকীখন খোল খালে ৷ কি হ’ল গম লৈ পুনৰ খিৰিকিখন বন্ধ কৰি দিলে । অলপ পাছত মুখচোকা মানুহজনীৰ ঠাণ্ডা মানুহজনে চিনাকি অ’ট এখন মাতি সোণজনীৰ দেউতাকক হস্পিতাললৈ নিবলৈ ঠিক কৰি দিলেহি ৷ অকলশৰীয়া হোৱা সিহঁত দুটাক মুখচোকা মানুহজনীয়ে মাতি নি নিজৰ ঘৰতেই শুৱাই থলেগৈ ৷

              ৰাতিপুৱা ঠাণ্ডা মানুহজনে অ’ট খন পুনৰ মাতি পঠিয়ালে ৷ দেউতাকক চাবলৈ যোৱা মানুহজনৰ হাতত মুখচোকা মানুহজনীয়ে ভাতৰ টিফিন এটা পানীৰ বটলৰ সৈতে দি পঠিয়ালে ৷ মানুহজনীৰ হাতত পা-পইচা আছে বা নাই বুলি দৰৱৰ বাবে টকাকেইটামান দি আহিব বুলিও সোণজনীয়ে কোৱা শুনিলে ৷ মাক দেউতাকলৈ মনত পৰি ভাতৰ পাতত বহি ভাতকেইটা সনা-পোতকা কৰি থকা সোণজনীক 'ভাতকেইটা চুচি বাচি খা ৷ এৰিলে পিটন খাবি' বুলি  মুখচোকা মানুহজনীয়ে দাবী দিওঁতেও সোণজনীয়ে আজি বেয়া নাপালে ৷ মুখচোকা  মানুহো ইমান ভাল হয় বুলি সোণজনীয়ে জনাই নাছিল ৷ 

             আবেলিলৈ মাক দেউতাক হস্পিতালৰপৰা আহিল ৷ কিছু দুৰ্বল যদিও দেউতাকৰ জ্বৰটো নাই ৷ ভিতৰলৈ গৈ বিচনাখন কোবাই দেউতাকক দীঘল দিবলৈ সুবিধা কৰি দিলে মাকে ৷ সোণজনীক ক’লে, 'কালি তহঁতে ভয় কৰিছ বুলি বৰ চিন্তা হৈ আছিল ৷' মাকৰ কথাৰ উত্তৰত সোণজনীয়ে পৰম প্ৰত্যয়েৰে ক’লে ,
       'নাই মা ৷ ভয় লগা নাছিল ৷ বৰমা আছিল নহয় ৷'

✍স্বপ্না দত্ত ভৰালী

      30/6/2020

2 comments: