#গল্প
#স্নেহলতাৰ জীৱন
"সোণ , ইয়াত তিলপিঠা কেইখনমান আছে ৷ নাৰিকলৰ লাৰুকেইটা সেই টিফিনটোতে ভৰাই আনিছোঁ ৷ আৰু খৰিচাকণ এইকন ৷ বিহ জলকীয়া দিয়া ৷ সাৱধানে উলিয়াব লাগিব ৷ নহলে পোৰণিত থাকিব নোৱাৰিবি ৷" চহৰত থকা পুতেকৰ ঘৰলৈ অহা স্নেহলতাই বেগৰ পৰা এটা এটাকৈ পুতেকৰ পচন্দৰ বস্তুবোৰ উলিয়াই আপোনমনে কৈ গ'ল ৷ "এইকেইদিন দেউতাৰে হুঁচ দিয়া নাই নহয় ৷ তালৈ লাৰু-পিঠা এটা নিনিয় নেকি বুলি হাঁকুটিয়াই হাঁকুটিয়াই নাৰিকল নিজেই পাৰি দিছেহি ৷ মই কিবা মাকজনী হৈ নাজানোনে তই কি ভাল পাৱ? বোৱাৰী হোঁ ৷ নেচোন টোপোলাবোৰ ৷" চাহ লৈ অহা বোৱাৰীয়েকক স্নেহলতাই ক'লে ৷ "চাহৰ লগত পিঠা-পনাকে উলিয়াই দেচোন ৷ মোক নালাগে ৷ তহঁত দুটাই খা ৷ " হাইপ্ৰেচাৰ আৰু ডায়বেটিছৰ সমস্যা থকা স্নেহলতাই বহুত বাচি খায় ৷ যিবোৰ বস্তুয়ে অপকাৰ কৰে সেইবোৰনো কিয় খায় !
"মা, ভাতকেইটা খাই লওকহি ৷ আমিও খাওঁ ৷" "নাই, নাই ৷ মই এতিয়া ভাত নাখাওঁ ৷ তহঁতে খাই লচোন ৷ মই অলপ দেৰিকৈহে খাম।" বোৱাৰীয়েকৰ কথাত স্নেহলতাই কৈ উঠিল ৷ পুতেক-বোৱাৰীয়েক দুয়োটাৰে চাকৰি ৷ অফিচলৈ যাবলৈ ৰাতিপুৱা সদায় এইসময়ত ভাত খায় ৷ গতিকে বন্ধৰ দিনটো একেই ৰুটিন ৷ স্নেহলতাই ঘৰৰ পৰা আহোঁতেই ভাত দুটামান সিজাই মানুহটোক খুৱাই থৈ আহিছে ৷ নিজেও তেওঁৰ লগতে খৰখেদাকৈ দুগৰাহ্ মান খাই ললে বাবে এতিয়া ভোকটো লগা নাই ৷ হ'ব, ভোক লাগিলে ভাতকেইটা নিজেই লৈ খাব পাৰিব ৷
চহৰত থকা পুতেকৰ ঘৰলৈ স্নেহলতাই মাহটোত এপাক বা দুপাকমান মাৰেই ৷ আগলৈ নাই , পাচলৈ নাই এটিয়েই পো ৷ নেদেখাকৈ থাকিব নোৱাৰে নহয় ৷ একমাত্ৰ ছোৱালীজনীকো বেলেগ এখন জিলালৈ বিয়া দিলে ৷ তাইৰ ওচৰলৈ সঘনাই গৈ থাকিব নোৱাৰে ৷ গতিকে মাহেকে-পষেকে স্নেহলতাই পুতেকৰ ওচৰলৈ আহিয়েই থাকে ৷ ৰাতিপুৱা ৮ বজাত চহৰলৈ অহা বাচ খনত উঠি দিলেই হ'ল ৷ পুতেকৰ ভাৰাৰূমৰ আগতে নামিবহি পাৰে ৷ ঘৰৰ শাকে-পাতে, পিঠা-লাৰুৰে মেটমৰা মোনা এখন লগত থাকেই ৷ কেতিয়াবা স্নেহলতা নিজে আহিব নোৱাৰিলে মানুহজনকে পঠিয়াই ৷ পিছে অকলে পঠিয়াই লৈ চিন্তাও কৰি থাকে ৷ বয়সো হৈছে নহয় ৷ সেইগতিকে স্নেহলতাই নিজেই আহি চহৰ পায়হি ৷ দিনটো থাকি আবেলিৰ বাচখনত আকৌ উভতি ঘৰ পায়গৈ ৷ ঘৰত অৱশ্যে মানুহজনৰ লগত হৰিকায় থাকেই ৷ হলেও স্নেহলতাই পৰাপক্ষত ৰাতি তেওঁক অকলশৰে নেৰে ৷ তাতে পুতেক-বোৱাৰীয়েক দুয়োটাৰে চাকৰি ৷ দেওবাৰে আহিলেহে দুয়োটাকে ঘৰতে পায় ৷ তেনেকৈয়ে সময় মিলাই স্নেহলতাই পুতেকক চাই যায়হি ৷ তাতে পুতেকটোৰ খোৱাত যিহে লিচা-বিচা ৷ ইটো নাখাওঁ, সিটো নাখাওঁ, এইটো বনাবি, সেইটো ৰান্ধিবি বুলি আগতে মাকৰ লগত লাগিয়েই ফুৰে ৷ সি ভালপোৱা বস্তুবোৰ খাবলৈ নাইপোৱা বুলিয়েই স্নেহলতাই এই বয়সতো তাঁতবাতি কৰি মৰিছে ৷ কৰো বোলাহেঁতেন সিহঁতে গাওঁৰ ঘৰৰ পৰাই অহাযোৱা কৰি অফিচ কৰিব পাৰিলেহেঁতেন ৷ কিন্ত ৰাতিপুৱা সোনকালে ঘৰৰ পৰা ওলাবলৈ দিগদাৰ হয় বুলিয়েই সিহঁতহালে অফিচৰ ওচৰতে ঘৰভাৰা কৰি আছেহি ৷ সেই লৈ পিছে স্নেহলতাৰ আক্ষেপ নাই ৷ যতেই নাথাকক কিয়, অপায়-অমংগল নোহোৱাকৈ মনৰ সুখেৰে থকাহে আচল কথা ৷ থাপনাত চাকিগছ লগাইও তাই সদায়েই সিহঁতৰ কুশল-মংগলেই কামনা কৰে ৷ খালি কৰবাত ভাল মাছ এটা পালেওঁ দেখোন অকলে সিহঁতদুটাক এৰি খাবলৈ সত নাযায় ৷ ঘৰৰ গাইজনীৰ গাখীৰকণ নিজে নাখায় টেকেলিত ভৰাই পুতেকলৈ বুলি দৈ পাতে ৷ গছৰ নাৰিকল এটা সৰিলেও পুতেকে ভালপায় কাৰণে লচকৰা বনায় ৷ পকা কঠাঁলৰ গুটিবোৰ উলিয়াই, ধুই , শুকুৱাই থয় পুতেকে দাইলত দি খায় ভাল পায় কাৰণে ৷ বাৰীৰ গছৰ দহঁচীয়া আমকেইটা হৰিকাইৰ হতুৱাই পাৰি খেৰৰ মাজত ভৰাই থয়, পকিলে পুতেকক দি আহিমগৈ বুলি ৷ হৰিকাইৰ হতুৱাই বাঁহগাজ অনাই ওচৰৰ মালতীৰ হতুৱাই খুন্দুৱাই খৰিচাকণ কৰিও পুতেকলৈ নিবলৈ সাঁচি থয় ৷ মুঠতে স্নেহলতাৰ পুতেকৰ বাদে যেন আন চিন্তা নাই ৷ বস্তুবোৰ গোটাই-পিতাই দেওবাৰ এটা চাই তাই সিহঁতক দি আহেগৈ ৷ তাৰ পাছত এসপ্তাহ মান শান্তি ৷ সপ্তাহটো যোৱাৰ পাছত আকৌ স্নেহলতাৰ পুতেকলৈ বস্তু গোটোৱাৰ খদমদম আৰম্ভ হৈ যায় ৷ মানুহজনে মনে মনে চায়হে থাকে ৷ কিনো ক'ব? বুজি পায় স্নেহলতাৰ মনটো ৷
এইবাৰ পিছে স্নেহলতাই বোৱাৰীয়েকলৈ বুলি পকোৱা সূতাৰ চাদৰ এখনো লৈ আহিছে ৷ মালতীয়ে লগাইছিল চাদৰ পাঁচখন ৷ দেখি মৰম লাগি, তাৰে এখন ৰূপ ছকুৰি দি স্নেহলতাই কিনি ল'লে ৷ বোৱাৰীয়েকে বৰকৈ মেখেলা-চাদৰ নিপিন্ধে যদিওঁ গাওঁৰ ঘৰলৈ গ'লে বা আলহী-দুলহি আহিলে নিপিন্ধাকৈ নাথাকে ৷ বেগত সুমুৱাই থোৱা চাদৰখন দিবলৈ পাহৰিয়েই আছিল ৷ স্নেহলতাই লৰালৰিকৈ বেগৰপৰা চাদৰখন উলিয়াই বোৱাৰীয়েকক দিবলৈ বুলি কোঠাটোৰ ওচৰ পাওঁতেই পুতেক-বোৱাৰীয়েকৰ চেপা কণ্ঠৰ তৰ্কাতৰ্কি শুনি ৰৈ গ'ল ৷ "দেওবাৰকেইটাতো শান্তি নোহোৱা হ'ল ৷ বুঢ়ী আহি ৰাতিপুৱাই হাজিৰ হয়হি ৷ ক'ৰবালৈ যাওঁ বুলিলেও যাব নোৱাৰোঁ ৷ থাক এতিয়া ঘৰতে বন্দী হৈ ৷" বোৱাৰীয়েকৰ কণ্ঠ ৷ "কি কথা কৈছা? মা হয় মোৰ ৷ নাহিব নেকি? তোমাৰ কথাতে চহৰত আহি ভাৰাঘৰ লৈছোঁহি ৷ এতিয়া মা অহাতো তোমাৰ আপত্তি নেকি?" পুতেকৰ মাত সেইটো ৷ স্নেহলতাৰ মূৰটো ঘূৰোৱা যেন লাগিল ৷ পৰি যাব বুলি বেৰখনতে আঁউজি ৰৈ দিলে স্নেহলতাই ৷ কোঠাৰপৰা বাহিৰলৈ ওলাই পুতেকে মাকক তেনেদৰে দেখি সেমেনা-সেমেনিকৈ ৰৈ গ'ল ৷ "বোপাই অ ৷ এইখন ধৰচোন ৷ বোৱাৰীলৈ বুলি আনিছিলোঁ ৷ বেয়া নাপাবি ৷ তহঁতৰ মৰমত অন্ধ হৈ পাহৰিয়েই গৈছিলোঁ যে তহঁতৰো এটা নিজাকৈ জীৱন আছে ৷ আমাৰ জীৱন বেলেগকৈ নাই নহয় ৷ তহঁতবোৰেই আমাৰ জীৱন ৷ এইবাৰৰ পৰা মনত ৰাখিম অ ৷" কৈ কৈ স্নেহলতা পকাতেই বহি পৰিল ৷
স্বপ্না দত্ত ভৰালী ৷
বৰ দুখ লাগিল দেই
ReplyDeleteবহুত ধন্যবাদ❤️
Delete