#৩০২০
অনিৰ্বাণ বৰুৱাক আজি হস্পিতালৰ পৰা ঘৰলৈ আহিবলৈ দিলে ৷ পুত্ৰ ৰুবেনে দেউতাক ঘৰলৈ অহাৰ আগতে প্ৰয়োজনীয় বস্তুখিনি যোগাৰ কৰি ৰাখিছিলেই ৷ নিউক্লীয়াৰ বিজ্ঞানী ৰুবেনে তাৰ অত্যাধুনিক ফ্লাইং কাৰখন লৈ দেউতাকক হস্পিতালৰ পৰা লৈ অহা অত্যাধুনিক এম্বুলেন্স খনৰ পিছে পিছে আহিয়েই ঘৰ সোমালহি ৷ ৰুবেনৰ পত্নী ঈস্বানাও এগৰাকী বিজ্ঞানী ৷ তাই অলপতে আৱিষ্কাৰ হোৱা ইবন নামৰ গ্ৰহটোত খনিজ পদাৰ্থৰ গৱেষণাৰ বাবে তাত আছেগৈ ৷ ৰুবেনৰ দেউতাক মাকৰ সেই ভয়ানক এক্সিডেণ্টটো হোৱাৰ পাছত তাই এঘন্টাৰ বাবে আহি গৈছিলহি ৷
এম্বুলেন্সে থৈ যোৱাৰ পাছত দেউতাকক আৰাম কৰিবলৈ দিলে ৰুবেনে ৷ হস্পিতালত থাকোঁতে দেউতাকে অকল মাককে বিচাৰি আছিল ৷ দেউতাক মাকক দেখি ৰুবেন আচৰিত হৈ যায় ৷ এতিয়াও তেওঁলোকৰ মাজত সেই পুৰণি দিনৰ দৰেই প্ৰেম ৷ মাকক হস্পিতালৰ পৰা ৰিলিজ দিয়াৰ পাছত ঘৰত ৰেষ্টত আছে বুলি সি দেউতাকক কৈ থৈছে ৷ সেয়ে ঘৰ পোৱাৰ পাছত লগে লগেই তেওঁ মাককে চাবলৈ বিচাৰিলে ৷ ৰুবেনে লৰালৰিকৈ মাকক দেউতাকৰ ওচৰলৈ পঠিয়াই দিলে ৷ এতিয়া দেউতাকৰ কথা আৰু সি চিন্তা নকৰিলেও হ’ব ৷ মাকে দৰৱ খুউৱাৰ পৰা তেওঁৰ ড্ৰেচিং কৰালৈকে সকলোখিনি চম্ভালি ল’ব পাৰিব ৷ এক্সিডেণ্টৰ পাছৰে পৰা ভালকৈ খোজ কাঢ়িব পৰা হোৱাই নাই দেউতাক ৷
ৰুবেনে আশা কৰাৰ দৰেই মাকে সকলোখিনি চম্ভালি ললে ৷ দেউতাকক সময়ে সময়ে দৰৱ দিয়া , খাবলৈ দিয়া আদিবোৰ ৷ অৱশ্যে খোৱা বোৱাত আগৰ দিনৰ দৰে সমস্যা নাই , মানে ৰন্ধা-বঢ়াত সময় খৰচ কৰিবলৈ দৰকাৰেই নাই ৷ দেহৰ প্ৰয়োজনীয় পুষ্টিৰে ভৰপুৰ অকণমানি টেবলেট এটাৰেই কাম চলি যায় ৷ বাকী সময়খিনি মানুহে কামত ব্যৱহাৰ কৰে ৷
দুদিনমান যোৱাৰ পাছত লাহেকৈ দেউতাকৰ অৱস্থা ভাললৈ আহিল ৷ ৰুবেনে তাৰ নিউক্লীয়াৰ গৱেষণাগাৰৰ পৰা মাজে মাজে দেউতাকৰ খবৰ লৈ থাকিল ৷ মাজতে এদিন সময় উলিয়াই দহমিনিটৰ বাবে ঘৰলৈও আহিল ৷ সেই দহমিনিটটো সি দেউতাকৰ ওচৰতে বহি কটাই দিলে ৷
দেউতাকৰ ওচৰৰ পৰা গৈ সি পুনৰ তাৰ গৱেষণাৰ কামত মন দিলে যদিও মাজে মাজে দেউতাকৰ কথাবোৰ মনত পৰি থাকিল ৷ দেউতাকে তাক কৈছিল , মাকে তেওঁৰ খুবেই আপদাল কৰে , প্ৰত্যেকটো কথাৰে খিয়াল ৰাখে , আনকি খোৱাৰ সময়তো এটা চেকেণ্ডৰ ইফাল সিফাল নোহোৱাকৈ খাবলৈ দিয়ে ৷ তথাপি তেওঁৰ মনত ভাৱ হয় , এইজনী যেন আগৰ মানুহগৰাকী নহয় ৷ আগৰদৰে মানসিক সাহাচাৰ্য্য মাকে যেন তেওঁক দিয়া নাই ৷ এনে এটা ভাৱ মনলৈ আহে তেওঁৰ ৷ তথাপি তেওঁ ৰুবেনক মাকৰ প্ৰতি অলপ মনোযোগ দিবলৈ ক’লে ৷ কাৰণ এক্সিডেণ্টত তেৱোঁ দুখ পাইছিল ৷ ক’ৰবাত কিজানি কিবা গণ্ডগোলেই হৈ আছে ৷
দেউতাকৰ কথাবোৰে ৰুবেনৰ মনত এক অপৰাধবোধৰ জন্ম দিলে ৷ সিনো কেনেকৈ ক’য় দেউতাকক যে সেই এক্সিডেণ্টটোত মাকৰ লগে লগেই মৃত্যু হৈছিল আৰু ঘৰত থকা মাকজনী দেশৰ এটা ব্যয়বহুল ফেক্টৰিৰ পৰা সি বিশেষভাৱে অৰ্ডাৰ কৰি অনা এটা ৰবটহে !!
✍ স্বপ্না দত্ত ভৰালী
১৭/৭/২০২০
বৰ সুন্দৰ উপস্থাপন
ReplyDeleteঅশেষ ধন্যবাদ😊
Deleteবহুত ভাল লাগিল। এক অগতানুগতিক কাহিনী।
ReplyDeleteআন্তৰিক ধন্যবাদ আপোনাক ৷
Delete