www.hunguti.in

Breaking

www.hunguti.in

Ads

Saturday, August 22, 2020

#সোৱাদ

 #গল্প 

#সোৱাদ



ৰাতিপুৱাৰে পৰা খদমদম লগাই আছে জুৰিয়ে ৷ স্বামী মনোজক বজাৰলৈকে কেইবাৰ পঠিয়াইছে ঠিকনা নাই ৷ কাম কৰা ৰীণাবাইকো হুঁচ দিয়া নাই ৷ এইটো কৰ, সেইটো কৰ, এইটোহে ধুই দে , সেইটোহে কাটি দে বুলি ত'ত হেৰুৱাই দিছে ৷ তাইৰ অকনমানি টিকলুটোক খুৱাই বুৱাই আজৰি কৰি আইতাকৰ কোলাত দি দিছে ৷মুঠতে জুৰিৰ এখন্তেকো ৰবলৈ সময় নাই আজি ৷ আচলতে কথাটো হ'ল জুৰিৰ স্বামী মনোজৰ আমেৰিকাত থকা বৰদেউতাকৰ ছোৱালী নিশা পৰিয়ালসহিতে সিহঁতৰ ঘৰলৈ আহিব ৷ দুপৰীয়া ভাতকেইটা সিহঁতৰ ঘৰতে খায় একেখন চহৰতে থকা বাইশাহুৱেকৰ ঘৰত থাকিবগৈ ৷ পৰিয়াল মানে নিশা, তাইৰ স্বামী আৰু বাৰবছৰীয়া ছোৱালীজনী ৷ বহুতদিনৰ মুৰত অসমলৈ অহা নিশাহঁতে এইকেইদিন ঘৰৰ মানুহবোৰক ল'গ কৰি যাবৰ মন কৰিছে ৷ আকৌ বা কেতিয়া আহিব পাৰে ঠিকটো নাই ৷ জুৰিয়ে ফটোতহে দেখিছে সিহঁতক ৷ গতিকে সিহঁতৰ বাবেই জুৰিৰ এই ব্যস্ততা ৷ বহুতবছৰ ধৰি আমেৰিকাতে আছে সিহঁত ৷ তাতে দুয়োজন ডাক্তৰ ৷ খোৱা-বোৱাবোৰ বা কেনেকুৱা ? কি ৰান্ধি খুৱাব ভাবিয়েই পোৱা নাই তাই ৷ ৰন্ধা- বঢ়া কৰি বেয়া নাপায় তাই ৷ এইটো তাইৰ হবি বুলিয়েই কব পাৰি ৷ তথাপি ! সিহঁতে বা কি ভাল পায়? তাত বাৰ্বিকিউ, হেমবাৰ্গাৰ, হটদগ, এপল্ পাই এইবোৰহে বেচিকৈ চলে হেনো ৷ মনোজক সুধাত ক'লে , যি ৰান্ধা ৰান্ধা আৰু ৷ ঘৰৰ ছোৱালীহে ৷ ইস্ , কলেই হবনে? পিচে টিকলুক ওমলাই থকা শাহুৱেকে তাইক অসমীয়া ব্যঞ্জনহে ৰান্ধিবলৈ ক'লে ৷ 

                 শাহুৱেকৰ দিহামতেই সকলো কৰিলে জুৰিয়ে ৷ ঔটেঙা দিয়া মাটিদাইল, অমিতাৰ খাৰ, দাংবডিৰ ভাজি, জলাকৈ পচলাৰ ভাজি, কুমলীয়া লাইশাকেৰে মাছৰ জোল, পোৰা আলু আৰু বেঙেনাৰ পিটিকা,  জহাভোলৰ লগত মাছৰ মুৰ আৰু ফিচা দি থুপথুপীয়া ভাজি এখন, চালাদ, তেতেলী দি পদিনাৰ চাট্ নি,  খৰিচাৰ আচাৰ আৰু পানীটেঙাৰে ভাতসাজ আয়োজন কৰিও জুৰিৰ মনটো মুকলি যেন নেদেখি মনোজে তাইৰ পচন্দমতেও দুপদমান ৰান্ধিবলৈ ক'লে ৷ জুৰিয়ে সেইবাবে চিকেন বিৰিয়ানী, বুন্দি ৰায়তা আৰু গাজৰৰ হালুৱাও লৰালৰিকৈ সাজু কৰিলে ৷  কামখিনি কৰি অঁতাই কাপোৰজোৰ সলাই থাকোঁতেই বাহিৰত গাড়ী ৰখোৱাৰ শব্দ শুনিলে ৷ খৰখেদাকৈ কাপোৰ সলাই ওলাই যায় মানে মনোজে আনি নিশাহঁতক ড্ৰয়িংৰুমত বহুৱালেহিয়েই ৷ ওখ-পাখ সুন্দৰ চেহেৰাৰ ভিনিয়েকৰ লগত নিশা ধুনীয়াকৈ মিলিছে ৷ তাতে জিকাবুলিয়া বুটাবছা বোৱা কাপোৰজোৰে তাইক তুলি ধৰিছে ৷ ছোৱালীজনীৰো তেজে ফুটো ফুটো কৰা গাল মুখ ৷ দেখিয়েই মৰম লাগি গ'ল ৷ 

                 খোৱাৰ সময় হোৱাৰ বাবে জুৰিয়ে তেওঁলোকক বেছি দেৰি নবহাই ডাইনিং টেবুললৈকে লৈ গ'ল ৷ জুৰিৰ ৰন্ধনক'লাৰ প্ৰশংসা কৰি কৰি তেওঁলোকে ভাতসাজ ইমান তৃপ্তিৰে খালে যে জুৰিৰ মনটো ভৰি গ'ল ৷ পিছে চিকেন বিৰিয়ানীহে তেওঁলোকে খাবলৈ মন নকৰিলে ৷ পোলাও-বিৰিয়ানীয়ে এইকেইদিন আমুৱাই গৈছে হেনো ৷ জিভাৰ ৰুচি আনি দিয়া ভাত এসাজ খুওৱাৰ বাবে জুৰিক তেওঁলোকে বাৰে বাৰে ধন্যবাদ দিলে ৷ জুৰিয়ে কৃতজ্ঞতাৰ দৃষ্টিৰে শাহুৱেকলৈ চালে ৷ ইমান যত্নৰে বনোৱা বিৰিয়ানীখিনি নাখালে যদিও তাই আক্ষেপ নকৰিলে ৷ এটা কথা ভাবি তাই আনন্দহে পালে ৷ ইমান দিন বাহিৰত থকাৰ পাছতো তেওঁলোকৰ জিভাখন অসমীয়াই হৈ আছে যে !!


স্বপ্না দত্ত ভৰালী


1 comment:

  1. থালীখন চিনি পাইছোঁদেই, আপোনাৰ হাতৰ।

    ReplyDelete