www.hunguti.in

Breaking

www.hunguti.in

Ads

Saturday, August 22, 2020

#অপ্ৰত্যাশিত

 #গল্প

#অপ্ৰত্যাশিত 



" আজি দুপৰীয়াৰ সাঁজৰ বাবে কি ৰান্ধিম মা ? " পাকঘৰত সোমাবলৈ লৈ অনন্যাই সুজয়ৰ মাকক , মানে তাইৰ শাহুৱেকক সুধিলে ৷ অনন্যাৰ সুজয়ৰ লগত বিয়া হৈ অহা বৰ বেছিদিন হোৱা নাই ৷ প্ৰেম বিবাহ সিহঁতৰ ৷ সুজয়হঁত বেংগলী সম্প্ৰদায়ৰ ৷ ঘৰত কেৱল মাক , দেউতাক , সুজয় আৰু ভায়েক ৷ ৰাতিপুৱাই কিবা এটা খাই দোকানলৈ বুলি আটাইকেইজন ওলাই যোৱাৰ পাছত ঘৰত কেৱল শাহুৱেক আৰু অনন্যাহে থাকে ৷ দুপৰীয়া দুইমান বজাত ভাতসাঁজ খাবলৈহে আহে তেওঁলোক ৷ প্ৰথম অৱস্থাত ৰন্ধা বঢ়াবোৰ শাহুৱেকেই কৰিছিল ৷ অনন্যাই কেৱল শাকপাচলি কুটা, মাছ বচা তথা ধোৱাপখলাবোৰহে কৰিছিল ৷ অসমীয়া ছোৱালী তাই ৷ গাওঁত মুকলিমুৰীয়াকৈ ডাঙৰ হোৱা ৷ কাম কাজত কোনেও পেলাব নোৱাৰে ৷ কিন্তু সিহঁতৰ লগত সুজয়হঁতৰ কিছু কথাত অমিল ৷ বিশেষকৈ খাদ্যভাষত ৷ আগতে বৰকৈ মা- মচলাৰ ব্যৱহাৰ নকৰা অনন্যাই প্ৰথমতে সুজয়হঁতৰ ঘৰত অসুবিধাই পাইছিল ৷ এতিয়ালৈ যেনিবা অভ্যাস হৈছেগৈ ৷ আগতে ঘৰত থাকোঁতে কচু ঢেঁকীয়াৰ গুলনেমু চেপা মাছৰ টেঙাখন তাইৰ খুবেই প্ৰিয় আছিল ৷ কেতিয়াবা পালেং বা লফাৰ লগত মাকে ৰন্ধা মাছৰ আঞ্জাখনলৈয়ো বৰ মনত পৰে ৷ পিছে উপায়টো নাই ৷ অৱশ্যে শাহুৱেকে তাইক প্ৰায়েই  সুধে তাইৰ পচন্দ-অপচন্দৰ কথা ৷ তাইহে কবলৈ বেয়া পায় ৷ এতিয়া বেংগলী খাদ্য শাহুৱেকৰ পৰা এপদ দুপদকৈ ৰান্ধিবলৈ শিকিছে তাই ৷ ছোৱালী নোহোৱা ঘৰখনত তাইক খুবেই মৰম দিছে তেওঁলোকে ৷ গতিকে তায়ো নিজৰ কৰ্তব্যখিনি ঠিকমতে কৰাত সদা সচেতন। সেয়ে আনদিনাৰ দৰে সেইদিনাও তাই ৰান্ধিবলৈ লোৱাৰ আগতে শাহুৱেকক সুধি ললে ৷ " মগুদালি বনাবা ৷ মাছখিনি সৰিয়হ দি চৰ্চৰি কৰিব লাগিব ৷ মুৰিঘণ্টটো চিৰা দি ময়েই বনাম বাৰু ৷ তুমি কেৱল মচলাখিনি ঠিক কৰি দিবা ৷ আৰু বেচন দি বেঙেনা ফ্ৰাই ও  কৰিব লাগিব ৷ " শাহুৱেকৰ দিহামতে কামবোৰ কৰি গল অনন্যাই ৷ পাচঁজন মানুহৰ কাৰণে দহটুকুৰা মাছ চৰ্চৰি কৰিব লাগিব ৷ তাই দেখে, শাহুৱেকে দুপৰীয়া মাছ বা মাংসৰ আঞ্জা ৰান্ধিলে গধূলিৰ বাবেও একেলগে ৰান্ধি থৈ দিয়ে ৷ গধূলি বিশেষ কাম নাথাকে ৷ কেৱল মাৰ কাঢ়ি চচ্ পেনত ভাতকেইটা বহাব লাগে মাত্ৰ ৷ আৰু কিবা ভাজি এখন কৰিলেই হৈ যায় ৷ কিন্তু দুপৰীয়াহে কিছু সময়ৰ দৰকাৰ হয় ৷ 

               কেৰাহী এখনত ধোৱা মগুদালি অলপ শুকানকৈ ভাজি তেজপাত দুখিলামান আৰু নিমখ অকনমান দি কুকাৰত বহাই দিলে তাই ৷ পাছত পাচঁফুৰণ আৰু শুকান জলকীয়াৰে তেল মাৰি দিব ৷ এফোতমান চেনিও দিব লাগিব ৷ হালধীও তেল মাৰোতেহে দিব ৷ নহলে কুকাৰটোৰ ভিতৰখন হালধীয়া হৈ যাব ৷ বৰ বেঙেনা গোল গোলকৈ কাটি নিমস পানীত অলপ্ পৰ তিয়াই থৈ বেচন আৰু আফুগুটিৰ ঘোলটো সাজু কৰি একাষৰীয়াকৈ থলে ৷ খাবৰ সময়তহে ফ্ৰাই কৰিব লাগিব ৷ নহলে মচ্ মচীয়া ভাবটো নাথাকিব ৷ মুৰিঘন্টাৰ কাৰণে আদা, নহৰু আৰু কেচাঁজলকীয়াৰ পেষ্ট বনাই পিয়াজ কেইটাও কাটি সাজু কৰিলে ৷ গোটা জিৰা তিয়াই থোৱা আছে ৷ মিক্সিত দিয়াতকৈ শিলপতাত পিহিলেহে শাহুৱেকে ভাল পায় ৷ মাছৰ চৰ্চৰিৰ কাৰণে বগা সৰিয়হ পেষ্ট্ কৰি থৈছেই ৷ কামবোৰ কৰি থাকোতেই শাহুৱেক সোমাই আহিল ৷ "মাছৰ চৰ্চৰি অকল দুপৰীয়াৰ কাৰণেহে ৰান্ধিবা দেই ৷ গধূলিৰ বাবে নালাগে ৷" মূৰিঘণ্ট ৰান্ধিবলৈ যো-যা কৰি তেওঁ অনন্যাক ক'লে ৷ "কিয় মা?" আচৰিত হল অনন্যা ৷ সদায় সিহঁতৰ ঘৰত তেনেদৰেই চলি অহা দেখিছে ৷ তাইৰ ৰন্ধা তেওঁলোকে ভাল পোৱা নাই নেকি? হ'বও পাৰে ! শিকানো কিমানদিন হৈছে ? মনটো দুখেৰে ভৰি পৰিল তাইৰ ৷ "নহয় মাজনী ৷ গধূলি সূজয়ক ঢেঁকীয়া আৰু কচু আনিবলৈ কৈছো ৷ তুমি ৰন্ধা মাছৰ টেঙা খাম আজি ৷ আমি ভালপোৱাবোৰ সদায় ৰান্ধি খুওৱাচোন তুমি ৷ আজি আমি তোমাৰ পচন্দৰ খাম ৷" শাহুৱেকৰ কথাত দুচকু ভৰি আহিল অনন্যাৰ ৷ বিষাদত নহয় ৷ আনন্দত ৷



5 comments:

  1. চিৰাৰে মূৰিঘণ্ট বনোৱা recipe টো দিবচোন Plz...

    ReplyDelete
    Replies
    1. চিৰা দি মুৰিঘণ্ট :- ডাঙৰ মাছৰ মাথা দুফালকৈ লৈ ভাজি লব ৷ তাৰপাছত তেলত গোটা জিৰা, শুকান জলকীয়া , তেজপাত দি পিয়াজৰ পেষ্ট, আদা নহৰুৰ পেষ্ট দি ভাজিব ৷ জিৰা, ধনীয়া ,জলকীয়া গুৰি, হালধি গুৰি দিব ৷ পানী অকনমান দি মছলাৰ গোন্ধ যাবলৈ দিব ৷ কোমলাই থোৱা চিৰা এমুঠিমান দি ভাজিব ৷ তাৰপাছত আগতেই ভাজি থোৱা আলু দি পানী দিব ৷ নিমস দিব আন্দাজমতে ৷ মই অকনমান চেনীও দিওঁ ৷ উতল অহাৰ পাছত মাছৰ মাথা দি ভাঙি দিওঁ ৷ থুপথুপীয়া হ’লে গৰুৰ ঘিঁউ অকনমান দি নমাই থওঁ ৷

      Delete
  2. ইমান ধুনীয়া ধুনীয়া বিষয়বোৰ ক'ত পায় ! বৰ ভাল লাগিল।

    ReplyDelete