www.hunguti.in

Breaking

www.hunguti.in

Ads

Thursday, August 6, 2020

#আত্মজাৰ আত্মকথা

#গল্প

#আত্মজাৰ আত্মকথা



          কলেজৰ পৰা আধা কিলোমিটাৰ মান আহিয়েই আমাৰ ছোৱালী হোষ্টেলটো পায়হি ৷ বিজ্ঞান শাখাৰ ছোৱালীবোৰৰ বাবেহে আমাৰ হোষ্টেলটো ৷ ক’লা শাখা আৰু বাণিজ্য শাখাৰ হোষ্টেল একেলগেই দিছে ৷ সেইটো পিছে অকনমান আতঁৰত ৷ 

               আমাৰ হোষ্টেলটো আগতে মানুহৰ ঘৰেই আছিল ৷ ডাঙৰ অসম আৰ্হিৰ ঘৰ ৷ তাৰ লগতে কাষতে দীঘলীয়াকৈ  ভাৰাঘৰৰ দৰে একলাইন কোঠা সাজি গোটেইটো হোষ্টেল কৰি পেলালে ৷ ত্ৰিশজনীমানহে ছোৱালী থাকিব পাৰে তাত ৷ দীঘলীয়া ছটা কোঠাত তিনিজনীকৈ ওঠৰজনী আৰু অসম আৰ্হিৰ ঘৰটোত চাৰিটা কোঠাত বাৰজনী ৷ বাকী ডাইনিং হলটো আৰু পাকঘৰ অসম আৰ্হিৰ ঘৰটোতে আছে ৷ তাৰ এটা কোঠাত তলা লগোৱা আৰু এটা কোঠাত ৰান্ধনী বাইদেউ আৰু কামকৰা সৰস্বতী দিদি  থকাৰ ব্যৱস্থা আছে ৷ কিন্তু তেওঁলোক ইয়াত নাথাকে ৷ ৰাতিপুৱাই আহি দিনটো থাকে ৷ গধূলিৰ সাজটো ছোৱালীবোৰক খুৱাই বোৱাই তেওঁলোক যায়গৈ৷ আগতে দেখোন ইয়াতেই থাকি লৈছিল ! কিয় জানো নাথাকে আজিকালি ৷ ৰাতি কেতিয়াবা দেৰি হলেও যায়গৈ তেওঁলোক ৷ অৱশ্যে ঘৰো বৰ বেছি দূৰৈত নহয় ৷ ৱাৰ্ডেনৰ বাবে গেটৰ পৰা সোমায়েই সৰুকৈ ঘৰটো ৷ আমাৰ কলেজত বায়লজি পঢ়োৱা ৰাধিকা মেডাম এতিয়া আমাৰ ৱাৰ্ডেন ৷ ৰাধিকা মেমৰ বিয়া হোৱা নাই ৷ কাম কৰা ছোৱালী এজনীৰ সৈতেহে থাকে ৷ ৰাধিকা মেমলৈ পিছে ছোৱালীবোৰে বৰ ভয় কৰে ৷ গালি পাৰিলে মুখলৈ নাচায় যে ! মোৰো বৰ ভয় লাগে মেমলৈ ৷

          ছোৱালীবোৰ কলেজত থকা সময়খিনি হোষ্টেলটো একেবাৰে নিজান হৈ থাকে ৷ আবেলিহে প্ৰাণ পাই উঠে আকৌ ৷ হাঁহি হাঁহি বিভিন্ন কথা পাতি পাতি সিহঁতে কিতাপ বহী কোঠাত থৈ  হাতমুখ ধুই  চিধাই  ডাইনিং হ’ল পায়গৈ ৷ কোনো কোনোৱেহে কাপোৰজোৰ সলাই যায় ৷ ৰাতিপুৱা লৰালৰিকৈ যাওঁতে ভাতকেইটা ভালকৈ খাবলৈ সময় নহয় বাবে কলেজৰপৰা  আহোঁতে ভোকত লেবেজান হৈ আহে সিহঁত ৷ 

           খাই উঠাৰ পাছত সেয়া সিহঁতৰ নিজৰ সময় ৷ কোনোবা দুজনীমানে তেতিয়া অলপ শুৱে , কোনোবা কোনোবাই ৱাৰ্ডেনৰ ফোনৰ পৰা ঘৰলৈ ফোন কৰে , কোনোবা দুজনীমানে আকৌ পাছফালৰ আমজোপাৰ ছাঁত চকী দুখনমান উলিয়াই ইজনীয়ে সিজনীৰ চকীত ভৰি উঠোৱাই আৰামত বহি গল্প কৰে ৷ সন্ধিয়া প্ৰাৰ্থনাৰ সময়লৈকে সিহঁতে নিজৰ মতে থাকে ৷ তাৰপাছতহে প্ৰাৰ্থনা কৰি চাহ খাই পঢ়িবলৈ বহেগৈ ৷ সেই সময়ত কিন্তু কাঁহ পৰি জীন যোৱা নিস্তব্ধতা ৷ ক’ৰবাত বেজী এটা পৰিলেও শুনা পোৱা অৱস্থা ৷ 

           গধূলিৰ ভাতৰ বেল ন' বজাত ৷ ৰাতিপুৱা আৰু দুপৰীয়াৰ সাজ নিৰামিষ দিয়ে ৷ কিন্তু ৰাতিৰ সাজত মাছ, মাংস , কনী বা পনীৰ কিবা এবিধ দিয়ে ৷ দেওবাৰে দেওবাৰে পুৰী ভাজি ৷ খোৱা বোৱাবোৰ বাৰু আমি বেয়া নাপাওঁ ইয়াৰ ৷ তথাপি মাৰ হাতৰ সমাননো ক’ত হ’ব পাৰে ! ছোৱালীবোৰ মাজে মাজে ঘৰলৈ যায় ৷ মাকৰ হাতৰ এসাজ গৈ খাই আহেগৈ ৷ আহি কেইবাদিনলৈকে কৈ থাকেহি ৷ সেইবোৰ শুনিলে মোৰ মনটো বেয়াই লাগে ৷ মইহে ক’তদিন যাব পৰা নাই ঘৰলৈ ! 

          'ঢং' কৈ বেলটোৰ শব্দত খকামকাকৈ উঠিলোঁ মই ৷ ৰাতিৰ ভাত খোৱাৰ সময় হ’ল তাৰমানে ৷ আজি শনিবাৰ নহয় ৷ দালি আৰু কনী আলুৰ দম দিব ৷ কেতিয়াবা আকৌ আলুগুটি দীঘল দীঘলকৈ কাটি ভাজি তাত কনী ভাঙি দিয়ে ৷ আকৌ কেতিয়াবা অমলেটৰ তৰকাৰী ৷ আজি বা কেনেকৈ ৰান্ধিছে! চালোঁগৈ ৷ আজি কনী আৰু আলু বইল কৰি ফ্ৰাই কৰি দিছে ৷ লগত ৰহৰ দালি আৰু পদিনাৰ চাটনি ৷ ৰান্ধনী বাইদেউ আৰু সৰস্বতী দিদিৰ সেইটোৱেই বৰ ভাল কথা ৷ তেওঁলোকে প্ৰায়েই নিজেই বুটলি কাতলি পদিনাৰ চাটনি বা নৰসিংহৰ চাটনি এখন নাইবা কচু, পচলা আদিৰ জ্বলা ভাজি এখন মাজে মাজে ছোৱালীহঁতলৈ যোগাৰ কৰেই ৷ সেইকাৰণেই ছোৱালীবোৰে তেওঁলোক দুগৰাকীক বৰ ভাল পায় ৷ ময়ো পাওঁ ৷

            ভাত পানী খায় ছোৱালীহঁত গৈ নিজৰ কোঠাই কোঠাই সোমালগৈ ৷ পাকঘৰৰ বাচন বৰ্তনবোৰত পানী ঢালি থৈ ৰান্ধনী বাইদেউ আৰু সৰস্বতী দিদিও গ’লগৈ ৷ ধুবলৈ কেতিয়াবা সময় নহলে তেনেকৈয়ে থৈ যায় তেওঁলোকে ৷ ৰাতিপুৱা সোনকালে আহি ধুই পেলাইহি ৷   অলপ দেৰি কথা বতৰা পাতি ছোৱালীহঁত শুবলৈ যো জা কৰিলে ৷ প্ৰায়বোৰ কোঠাৰ লাইট নুমাল যদিও দুজনীমানে শুই শুই কথাই পাতি আছে ৷ টোপনি যোৱা নাই চাগৈ ৷ মোৰো আমনি লাগিছে ৷ অকনমান কথাকে পাতোগৈ বুলি মোৰ লগৰ জাহ্নৱীহঁত থকা কোঠাটোৰ দৰ্জাত টুকুৰিয়ালোগৈ ৷ নাই , সিহঁতে দৰ্জা নুখুলিলে ৷ 'জাহ্নৱী' , 'জাহ্নৱী' বুলি মাতিলো ও দুবাৰ ৷ ভিতৰত সিহঁতৰ মাত বন্ধ হ’ল ৷ জানিলোঁ , মোৰ লগত কথা পাতিবলৈ মন নাই সিহঁতৰ ৷ এইবাৰ কাষতে থকা ৰশ্মিতাহঁতৰ কোঠাৰ দৰ্জাটো টুকুৰিয়ালোগৈ ৷ নাই , খুলি নিদিলে ৷ অ' , সুৰভিৰ ওচৰলৈকে যাওঁ ৷ আজি তাইৰ ৰূমমেট দুয়োজনী নাই ৷ অকলেহে আছে ৷ সুৰভিৰ কোঠাৰ দৰ্জাত টুকুৰিয়াওতেই ভিতৰত লাইতটো জ্বলি উঠিল ৷ তাই তাৰমানে শুৱা নাই ৷ ভালেই হ’ল ৷ পিছে তাই দেখোন ডাঙৰ ডাঙৰকৈ নাৰায়ণ কবচহে পঢ়ি আছে ৷ বুজিলোঁ , অকলে থকাৰ বাবে ভয় কৰিছে ৷ তাইক আৰু ডিষ্টাৰ্ব নকৰিলোঁ ৷   হতাশ মনেৰে এপাক এনেই চৌহদটোতে ঘুৰি আহিলোঁ ৷ বাহিৰত বৰ ধুনীয়া বতাহ ৷ হ’লেও বেছিদেৰি বাহিৰত ৰৈ থাকিবলৈ বেয়া পালোঁ ৷ পুনৰ গৈ নিজৰ কোঠা পালোগৈ ৷ টোপনিও যোৱা নাই ৷ আমনি লাগিছে এনেদৰে ৷ কি কৰিম ? মনলৈ এটা আইদিয়া আহিল ৷ এনেই থকাতকৈ পাকঘৰত ৰান্ধনী বাইদেউহঁতে পানী দি থৈ যোৱা বাচন বৰ্তনখিনিকে ধুই থওঁ ৷ ভাল পাবহি ৰাতিপুৱা ৷ আমাৰ বাবেই ইমান কষ্ট কৰে তেওঁলোকে ! ভাবি নৰলোৱেই ৷ সোপাকে বাচন বৰ্তনবোৰ লৈ গৈ টেপটো খুলি ধুবলৈ ধৰিলোঁ ৷ আধাঘণ্টামানেই লাগিল ধুবলৈ ৷ বাচনবোৰ চিজিল কৰিহে এইবাৰ আহি নিজৰ কোঠাত সোমালোহি ৷ অ' ৷ আপোনালোকক মোৰ কোঠা কোনটো কোৱাই নাই নহয় ৷ সেই তলা লগাই থোৱা কোঠাটোৱেই মোৰ ৷ দুবছৰৰ আগতে সেইটো কোঠাতে মই আত্মহত্যা কৰিছিলোঁ ৷

✍স্বপ্না দত্ত ভৰালী

( চিনাকি ছোৱালী এজনীয়ে কৈছিল কাহিনীটো ৷ তাইৰ ককায়েক ভায়েক উজনিৰ চহৰ এখনত ভাৰাঘৰ এটাত আছিল ৷ ৰাতিপুৱা ককায়েক কৰ্টলৈ যায় আৰু ভায়েক স্কুললৈ ৷ আহি তলা খোলাৰ পাছত দেখেহি যে কোনোবাই ঘৰ দুৱাৰ চাফ চিকুন কৰি বাচন বৰ্তন ধুই আনকি কাপোৰো জাপি থয় ৷ যেনে তেনে কেইদিনমান থাকি তেওঁলোক বেলেগ ঘৰলৈ গ’লগৈ হেনো ৷ কিমানদূৰ সঁচা মিছা নাজানো ৷ আজি মনত পৰিল কথাটো ৷)

4 comments: