www.hunguti.in

Breaking

www.hunguti.in

Ads

Thursday, September 24, 2020

পৃথ্বা (চুটিগল্প)

 #চুটিগল্প


#পৃথ্বা


যদুবংশীয় ৰজা শূৰসেন আছিল মোৰ জন্মদাতা ৷

এৰা, ঠিকেই শুনিছে আপোনালোকে ৷ 

মোক চাগৈ কুন্তীভোজৰ কন্যা কুন্তি বুলি ক’লেহে আপোনালোকে চিনি পায় ৷

শূৰসেনৰ জীয়ৰী পৃথ্বা আপোনালোকৰ অপৰিচিত ৷


কুন্তীভোজ মোৰ পালক পিতা৷

জন্মদাতা পিতাৰ দুহিতা প্ৰীতিতকৈ বন্ধুপ্ৰীতি বেছি আছিল ৷ 

ন’হলেনো বাৰু মোক জন্মৰ পাছতেই নিঃসন্তান বন্ধুৰ হাতত সমৰ্পণ কৰেনে?


অৱশ্যে মই পৃথিৱীলৈ অহাৰ আগতেই জন্মদাতাই কৰি থোৱা আছিল এই প্ৰতিজ্ঞা ৷

পিতাৰ বন্ধুপ্ৰেমৰ বাবেই জন্ম হৈয়েই মই মাতৃৰ পৰা বিচ্ছেদিত হ’ব লগা হৈছিল ৷

অৱশ্যে পালক পিতাই মোক মৰমেৰে আৱৰি ৰখাত কৃপণালি কৰা নাছিল ৷

পৃথিৱীৰ সমস্ত সুখ আঁজলি পাতি আনি মোৰ আঁচলত ভৰোৱাৰ চেষ্টাতেই ব্ৰতী আছিল তেওঁ ৷


ৰাজকাৰেঙত এদিন উখল-মাখল লাগিল ৷

অতিথিৰ আগমনত আগতেও এনে হয় ৷ দামোদৰৰূপী অতিথিৰ আপ্যায়নত যাতে একো খুঁত থাকি নাযায় সেইটো সততে চকু দিয়া যায়৷



এইবাৰৰ অতিথি পিছে সাধাৰণ অতিথি নাছিল ৷

অত্ৰি তথা অনসূয়াৰ পুত্ৰ , প্ৰবল ক্ৰোধৰ বাবে সৰ্বজনবিদিত মহামুণি দুৰ্বাসা হ’ব আমাৰ অতিথি ৷ মহাদেৱৰ ক্ৰোধৰ ফলত জন্ম হোৱা হেতুকেই ঋষি দুৰ্বাসা তুচ্ছ কথাতেই ক্ৰোধিত হৈ পৰে ৷

পিতাই অতিথি আপ্যায়নৰ গুৰুদায়িত্ব মোকেই অৰ্পণ কৰিলে ৷


মনে মনে মই শংকিত হলোঁ ৷

হ’লেও পিতাৰ আদেশ শিৰোধাৰ্য্য কৰি তেওঁক সন্তুষ্ট কৰিবলৈ চালোঁ ৷


মোৰ চেষ্টা সফল হ’ল ৷

মহামুণি দুৰ্বাসা সন্তুষ্ট হ’ল ৷

আৰু এই সন্তুষ্টিৰ প্ৰমাণ দি মোক যাবৰ বেলিকা মোক এটি বৰ দি ধন্য কৰিও গ’ল ৷


মহামুণি দুৰ্বাসাৰ বৰ টোৱে মোক আনন্দিত নে শংকিত কৰিলে বুজিবই নোৱাৰিলোঁ ৷

আশ্বৰ্য্যান্বিত অৱশ্যেই হলোঁ ৷

যিজন দেৱতাকেই মই  আৱাহন কৰিম তেওঁ আহি বোলে মোক পুত্ৰদান কৰিব ৷

এয়াই আছিল দুৰ্বাসা মুণিৰ বৰ ৷


এইবাৰ মোক এক নতুন চিন্তাই খুলি খুলি খাবলৈ ধৰিলে ৷

দুৰ্বাসা মুণিৰ বৰটোৰ কথা মনৰ পৰা নুগুচা হ’ল মোৰ ৷


সঁচাকৈয়ে নে?

যি দেৱতাক আমি পুজো, তেনে দেৱতা মোৰ ওচৰলৈ আহিব !

আৰু মাত্ৰ অহাই নহয়, তেওঁ মোক পুত্ৰদানো কৰিব !!

সঁচাই আশ্চৰ্যকৰ !!!


কি কৰোঁ বাৰু?

আৱাহন কৰি চাওঁনে স্বৰ্গলোকৰ কোনো পূজ্য দেৱতাক ??


এদিন দুপৰ বেলা ওচৰত কোনো নথকাৰ সুযোগতেই মোৰ কৌতুহল নিবৃত্তিৰ চেষ্টা কৰিলোঁ ৷

ৰামধেনুৰ সাতো ৰঙেৰে ৰঙীন অশ্বৰে টনা ৰথত আকাশ পৰিভ্ৰমী ফুৰা আদিত্যক আবাহন কৰিলোঁ ৷

তেৱেঁই হেনো একমাত্ৰ দেৱতা যাক মানুহে প্ৰতক্ষ্য কৰিব নোৱাৰে ৷ 

সেয়ে হয়তো মোৰ এই দুৰাকাঙ্খা !


মোৰ আহ্বানৰ সঁহাৰি জনাই আদিত্য মোৰ সন্মুখত উপস্থিত হ’ল ৷

কিংকৰ্তব্যবিমূঢ় হলোঁ মই৷


কি কৰোঁ?

মই মাত্ৰ দুৰ্বাসা মুণিৰ বৰৰ সত্যতা জোখাৰ বাবেহে তেওঁক আবাহন কৰিলোঁ ৷

আদিত্যৰ পুত্ৰৰ কুমাৰী মাতৃ হ’বলৈটো নহয় ৷


সূৰ্য্যদেৱক মই কাকুতি কৰিলোঁ ৷

অহাৰ দৰেই পুনৰ উভতি যাবলৈ কাতৰ অনুৰোধ কৰিলোঁ ৷


সূৰ্য্যদেৱ অমান্তি হ’ল ৷

দুৰ্বাসা মুণিৰ বৰত তেৱোঁ বান্ধ খালে ৷

অমান্য কৰাৰ প্ৰশ্নই নাহে ৷


লাহেকৈ আদিত্যই তেওঁৰ হাতেৰে মোৰ নাভি স্পৰ্শ কৰিলে ৷

সেই স্পৰ্শতে মোৰ গৰ্ভসঞ্চাৰ হ’ল ৷ 

দেৱতাসকল সংগমৰহিত সন্তান উৎপাদন কৰাত সক্ষম৷

ইমানেই শক্তিশালী তেওঁলোকৰ পঞ্চইন্দ্ৰিয় !

সঁচাই আচৰিত নহয়নে !!


এদিন মোৰ প্ৰথম সন্তান ভূমিষ্ঠ হ’ল ৷ কৱচ-কুণ্ডলৰ সৈতে জন্ম ললে আদিত্যৰ সন্তানে ৷


মোৰ মূৰত আকাশী সৰগ ভাঙি পৰিল ৷

লোকনিন্দাৰ পৰা হাত সাৰো কেনেকৈ ? 


পাপিষ্ঠা বুলি মোক জগতে হাঁহিব ৷ আৰু পিতা ??

পাৰিবনে পিতাই মৰমৰ দুহিতাৰ এই কলংক সহ্য কৰিব??


উপায় ওলাল ৷ মাতৃৰ মমত্ব নেওচি ক্লেশমুক্ত হোৱাতহে গুৰুত্ব দিলোঁ ৷

মানুহৰ দৃষ্টিত কলংকমুক্ত হ’বলৈ সদ্যোজাত সন্তানক যমুনাত বিসৰ্জন দিলোঁ ৷


এদিন পিতাই মোৰ বিবাহৰ বন্দবস্ত কৰিলে ৷ বিবাহ মানে স্বয়ম্বৰ ৷ 


বিচিত্ৰবীৰ্য্যৰ কনিষ্ঠ পুত্ৰ পাণ্ডুক বৰমাল্য অৰ্পণ কৰি  স্বামীবৰণ কৰিলোঁ আৰু সুখেৰেই বিবাহিত জীৱনৰ পাতনি মেলিলোঁ ৷


এদিন স্বামী সহিতে আমি দুয়ো ৰাণী অৰণ্যত বিহাৰ কৰি থাকোতেই অঘটনটো ঘটিল ৷ হৰিণাৰ বেশত হৰিণীৰ লগত মিলিত হৈ থকা কিমিন্দম মুণিক চিনিব নোৱাৰি স্বামীয়ে তেওঁক শৰবিদ্ধ কৰে ৷ 


মৃত্যুমুখী ঋষিয়ে স্বামীক ভয়ংকৰ অভিশাপ দি যায় ৷ স্ত্ৰীৰ সতে মিলিত হলেই তেওঁৰ মৃত্যু হ’ব ৷ 


অভিশপ্ত হৈ স্বামী পাণ্ডু ভাঙি পৰিল ৷ সন্তান অবিহনে তেওঁৰ মৃত্যু হলে স্বৰ্গপ্ৰাপ্তি কেনেকৈ হ’ব? আৰু স্ত্ৰীৰ সতে মিলন নহ’লে সন্তান কেনেদৰে জন্ম হ’ব??


স্বামীক চিন্তিত দেখি মই এইবাৰ তেওঁক দুৰ্বাসা মুণিৰ বৰটোৰ কথা অৱগত কৰিলোঁ৷ দেৱতাক কৃপাত সন্তানৰ মাতৃ হ’ব পাৰিম বুলি তেওঁক অভয় দিলোঁ ৷


এইবাৰ স্বামী আনন্দিত হ’ল ৷ দেৱপুত্ৰৰ মাতৃ হ’বলৈ মোক সানন্দে সন্মতি দিলে ৷


এটি এটিকৈ তিনিটি পুত্ৰই মোৰ কোলা শুৱনি কৰিলেহি ৷  সত্যবাদী, ধীৰ-স্থিৰ পুত্ৰৰ বাবে ধৰ্মৰাজ আহ্বান কৰিলোঁ ৷ যুধিষ্ঠিৰৰ সত্যবাদিতাৰ কথা আপোনালোকেটো জানেই ৷

বলৱান পুত্ৰৰ কামনাৰে পৱনদেৱৰ শৰণাপন্ন হোৱাত ভীমৰ জন্ম হ’ল ৷ দেৱৰাজে দিলে অৰ্জুনক ৷


নকুল আৰু সহদেৱ মাদ্ৰীৰ সন্তান ৷ অশ্বনীকুমাৰদ্বয়ৰ আৰ্শীবাদত এই যঁজা পুত্ৰসন্তানহালে মাদ্ৰীৰ গৰ্ভত স্থান পালে ৷


পাঁচ পুত্ৰৰ সৈতে আমি তিনিওজনে আনন্দৰেই দিন কটাইছিলোঁ ৷ পিছে আমাৰ এই আনন্দ দীৰ্ঘম্যাদী নহ’ল ৷ মাদ্ৰীৰ সৈতে মিলিত হৈ স্বামী এদিন পৰলোকগামী হ’ল ৷ 


অকলেই ডাঙৰ কৰিলোঁ মই পাঁচ পাণ্ডৱক ৷ মাদ্ৰী স্বামীৰ সতে সতী গ’ল ৷


জীৱনকালত মই বহুত দেখিলো, বহুত সহিলো ৷

ৰাজকন্যা তথা ৰাজমাতা হৈয়ো বনবাসো খাটিলোঁ ৷



ক্ষমতাৰ বাবে হোৱা ভাতৃঘাতী সংঘৰ্ষও দেখিলো ৷

ৰাজনীতিৰ পাশাখেলৰ পুত্ৰসহিতে চিকাৰো হলো ৷


কুৰুক্ষেত্ৰৰ যুদ্ধত অনেক আপোনজন হেৰুৱালোঁ আৰু ইয়াত হেৰুওৱা আটাইতকৈ মূল্যবান সম্পদটো হ’ল মোৰ প্ৰথম পুত্ৰ কৰ্ণ ৷ 


এই কথাটোৱে মোৰ মনত বহুত আঘাট দিলে ৷ সত্য গোপন কৰি কনিষ্ঠ ভাতৃয়ে জেষ্ঠ্য ভাতৃক হত্যা কৰাৰ অপৰাধত অপৰাধী কৰোৱাৰ বাবে নিজ পুত্ৰৰদ্বাৰা তিৰষ্কৃতও হলোঁ ৷


যুদ্ধৰ অন্ত পৰিল ৷ মোৰ পুত্ৰহঁতে ন্যায় পালে ৷ বিদুৰ, ধৃতৰাষ্ট্ৰ, গান্ধাৰীসহিতে মই এতিয়া অৰণ্যবাসীনি ৷ 


নিজানত মই প্ৰায়েই এটা কথা ভাবি থাকো ৷ 

লোকলজ্জাৰ ভয়ত কৰ্ণক বিসৰ্জন নিদি মোৰ লগত ৰখা হ’লে

              নাইবা

যুদ্ধৰ আগতেই মোৰ পুত্ৰসৱৰ আগত কৰ্ণৰ জন্মৰহস্য প্ৰকাশ কৰা হ’লে কথাবোৰ বাৰু বেলেগ হলহেঁতেন নেকি?


কোনে ক’ব মোক??


স্বপ্না দত্ত ভৰালী




1 comment: