(৩)
#অন্য_এক_অথেল’
নিজৰ টেবুলৰ পৰা উঠি আহিল শশাংক৷ আজি বেংকত মানুহ কিছু সেৰেঙা৷ নহলে বাহিৰলৈ আহি চিগাৰেট এটা জ্বলাবলৈয়ো সন্ধি নাথাকে কেতিয়াবা৷ বিপাক্ষীলৈ দুবাৰ ফোন কৰিলে৷ দুয়োবাৰ ৰিং হৈ হৈ বন্ধ হৈ গ’ল৷ কিয়বা নুঠালে ফোনটো! আনদিনা এনেকুৱা নহয়৷
অস্থিৰ হাতেৰে সি এটা চিগাৰেট জ্বলালে৷ চিগাৰেটত দীঘলীয়া হোঁপা এটা মাৰি ধোৱাবোৰৰ এৰি দিওঁতে মনৰ অস্থিৰতাখিনিও ধোঁৱাৰ ওলাই যাওক বুলি আশা কৰিলে৷ ৰিঙৰ দৰেই কুন্দলী পকাই ওলোৱা ধোৱাবোৰ একান্ত মনে চাই থাকোঁতেই পাছফালৰপৰা দিবাকৰ হাজৰিকাই মাত দিলেহি,
"কি হ’ল বৰুৱা? বাহিৰত যে?"
"অহ্ হাজৰিকা৷ ফোন এটা কৰিবলগা আছিল৷ আপুনি কৰবালৈ যায়?"
মনৰ অস্থিৰতাখিনি ঢাকি ৰাখি স্মিত হাঁহিৰে কৈ উঠিল শশাংকই৷
"বলক, আহিলোঁ যেতিয়া কেন্টিনত চাহ একাপেই খাই লওঁ৷"
শশাংক আৰু দিবাকৰ হাজৰিকা প্ৰায় সমবয়সীয়া৷ সেয়ে দুয়োৰে মাজত এক বন্ধুত্বসুলভ সম্পৰ্ক আছে৷
দিবাকৰ হাজৰিকাইয়ো শশাংকৰ দৰেই নতুনকৈ সংসাৰ পাতিছে৷
কেন্টিনত দুকাপ লালচাহৰ অৰ্ডাৰ দি দুয়ো টেবুল এখন অধিকাৰ কৰি বহি ল’লে৷ কেন্টিনত এই সময়ত মানুহ তেনেকৈ নাই৷ দুপৰীয়া টিফিন ব্ৰেকতহে বহিবলৈ ঠাই নোহোৱাৰ দৰে হয়৷
চিগাৰেটৰ শেষৰ হোঁপাটো দীঘলকৈ টানি অৱশিষ্টককণ তললৈ পেলাই জোতাৰ আগটোৰে মোহাৰি মোহাৰি আদা, তেজপাত দিয়া লালচাহকাপ দিয়াৰ লগে লগেই এঢোক মাৰি দিলে শশাংকই৷
'আস্'
মুখেৰে অস্ফুট শব্দ এটা কৰি উঠিল সি৷ অন্যমনস্ক হৈ থকাৰ বাবে গৰম চাহে জিভাখন দেই নিয়াৰ দৰে লাগিল৷
"কি হ’ল বৰুৱা? কিবা টেনচন হৈছে নেকি?"
দিবাকৰ হাজৰিকাই তাৰ অন্যমনস্কতা ধৰা পেলালে নেকি বাৰু?
"নাই, নাই হাজৰিকা৷ মানুহ এজনে লগ কৰিবলৈ অহাৰ কথা আছিল৷ ফোনেই লগা নাই৷"
হাজৰিকাৰ আগত মিছা মাতিলে সি৷
"আপুনি গৈ থাকক হাজৰিকা৷ মই এই ফোন এটা কৰি গৈ আছোঁ৷"
চাহকাপ শেষ কৰি দিবাকৰ হাজৰিকাক পঠিয়াই পুনৰ বিপাক্ষীলৈ ফোনটো লগালে শশাংকই৷ এইবাৰ এবাৰ ৰিং হোৱাৰ লগে লগেই ফোনটো ধৰিলে তাই৷
"কি হ’ল? অলপ আগতে দুবাৰ ফোন কৰিছিলোঁ৷ নধৰিলা যে?"
"মুখাৰ্জী কাকীৰ ওচৰলৈ গৈছিলোঁ৷ ফোনটো চাৰ্জত দি থৈ ৷"
তাৰ কণ্ঠৰ ৰুক্ষতা আওকাণ কৰিলে তাই৷
"এতিয়া পিছে এবাৰ ৰিং হওঁতেই ধৰিলা যে! ফোনটো হাততেই লৈ আছিলা নেকি?"
"চাৰ্জৰ পৰা এইমাত্ৰ আঁতৰালো৷ আৰু লগে লগেই তোমাৰ ফোনটো আহিল৷"
"বাৰু৷ ৰাখিছোঁ এতিয়া৷"
ফোনটো কাটি সি এইবাৰ তাৰ টেবুলৰ ওচৰলৈ খোজ ললে৷ অলপ সময় ওলায় যাওঁতেই টেবুলৰ সন্মুখত মানুহৰ এটা দীঘল শাৰী৷
চেহ্!
পঞ্চলিছমিনিটমান যোৱাৰ পাছত টিফিন ব্ৰেক দিলেই৷ মানুহৰ শাৰীটো ইতিমধ্যে চুটি হৈ আহিল৷ দুজনমানহে লাইনত আছে মাত্ৰ৷ কাউন্টাৰ বন্ধ কৰি দিবনে এই দুজন মানুহৰ কাম কৰি আজৰি হৈ খাবলৈ যাব খন্তেক ভাবিলে সি৷ দুজন মানুহহে! তেওঁলোকক পঠিয়াই লোৱা যাওঁক৷ তেতিয়ালৈ দিবাকৰ হাজৰিকাও কাম সামৰি ওপৰ তলাৰ পৰা পাবহি৷
" হৈছেগৈ নে বৰুৱা?"
মানুহ দুজনক পঠিয়াই কাউণ্টাৰ বন্ধ কৰিবলৈ লওঁতেই মাত দিলেহি দিবাকৰ হাজৰিকাই৷ টিফিনটো হাতত লৈ দুয়ো কেন্টিনৰ ফালে আগবাঢ়িল৷ কেন্টিন প্ৰায় ভৰ্তি৷ দুয়ো চুকৰ ফালে খালী টেবুল এখন পাই বহি ললেগৈ৷
"খাই চাওকচোন৷ দৈ দিয়া পনীৰ ৷ মিচেচে বনাইছিল৷"
হাজৰিকাই শশাংকলৈ পনীৰৰ বাতিটো আগবঢ়াই দিলে৷ শশাংকয়ো তাৰ টিফিনৰ পৰা জিৰা দিয়া আলুভজা যাঁচিলে৷ দিবাকৰ হাজৰিকালৈ মন কৰিলে শশাংকই৷ সুখী সুখী ভাৱেৰে ৰুটিৰ টুকুৰা এটাত পনীৰ এটুকুৰা মেৰিয়াই মুখত ভৰাইছে৷ নিশ্চিন্ত, নিৰুদ্বেগ হাজৰিকা যেন বিবাহিত সুখী মানুহৰ প্ৰতিভূহে!
আগলৈ
কিমান যে সুন্দৰকৈ লিখিলে
ReplyDelete