www.hunguti.in

Breaking

www.hunguti.in

Ads

Sunday, June 27, 2021

অন্য এক অথেল’ (৪)

 (৪)


#অন্য_এক_অথেল’




        শশাংকৰ ফোনটো পোৱাৰ পাছত মিহি মিহিকৈ oখং এটা উঠি আহিল বিপাক্ষীৰ৷ ফোন লগে লগে ধৰিলেও সমস্যা, আকৌ নধৰিলেও৷ আকৌ ঘৰলৈ আহি তাইৰ কল লিষ্ট, ৱাটচ্ আপ, ফেচবুক পৰীক্ষা কৰিবলৈ আছেই তাৰ৷ তাৰ মনত কি খেলায় থাকে নুবুজে তাই৷ ইমান অবিশ্বাস কৰে তাইক! বিয়া হোৱানো সিহঁতৰ কেইদিন হৈছে! গোটেই জীৱনটো পৰি আছে আগত৷ আৰম্ভণিতো এনেকুৱা হ’লে গোটেই জীৱনটো কি সাহসত চলাই নিব বাৰু!

         ঘড়ীটোলৈ চকু দিলে তাই৷ এক পঞ্চলিশ৷ ভাত খোৱাৰ সময় হ’ল৷ কাঁহী এখনত নামমাত্ৰ ভাত আৰু মুখাৰ্জী কাকীয়ে দিয়া শুক্তোৰ সৈতে পদিনাৰ চাটনি অকনমান লৈ খাবলৈ বহিল তাই৷ মাছ খাবলৈ মন নগ’ল৷ এনেয়েও কাকীৰ ঘৰত পাটিচাপ্তা আৰু পকৌৰি খাই পেট ভৰিয়েই আছে৷ তাতে মনটোও ভাল লাগি থকা নাই৷ মনটো মুকলি নহলে ভোক লাগিলেও সন্তোষেৰে ভাতকেইটা পেটলৈ যায় জানো! লাগিলে অমৃতৰ চৰুটোৱেই মুখৰ আগত নাথাকক কিয়!

          ভাতকেইটা খাই বাচন বৰ্তনবোৰ সামৰি পাকঘৰটো পৰিষ্কাৰ কৰি ল’লে বিপাক্ষীয়ে৷ আনকালে এই সময়ত তাই অকনমান বিচনাত পৰে৷ টোপনি নগলেও কিছুসময় জিৰণি লয়৷ আজি পিছে তাইৰ বিচনাত পৰি একেবোৰ চিন্তাই মনটোক পাকঘূৰণি খুৱাবলৈ দিবলৈ ৰাজী নহয়৷ মনটোক ব্যস্ত ৰাখিবলৈকে তাই চাফা হৈ থকা ঘৰটো পুনৰ সাৰিলে৷ ডিভানখনৰ কুশ্বনকেইটা এনেয়েই ইফাল সিফাল কৰি পোণাই পাজৰাই থলে৷ মাজতে এবাৰ গৈ শশাংক আহিলে চাওমিন অকনমান বনাই দিবলৈ বুলি নুডুলচ্ বইল কৰি গাজৰ, বন্ধাকবি অকনমাণো কাটি থৈ আহিলে৷ তাৰপাছত বাতৰি কাগজখন মেলি চাব লাগে বাবেই মেলি লৈ ওপৰে ওপৰে চকু ফুৰাওঁতেই তাইৰ লগৰ ৰশ্মিৰ ফোন আহিল৷


"হেল্ল৷ ৰশ্মি৷ কি খবৰ তোৰ? বহুতদিনৰ মূৰত মনত পেলালি দেই৷ মাজতে কেইদিন ফোন কৰিলোঁ৷ নুঠালিয়েই৷"


ৰশ্মিৰ ফোন পাই আনন্দিত হৈ পৰিল তাই৷


"আছোঁ দে যেনে তেনে৷ মাজতে গাটোও বৰ ভাল নাছিল৷ সেয়ে৷ তহঁত ভালে আছ’ নহয়৷ সংসাৰ কেনে চলিছে?"


"চলিছে আৰু ঠিকেই৷ বিয়াতো নাহিলি৷ গা বেয়া বুলিলি যে! কি হৈছিলোনো? সৌমাৰৰ ভালনে?"


বিপাক্ষীয়ে উদ্বিগ্ন হৈ সুধিলে৷


"সৌমাৰৰ ভালেই৷ এহ্, মোৰ কথা জানই দেখোন৷ আগৰেপৰা ইটো সিটো বেমাৰ নুগুচেই৷ মোৰ কথা বাদ৷ তোৰ কথা কচোন৷ নতুন খবৰ চবৰ কিবা আছেনেকি?"


ৰশ্মিয়ে জোকালে তাইক৷


"ধেইত৷ তোৰপৰাহে নতুন খবৰ শুনিম বুলি আশা কৰি আছিলোঁ৷"


দুয়োজনীয়ে সশব্দে হাঁহি উঠিল৷ মহানগৰীত বুটিক এখন চলাই তাই৷ তাৰ প্ৰায়ভাগ চৌখিন মহিলা তাইৰ নিয়মীয়া গ্ৰাহক৷ ৰশ্মিৰ লগত কথা পাতি  থাকোঁতেই তাই দেখিলে,শশাংক আহি গেটৰ সন্মুখত গাড়ীখন ৰখাই গেট খুলিবলৈ বুলি ড্ৰাইভিং চিটৰ পৰা নামি আহিছে৷ 

         ফোনটো কাণত লৈয়েই বিপাক্ষী গেটৰ ফালে আগবাঢ়ি গ’ল৷ শশাংক অহা গম পাই পাছত কথা পতাৰ প্ৰতিশ্ৰুতি দি ৰশ্মিয়ে ফোন থলে৷ শশাংকই গাড়ী গৈ গেৰেজত সুমোৱাই মানে গেটখন বন্ধ কৰিবলৈ লওঁতেই মুখাৰ্জী কাকীৰ ল’ৰা সুদীপ্তই স্কুটিখন আনি সেইখিনিতে ৰখাই দিলেহি৷ 


"বৌদি ভালে আছেনে? দাদাৰ কি খবৰ?"


মেডিকেল ৰিপ্ৰেজেণ্টেটিভ সুদীপ্ত প্ৰায়েই ঘৰত নাথাকে৷ কাচিৎহে তাই ল’গ পায় তাক৷ সাংঘাতিক অমায়িক ল’ৰাটোৱে ল’গ পালেও 'বৌদি ভালনে?' বুলি সোধাৰ বাহিৰে আন কথা নাপাতে৷ হলেও তাৰ ভাৱ ভংগীত ইমান নমনিয়তা থাকে যে সি কেতিয়াবা নমতাকৈ কাষেৰে পাৰ হৈ গ’লেও বেয়া পাব লগা নাথাকে৷ 


"ভাল, ভাল৷ দাদা এই আহি পাইছে৷ তুমি আছা নহয় ভালে৷"


কৈ কৈ তাই গেটখন লৰালৰিকৈ বন্ধ কৰিলে৷ শশাংকই বা কি মুড লৈ আহিছে আজি! কপাল কোঁচাই জোতাৰ লেচ খুলি থকা শশাংকলৈ তাই লক্ষ্য কৰি তাই ভাবি থাকিল, কেতিয়াবা কিয় জানো একেবাৰে আপোন মানুহবোৰকো ইমান অচিনাকি যেন লাগে!


আগলৈ


3 comments: