www.hunguti.in

Breaking

www.hunguti.in

Ads

Saturday, June 5, 2021

এক নষ্ট নাৰীৰ কথাৰে

 #গল্প


#এক_নষ্ট_নাৰীৰ_কথাৰে


      সুৱৰ্ণৰ নৌকাখনিৰ মাজে মাজে মুক্তাৰে সজোৱা ৷ অপূৰ্ব সুন্দৰকৈ সজোৱা হৈছে নাওখনি ৷ নাও নহৈ যেন এক ভাসমান ৰাজপ্ৰাসাদহে ৷  নাওখনিৰ বগা পালবোৰ ৰেচম সূতাৰ ৷ পালবোৰ নাওখনিত লগোৱাৰ আগতে আঁতৰত ডুবাই সুগন্ধিযুক্ত কৰি লোৱা হৈছে ৷ সেই সুগন্ধি আকৌ মোৰ নিজৰেই কাৰাখানাত তৈয়াৰ কৰা ৷ মই, এৰা মোৰ কথাই কৈছো, মই নৌকাবিহাৰলৈ যাম , সেই নাও জানো সাধাৰণ হ’লে শুৱাব? ভাসমান নাওখনত উঠিলে তুমি ভাবিবা কোনোবা বাদ্যযন্ত্ৰীয়েহে যেন সুমধুৰ বাদ্যৰ ঝংকাৰেৰে উপচাই পেলাইছে চৌপাশ ! কিন্তু নহয় , সেয়া নাওখনৰ পাল  বতাহৰ সান্নিধ্যলৈ আহিহে এনে সুৰীয়া শব্দৰ সৃষ্টি কৰিছে বুলি জানি লবা ৷

         

         মোৰ নামটো শুনিলেই সাধাৰণতে মানুহৰ মনলৈ কি আহে জানা? ধনুৰ দৰেই বেঁকা ভ্ৰুযুগলৰ তলত নীলৰঙী দুটি নয়ন ৷ আকাশ নীলা নে সাগৰ নীলা? ওঁহো, এই দুয়ো নীলা লগ হৈয়ো যেন চুই চাব নোৱাৰিব মোৰ নীল নয়নৰ ৰঙৰ গাঢ়ত্বক ৷ মুখমণ্ডল ঠিক গোলাকাৰো নহয়, দীঘলীয়া ও নহয় , দুয়োটাৰে মধ্যত যেন ৷ সোণত শুৱগা চৰায় গোলাপৰ পাপৰিৰ দৰে ওঁঠদুটিয়ে ৷ আৰু নাক? অপূৰ্ব সুন্দৰী হ’বলৈ নাকটো যিমানখিনি সুন্দৰ হ’ব লাগে ঠিক সিমানেই সুন্দৰ , অকনো কম বা বেছি নহয় ৷ এইখিনিয়েই নাহে নে বাৰু তোমালোকৰ মনলৈ? নিশ্চয় আহে ৷ কিন্তু কি জানা? তোমালোকে ভবাৰ দৰে মই পৰমাসুন্দৰী কেতিয়াও নহওঁ ৷ দেহ-সুষমা মোৰ নিখুঁত নাছিলেই ৷ অৱশ্যে  ৰূপচৰ্চাত চেষ্টাৰ ক্ৰটি কৰা নাছিলোঁ কাহানিও ৷ গাধৰ গাখীৰেৰে গা ধোৱা, মৌ আৰু কাঠবাদামৰ তেল শৰীৰত প্ৰয়োগ কৰা, সামুদ্ৰিক লৱণেৰে ছালৰ মৃতকোষ পৰিষ্কাৰ কৰাকে আদি কৰি সমস্ত যত্নই লয় মোৰ সেৱকীহঁতে ৷ তদুপৰি নিজকে সজাই পৰাই ৰাখিব জনাটো মোৰ আন এক কলা ৷

       আজিও সাজিছোঁ মই ৷ এই ভাসমান ৰাজকাৰেঙৰ মাজত মোক হঠাতে দেখিলে তুমি ভাবিবা,  প্ৰেম আৰু যৌনতাৰ দেৱী এফ্ৰোদেইটিহে যেন আহি ইয়াত উপবিষ্ট হৈছেহি ৷ এফ্ৰোদেইটিৰ দৰেই পোছাক পিন্ধি নিজকে এক অনন্য সুন্দৰীৰ ৰূপত তুলি ধৰাৰ এই প্ৰয়াস কিহৰ বাবে জানানে? মোৰ এই সৌন্দৰ্য্যক অস্ত্ৰ হিচাপে লৈ ৰোমান সম্ৰাট মাৰ্ক এন্টনিক প্ৰেম পাশত আৱদ্ধ কৰি তেওঁৰ ক্ষমতাৰে বলীয়ান হোৱাৰ সুতীব্ৰ আকাংক্ষাৰেই প্ৰকাশ এয়া ৷ যেনেদৰে এদিন বন্দী আছিল জুলিয়াচ ছিজাৰ মোৰ সৌন্দৰ্যৰ নাগপাশত ৷ তেওঁটো আমৃত্যু প্ৰেমিক আছিল মোৰ৷

        জানানে , সৌন্দৰ্য আৰু মেধাৰ সংমিশ্ৰণত মানুহৰ আকৰ্ষণ দুগুণ হয় ৷ সেয়াইটো হৈছিল মোৰ ! গণিত, দৰ্শন, বক্তৃতা,ইতিহাস,ভূগোল, জ্যোতিষশাস্ত্ৰ,চিকিৎসা আদিৰ ওপৰত মোৰ অসীম জ্ঞানৰ উপৰিও  কেইবাটাও ভাষাৰ ওপৰত মোৰ দখল আছিল ৷ নাথাকিবই বা কিয়? মেছিডনিয়াৰ ৰজা মহান আলেকজেণ্ডাৰৰ সেনাপতি টলেমিৰহে উত্তৰসূৰী আছিলোঁ মই, যিয়ে নেকি মিচৰত স্বাধীন ৰাজবংশৰ প্ৰতিষ্ঠা কৰাত সফল হৈছিল ৷ অপূৰ্ব সুন্দৰী নহওঁ মই, কিন্তু মোক এক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী বুলি শত্ৰুয়েও নিশ্চয় স্বীকাৰ কৰিব৷

         মিচৰবাসীৰ বাবে এক নষ্ট নাৰী মই ৷ মই বিবাহিতা অথচ বিবাহ বৰ্হিভূত প্ৰেমত নিমজ্জিত মই এক ঘৃণনীয় নাৰীসত্বা ৷ প্ৰথমবাৰ  বিবাহপাশত আৱদ্ধ হওতে মোৰ স্বামী কোন আছিল  জানেনে? মোৰ পিতৃ দ্বাদশ টলেমীয়ে মৃত্যুৰ সময়ত ঘোষণা কৰি যোৱামতেই মোৰ প্ৰথম বৈধ স্বামী মোৰ নিজৰেই সহোদৰ ত্ৰয়োদশ টলেমী ৷ মিছৰীয় দেৱতা ওৰিসিসেই যেতিয়া নিজৰ সহোদৰা আইসিসক বিবাহ কৰি নজিৰ দেখুৱাই গৈছে, তেনেস্থলত মইনো কোন কূটা ৷ সাধাৰণ এক মানৱীহে মাথো ৷ আৰু জুলিয়াচ ছিজাৰৰ শৰাণাপন্ন মই এনেয়েই হোৱা নাছিলোঁ ৷ নিজৰ ভাতৃ স্বামীৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ বাবেই মোক জানো এখন ঢালৰ প্ৰয়োজন নাছিল ?ৰোমান আক্ৰমণৰ পৰা মিচৰক সুৰক্ষা দিবলৈ ইয়াৰ বাদে আন উপায় মোৰ মনলৈ অহা নাছিল ৷ আৰু মানুহৰ সহজাত প্ৰবৃত্তিৰে ভৰপূৰ মইও সুদৰ্শন বীৰ শাসক ছিজাৰৰ প্ৰতি আকৃষ্ট হোৱাটো সৰু কথাই ৷ মিচৰৰ একছত্ৰী ৰাণী হোৱাৰ বাট নিষ্কন্টক কৰি তাৰ পাছৰ স্বামী মোৰেই আন এক সহোদৰ চতুৰ্দশ টলেমীক কিন্তু বিহপাণ কৰোৱাই হত্যা ময়েই কৰোৱালোঁ ৷

          মিচৰক সুৰক্ষিত কৰি ৰাখিবলৈ বিচাৰো মই ৷ মন গহনত মই এটা সপোন পুহি ৰাখিছোঁ ৷ সেই সপোন স্বাধীন মিচৰৰ সপোন ৷ মাৰ্ক এন্টনিৰ সহায় নহলে মোৰ এই সপোন বাস্তৱায়িত নহব ৷ সেয়ে মই, সপ্তম ক্লিওপেট্ৰা থেয়া ফিলোপেটৰ এতিয়া অপেক্ষাত ৷ মাৰ্ক এন্টনিৰ অপেক্ষাত ৷


✍ স্বপ্না দত্ত ভৰালী


1 comment: