www.hunguti.in

Breaking

www.hunguti.in

Ads

Saturday, June 5, 2021

পিগম্যালিয়ান আৰু গ্যালাটিয়া

 #গল্প


#পিগম্যালিয়ান_আৰু_গ্যালাটিয়া


       অপলক নয়নে চাই ৰ’ল পিগম্যালিয়নে৷ কুন্দত কটা চকুহালি, নাক, থুঁতৰি৷ ইমান সুন্দৰ! গাখীৰৰ দৰেই শুভ্ৰ শৰীৰটো৷ এয়া তেওঁৰেই সৃষ্টিনে! কেনেকৈ পাৰিলে? এই অপৰূপ নাৰীমূৰ্তিটোত কেনেকৈ ইমান সুন্দৰতা ঢালি দিলে? তাতে মনত নাৰীৰ প্ৰতি গৰল ৰাখি!

      প্ৰবল নাৰীবিদ্বেষী তেওঁ৷ নাৰীৰ প্ৰতি বিদ্বেষে তেওঁক কেতিয়াও বিয়া নপতাৰ প্ৰতিজ্ঞা লবলৈ বাধ্য কৰিছে৷ অথচ এই নাৰীবিদ্বেষী ভাষ্কৰ্য্য শিল্পীজনে আকৌ হাতীৰ দাঁতত চিজেলৰ সহায়ত সৃষ্টি কৰিছে এক নাৰীমূৰ্তি! তাকো পৃথিৱীৰ সমস্ত সুন্দৰতা ঢালি! আশ্চৰ্যকৰ! সঁচাকৈয়ে আশ্চৰ্যকৰ! নাৰীৰ সৌন্দৰ্যৰ আঁৰত কেতিয়াবা কুৎসিত ৰূপ এটাও লুকাই থাকিব পাৰে বুলি দেখুৱাবলৈকে আছিল নেকি তেওঁৰ এই প্ৰচেষ্টা!  এই নাৰীমূৰ্তিটোৰ বাবে তেওঁ ত্যাগ কৰিছিল তিনি দিন তিনি ৰাতিৰ ভোক আৰু নিদ্ৰা৷ ধীৰে ধীৰে হাতীৰ দাঁতৰ টুকুৰাটো ৰূপান্তৰিত হৈছিল এক জীৱন্ত যেন লগা এক অপূৰ্ব নাৰীমূৰ্তিলৈ৷

        নিজৰেই সৃষ্টিত তেওঁ বিভোৰ হৈ পৰিল৷ কেৱল বিভোৰ হোৱাই নহয়, মূৰ্ত্তিটোৰ প্ৰেমত উন্মাদ হৈ পৰিল পিগম্যালিয়ান ৷ নাৰীমূৰ্তিৰ প্ৰেমে সকলো পাহৰাই পেলালে৷ আনকি জীৱনত কেতিয়াও বিয়া নপতাৰ প্ৰতিজ্ঞাটোও৷ 

         অদ্ভুত আচৰণ কৰিবলৈ আৰম্ভ কৰে পিগম্যালিয়ানে৷ প্ৰেমত পৰি পাগল হোৱা প্ৰেমিকৰ আচৰণ৷ পলক নেপেলোৱাকৈ গ্যালাটিয়াৰ চকুলৈ ঘণ্টাৰ পাছত ঘণ্টা চাই থাকে৷ প্ৰেমিকৰ আকুলতাৰে মাজে মাজে সাৱটি ধৰে৷ অ' , কবলৈ পাহৰিছিলোয়েই৷ পিগম্যালিয়ানে মূৰ্ত্তিটোৰ নাম ৰাখে গ্যালাটিয়া৷ যাৰ অৰ্থ 'গাখীৰৰ দৰেই শুভ্ৰ' ৷  গ্যালাটিয়াৰ শীতল অধৰত নিজৰ উষ্ণ ওঁঠৰ পৰশো দিয়ে৷ কিন্তু নাই৷ একোৱেই প্ৰতিক্ৰিয়া নেদেখুৱাই দেখোন তাই! জড় ভাস্কৰ্যই জানো কেতিয়াবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে? সেই কথা যেন বুজিও নুবুজে পিগম্যালিয়ানে৷ ৰত্নখচিত অলংকাৰ আনি গ্যালাটিয়াৰ কাণ, ডিঙি, বাহু সুশোভিত কৰে৷ লিলেনৰ চ্চিটল আৰু পেপ্লচ্ আনি নিজহাতে পিন্ধাই দিয়ে৷ গ্যালাটিয়াক সুখী কৰিবলৈ যি কোনো কাম কৰিবলৈ তেওঁ প্ৰস্তুত হৈ পৰে৷ মুঠৰ ওপৰত মাথোঁঁ গ্যালাটিয়াৰ জড়তা ভাঙিব লাগে৷ কিন্তু পিগম্যালিয়ানৰ আপ্ৰাণ চেষ্টা যেন অথলে যায়! নিশাৰ পাছত নিশা গ্যালাটিয়াক সাৱটি ধৰি বিচনাত শুই থকা পিগম্যালিয়ানে লাহে লাহে বুজি উঠে, ইমান দিনে তেওঁ নাৰীজাতিক কৰি অহা ঘৃণাৰ প্ৰতিদান পাইছে৷ গ্যালাটিয়াৰ ৰূপত নাৰীজাতিয়ে তেওঁৰ ওপৰত প্ৰতিশোধ লৈছে৷

           এইবাৰ পিগম্যালিয়ান শৰণাপন্ন হয় প্ৰেম আৰু সৌন্দৰ্য্যৰ দেৱী ভেনাচৰ৷ প্ৰাৰ্থনাৰ শক্তিৰে দেৱীৰ কৃপাদৃষ্টি তেওঁৰ ওপৰত পেলাবলৈ বিছাৰে ৷ দেৱীৰ মন্দিৰত একান্তমনে গ্যালাটিয়াক স্ত্ৰীৰূপে পাবলৈ প্ৰাৰ্থনা কৰে৷ দেৱী পিগম্যালিয়ানৰ ওপৰত প্ৰসন্ন হৈ তেওঁৰ মনোকামনা পূৰণ কৰাৰ সিদ্ধান্ত লয়৷ তাৰ আগতে দেৱীয়ে মায়াৰ বলেৰে নাৰীমূৰ্তিটো চাবলৈ যায়৷ নাৰীমূৰ্তিটো দেখি ভেনাচ চমকিত হয়৷ নহ’বনো কিয়? মূৰ্ত্তিটো যে সাইলাখ দেৱী ভেনাচ! 

        দেৱী ভেনাচৰ যজ্ঞশিখা উজ্বল হৈ পৰে৷ সেৱকসকলে বুজি উঠে এয়া কাৰোবাৰ মনোবাঞ্ছা পূৰণ হোৱাৰ সংকেত ৷ অতদিনে সকলোৱে এনেদৰেই দেখি আহিছে৷ দেৱীৰ যজ্ঞশিখা তিনিবাৰ একেৰাহে উজ্জ্বল হৈ উঠিলে কোনোবা নহয় কোনোবাজনৰ মনোকামনা পূৰণ হয়৷ পিগম্যালিয়ানৰ বুকুত দুৰু দুৰু কঁপনি উঠে৷ ঘৰলৈ যাবলৈ খৰখেদা কৰে তেওঁ৷

        ঘৰ পাই আনদিনাৰ দৰেই মৰমেৰে গ্যালাটিয়াক সম্বোধন কৰে৷ প্ৰচণ্ড আকুলতাৰে পৰীক্ষা কৰে কেনেবাকৈ গ্যালাটিয়াৰ শৰীৰলৈ প্ৰাণস্পন্দন আহিছে নেকি! কঁপি থকা হাতেৰে চুই চাই তাইৰ প্ৰতিটো অংগ ৷ নাই, নিৰাশ হয় পিগম্যালিয়ান৷ সেই একেই শীতলতা গ্যালাটিয়াৰ শৰীৰত৷ সেমেকা চকুৰে সাৱটি ধৰে তেওঁ গ্যালাটিয়াৰ নিষ্প্ৰাণ শৰীৰ৷ প্ৰেমৰ সমস্ত আকুলতাৰে চুমা আঁকি দিয়ে চেঁচা অধৰত৷ কিন্তু ই কি! ধীৰে ধীৰে যেন গ্যালাটিয়াৰ শৰীৰটোলৈ উষ্ণতা আহিবলৈ ধৰে৷ শুভ্ৰ, কঠিন শৰীৰটো পেলৱ হবলৈ আৰম্ভ কৰে! পিগম্যালিয়ানৰ অবাক দুচকুৰ সন্মুখতেই জড় নাৰীমূৰ্তিটো প্ৰাণস্পন্দন থকা এক পূৰ্ণাংগ নাৰীলৈ ৰূপান্তৰিত হৈ পৰে৷ সঁচাকৈয়ে অবিশ্বাস্য ! পিগম্যালিয়ানৰ প্ৰত্যাশা বাস্তৱ হৈ ধৰা দিয়ে৷ দেৱী ভেনাচৰ ওপৰত পিগম্যালিয়ানৰ বিশ্বাস আৰু গাঢ় হৈ পৰে৷ বুজি উঠে অসম্ভৱকো সম্ভৱ কৰিব কিহে পাৰে! নিশ্চয়কৈ প্ৰাৰ্থনাই৷


(ৰজানথেলৰ 'পিগম্যালিয়ান ইফেক্ট'ৰ আঁৰত থকা গ্ৰীক উপাখ্যানটো হ’ল 'পিগম্যালিয়ান আৰু গ্যালাটিয়া' যিটো অভিডৰ 'মেটামৰফচিচ' নামৰ গ্ৰন্থখনিত উপলব্ধ৷ ছাইপ্ৰাছ দ্বীপৰ এমাথাছ চহৰৰ এজন ভাস্কৰ্য্যশিল্পী পিগম্যালিয়ান৷ নাৰীবিদ্বেষী পিগম্যালিয়ানে হাতীৰ দাঁতত খোদাই কৰে এক অপূৰ্ব নাৰীমূৰ্তিৰ৷ নাৰীমূৰ্তিটো ইমানেই সুন্দৰ আছিল যে পিগম্যালিয়ান এই নাৰীমূৰ্তিৰ প্ৰেমত পৰে৷ মূৰ্তিটোক জীৱন্ত কৰি দিবলৈ তেওঁ দেৱী ভেনাচক প্ৰাৰ্থনা কৰে৷ দেৱী তেওঁৰ প্ৰাৰ্থনাত সন্তুষ্ট হয়৷ নাৰীমূৰ্তিটো জীৱন্ত হৈ পৰে আৰু পিগম্যালিয়ানে গ্যালাটিয়া নাম দিয়া নাৰীমূৰ্তিটোৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷  থুলমুলকৈ এয়াই উপাখ্যানটো৷ 'পিগম্যালিয়ান ইফেক্ট'ৰ ওপৰত মোৰ এটা লেখা 'অসমীয়াত কথা বতৰা' গোটটোত প্ৰকাশ পাইছে৷ এই আখ্যানটোৰ ভিত্তিতেই মোৰ এই সামান্য প্ৰয়াস৷)


✍ স্বপ্না দত্ত ভৰালী


1 comment: