এমুঠি অণুগল্প
#প্ৰতীক্ষা
ঘুৰি নহাৰ কথাটো নাছিল তেওঁৰ! ভালপাওঁ বুলিও নোকোৱাকৈ নাছিল!
তেন্তে?
তেওঁ আহিব বুলিয়েইটো দিন, মাহ, বছৰৰ প্ৰতীক্ষা!
সুদীৰ্ঘ আকুল অপেক্ষাৰে ভালপোৱাৰ প্ৰমাণ কিন্তু দ্বাৰকাপতিয়ে দিব নোৱাৰিলে৷
পাৰিলে হিয়াত প্ৰেমময় কানাইৰ ছবি লৈ ৰাধিকাইহে!
#অভ্যাস
"তুমিও যে আৰু! কেতিয়া দিয়া মোৰেই মনত নাই৷ বস্তু আপডালত ৰাখা তাৰমানে৷"
এলুমিনি মিটত লগ পাই সি কোনোবা এটা জন্মদিনত তাইৰ পৰা উপহাৰস্বৰূপে পোৱা কলমটো দেখুওৱাত তাই হাঁহি কৈ উঠিল৷
ঘৰলৈ আহি তাই পুৰণি কিতাপখনৰ মাজত বহুবছৰ ধৰি সোমোই থকা, শুকাই কাগজৰ দৰে হৈ পৰা গোলাপৰ কলিটো লাহেকৈ উলিয়াই চালে৷
তাক নকলেও বস্তু সাঁচি সামৰি ৰখাৰ অভ্যাস তাইৰো আছে৷
#ৰাগী
ধূম্ৰায়িত কোঠাটোত থকা আটাইকেইটা বন্ধু নিজতেই মগন৷
"দোস্ত,এটা তয়ো ল’ হো৷"
চিৰিঞ্জটো দলিমাৰি দি বাওঁহাতৰ মণিবন্ধৰ নিৰ্দিষ্ট ঠাইকণত হাতেৰ আঙুলিৰে হেঁচা মাৰি ধৰি থাকিয়েই তাক বন্ধুয়ে কৈ উঠিল৷
ওঁহো, তাক এতিয়া কোকেইন, ভাঙৰ নিচাৰ প্ৰয়োজন নাই৷
তাই ভালপাওঁ বুলি কোৱাৰে পৰাই তাৰ গাত সুতীব্ৰ ৰাগী৷
#এল্ফ্_অৱ_লাক
"তোমাৰ অত্যাচাৰী পুৰণা মালিকক আজি তুমি কি ক’বলৈ বিচাৰিবা?"
তেৰ বছৰীয়া ল’ৰাটোলৈ নিউজ চেনেলৰ সাংবাদিকৰ প্ৰশ্ন৷ মালিকৰ থিয় গোৰত চিৰিৰ পৰা পৰি সংজ্ঞাহীন হৈ পৰা ল’ৰাটোক চিকিৎসাৰ অন্তত শিশুগৃহত আশ্ৰয় দিয়া হৈছিল৷ এহাল সহৃদয় দম্পতীৰ চকুৰ মণি হ’বলৈ লোৱাৰ প্ৰাকক্ষণত এই প্ৰশ্নৰ উত্তৰত সি মাথোঁঁ ক’লে-
"তেওঁৰ থিয়গোৰটোৰ বাবে কৃতজ্ঞ মই৷"
#সকাহ
"ভাল খবৰ এটা আছে আই৷ মোৰ চাকৰি হ’ল৷ অহা মাহৰপৰা যাব লাগিব৷"
কণ্ঠত কৃত্ৰিম আনন্দৰ প্ৰলেপ সানি সি বিছনাত পৰি থকা মাকক খবৰটো দিলেগৈ৷ চকুদুটি উজলি উঠিল মাকৰ৷ চিকিৎসকে কৈছে তেওঁৰ হাতত সময় নিচেই তাকৰ৷
তাৰ গতি এটা লাগিল বুলি অন্তত মাকজনী শান্তিৰে যাবগৈ পাৰিব৷ নহ’লে এইটো সময়ত মাকৰ সন্মুখত মিছা মাতিবলৈ কেনেকৈনো সত গলহেঁতেন!
#পৰাকাষ্ঠা
"তাইক ঘৰলৈ লৈ আনিলোঁ নহয়৷ টোকোনা ল’ৰাটোলৈনো দিওঁ কেনেকৈ!" প্ৰত্যাৱৰ্তনৰ চেষ্টাত ব্ৰতী হৈয়ো বাৰে বাৰে বিফল হোৱা তাই, মাকে ফোনত কাৰোবাক কোৱা কথাষাৰ শুনি ভাবি থাকিল, তাইনো ঘুৰি আহিল কেতিয়া!
#দুস্ত্যজ
সকলোৱে কৈ আছে, 'মানুহজন গ’লগৈ৷'
সঁচাকৈয়ে গ’ল জানো!
স্মৃতিত থকাৰ পাছত কেনেকৈ কওঁ গ’লগৈ বুলি!
#আজি
হাতৰ মুঠি খুলি ঘূৰ্মুটিয়াই ফুৰিছোঁ৷
ক’ত গ’ল?
ক’ত বা হেৰাল!
'কালি'বোৰ হেৰাল৷
'কালিলৈ'বোৰ অস্তিত্বৰ সংকটত৷
এটাই মাথোঁ বাকী৷
#পূৰ্ণতা
নিজলৈ বুলি একোকেই নাথাকিল তাৰ৷
সকলো দিলে৷
অথচ একোৱেই নথকাৰ পাছতো দেখোন সি পৰিপূৰ্ণ!
লগতে পৰম সুখী!
আচলতে আজুৰি লোৱাজনতকৈ বিলাই দিয়াজন সুখী নোহোৱাৰ কথাই নাই৷ খালী হৈয়ো পূৰ্ণ যে তেওঁ!
#শব্দ
কলৈনো গৈছিল জানো সিহঁত!
তাইৰ ওচৰ নচপা দেখি ভাবিয়েই লৈছিল সিহঁত হেৰাই গ’ল বুলি৷
কিন্তু নহয়!
সিহঁত তাইৰ চৌপাশেই আছিল৷ মাত্ৰ বাঙ্ময় হ’বলৈহে তাইৰ আন্তৰিক আহ্বানৰ অপেক্ষাত আছিল কিজানি!
#কাৰক
হৃদয়ৰ সেউজীয়াবোৰ একোটাহঁত শব্দ হৈ বুটা বাচি পেলালে উকা কাগজখন৷
"তোমাৰেই কবিতানে এইটো?" শব্দেৰে ফুলাম কাগজখন হাতত তুলি সুধিলে তাই৷
"ওহোঁ, তোমাৰ৷"
তাৰ সেউজবুলীয়া অনুভূতিবোৰৰ তায়েই যে কাৰক৷
#অ-সুখ
একেটা ভুলৰে পুনৰাবৃত্তি কৰি আছিল সি৷ সন্মুখলৈ চাই আছোঁ বুলি ধাৰণা এটা লৈ আচলতে পাছলৈহে চাই আছিল!
বিপৰীতমুখী হৈ বহিহে সি অনুভৱ কৰিলে৷ বাটটোলৈ পিঠি দি বহিলে সুখ আহিবনো কেনেকৈ!
অতীতমুখী মানুহৰ যে সদায়েই অ-সুখ!
#জিজ্ঞাসা
"কিয় যে এনেকুৱা হ’ল মাৰৰ!" স্মৃতিবোৰ বিস্মৃতিৰ গৰাহত লোপ পোৱা মাকক কাপোৰ পিন্ধাই বা ভাত খুৱাই থকা ডাঙৰটো ল’ৰাক উদ্দেশ্যি প্ৰায়েই দুখ কৰে দেউতাকে৷
মনৰ অসুখ কেতিয়াবা আৰ্শীবাদো হব পাৰে নেকি?
ৰাতিপুৱা কামলৈ ওলাই যোৱা বৰপুত্ৰৰ আবেলিলৈ নিঠৰ হৈ পৰা দেহটোৰ আগত বহি মানুহজনে তাকেই ভাবি থাকিল৷
#সসীমতা
অৱশেষত তাইৰ চাকৰিটো নহ’লগৈ৷
জীৱনটোত পোৱা নোপোৱাৰ হিচাপ নিকাচত ব্যস্ত হৈ থাকিও তাইৰ মনলৈ আহিল, নোপোৱাখিনিক লৈ হাবাথুৰি খোৱাতকৈ পোৱাখিনিৰেই জীৱন সজাবলৈ কচৰৎ কৰাটো জানো বেয়া কথা!
হাবিয়াসৰ জানো সীমা থাকে!
মনৰ সীমাটো বান্ধি ৰখাটো ইমান টান কামনে!
#ধৰ্ম
আলিমূৰতেই লগ পাইছিলো মানুহজনক৷ হাতত তেওঁৰ
মনৰ অসুখ হোৱা পত্নীৰ বাবে বেজে দিয়া তাবিজ৷
হয়তো!
মনৰো ধৰ্ম থাকে৷ সৱল মন জানো 'অন্ধবিশ্বাস'ৰ ওচৰত শৰণাপন্ন হয়!
#অজুহাত
"কিয় ভাল পোৱা?"
প্ৰশ্নটোত থমকি ৰ’ল তাই! হাতত তাইৰ মিৰ্চা ইউক্লিড আৰু অমৃতাৰ প্ৰেমৰ দস্তাবেজ৷ শৰীৰ নেওচি আত্মাই আত্মাক স্পৰ্শ কৰাৰ বিৰল আবেগৰ অনুভূতি৷
ভাল পাবলৈ অজুহাত এটাৰ দৰকাৰ আছে জানো!
(মৈত্ৰেয়ী দেৱীৰ 'ন হন্যতে' মোৰ প্ৰিয় উপন্যাসমূহৰ মাজত অন্যতম৷)
#চাবিকাঠি
"সুখৰ চাবিকাঠিটো ক’ত বাৰু?"- কোনে জানো সুধিছিল তাইক৷
"সম্পৰ্কৰ প্ৰেম আৰু গভীৰতাত৷"- কৈছিল তাই৷
নিজৰ সতে নিজৰ সম্পৰ্কত প্ৰেম আৰু গভীৰতা তাইৰ বাবে সুখী হোৱাৰ প্ৰথম চৰ্ত৷
#কৃষক
"কৃষ্ণ! চকু মেলি চাবা আৰু!"
আশীসূতাৰ মদৰুৱা গামোচাখনেৰে ৰ’দে পোৰা মুখখন মোহাৰি নেদেখাজনাৰ ওপৰত আস্থা জাহিৰ কৰে মানুহজনে৷
সময়ে নুকুলাই তেওঁৰ৷
আমাক তিনিবেলা তিনিসাজৰ যোগান ধৰিব লাগে বাবেইতো তেওঁৰ অক্লান্ত শ্ৰম!
আকৌনো ৰাজপথত প্ৰতিবাদ কৰিবলৈ সময় কেনেকৈ উলিয়াই!
(আজিৰ বিষয়টোৰ লগত সংগতি ৰাখি মোৰ সামান্য প্ৰয়াস🙏)
#দেৱদূত
"এয়া কোন মা?"
টেবুলত থকা ফটোখন দেখুৱাই মাকক সুধিলে সি৷
"এইজনৰ বাবেইটো আছে আজি তোমাৰ-মোৰ অস্তিত্ব৷"
কম বয়সতেই বিধৱা হোৱা নিঃসন্তান মানুহগৰাকী আজি পূৰ্ণ৷
চাদৰৰ আঁচলেৰে তেওঁ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ ফটোখনত লাগি থকা ধূলিমাকতিবোৰ আলফুলে মোহাৰি দিলে৷
#ৰূপান্তৰ
"কি খাবা কোৱা? মাছ নে মাংস?"
"আজি মাছ পাতত দি খুৱাম দেই৷ তুমি ভালপোৱা নহয়!"
আমি আহি পালেই ভাইটোৰ ব্যস্ততা আৰম্ভ হয়৷ যেনেকৈ দেউতা হৈছিল !
অপ্ৰতিৰোধ্য সময়ে নিজৰ অস্তিত্ব জাহিৰ কৰি যায়!
কোলাত লৈ ডাঙৰ কৰা ভাইটোক দেউতাৰ অবৰ্তমানত সময়ে যেন মোৰ দেউতা সজায়!
#কাকুতি
নিবিনাবিচোন কেতেকীজনী!
গছৰ পাতবোৰ, তহঁতেও বৰণ নসলাবি৷
ৰূপ নসলাবি প্ৰকৃতি৷
অন্ততঃ আমাৰ বাবেই৷
দুবাৰকৈ বানে মৰাৰ পাছত পোৱা ধানকেইটা বেচি বছৰটোলৈ ভাতমুঠিৰ মুদা মাৰিব নোৱাৰোঁ৷ নিপিন্ধিলেই যেনিবা ল’ৰাছোৱালীহালে নতুন চোলাকাপোৰ এসাজ!
সেয়েহে কৈছোঁ! তই আহিলে আহুকালহে হয়৷
উৰুখা পঁজাত কিহৰনো বহাগ!
#অভ্যাস
দুৰ্নীতিমুক্ত নিকা সমাজ এখন গঢ়াৰ আহ্বান কৰি চহৰখনৰ বিয়াগোম চৰকাৰী প্ৰতিষ্ঠানটোৰ মূৰব্বীগৰাকীয়ে ভাষণৰ সামৰণি মাৰি নিজৰ আসনলৈ আহিল৷
প্ৰতিযোগিতামূলক পৰীক্ষাত অনুত্তীৰ্ণ হৈয়ো টকাৰ জোৰত সেই উচ্চাসনত বহা বুলি বিষয়াগৰাকীৰ কথা দুদিনমানৰ আগত বাতৰিতো প্ৰকাশ পাইছিল৷
জাউৰি জাউৰি হাতচাপৰিৰে আমি প্ৰেক্ষাগৃহ কঁপাই দিলোঁ৷
কাৰণ বান্দৰৰ গলত মুকুতাৰ মালা দেখাত আমি যে অভ্যস্ত!
#বুমেৰাং
"এই আৱৰ্জনাবোৰ জীয়াই থাকি লাভ আছে জানো!"
সাতাইশ বছৰৰ অন্তত কথাষাৰৰ পুনৰাবৃত্তি হ’ল৷
এইষাৰ কথাই তাই তাইৰ শাহুৱেকক কৈছিল৷ আজি তাইক ক’লে নতুনকৈ অহা তাইৰেই সৰুবোৱাৰীজনীয়ে৷
শাহুয়েকৰ সৰুপুত্ৰ আৰু তাইৰ ডাঙৰপুত্ৰ, দুয়ো বিকলাংগ৷
#হিচাপ
"হ’লে খবৰ দিম নহয়৷ দিষ্টাৰ্ব কৰি নাথাকিব যাওক৷"
বন্ধুৰ সতে কফিৰ কাপত চুমুক দি কথা পাতি থকা ৰাংঢালী বিষয়াগৰাকীয়ে দেউতাকৰ বয়সৰ মানুহজনক সামান্যতমো সৌজন্যতাবোধ প্ৰদৰ্শন কৰাৰ প্ৰয়োজনবোধ নকৰিলে৷
"এইটো চাকৰিত জইন কৰা কিমানদিন হ’ল তোমাৰ?" জানিবলৈ বিছাৰিলে বন্ধুয়ে৷
মানুহৰপৰা শিল হোৱাৰ পৰিক্ৰমাটোত কিমান সময়ৰ প্ৰয়োজন তাৰ হিচাপ বন্ধুয়ে আগতে জনা নাছিলযে!
#৩০২০
"মাৰা আজিকালি কিছু অন্যমনস্ক হৈ থকাৰ দৰে লাগে অ'৷"
দেউতাকৰ কথাত বিজ্ঞানী পুত্ৰই সাইলাখ মাকৰ দৰেই ৰবটজনীলৈ চাই পঠিয়ালে৷ গাড়ীৰ সেই প্ৰচণ্ড দুৰ্ঘটনাটোৰ পাছত ক’মালৈ গুচি যোৱা দেউতাক লাহে লাহে সুস্থ হৈ আহিছে৷
পিছে একেটা দুৰ্ঘটনাত মাকৰ থিতাতে মৃত্যু হোৱাৰ কথাটো দেউতাকক এতিয়ালৈকে জনোৱা হোৱা নাই৷
✍ স্বপ্না দত্ত ভৰালী
No comments:
Post a Comment