(২৩)
#অন্য_এক_অথেল’
ওপৰৰ তলাত দীঘে পথালিয়ে ১৪×১৪ বৰ্গফুটৰ দুটা কোঠা আৰু এটা সৰু পাকঘৰ৷ আগফালে সৰু বেলকনি এখন৷ গ্ৰাউণ্ড ফ্লৰত ঘৰটোৰ মালিক থাকে৷ ওপৰৰ দুটা পাৰ্টৰ এটাত আকাংক্ষা আৰু বিপ্লৱ৷ আনটো পাৰ্টত কোনোবা কোম্পানীত চাকৰি কৰা চিংগল মানুহ এজন থাকে৷ দিনৰ দিনটো, কেতিয়াবা ৰাতিও সেইটো পাৰ্টত তলা মৰাই থাকে৷ ঘৰৰ মালিক মালিকনী দুয়ো চাকৰিয়াল৷ একমাত্ৰ ল’ৰাটোক কোনোবা এখন ৰেচিডেন্সিয়েল স্কুলত ৰাখি পঢ়ুৱাইছে৷ আকাংক্ষাৰ সৈতে এদিন নে দুদিনহে দেখা সাক্ষাত হৈছে৷ এইখন চহৰলৈ আহি বিপ্লৱৰ লগত সংসাৰ কৰিবলৈ বুলি আকাংক্ষাই সি ঠিক কৰি থোৱা এই ভাৰাঘৰটোতে সোমাইছিলহি৷ ট্ৰেইনিংৰ বাবে যোৱা দিবাকৰ আহি পোৱাৰ আগতেই তাই সিদিনা ঘৰৰ পৰা ওলায় আহিছিল৷ আচলতে তাইক লগ পাবলৈ আকুল হৈ থকা বিপ্লবৰ আহ্বান উপেক্ষা কৰিব নোৱাৰিছিল তাই৷ হয়তো মুখেৰে নাযাওঁ, নথওঁ কৰি থকা তায়ো মনেৰে বিচাৰিছিল তাক এবাৰ চাবলৈ৷ সেই যে তাই ওলায় আহিল, পুনৰ ঘুৰি যাব নোৱাৰাকৈয়ে তাৰ সৈতে বান্ধ খাই পৰিল৷ আন এখন চহৰত চাকৰি পোৱা সি তাইক লৈ যাব বুলি ভাৰাঘৰ এটাও ঠিক কৰি থোৱাৰ কথা ক’লে৷ মাক দেউতাকৰ মুখদুখন, দিবাকৰ আৰু পৰিয়ালৰ আনবোৰ মানুহৰ মুখবোৰ সেই সময়ত অস্পষ্ট হৈ কেৱল বিপ্লৱৰ মুখখনহে তাইৰ চকুত স্পষ্ট হৈ আছিল চাগৈ! সেয়ে আগ পাছ নুগুনি, বৈধ-অবৈধ বিচাৰ নকৰি তাই বিনাবাক্যব্যয়ে তাৰ বাইকৰ পাছত উঠি গুচি আহিছিল৷ এদিন তাৰ মোমায়েকৰ ঘৰত লুকাই থাকি পাছদিনাহে এইখন চহৰলৈ বুলি বাচত উঠিছিল৷ দিনৰ দিনতো অহাৰ পাছত গধূলি সময়ত আহি সিহঁত ঘৰটোত সোমাইছিলহি৷ ভাৰাঘৰটো সি কিছুদিন আগতেহে থিক কৰা৷ বস্তু বিশেষ নাই৷ প্ৰথমটো কোঠাত প্লাষ্টিকৰ চকি দুখনৰ সৈতে এখন টেবুল৷ আনটোত দুজনে শুব পৰা কাঠৰ খাট এখন৷ বেৰত কাপোৰ ওলোমাই থব পৰাকৈ গজাল মাৰি হুঁক কেইটামান লগোৱা আছে৷ বেৰত এটা টি ভি৷ বাকী পাকঘৰটো দৰকাৰী বাচন বৰ্তন কেইটাৰ বাদে বেছি একো নাই৷
"কিৰিৰিৰিৰিং"
কলিংবেলটো বজাৰ শব্দই তাইৰ চিন্তাত যতি পেলালে৷ দৰ্জাখন খুলি দিলেগৈ আকাংক্ষাই৷ বিপ্লৱ আহি পাইছেহি৷ হাতত তাৰ কিহবাৰ টোপোলা এটা৷
"মাংস আছে৷ উলিয়াই পেলোৱাগৈ৷ আৰু শুনা, চৰ্বত এগিলাচহে দিয়া, চাহ নালাগে৷"
বিপ্লৱ ফ্ৰেচ হ’বলৈ গ’ল৷ আকাংক্ষাই চৰবতৰ বাবে পানীত নেমু চেঁপিলে৷ জোখমতে চেনী আৰু নিমখ দি চিঁচাৰ গিলাচ এটাত বাকি দিলে৷ বৰফৰ টুকুৰা দুটামান দিব পৰা হলে ভাল আছিল৷ পিছে ফ্ৰিজ নাই এতিয়ালৈকে৷ গৰম পৰিছে৷ তাতে ওপৰমহলাত থকাৰ বাবে বেছি গৰম!
"মাংস ড্ৰাই ফ্ৰাই কৰিবা দেই৷ গ্ৰেভী নালাগে৷"
কৈ বিপ্লৱে টি ভিটো লগাই লৈ দক্ষিণ ভাৰতীয় চিনেমা দিয়া চেনেলকেইটা সলাই সলাই চাই থাকিল৷ আকাংক্ষাই শলাগি পাকঘৰৰ ফালে গ’ল৷ একো সুবিধা নথকা পাকঘৰটোত তাই বৰ কষ্টৰে ৰন্ধাবঢ়া কৰিব লগা হৈছে৷ চুৰিখনেৰে আলু পিয়াজকেইটা গুচাই তাই আদা নহৰু গুচাবলৈ লাগিল৷ পিছে খুন্দিবলৈহে একো ব্যৱস্থা নাই৷ বিপ্লৱক কোৱাত সি যেনিবা ষ্টিলৰ গিলাচ এটাত আদা নহৰু দি কটাৰীৰ নালটোৱে খুন্দি লবলৈ উপদেশ দিলে৷ উপায় নাই৷ তাৰ ফৰমাইচ মানিবলৈ তাই এতিয়া বাধ্য৷ বিপ্লৱক বিচাৰিছিল তাই৷ পালেও৷
কিন্তু কেৱল তাকহে পালে৷ বিনিময়ত বহুত হেৰুৱালে!
মাক দেউতাকৰ মুখদুখন মনলৈ আহিলে তাইৰ বুকুখন শোকে খুন্দা মাৰি ধৰে৷ তাইৰ মৃত্যু হোৱা বুলিয়েই তেওঁলোকে ধৰি লৈছে৷ তাই যি কাম কৰিছে সেইটো চাই এয়া তাইৰ কম শাস্তিয়েই হৈছে৷ আৰু দিবাকৰহঁত? তেওঁলোকৰ ঠাইত আন মানুহ হোৱাহলে ইমানদিনে সিঁহত চাগৈ ভাৰাঘৰৰ পৰিৱৰ্তে থানা, পুলিচ কৰি থাকিব লাগিলহেঁতেন!
"আকাংক্ষা, ভাতটো আজি অলপ সোনকালে দিবা৷ ভোকেই লাগিল৷"
বিপ্লৱৰ চিঞৰ শুনি আকাংক্ষাই অলপ খৰধৰ কৰিলে৷ মাংস ফ্ৰাই কৰা হ’ল৷ দাইল বইল কৰি থোৱা আছে৷ ভাতৰ কুকাৰটোৰ হুইচেল দিলেই তাই দাইলত তেল মাৰি ভাত বাঢ়িব পাৰিব৷ ভাতৰ সৈতে দিবলৈ তাই নেমু এটাও কাটিবলৈ বুলি পলিথিনৰ কেৰী বেগটোৰ পৰা উলিয়াই ল’লে৷
চেডিষ্ট৷
এইটো শব্দ তাই কিতাপতহে পঢ়িছিল৷ কেইবা প্ৰকাৰৰ থাকে হেনো এনে লোক৷ আনক আনন্দ দি সুখানুভূতি পোৱা মানুহ! আনৰ যন্ত্ৰণাত হিয়া শাঁত পৰি যোৱা মানুহ এইবোৰ৷ বাহিৰৰ পৰা দেখি কিন্তু এনে মানুহ চিনিব নোৱাৰি৷ তায়ো নোৱাৰিলে৷ বিপ্লৱৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ সেই সময়ছোৱাত বিপ্লৱৰ ধৰ্ষকামী প্ৰকৃতিটো তাইৰ অজানা আছিল৷
জনাহ’লে!
সঁচাকৈয়ে জনাহ’লে তাই আজি দিবাকৰ হাজৰিকাৰ পত্নী হৈ, মাক-দেউতাকৰ আলফুলীয়া জীয়াৰীজনী হৈয়েই থাকিলহেঁতেন! নিজৰ ওপৰতেই কেতিয়াবা বিতৃষ্ণা আহে তাইৰ! কিছুমান মুহূৰ্তত দিবাকৰলৈ মনত পৰে আকাংক্ষাৰ৷ অথচ সেই দিবাকৰক তাই স্বইচ্ছাই ত্যাগ কৰি আহিছিল! দিবাকৰে আকাংক্ষাক স্পৰ্শ কৰিছিল তাৰ হৃদয়ৰ সমস্ত ভালপোৱাৰে৷ সেই কথা তাই অনুভৱ কৰিব পাৰিছিল৷ কিন্তু বিপ্লৱৰ স্পৰ্শত ভালপোৱাৰ আকুলতাবিহীন বন্য উন্মাদনাই তাইক কষ্ট দিয়ে৷ বিপ্লৱৰ বিকৃত আনন্দই তাইৰ শৰীৰটোৰ দৰেই মনটোকো ক্ষতবিক্ষত কৰে৷ ক্ৰমে মৰি যাবলৈ ধৰা মনটো লৈ কেনেকৈ জীয়াই থাকে মানুহ? বিচৰাটো পোৱাৰ পাছতো দেখোন মানুহ সুখী হ’ব নোৱাৰে নানানটা অজুহাতত! জীৱনত অপ্ৰয়োজনীয় বুলি প্ৰত্যাখ্যান কৰি মানুহ আহি মনত কেনেকৈনো ঘৰ কৰেহি? এই কথা আকাংক্ষাই নাজানে৷ কেনেবাকৈ যদি ইতিহাস সলনি কৰিব পৰা যন্ত্ৰ এটা থাকিলহেঁতেন! তাই চাগৈ ইমানদিনে বিপ্লৱক তাইৰ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰাই পঠিয়ালহেঁতেন! বিপ্লৱৰ বন্যতাৰ চিকাৰ হোৱাৰ যন্ত্ৰণাকাতৰ মুহূৰ্তবোৰত আকাংক্ষাৰ মনলৈ আৰ্তনাদ হৈ আহে এইবোৰ কথা৷
"ভাত যি হৈছে লৈ আহা আকাংক্ষা৷ ভোকত ৰৱ নোৱাৰিছো৷"
পুনৰ চিঞৰিলে বিপ্লৱে৷ আকাংক্ষাই বিচনাতে পুৰণি বাতৰি কাগজ এখন পাৰি দিলে৷ কাঁহী দুখনত ভাত বাঢ়ি কিনাৰে কিনাৰেই মাংস দি তাই লৰালৰিকৈ লৈ গ’ল৷ দাইলৰ বাতি দুটা লৈ যায় মানে বিপ্লৱে গো গ্ৰাসে ভাত খাবলৈ আৰম্ভ কৰিলেই৷
"তুমি খাবলৈ বহাৰ আগতে ভাত অলপ দি লোৱাচোন৷"
তাই গৈ পাকঘৰৰ পৰা কুকাৰটো খুলি দুহেতা ভাত তাৰ থালত দিলে৷এইবাৰ বিপ্লৱ সন্তুষ্ট হ’ল৷
ভোকটো জোখতকৈ বেছি তাৰ৷
আগলৈ
ভাল লাগিছে।
ReplyDelete