www.hunguti.in

Breaking

www.hunguti.in

Ads

Wednesday, July 28, 2021

অন্য এক অথেল’ (২৯)

 (২৯)


#অন্য_এক_অথেল’


         বিপাক্ষীৰ মেচেজটো পাই শশাংক সাংঘাতিকভাৱে আহত হৈ পৰিল৷ ভাত খাই উঠাৰ পাছত সি বিপাক্ষীৰ ফোনটো ধাৰাসাৰে লগাই আছিল৷ কিন্তু কমপক্ষেও বিশবাৰমান ফোন কৰাৰ পাছত তাই ফোন ৰিচিভ নকৰি মাত্ৰ এটা সৰু মেচেজ পঠিয়াই দিলে৷ আৰু এই সৰু মেচেজটোয়ে শশাংকৰ মনত যেন জুইহে লগালে৷ তাই লিখিছে, "মোৰ উকীলে তোমাৰ লগত কথা পাতিব৷ চ’ প্লিজ ডন্ট দিষ্টাৰ্ব মি৷" 

       ভয়ংকৰভাৱে অস্থিৰ হৈ পৰিল শশাংক৷ পুনৰ ফোন লগালে সি তাইলৈ৷ এইবাৰো ৰিং হৈ হৈ অফ হৈ গ’ল তাইৰ ফোন৷ আৰু তাৰ পাছৰবাৰ চুইচড্ অফ্৷ অসহ্য খঙত হাতৰ ফোনটো দলিয়াই পেলালে সি৷ নিজৰ চুলিবোৰকে নিজেই চিঙি যেন উঘালি পেলাব৷ টেবুলত থকা পানীৰ জাৰটো তাৰ হাতৰ খুন্দাত গৈ কৰবাত পৰিলগৈ৷ মূৰটোত ধৰি কিছুসময় ৰৈ গ’ল সি৷ আৰু তাৰপাছত কিবা ভাবি গাড়ীৰ চাবিটো লৈ বাহিৰলৈ ওলায় গ’ল৷ 

          তীব্ৰ বেগত গাড়ী চেকুৰালে সি৷ নিশা সেই সময়ত ৰাস্তাও খালী৷ আধাঘণ্টাৰ ৰাস্তা সি কিজানি আজি প্ৰায় আধা সময়তে অতিক্ৰম কৰিলে৷ বিপাক্ষীহঁতৰ ঘৰৰ সন্মুখ পাই সি দেখিলে, গেটত ইতিমধ্যে তলা লগোৱা হৈছে৷ গেটৰ সন্মুখত গাড়ীখন ৰখাই সি হেডলাইটৰ পোহৰটো সিহঁতৰ সন্মুখৰ দৰ্জাখনত পৰাকৈ ৰাখি উশাহ নোহোৱাৰ দৰে হৰ্ণটো মাৰিবলৈ ধৰিলে৷ 

        খন্তেক পাছতেই দৰ্জা খোল খালে৷ বিপাক্ষীৰ ককায়েক বাহিৰলৈ ওলায় আহিল৷ দৰ্জাৰ মুখত মুখদুখনমানে ভূমুকি মৰা সি আন্ধাৰটো প্ৰত্যক্ষ কৰিলে৷


"ইমান ৰাতিখন কিয় হৰ্ণ বজাইছা৷ এই ৰাতিখন মানুহবোৰ যে শুবলৈ লৈছে  সেই কথাটো ভবা নাই?" 


বিপাক্ষীৰ ককায়েকৰ কণ্ঠত উষ্মা৷


"বিপাক্ষী ক’ত? তাইক মাতি দিয়ক৷"


শশাংকই বিপাক্ষীক বিচাৰিলে৷


"তাই শুলে৷ কি ক’বলৈ আছে মোক কোৱা৷"


ককায়েকে তাইক ওলাই আহিবলৈ মানা কৰি থৈ আহিছে৷


"মিছা কথা৷ তাইক মাতকচোন৷ মোৰ কিবা এটা সুধিব লগা আছে৷"


শশাংক নাচোৰবান্দা৷ সি তাইক লগ নকৰাকৈ নাযায়৷


"কি কথা আছে দিনত আহি পাতিবা৷ এতিয়া ঘৰলৈ যোৱা৷" 


কৈ ককায়েক গেটৰ ওচৰৰ পৰা ভিতৰলৈ খোজ ললে৷ হয়ো, নিশা এঘাৰ বাজিবৰ হ’ল৷ শশাংক এইবাৰ নৰলেই৷ তলাবন্ধ গেটৰ ওপৰেদি বগাই সি সিপাৰ পালেগৈ৷ তাৰপাছত সি পোনে পোনে ভিতৰলৈ সোমাবলৈ বিচাৰিলে৷ 


"কিয় সোমাই আহিলা? তোমাক এতিয়া যাবলৈ কৈছোঁ নহয়৷ যোৱা৷"


ককায়েক দৰ্জাৰ মুখত ঢালৰ দৰে থিয় দিলে৷ উন্মাদৰ দৰে হৈ পৰা শশাংকই ককায়েক গাৰ জোৰেৰে থেলি ভিতৰলৈ যাবলৈ চেষ্টা কৰিলে৷ দুয়োটাৰে মাজত হতাহতিৰ দৰেই হ’ল৷ মাক আহি সিহঁতৰ মাজত সোমাবলৈ বিচাৰিলে৷ বিপাক্ষীও নিজৰ কোঠাৰ পৰা ওলায় আহিল৷ 


"এইবোৰ কি পাগলামি শশাংক? তুমি ইয়ালৈ কিয় আহিলা? মোৰ মেচেজ পোৱা নাছিল?"


বিপাক্ষী খঙত একোনাই হ’ল৷


"মেচেজ পায়েইতো আহিছোঁ৷ তই এতিয়াই মোৰ লগত বল৷ উকীলৰ ভয় দেখুৱাইছ? কোনটো উকীল কথা পাতিবলৈ আহে চাওঁ৷"


সি তাইৰ হাতত ধৰি টানি উলিয়াই বাহিৰলৈ আনিবলৈ চালে৷ 


হুলস্থূল এখনৰ সৃষ্টি হ’ল৷ মাকহঁতে তাইক টানি ৰখাবলৈ চালে৷ ককায়েকে তাৰ বজ্ৰমুঠিৰ পৰা তাইৰ হাতখন মুক্ত কৰিবলৈ বিচাৰোঁতে শশাংকৰ সৈতে পুনৰ ঠেলাঠেলি লাগিল৷ পংকজহঁতৰ ঘৰৰ মানুহবোৰ শুবলৈ লৈছিল৷ কিবা এটা হোৱা যেন অনুমান কৰি বাৰীৰ পাছফালৰ ৰাস্তাটোৰে সিহঁতো উপস্থিত হলহি৷ পংকজহঁতৰ ঘৰৰ মানুহবোৰ উপস্থিত হোৱা দেখি শশাংকক অলপ শান্ত হোৱা যেন দেখা গ’ল৷ 


"চাই লম মই সকলোকে৷ শশাংক বৰুৱাক চিনি পোৱা৷ আকৌ আহিম মই৷"


বিপাক্ষীৰ ফালে আঙুলি টোৱাই কৈ কৈ শশাংক গেটৰ ফালে অগ্ৰসৰ হ’ল৷ থৰক বৰক খোজেৰে অপ্ৰকৃতিস্থৰ দৰে দেখা গ’ল তাক৷ অহাৰ দৰেই তলাবন্ধ গেটখনৰ ওপৰেৰে পাৰ হৈ গৈ সি গাড়ী ষ্টাৰ্ট দিলেগৈ৷ 


বিপাক্ষীহঁতে যেন এতিয়াহে উশাহ ঘুৰাই পালে৷ পংকজহঁতৰ ঘৰৰ মানুহবোৰৰ আগত যথেষ্ট লাজো পাইছে৷ বিপাক্ষীয়ে অনুভৱ কৰিলে,আচলতে কথাবোৰ লুকুৱাব নালাগিছিল! আজি তেওঁলোক আহি নোলোৱাহ’লে কিজানি শশাংকই আৰু উৎপাত কৰিলেহেঁতেন! 

          মাকহঁতে পংকজহঁতৰ আগত কথাবোৰ কৈ থাকোঁতে   বিপাক্ষীৰ ককায়েকে  প্ৰাঞ্জললৈ ফোন কৰিলে৷ উকীল হিচাপে প্ৰাঞ্জলে আকৌ ঘটনাটোত স্কপ এটাও দেখা পালে৷ শশাংকৰ বিৰুদ্ধে মোকৰ্দমা তৰিবলৈ সাক্ষী, প্ৰমান এটাৰ যোগাৰ হ’ল তাৰমানে! পুলিচক ইনফৰ্ম কৰি থোৱাৰ কথা ক’লে প্ৰাঞ্জলে৷ নহ’লে আকৌ যে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহ’ব সেইটো ক’ব নোৱাৰি৷ 


"হ’ব আৰু৷ আপোনালোক শুৱকগৈ৷ নিশা বহুত হ’ল৷ আমিও যাওঁ৷"


পংকজৰ মাকে এইবুলি কোৱাতহে মানুহবোৰৰ সময়ৰ কথা মনলৈ আহিল৷ অতদেৰি থিয়ৈ থিয়ৈ কথা পাতি থাকোঁতেই বাৰটা বাজিবৰ হ’ল!

তেওঁলোক যোৱাৰ পাছত বিপাক্ষীহঁতো শুবলৈ বুলি ভিতৰ সোমাল৷ জীয়েকৰ অনাগত ভৱিষ্যতৰ চিন্তাত বিপাক্ষীৰ মাকৰহে গোটেই নিশা টোপনি নাহিল৷

        


আগলৈ


1 comment: