#চাহ ( অষ্টম খণ্ড )
সেইদিনা গধূলিয়েই কুন্দনে প্ৰিয়ংকাৰ ফোনটোৰ পৰা তাই গম নোপোৱাকৈ ৰুণিমাৰ ফোনৰ নম্বৰটো চেভ কৰি ল’লে ৷ "তোমাৰ বান্ধৱী ৰুণিমাৰ খবৰ পোৱানে? যঁজা ল’ৰা-ছোৱালী এহাল হৈছিল বুলি কৈছিলা নহয় ৷ কিমান ডাঙৰ হ’ল?" বুলি সোধা কুন্দনৰ প্ৰশ্নৰ উত্তৰত প্ৰিয়ংকাই আঙুলিৰ আগত কিবা এটা হিচাপ কৰি "তাইৰ ল’ৰা-ছোৱালীহালৰ সাতমাহ মানেই হ’লগৈ চাগৈ ৷ ফোন কৰিলেও কথা পাতিবলৈ সময় নাই তাইৰ ৷ বৰ বিজি হৈ থাকিব লাগে ৷ সেয়ে বৰকৈ ফোন কৰাই নহয় তাইক ৷ কৰিব লাগিব এদিন তথাপিও" বুলি তাই কৈ উঠিল ৷ "ল’ৰা-ছোৱালী হোৱাৰ পাছত এনেকুৱা হয়েই ৷ মাকবোৰৰ বেছিকৈ ৷ তোমাৰো হ’ব নহয় ৷" কুন্দনৰ দুষ্টালিভৰা কথাত প্ৰিয়ংকাৰ নাকৰ আগটো অকনমান ৰঙা পৰিল ৷
আচলতে সিহঁতে আৰু এবছৰমান যোৱাৰ পাচতহে লৰা-ছোৱালী এটাৰ পৰিকল্পনা কৰিম বুলি ভাবিছিল ৷ আৰু ছমাহৰ পাছত তাৰ চলি থকা প্ৰজেক্টটো শেষ হ’ব ৷ তাৰ পাছত কোম্পানীয়ে আন ঠাইলৈ তাক পঠিয়াব ৷ নতুন ঠাইত থিতাপিটো ভালকৈ লোৱাৰ পাছতহে কিবা এটা ভবাৰ কথা দুয়োটাৰে ৷ এনেই বৰ সপ্ৰতিভ ছোৱালীজনীয়ে কেঁচুৱা এটাৰ কথা কৈ কোনোবাই জোকালে লাজতে গোটেইজনী ৰঙচুৱা হৈ পৰে ৷
পাছদিনা অফিচৰ পৰাই সি ৰুণিমালৈ ফোন লগাই ৷ নাই , ৰিং কৰি কৰি ফোনটো বন্ধ হৈ গ’ল ৷ দুবাৰ কৰিলে সি ৷ আধাঘণ্টামানৰ পাছত কৰিম বুলি অফিচৰ কেন্টিনত চাহ একাপ খাবলৈ বুলি ওলাই যাওঁতেই সহকৰ্মী ৰাজবীৰে মাতিলে ৷ অনবৰত হাঁহি স্ফুৰ্তিত থকা ৰাজবীৰৰ লগতে গৈ কেন্টিনত চাহকাপ খোৱাৰ পাছত তাৰ মনটো অকনমাণ মুকলি লাগিল ৷ ৰাজবীৰৰ কৌতুকবোৰ শুনি হাঁহিলেও সি ৷ নহলে যিমানহে উৎকণ্ঠাত তাৰ দিনবোৰ পাৰ হৈছে !
কুন্দনে কেবিনৰ ৰিভলভিং চেয়াৰখনত বহি সি এইবাৰ আকৌ ৰণিমালৈ ফোনটো লগালে ৷ এইবাৰ যেনিবা তাই ফোনটো ৰিচিভ কৰিলে ৷ সি নিজৰ চিনাকিটো দি তাইৰ ভাল বেয়াৰ খবৰ ললে ৷ এটা বিশেষ কথা সুধিবলৈ আছে বাবেই প্ৰিয়ংকাৰ অগোচৰে সি তাইলৈ ফোন কৰিছে বুলিও ক’লে ৷ ৰুণিমা উৎকণ্ঠিত হ’ল ৷ কুন্দনে থুলমুলকৈ কথাখিনি তাইৰ আগত কৈ ৰশ্মিৰ প্ৰসংগও উলিয়ালে ৷ সঁচাকৈয়ে ৰশ্মি নামৰ কোনোবা সিহঁতৰ লগত আছিল নেকি আৰু যদি আছিল তাই বৰ্তমান ক’ত ?
ৰুণিমাৰ লগত কথাবোৰ পাতি থাকোঁতে তাইৰ কণমানিজনীৰ কান্দোন সি শুনিবলৈ পালে ৷ ৰুণিমাই "এইক শুৱাই লৈয়েই মই ফোনটো কৰি আছোঁ দেই ৷" বুলি কৈ ফোনটো থলে ৷ এইবাৰ সি প্ৰিয়ংকালৈ ফোন এটা কৰিলে ৷ তাইৰ স্বাভাৱিক কণ্ঠই তাৰ মনটো অলপ ভাল লগালে ৷ এইবাৰ ৰুণিমাৰ ফোনটোৰ অপেক্ষাত ফোনটো মুখৰ আগত ৰাখি সি বহি থাকিল ৷
আধাঘণ্টামানৰ পাছত ৰুণিমাৰ ফোন আহিল ৷ তাইৰ ল’ৰাটো শুই আছে , ছোৱালীজনীয়েহে শুবলৈ আমনি কৰি আছিল ৷ তাইক শুৱায়েই তাই লগে লগে কুন্দনলৈ ফোনটো লগাইছে হেনো ৷ মৰমৰ বান্ধৱীৰ অসুখৰ কথা শুনি তাইৰো মনটো বেয়া ৷ কুন্দনে তাইক ৰশ্মিৰ কথা সুধিলে ৷ লগতে প্ৰিয়ংকাৰ সৰুকালৰ কিবা কবলগীয়া কথাও আছে যদি জানিবলৈ বিচাৰিলে ৷ কিজানি চিকিৎসকজনৰ কিবা কামত আহেই বা কথাবোৰ !
কুন্দনৰ কথা শুনি ৰুণিমাই জনা কথাবোৰ এফালৰ পৰা কৈ গ’ল ৷ সিও বৰ আগ্ৰহেৰে শুনি থাকিল ৷
পিছৰ চোৱা জানিবলৈ উৎকণ্ঠা বাহি গৈছে
ReplyDeleteবৰ আগ্ৰহেৰে ৰৈ আছো।
ReplyDeleteWaiting for next part
ReplyDelete