www.hunguti.in

Breaking

www.hunguti.in

Ads

Wednesday, July 15, 2020

চুটি গল্প (দুঃস্বপ্নৰ শেষত)

#গল্প
#দুঃস্বপ্নৰ শেষত




এইকেইদিন মামুনুৰ মনটো একেবাৰে ভাল নহয় ৷ আঠ বছৰীয়া মামুনু দ্বিতীয় শ্ৰেণীৰপৰা তৃতীয় শ্ৰেণীলৈ পাইছে মাত্ৰ ৷ ঘৰত কেৱল তাই আৰু দুটা যঁজা ভায়েকৰ সৈতে মাকহে থাকে ৷ দেউতাক চাকৰিসূত্ৰে বেলেগ এখন চহৰত থকাৰ বাবে তেওঁ মাজে মাজেহে ঘৰলৈ আহিব পাৰে ৷ ভায়েককেইটাৰো তিনিমাহহে হৈছে মাত্ৰ ৷ মামুনুয়ে মন কৰিছে ভায়েক দুটা হোৱাৰ পৰা মাকে তাইক গুৰুত্ব নিদিয়া হৈছে ৷ অকল সিহঁত দুটাৰ লগতে ব্যস্ত থাকে ৷ তাতে সেইদিনা স্কুলত তাইৰ লগৰ কংকনাই ক'লে বোলে তাইক হেনো মাকে অলপো মৰম নকৰে ৷ অকল ভায়েকটোকহে কৰে ৷ কাৰণ তাইক হেনো কাৰোবাৰ পৰা আনি তুলি লোৱাহে ৷ ভায়েকটো জন্ম নহওঁতে মৰম নকৰা নহয় , কিন্তু এতিয়া তাইক মাকে তিলমানো গুৰুত্ব নিদিয়া হ'ল ৷ বচ্ , সেইদিনাৰে পৰা মামুনুৰ মনতো সেই চিন্তাটো সোমাই গ'ল ৷ তাই বাৰু মাক দেউতাকৰ নিজৰ সন্তান নহয় নেকি? কংকনাৰ দৰে কাৰোবাৰ পৰা আনি তুলি লোৱা নেকি বাৰু? হলেও , দেউতাকেটো তাইক আগৰ দৰেই মৰম কৰে ! মাজে মাজে যেতিয়া কামৰ জেগাৰ পৰা আহে, তেওঁ সদায় তায় ভালপোৱা চক্ লেট আৰু মিঠাই লৈ আহে ৷ নহলে সৰুতে আইতাকৰ মুখত শুনা 'তেজিমলা'ৰ সাধুটোৰ দৰে এইয়া তাইৰ মাহীমাক নেকি? কি ঠিক? কিজানি তাইৰ আচল মাক সৰু থাকোঁতে মৰি গ'ল ! সেইকাৰণে চাগৈ দেউতাকে আকৌ বিয়া পাতিলে ৷ হয় নেকি বাৰু? ভাবি ভাবি পাৰ নাপায় তাই ৷ পুৰণি এলবামটো খুচৰি খুচৰি চালে তাই ৷ কিজানবা দেউতাকৰ লগত কাৰোবাৰ পুৰণি ক'লা- বগা ফটো পায়েই বা ৷ কিন্তু নাই ৷ তাই নিৰাশ হ'ল ৷
              "অই , উঠ ৷ কেইটা বাজিলে খবৰ আছে? স্কুল নাযাৱ নেকি? " বুলি মাকে তাইক টিকাতে এচাট দি জগাই দিলে ৷ খকমকাই উঠি মামুনুৱে ঘড়ীটো চালে ৷ সাত বাজি গ'ল ৷ আচলতে ৰাতি এইবোৰ কথা ভাবি ভাবি বহুতদেৰিলৈকে তাইৰ টোপনি অহা নাছিল ৷ সেয়ে ৰাতিপুৱা সাৰ পোৱাত পলম হ'ল ৷ ইফালে আকৌ মাকে ভায়েকহঁতে সাৰ পাব বুলি টিপি টিপি খোজ কাঢ়ে ৷ তাইকহে মাৰি পিটি জগায় ৷ মনতে আক্ষেপ এটা লৈ তাই গা ধুবলৈ গ'ল ৷ গা ধুই আহোতে আকৌ ফ্ৰকটোও চেপি মেলি আহিবলৈ কয় মাকজনীয়ে  আজিকালি ৷ গা ধুই আহি দেখিলে, দুয়োটা ভায়েকে বিচনাত খেলি আছে ৷ কোনোবা এটাই পায়খানাও কৰিলে ৷ মাকে সেইবোৰ অটাই অটাই তাইক ক'লে , "যাচোন , চৰুৰপৰা ভাত কেইটা উলিয়াই লৈ খা গৈ ৷ আকৌ ভালকৈ ঢাকোন মাৰি থবি কিন্তু ৷" মনটো দুখ লাগি আহিল মামুনুৰ ৷ অ, এতিয়া মাকে তাইক ভাতকেইটাও উলিয়াই আনি দিব নোৱাৰা হ'ল ৷ সঁচাকৈ চাগৈ তাই নিজৰ জীয়েক নহয় ৷ মনৰ দুখত এমুঠি মান মাত্ৰ ভাত লৈ খাই তাই স্কুললৈ বুলি ওলাই গ'ল৷ 
              স্কুলটো তাইৰ মনটো বেয়া লাগি থাকিল ৷ পঢ়াত মনোযোগী বুলি নাম থকা মামুনুক অন্যমনস্ক হৈ থকা দেখি শিক্ষয়িত্ৰীয়েও সুধিলেহি তাইৰ গা বেয়া নেকি বুলি ৷ মামুনুৱে মূৰ জোকাৰিলে নহয় বুলি ৷ মনত চলি থকা এইবোৰ কথাটো আৰু বেলেগক কব নোৱাৰি ৷ এদিন মাককে সুধিব লাগিব এই বিষয়ে ৷ মনতে ভাবিলে তাই ৷ পিচে ক'বজানো  সঁচা কথা? স্কুলৰ ছুটীৰ ঘন্টা বজাতহে তাই বাস্তৱ জগতলৈ আহিল ৷ 
              স্কুলৰপৰা ঘৰলৈ আহি দেখিলে , ভাতকেইটা টেবুলত তাইলৈ বুলি সজাই ঢাকি থৈছে ৷ দেখি তাইৰ মনটো অলপ হ'লেও ভাল লাগিল ৷ ৰাতিপুৱা ভালদৰে নোখোৱাৰ বাবে বৰ ভোকত আছিল ৷ গোটেইকেইটা ভাত চুচি-বাচি খাই তাই কাঁহীখন ধুই পেলালেগৈ ৷ কাৰণ মাকে কেতিয়াবা কেতিয়াবা নিজৰ ভাত খোৱা কাঁহীখন নিজে ধুবলৈ শিকিবৰ হ'ল বুলি কৈয়েই থাকে ৷ ভাতকেইটা খায় বিচনাত বাগৰ নিদিলেও  গালি খাব লাগিব তাই ৷ সদায় স্কুলৰ পৰা অহাৰ পাছত মাকে অলপদেৰি শুবলৈ দিয়েই তাইক ৷ নহলে গধুলি কিতাপ পঢ়োতে জলক জলক টোপনিয়ালে মাকে স্কেলপাত লৈ খেদি আহে ৷ টোপনি নগলেও তাই বিচনাত জোৰকৈ চকুদুটা মুদি পৰি থাকিল ৷ অলপ পাছতে কাষৰ বৰুৱা বৰ্তাৰ বৰমা আহি মাকৰ ওচৰত বহিলহি ৷ মাক আৰু বৰমাকৰ কথাবোৰ তাইৰ কাণত পৰি থাকিল ৷ "বৰ খিনাইছ অ তই এইকেইদিন ৷ চকুৰ গুৰি ক’লা পৰি গৈছে ৷ ৰাতি শুবলৈ নাপাৱ চাগৈ ভালকে ৷" বৰমাকে মাকক কৈছে ৷ "ন’কব বাইদেউ ৷ দুটা যঁজা ল'ৰা অকলে ডাঙৰ কৰা মুখৰ কথা নহয় ৷ মানুহজন লগত থকা হ'লেও অলপ সকাহ পাওঁ ৷ এতিয়া অকলে অকলে কোনফালে চাওঁ? তাতে ল'ৰামানুহৰ আমনিও বেচি ৷ মামুনুৰ দিনতহে মই একো কষ্ট নাপালোঁ দেই ৷ ছোৱালীজনীয়ে গাত থকাৰেপৰা মোক একো আমনি নিদিলে ৷" উস্ , কথাষাৰ কাণত পৰি মামুনুৰ বুকুৰপৰা ডাঙৰ বোজা এটা নামি যোৱাৰ নিচিনা লাগিল ৷ তাইৰ তাৰমানে এইয়া নিজৰেই মাক ! হয়তো ! দুটাকৈ ভায়েকক চাব লাগে কাৰণেহে মাকে তাইক চাবলৈ সময় নোপোৱা হ'ল ৷ এনেই এইকেইদিন কিবাকিবি চিন্তাবোৰ আহি আছিল মনলৈ ৷ ভাবি ভাবি এক মিঠা আৱেশত মামুনুৰ চকুৰ পটা জাপ খাই গ'ল ৷ 

২৮/৯/২০১৯
স্বপ্না দত্ত ভৰালী ৷

10 comments: