#চাহ ( সপ্তম খণ্ড )
পাছদিনা মাধৱনক লগ কৰিবলৈ কুন্দন অফিচৰ পৰা বাহিৰে বাহিৰে তাৰ চেম্বাৰ পালেগৈ ৷ তাৰ লগত আধাঘণ্টা মান কথা পাতি কুন্দন যাবলৈ ওলাল ৷ মাধৱনৰ নিৰ্দেশ দিয়া ধৰণেই সি আগবাঢ়িব বুলি তাক কথা দি আহিল ৷
সেইদিনা চাহ খোৱাৰ সময়ত সি উপযাচিয়েই ৰশ্মিৰ কথা উলিয়ালে ৷ তাইক যে এদিনো লগ পোৱা নাই আৰু পাবলৈ ইচ্ছা কৰিছে তাকো ক’লে ৷ প্ৰিয়ংকা উৎসাহিত হ’ল ৷ এদিন দুয়োটা ৰশ্মিহঁতৰ ঘৰলৈ গৈ চাৰপ্ৰাইজ দিব বুলিও প্লেন কৰিলে ৷
দুদিনৰ পাছতে ৰবিবাৰ ৷ সেইদিনা সিহঁত দুয়োটা ৰশ্মিহঁতৰ ঘৰলৈ বুলি ওলাল ৷ ঠিকনা সেই আগৰটোৱেই তাই লিখি লৈছে ৷ প্ৰিয়ংকাৰ হাতত থকা এড্ৰেছটোৰ মতেই গৈছে সিহঁত ৷ এপাৰ্টমেণ্টৰ ওচৰ পোৱাত "গেটত থকা চিকিউৰিটি গাৰ্ডজনক সোধাচোন" বুলি সি তাইকেই আগবঢ়াই দিলে ৷ তাই আগবাঢ়ি গৈ সৌৰভ বৰুৱাৰ তালৈ আহিছোঁ বুলি কোৱাত গাৰ্ডজনে তেনে নামৰ কোনো তাত নাথাকে বুলি কোৱাত প্ৰিয়ংকা আচৰিত হ’ল ৷ তাই বিশ্বাস নকৰাত গাৰ্ডজনে ৰেজিষ্টাৰখনো মেলি দেখুৱালে ৷ আচৰিত হোৱা যেন দেখুৱাই কুন্দনে তাইৰ পৰা ৰশ্মিৰ ফোন নম্বৰটো সুধি ডায়েল কৰি লাউড স্পিকাৰত লগায়ো দিলে ৷ কোঁট কোঁট শব্দ কৰিল আৰু তাৰ পাছত "This number doesn’t exist " বুলি কৈ থাকিল প্ৰত্যেকবাৰতে ৷ হতচকিত প্ৰিয়ংকাক লৈ কুন্দন এইবাৰ ঘৰলৈ ঘুৰিল ৷
ঘৰলৈ আহিও প্ৰিয়ংকাই ৰশ্মিৰ কথাকে কৈ থাকিল ৷ "এড্ৰেচটো ভুল হ’ল নেকি" বুলি বা "ফোনটো টো যাব লাগিছিল, নগ’ল যে" বুলি বাৰে বাৰে কৈ থাকিল ৷
পাছদিনা কুন্দন অফিচলৈ গৈয়েই মাধৱনৰ লগত আগদিনাৰ কথাবোৰ পাতিলে ৷ মাধৱনে ক’লে যে সাধাৰণতে এনে ৰোগীয়ে তেওঁ যে ভ্ৰমৰ মাজত আছে আৰু যাক দেখি আছে সেইজনৰ অস্তিত্ব নাথাকিবও পাৰে বুলি বিশ্বাস নকৰে ৷ এনে কিছু ৰোগীয়ে কেতিয়াবা কাল্পনিক কোনো মানুহৰ লগত কথা পতাৰ বিপৰীতে কোনো কোনোৱে চিনাকি কাৰোবাকো নিজৰ ওচৰে পাজৰে দেখি থাকিবও পাৰে ৷ ৰশ্মি নামৰ কাৰোবাৰ সঁচাকৈয়ে অস্তিত্ব আছেনে নে ৰশ্মি প্ৰিয়ংকাৰ কল্পনাৰ ফচল সেইটো কথাও মাধৱনে জানিব খুজিলে ৷ কুন্দনে যিমান পাৰে সোনকালে অসমত থকা , তাইৰ ঘনিষ্ঠ কাৰোবাৰ পৰা ৰশ্মি সম্বন্ধে জানিবলৈ চেষ্টা কৰিব বুলি তাক কথা দিলে ৷ কাৰণ ডাক্তৰ হিচাপে মাধৱনে ৰোগীৰ সকলোখিনি কথা জানিলেহে চিকিৎসা কৰিবলৈ সহজ হ’ব ৷ সেইটো কুন্দনে পুৰামাত্ৰাই জানে ৷ আৰু প্ৰিয়ংকাৰ আৰোগ্যৰ বাবে সি যিমানখিনি কৰিব লাগে কৰিবলৈ সাজু ৷
অফিচৰ কাম কৰি থাকোঁতে সি অন্যমনস্ক হৈ থাকিল ৷ মনতে পাগুলি থাকিল, কালৈ ফোন কৰিলে সি ৰশ্মিৰ খবৰ পাব ! নিশ্চয়কৈ তাইৰ কোনোবা বান্ধৱীৰ পৰা ৷ আৰু তাইক ভালকৈ জনা তাইৰ ঘনিষ্ঠ বান্ধৱী কোন হ’ব পাৰে ভাবি থাকোঁতেই তাৰ ৰুণিমাৰ কথা মনত পৰিল ৷
ৰুণিমা তাইৰ সৰুকালৰ বান্ধৱী ৷ কলেজলৈকে একেলগে পঢ়া ৷ তাইতকৈ আগতেই ৰুণিমাৰ বিয়া হৈ গ’ল ৷ গুৱাহাটীত থকা ৰুণিমা সিহঁতৰ বিয়াৰ অভ্যৰ্থনাত বিশ্বনাথ চাৰিআলিৰ ঘৰলৈ স্বামীৰ সৈতে গৈয়ো আহিছিল ৷ আগতে ৰুণিমাৰ লগত প্ৰিয়ংকাই মাজে মাজে কথা পতা গম পাইছিল ৷ মাজতে ৰুণিমাৰ যঁজা ল’ৰা-ছোৱালী এহালো হোৱাৰ কথা কৈছিল ৷ কিন্তু আজি ভালেমান দিন তাইৰ মুখত ৰুণিমাৰ কথা শুনা নাই ৷ দুটাকৈ যঁজা লৰা-ছোৱালী ডাঙৰ কৰোঁতে আচলতে তাইৰ চাগৈ ফোনত কথা পাতিবলৈ সময়েই উলিয়াব নোৱাৰে ৷ সেয়ে হয়তো প্ৰিয়ংকাই তাইলৈ বৰকৈ ফোন নকৰে ৷ হ’লেও কুন্দনে ৰুণিমাৰ পৰাই ৰশ্মিৰ খবৰটো ল’ব লাগিব বুলি মনতে ঠিক কৰিলে ৷ তাই নিশ্চয় জানিব তেনে নামৰ সঁচাকৈয়ে কোনোবা বান্ধৱী প্ৰিয়ংকাৰ জীৱনত আছিলনে নাই !
সোনকালেই পিছৰ খণ্ড দিয়ক। বাট চাই আছো।
ReplyDeleteহয় হয় 😊😊😊😊😊
ReplyDeleteঅষ্টম খণ্ডৰ অপেক্ষাত।।।
ReplyDeleteৰৈ আছো । বাইদেউ সোনকাল কৰে যেন
ReplyDelete