#চাহ ( খণ্ড-১১ )
ৰুণিমাৰ পৰা শুনা কথাবোৰ নিশ্চয়কৈ প্ৰিয়ংকাৰ চিকিৎসাত সহায় হ’ব বুলি কৈ কুন্দনে তাইক ধন্যবাদ জনালে ৷ ৰুণিমাই প্ৰিয়ংকাই আৰোগ্য লাভ কৰাত আৰু কিবা সহায়ৰ প্ৰয়োজন হ’লে তাইলৈ ফোন কৰিবলৈ ক’লে ৷ কুন্দনে ডাক্তৰৰ লগত আলোচনা কৰাৰ পাছত তাইক জনাব বুলি কথা দিলে ৷ আৰু মাজে মাজে প্ৰিয়ংকালৈ ফোন কৰি খবৰ ল’বলৈও অনুৰোধ জনালে ৷
ৰুণিমাৰ লগত হোৱা সকলোবোৰ কথা কুন্দনে আহি এইবাৰ মাধৱনক জনালেহি ৷ মাধৱনে সকলো কথা বৰ মন দি শুনিলে ৷ আগতে প্ৰিয়ংকাহঁতৰ মাক বা দেউতাকৰ পৰিয়ালত কোনোবা মানসিক ৰোগী আছিলনেকি সেইটোও পাৰিলে জানিবলৈ চেষ্টা কৰিবলৈ ক’লে ৷ আৰু ৰশ্মিৰ অস্তিত্ব যিহেতু আছে , তেন্তে তাই বৰ্তমান ক’ত, কেনেকৈ আছে সেইটোও কেনেবাকৈ জানিব পাৰিলে তাইক দৰকাৰ হ’লে প্ৰিয়ংকাৰ আগলৈ আনিব লাগিব বুলিও তেওঁ মন্তব্য কৰিলে ৷ কুন্দনে মাধৱনে বিচৰা ইনফৰ্মেচনবোৰ যিমান পাৰে সোনকালে আনি দিবলৈ চাব বুলি প্ৰতিশ্ৰুতি দিলে ৷
মাধৱনৰ লগত আলোচনাৰ পাছত সি পুনৰ ৰুণিমালৈ ফোন কৰিলে ৷ মাধৱনে জানিবলৈ বিচৰা কথাকেইটা তাইক কৈ পাৰে যদি সহায় কৰিবলৈ সি অনুৰোধ কৰিলে ৷ ৰুণিমাই যিমান পাৰে সোনকালে খবৰবোৰ আনিবলৈ চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দিলে ৷ কুন্দনে অফিচ চলি থকাৰ সময়তহে তাইক ফোন কৰিবলৈ ক’লে ৷ নহ’লে ঘৰৰ পৰা এইবোৰ কথা আলোচনা কৰিবলৈ অসুবিধা ৷
কুন্দনে আশা কৰাৰ দৰেই দুদিনৰ পাছত ৰুণিমাৰ ফোন আহিল ৷ ৰুণিমাই যিমান দূৰলৈ জানে , সিহঁতৰ বংশ পৰিয়ালত মানসিক ৰোগী কোনো নাছিল ৷ তাই সিহঁতৰ পুৰণি চিনাকে কাৰোবাক কাৰোবাক ফোন কৰি জানিবলৈ চেষ্টা কৰিছিল , কিন্তু সকলোৱে নাছিল বা গম নাপাওঁ জাতীয় উত্তৰেই পাইছিল ৷ ৰশ্মিৰ খবৰ উলিয়াবলৈ চেষ্টা কৰি থকাৰ কথা ক’লে তাই ৷ কিন্তু সফল হোৱা নাই এতিয়ালৈকে ৷ তাতে সৰুকালতেই দেখা ৷ দেউতাক পুলিচ বিভাগত কাম কৰিছিল বুলি জানে কিন্তু নামটোও নাজানে তেওঁৰ ৷ ফেচবুকত থাকিলেও তাইৰ চেহেৰাটো দেখিলেও চিনি নাপাব ৷ সৰুতেই দেখা যে ৷ কিবা খবৰ পালেই জনাব বুলি কৈ তাই ফোনটো থলে ৷
ইয়াৰ মাজতে প্ৰিয়ংকাৰ এদিন কাম কৰা মানুহজনীৰ ওপৰত উগ্ৰ খং উঠিল ৷ কিবা কাম এটা পচন্দ নোহোৱাত ইমান ডাঙৰ ডাঙৰকৈ চিঞৰি গালি পাৰিবলৈ ধৰিলে যে কুন্দন কিংকৰ্তব্যবিমূঢ় হৈ পৰিল ৷ সৰু কথা এটা মাত্ৰ ৷ তাতেই ইমানকৈ উত্তেজিত হৈ পৰা প্ৰিয়ংকাক সি যেনে তেনে শান্ত কৰিবলৈ চালে ৷ কাম কৰা মানুহজনীক বেয়া পাবলৈ মানা কৰিলে সি ৷ কথাবোৰ লাহেকৈ বুজি উঠা মানুহজনীয়ে মুৰ দুপিয়াই শলাগিলে ৷
অলপ দেৰিকৈ প্ৰিয়ংকা স্বাভাৱিক অৱস্থালৈ আহিল ৷ তাইৰ ব্যৱহাৰৰ বাবে লজ্জিত হৈ অনুতাপো কৰিলে ৷ কুন্দনে "কেতিয়াবা এনে হয়েই বুলি" তাইক আশ্বস্ত কৰিলে ৷ মাধৱনক কথাটো কোৱাত "মাজে মাজে এনে ধৰণৰ আচৰণৰ পৰিৱৰ্তন দেখা পোৱা যায়েই" বুলি তাক জনালে ৷ লগতে কেতিয়াবা টোপনি কম হোৱা , মানুহৰ লগত মিলামিছা কৰিবলৈ মন নকৰা, পৰিষ্কাৰ পৰিচন্নতাৰ প্ৰতি আগ্ৰহ কম হোৱা , যিকোনো অৰ্থহীন কথা কৈ থকা জাতীয় লক্ষণো দেখা পোৱা যাব পাৰে ৷ মানুহক অনাহকত সন্দেহ কৰা বা বিশ্বাসত নোলোৱাও সাধাৰণতে কিছু কিছুৰ ক্ষেত্ৰত দেখা যায় ৷ এনে পৰিস্থিতি হ’লে শান্তভাৱে , খং ৰাগ বা চিঞৰ বাখৰ , বিৰক্তি আদি প্ৰকাশ নকৰাকৈ তাইৰ লগত কথা পাতিবলৈ উপদেশ দিলে সি ৷ কোনেও যাতে ঠাট্টাৰ সুৰত কথা নাপাতে তাকো লক্ষ্য ৰাখিবলৈ ক’লে ৷
মাধৱনৰ লগত কথা পাতি মনটো অকনমাক শান্ত হ’ল কুন্দনৰ ৷ সিও সোনকালেই তাইৰ আৰোগ্যৰ বাবে যেনে ধৰণৰ চিকিৎসা ল’ব লাগে অনতিপলমেই লব বুলি কুন্দনক কথা দিলে ৷ মাত্ৰ মাধৱনে জানিবলৈ বিচৰা তথ্যখিনি দি থাকিলে তাৰ সুবিধা হ’ব ৷
ভাল লাগিল। ৰৈ আছো পিছৰ খণ্ডলৈ
ReplyDelete