#চাহ ( খণ্ড-১৪ )
পাছদিনা ৰাতিপুৱা প্ৰিয়ংকাক যেন কিছু সতেজ দেখা গ’ল ৷ ৰাতিপুৱা কিছু সোনকালে উঠি গা ধুই কুন্দনৰ মনপচন্দৰ বন্ধাকবিৰ পাৰাঠা বনালে ৷ লগত অকনমান ক্ষীৰ ৷ কুন্দনৰ ভাল লাগিল ৷ আবেলি দুয়োটা মাধৱনক লগ কৰিবলৈ গৈ গধূলিৰ সাজ বাহিৰতে খাম বুলিও ক’লে ৷ হেডফোনত ধুনীয়া ধুনীয়া গাণ দুটামান শুনি শুনি তাইক ভাললগা কাম কিবা এটা কৰি থাকিবলৈ কৈ গ’ল ৷ কাৰণ তাক মাধৱনে এবাৰ কথা প্ৰসংগত কৈছিল যে এনে ৰোগীয়ে হেডফোন লগাই গাণ শুনি থাকিলেও তেওঁলোকে শুনি থকা যিকোনো শব্দবোৰ কাণলৈ ক’মকৈ আহে ৷
অফিচৰ পৰাই ৰুণিমালৈ কুন্দনে ফোন কৰিলে ৷ ৰুণিমাই প্ৰিয়ংকাৰ কথাবোৰ আগ্ৰহেৰে শুনিলে ৷ যিহেতু মাধৱনে প্ৰিয়ংকাক চাইক’থেৰাপি দিয়া আৰম্ভ কৰিব , তেতিয়া তাইৰ সহায়ৰ প্ৰয়োজন হবও পাৰে বুলি সি কৈ থলে ৷ ৰুণিমাই যেতিয়াই প্ৰয়োজন হয় তাই সহায়ৰ বাবে প্ৰস্তুত বুলি কুন্দনক কথা দিলে ৷ অফিচত থাকোঁতে সি তিনিবাৰ ফোন কৰিলে প্ৰিয়ংকালৈ ৷ তাই সি ভালপোৱা চকলেট কেক্ এটা বেক্ কৰিছোঁ বুলি কোৱাত সুখী হ’ল সি ৷
আবেলি অফিচৰ পৰা অলপ সোনকালে ঘুৰিল সি ৷ গৈ পোৱাৰ পাছত প্ৰিয়ংকাই উৎসাহেৰে চাহ যাঁচিলেহি তাক ৷ চকলেট কেক্ ৰ প্ৰশংসা কৰাত প্ৰিয়ংকাৰ চকুদুটা উজ্জ্বলি উঠিল ৷ অলপপৰ জিৰণি লৈ কুন্দনে তাইক সাজু হ’বলৈ ক’লে ৷ গধূলি ছয়মান বজাত দুয়োটা ওলাই গ’ল ৷
মাধৱনৰ চেম্বাৰ পোৱাৰ পাছত ৱেটিং ৰুমত বহিবলৈ নাপালেই ৷ ল’ৰা এজনে সিহঁতক ভিতৰলৈ মতা বুলি ক’লে ৷ আচলতে মাধৱনে সিহঁতৰ বাবেই অপেক্ষা কৰি আছিল ৷
খুউব সহজতেই মাধৱনে পৰিবেশটো আনন্দময় কৰি পেলালে ৷ প্ৰিয়ংকাৰ অসুখৰ বাবে তাৰ চেম্বাৰলৈ অহা যেন নালাগি এনেই যেন ক’ৰবালৈ ফুৰিবলৈ আহিহে তাক মাতষাৰ লগাবলৈ সোমাল তেনে যেনহে লাগিল দুয়োটাৰে ৷ চেন্স অব হিউমাৰৰ বাবেই লগৰ সকলোৰে প্ৰিয়পাত্ৰ মাধৱন ৷
প্ৰিয়ংকাক খুউব সহজভাৱেই মাধৱনে কথাবোৰ কৈ গ’ল ৷ মনোৰোগ বিশেষজ্ঞৰ লগত যিকোনো মানসিক সমস্যা আলোচনা কৰাতো একো ডাঙৰ কথা নহয় ৷ আগতে মানুহে চাইক’লজিষ্টৰ ওচৰলৈ আহিবলৈ লাজ কৰিছিল ৷ কিন্তু এতিয়া আগৰ দিন নাই ৷ আজিকালি মানুহে মনটো অকাৰণতে বেয়া লাগি থাকিলে নাইবা খংটো বেছি হ’লেও চাইক’লজিষ্টৰ পৰামৰ্শ লয় যিটো খুবেই প্ৰয়োজনীয় ৷ কাৰণ তেতিয়া পাছলৈ হ’বপৰা জটিলতাৰ পৰা মুক্ত হৈ থাকে ৷ আনকি মাইকী মানুহৰ মেন’পজৰ সময়তো পৰিৱৰ্তিত মানসিক অৱস্থাৰ বাবে বহুতে চাইক’লজিষ্টৰ পৰামৰ্শ লৈ সুফল পাইছে ৷
মাধৱনৰ সকলোবোৰ কথা মন দি শুনিলে প্ৰিয়ংকাহঁতে ৷ ঘৰলৈ যোৱাৰ আগত কফিও খুৱালে মাধৱনে ৷ প্ৰিয়ংকাক মাজে মাজে কুন্দনৰ সৈতে চেম্বাৰলৈ আহি থাকিবলৈ ক’লে ৷ প্ৰিয়ংকা একেমুখে ৰাজী হ’ল ৷
মাধৱনৰ পৰা বিদায় লৈ প্ৰিয়ংকাহঁতে ৰেষ্টুৰেণ্টত একেবাৰে ডিনাৰ কৰিহে ঘৰ সোমালহি ৷ আহি তাই "কোনটো টেবলেট খাব লাগেনো এতিয়া?" বুলি নিজেই টেবলেটটো খোৱাত তাৰ ভাল লাগিল ৷
এনেদৰে মাজে মাজে প্ৰিয়ংকাৰ চাইক’থেৰাপি চলি থাকিল ৷ আগতে চাইক’থেৰাপিৰ বিষয়ে বৰকৈ নজনা , আচলতে জানিবলৈ ইমান আগ্ৰহ নথকা কুন্দনে এতিয়াহে উপলব্ধি কৰিলে যে চাইক’থেৰাপিৰ উদ্দেশ্য ৰোগীক সলনি কৰা নহয় ৷ ইয়াৰ উদ্দেশ্য হল ৰোগীৰ মাজত এটা সজাগতা অনা , তেওঁলোকৰ নিজৰ লগতে আনৰ প্ৰতিও অনুকম্পা, শ্ৰদ্ধা, বুজাপৰা, গ্ৰহনযোগ্যতা আদি গুণবোৰ বৃদ্ধি কৰা ৷ সলনি হোৱা বা নোহোৱাটো সম্পূৰ্ণ ৰোগীৰ ওপৰত ৷
ভাল লাগি গৈ আছে। ইতিবাচক দিশলৈ গতি কৰিছে কাহিনীয়ে।
ReplyDelete