#কোন সেইয়া (২)
অবাক বিস্ময়েৰে মই চাই থাকিলোঁ ৷ বাথৰুমৰ পৰা এইমাত্ৰ ওলোৱা মোৰ পত্নীগৰাকীয়ে পাছফালৰ ৰছিডালত গৈ তিতা কাপোৰ কেইটা মেলি দিলেগৈ ৷ ইতিমধ্যে ভিতৰত থকা পত্নীগৰাকীও ওলাই আহিল ৷ কাপোৰ মেলি থকা গৰাকী আৰু ভিতৰৰ গৰাকী মুখামুখি হোৱাৰ লগে লগেই দুয়োগৰাকীয়ে সমান জোৰত চিৎকাৰ কৰি উঠিল ৷ হুঁচ নথকা মানুহৰ দৰে ৰৈ থাকি হঠাত 'মুমু' বুলি চিঞৰ এটা মাৰি মই ভিতৰলৈ দৌৰ মাৰিলোঁ ৷ মুমুক বুকুৰ মাজত লৈ মই থৰথৰকৈ কঁপিবলৈ ধৰিলোঁ ৷ দুয়োগৰাকীকে ভিতৰলৈ সোমাই অহা দেখা পাই মই মুমুক লৈ বাহিৰলৈ দৌৰ মাৰিলোঁ ৷ একেকোবে গেটখন খুলি এইবাৰ মই আমাৰ ঘৰৰ পৰা কিছু আঁতৰত থকা বীৰেণ শইকীয়াৰ ঘৰত গৈ সোমালোগৈ ৷
মোক তেনেকৈ থৰকাচুটি হেৰুৱাই দৌৰি যোৱা দেখি তেওঁলোকো অবাহ হ’ল ৷ "কি হ’ল, কি হ’ল" বুলি সুধি থকাৰ সত্বেও ফোপনিৰ কোবত মোৰ মুখৰ মাতেই নোলাল ৷ শইকীয়াৰ পৰিবাৰে পানী এগিলাচ আনি দিয়াৰ পাছতহে মোৰ মুখৰ মাত ওলাল ৷ মুমুজনীয়ে মোক জোৰকৈ সাৱটি ধৰি টেপেচা মাৰিলে ৷ একে উশাহতে কথাবোৰ কৈ শইকীয়াক মোৰ ঘৰলৈ লগ ধৰিলোঁ ৷ কি বা হৈছে ঘৰত !
আমি কথা পাতি থাকোঁতেই দেখিলোঁ, গেট খুলি দুয়োজনী সোমাই আহিছে ৷ দুয়োজনী সাইলাখ একেই ৷ খোজে কাটল , গাৰ গঠনৰ পৰা শাৰীৰিক ভংগীমালৈকে দুয়োজনীৰ সাংঘাতিক মিল ৷ শইকীয়া আৰু শইকীয়ানী দুয়োজন থৰ হ’ল ৷
দুয়োজনী আহি বাৰাণ্ডা পালেহি ৷ দুয়োজনীয়ে দাবী কৰিবলৈ ধৰিলে যে তেওঁহে আচল ৷ দুয়োজনীয়ে মোক আচল হোৱাৰ প্ৰমাণ দিবলৈ উঠি পৰি লাগিল ৷ দুয়োজনীয়ে মুমুক লবলৈ বিচাৰি হাত মেলি আহিল ৷ মুমুয়ে ভয়তে চকুমুদি মোক সাৱটি ধৰি থাকিল ৷ মই এজনীৰ হাততো মুমুক দিবলৈ নিবিচাৰিলোঁ ৷
শইকীয়াই ওচৰৰ দুজনমানক ফোন কৰি মাতি আনিলে ৷ ময়ো মোৰ লগৰ বন্ধুকেইজনক আৰু ঘৰলৈ খবৰ দিয়াৰ কথা ভাবিলোঁ ৷ পিছে ফোনটো নাহিল লগত ৷ শইকীয়াৰ পৰা ফোন কৰিবলৈ নম্বৰো মনত নাই ৷ সেয়ে তাত গোটখাই থকা গোটেইকেইজন মোৰ লগত মোৰ ঘৰলৈ আহিল ৷ সিহঁত দুজনীও পাছে পাছে আহি থাকিল ৷
ঘৰ পাই প্ৰথমেই ককাইদেউলৈ ফোন কৰি খবৰটো দি মাতি পঠিয়ালোঁ ৷ পত্নীৰ ঘৰলৈয়ো খবৰ দিলোঁ ৷ লগৰ বন্ধু দুজনমানকো কথাটো ফোনত জনালোঁ ৷ শইকীয়াহঁতে মোক কিছুমান কথা কৈ থাকিল ৷ ঠাইখনত হেনো ৰাতি কেতিয়াবা কেতিয়াবা গুমগুমনিৰ দৰে অস্বাভাৱিক শব্দ শুনিবলৈ পায় ৷ কেঁচা মাটিত ডাঙৰ ডাঙৰ খোজৰ চিনো কোনো কোনোৱে দেখিছে ৷ যদিও আজিলৈকে কোনেও মুখামুখি নাই ৷
মোৰ ভয় লাগিল ৷ এজনী নিশ্চয় ভূত ! মাজতে দুদিনমান ডাঙৰ ক’লা মেকুৰী এটা আহি আহি ৰাতি ৰাতি বাৰাণ্ডাৰ চকি এখনত শুই শুই আছিলহি ৷ পত্নীয়ে সদায় শুৱাৰ আগত খেদি লৈ হে গ্ৰীলখন বন্ধ কৰে ৷ হবও পাৰে ৷ নহলে সম্ভৱ নেকি এনেকুৱা একেই মানুহ ওলোৱাটো ! মই জনাতটো পত্নীৰ যমজ ভগ্নীও নাই আহি ওলাবলৈ ! মোৰ সন্দেহৰ কথা শইকীয়াহঁতক কলোঁ ৷ তেওঁলোকেও এনে হোৱাৰ সম্ভাৱনা নথকা নহয় বুলি আশংকা ব্যক্ত কৰিলে ৷
এজন দুজনকৈ মোৰ বন্ধুবৰ্গ গোট খালেহি ৷ তাৰ পাছত অগা পিছাকৈ মোৰ ককাইদেউহঁত আৰু পত্নীৰ ভায়েক আৰু মাক ৷ মোৰ শাহু আহিয়েই কান্দিবলৈ ধৰি পৰিবেশটো আৰু জয়াল কৰি তুলিলে ৷ তেওঁক যেনিবা বুজাই বঢ়াই শান্ত কৰা হ’ল ৷ মুমুক বুকুত লৈ উচুপি উচুপি তেওঁ বহি থাকিল ৷
ইতিমধ্যে আন্ধাৰ হ’লহি ৷ শইকীয়াই এটা প্ৰস্তাৱ দিলে ৷ দুয়োজনীকে ধুপ চাকি জ্বলাই প্ৰাৰ্থনা এটি গাবলৈ দিয়া হওক ৷ হাজাৰ হলেও ভূতুনীয়ে ক’তনো প্ৰাৰ্থনা কৰিব ? সকলোৱে হয়ভৰ দিলে ৷ মোৰ দুয়োজনী পত্নীকে কোৱা হ’ল কথাটো ৷ আমাক আচৰিত কৰি দুয়োজনী আগবাঢ়ি আহিল ৷ ধুপ চাকি জ্বলাই অকনো ভুল নকৰাকৈ দুয়োজনীয়ে প্ৰাৰ্থনা গালে ৷
আমাৰ সকলোৰে মুখৰ মাত হৰিল ৷ এইবাৰ মোৰ খুলালীটোৱে এটা প্ৰস্তাৱ দিলে ৷ দুয়োজনীকে বেলেগ বেলেগকৈ কিছুমান পুৰণি কথা সুধিব ৷ যিজনী আচল সেইজনীয়ে নিশ্চয় শুদ্ধ উত্তৰ দিব পাৰিব ৷ ( আগলৈ)
আচৰিত!!! কি লিখি আছে। অপূর্ব
ReplyDeleteআন্তৰিক ধন্যবাদ🙏🙏🙏
Delete