#ভয়
হেকোৰ পেকোৰ কৈ লাখুটিডালত যেনে তেনে ভৰটো দি আঘোণী বুঢ়ী চোতালখনলৈ ওলাই আহিল । এইসময়তে সদায় বুঢ়ীৰ সৰুপানী চুবৰ হয়। বোৱাৰীয়েক ৰীণাই উপজি পুৱাতে উঠি চোতাল ঘৰ সাৰিপুচি নিকা কৰি থৈছেই। তাই ছোৱালীজনী ঘৰধৰা ছোৱালীয়েই, পিছে আজিলৈকে ল-ছালী এটি নোহোৱাৰ বাবেহে আঘোণীৰ মনটোত দুখ । আৰু এপষেক মানৰ পিছত চ'তৰ বিহু । বিয়াৰ পিছত এইটো তাই পোৱা দ্বিতীয় বিহু হ’ব। বিয়াৰ ইমানদিন যোৱাৰ পাছতো গা ভাৰী নোহোৱাৰ দুখেহে বুঢ়ীক খুলি খুলি খায় । তাতেই তাইতকৈ পিছত অনা , দাঁতিৰ ঘৰৰ ন'ৰামৰ বোৱাৰীয়েকৰ ল'ৰা ল'ৰি ফুৰিছে । আহুকাণে পহুকানে বুঢ়ীয়ে শুনিছে , বোলে তাঁহাতি এতিয়াই সন্তান বিচৰা নাই । জানো পায় ! আমাৰ দিনত হলে এনে নাছিল দেও! বুঢ়ীয়ে মনতে ভাৱে । আঘোণী বুঢ়ীয়ে নিজেই বিয়া হৈ আহি , দুমাহমান গ'ল কি নগ'ল, গা নোধোৱা হলেই। গাত কাপোৰ লোৱাও বৰ বেছিদিন হোৱা নাছিল । কথা গৰকাই নাছিল । তেনেকৈয়ে দুঅঁৰা লৰা-ছোৱালী ফুকালে। মাজতে দুটা হানি নোহোৱা হলে এতিয়া ঘৰ গজগজাই থাকিলহেঁতেন। কলতলত সৰুপানী চুই আহি বুঢ়ী আহি এইবাৰ পিৰালিতে বহি ললেহি। পেটটো চিকুটি ধৰাৰ লেখিয়া কৰিছে চোন! কালি নিশাৰ সাজত বেছিকৈ খালে হ'বলা! ঢেঁকীয়া - ঔ-টেঙাৰ কঁঠালগুটি দিয়া জোলকন বৰ পাগত উঠিছিল । পাতত দিয়া মাছকনত ভোজনঠেলা এটা থেকেচি খাবলৈ এনে জুতি লগা হৈছিল । তাতে উখোৱা চাউলৰ ভাত। মৰতীজনীয়ে সিজাব নজনা নহয়। বাৰীৰ খুতৰা বুটলি তাই কণবিলাহীৰে আঞ্জা কৰিব , আলু-বেঙেনাৰ পোৰা পিটিকাত পকাতেল এটোপ দি পিটিকিব, কচুথোৰ-কণবিলাহী পাতত দিব, শুকলতি, ভেদাইলতাত হোলাৰ পৰা ধৰি অনা মাছ দি আঞ্জা কৰিব , মুঠৰ ওপৰত তাইক আৰু সিজাব-পকাবলৈ শিকাব নালাগে । লৰা ফুকাবলৈহে নিশিকিলে! ক্ষোভেৰে ভাবিলে বুঢ়ীয়ে । লৰা-পোৱালি এটাই ঘৰখনত কলকলাই থকাহেঁতেন কিমান যে ভাল লাগিলহয়। হাড়ডালেই শুচি হলহয়। কিন্তু নাই , তাঁহাত দুটাৰ এইবোৰলৈ কাণ-সাৰ নাই । হওঁতে মাটি -বাৰী সিহঁতৰ নোহোৱা নহয়। কিন্তু পুতেকে বোলে চাকৰিহে কৰিব । বোলো আজিকালি চাকৰি বিচাৰি একো টিফাইট নাই । চাকৰিটো কিবা বাৰীৰ গছত লাগি আছেনে যে লাগ বুলিলেই চিঙি আনিলি। কলেজ পাছ কৰিলিয়েই যেনিবা , হাকিম-মুঞ্চিফ নহলেও হব। হাল-কোৰ বাই খেতি খোলাতে লাগছোন। চাকৰি হলে পাছত দেখা যাব । পিছে নাই ,তাৰ পথাৰলৈ যাবলৈ মন নাই । ইমানখন মাটি পৰক আধি নিদি যদি নিজেই কৰিলিহেঁতেন কমখন ধান পালিহেঁতেননে? গিৰিয়েক ভদীয়াৰ দিনত সিহঁতৰ মাটিয়েই একুৰিপুৰামান আছিল । সেই শাখিনীজনীৰ পাকত নপৰাহেঁতেন এতিয়া সিহঁতৰ মাটিয়েই গাঁওৰ ভিতৰত সৰহ হলহেঁতেন । গা দেখুৱাই দেখুৱাই কাল শাখিনীজনীয়ে তাইৰ সংসাৰখন দুফাল কৰিলে । ভাবিলে এতিয়াও বুঢ়ীৰ ভৰিৰ তেজ মূৰলৈ উঠি আহে। ভদীয়া মৰিও দেৱতা হল এতিয়া । কিন্তু আঘোণী বুঢ়ীয়ে তাহানিৰ কথা পাহৰিব পৰা নাই এথোন। যোৱাৰাতিও সমাজিকত তাই ভদীয়াৰ লগত হাই-কাজিয়া লগা দেখিছে । " কৃষ্ণ , কৃষ্ণ " বুলি বুঢ়ীয়ে দীঘল কৈ উশাহ টানিলে। বোৱাৰীয়েক ৰীণাই বুঢ়ী উঠা গম পায় জুহালত চাহৰ ডেগটো পাতি দিছিলেই। "আই, মুখখন আওখালি লওঁক । মই পানী বাকিলোৱেই।" এইবুলি তাই ঘটি এটা বুঢ়ীৰ ওচৰতে দি গ'লহি। বুঢ়ীয়ে পিছে গা নিতিওৱাকৈ পানী -দুনি মুখত নিদিছিলেই, কিন্তু যোৱাবেলি টান নৰিয়াত পৰাৰে পৰা ধূতি-নীতি বোৰ অলপ এৰিছে । ন'হলে দেহাই নেটানেগৈ। দেহা থাকিলেহে বেহা । সেইগতিকে আজিকালি চাহ পানীটোপা গোলাৰপৰা অনা বিস্কুট দুখনৰ লগত খায় । শুকান বিস্কুটখনতনো কিহৰ চুৱা! পানীকণ খোৱাৰ পাছত বাহিৰ ফুৰিবৰ হয়েই। তাৰ পিছত ৰীণাই যতনাই দিয়া পানী বাল্টিৰে চোতালৰ মূৰতে গা টো তিয়াই আহে । ৰেডিঅ'ত বাতৰি দিবলৈ হয়মানে ৰীণাই মজিয়াত ভাত ওলিয়াই দি আখল সামৰে। সোনকালে খাই বৈ আজৰি হৈ পুতেক চাকৰি বিচাৰি ঐদহে বৈদহে যাবৰে হয় নহয়। বুঢ়ীৰ আঠোটা লৰা-ছোৱালীৰ ভিতৰত পুতেক ৰজতেই পেটমচা। ম'তাল'ৰা তিনিটা , মাইকী পাঁচজনী। বাকীদুটা পিচে হানি হ'ল ।এটা হাগনিত পৰি গ'ল। আনটো আকৌ চোতালত খেলি থাকোতেই চৰগ পৰিলে। বুঢ়ীয়ে কৰিবনো কি? গোটেইকেইটাই এবছৰীয়া। তাতে চৰগ পৰাটো মোগোৰা আছিল । এনেকুৱা মোগোৰা ল'ৰাক কৱচ নিদিলে নহয়। বছৰত এবাৰ ৰাতিৰ ভিতৰতে সূতা কাটি , তাঁত বৈ কাপোৰ এটুকুৰ গাত দিব লাগে। কিন্তু আঘোণীয়ে ইমানগাল এমা-ডিমা ল'ৰা-ছোৱালী লৈ ঘৰুৱা কামৰ লগতে খেতি খোলাতো হাত উজান দিব লগা হৈছিল । গতিকেই সেইবাৰ বিহুত তাক কৱচ দিব নোৱাৰিলে । ভাবিলে আঘোণীৰ বুকুখন মোচৰ খাই আহে এতিয়াও । যমৰ গু-মুত খাবলৈকে এতিয়ালৈকে থকা হলে সিহঁতে ! কথাতে কয় নহয়, " সাপে নেপাহৰে ককাঁলৰ কোব, মাকে নেপাহৰে পুতেকৰ শোক"। ভদীয়াৰ তেতিয়া ঘৰ-সংসাৰলৈ কাণসাৰ দিবলৈ সময়েই নাছিল । ভঙুৱা লোকাইৰ , ঘৰতে থকা বাঁৰী জীয়েক গুণেশ্বৰীৰ লগত পৰকীয়া প্ৰেমত মচগুল হৈ আছিল । আঘোণীয়েহে টানি -আজুৰি ঘৰখন চলাই আছিল । ৰাতিপুৱা কাউৰীয়ে কা নকৰোঁতেই উঠি টাকুৰি ঘূৰাদি ঘূৰি ফুৰিব লগা হৈছিল । আজিকালি দিনৰ দৰে তেতিয়াৰ দিনত মিল নাছিল । ঢেঁকীত ধান বানি চাউল উলিয়াব লগীয়া হৈছিল । তাৰোপৰি তৰহে তৰহে জলপান টেকেলিত যোগাৰ কৰি নথলে , শাশুৰ ফটামুখ এবাৰ মেলখালে জাপেই নেখাইছিলে। আজিৰ যুগত আৰু তাহানিৰ দিনৰ দৰে গাটোক দুখ দিয়া কাম কৰিবটো নালাগে । এৰামত থাকি থাকি বোৱাৰীয়েকৰ গাটো পথালি কোমোৰাৰ দৰে বাঢ়িছে। "হঞে এইজনী ,কি কৰি আছ? খুন্দনাটো লৈ আহচোন।" চাহপানীকণ খাই বুঢ়ীৰ এইবাৰ গুৱা অকন চোবাবলৈ মন গ'ল। পিছে মন গলে হব কি? খুন্দা তামোলখন পাগুলিহে থাকে । দাঁতবোৰ গৈ গৈ তেনেই সোলা হল মুখখন । কৰবাত দুই এটাহে আছেগৈ । ভাতৰ পাততেই কেইদিন দাঁত সঁৰিছে! যোৱা বস্তু যাবই আৰু আঘোণীৰ এইবোৰৰ প্ৰতি ভ্ৰুক্ষেপ নাই। কেনেকৈ চলি কৰি থাকিব পৰা হৈ থাকোতেই ভগৱন্তবস্তুৰ ওচৰলৈ যাব পাৰে তাকেই খাটি থাকে । বুঢ়ীৰ আচলতে ওচৰৰ মহাজন বুঢ়াৰ শেষ দশা দেখাৰ পাছৰ পৰাই পিলাই চমকি থাকে । মহাজন বুঢ়াই নৰিয়াত পৰি শেতেলী ললে যি ললেই, লেলাই ধেন্দাই ছমাহ পৰি থাকিল । শুৱাতে হগা-মুতা কৰে। বোৱাৰীহঁতে গু-মুত অঁতাই অঁতাই ভাগৰি গৈছিলগৈ। বুঢ়া নেযায় হে নেযায়। চহৰৰ ডাক্তৰ আনিও দেখুৱাইছিল পুতেকহঁতে। পিছে ডাক্তৰে বোলে এইবোৰ বয়সৰ ৰোগ-ব্যাধি। বিধান নাই এনেবোৰ ৰোগৰ । শেষত পুতেকহঁতে ভকতকেইজনমান মাতি বিদায় শৰাই দিয়াতহে ৰক্ষা। ভকত গৈ ঘৰ পালে কি নাপালেগৈ, আনফালে বুঢ়াক বাজলৈ উলিয়াবৰে হল। চৰগ-নৰক বুলি একো নাই দেই !
আঘোণীয়ে ভাৱে । নৰমনিচে ভূগিব লগা খিনি এই পিথবীতে ভূগি যায় । সেই গতিকেই বুঢ়ীৰ চিন্তা যাতে ভালে ভালে সিফলীয়া হব পাৰে । মাত্ৰ যোৱাৰ আগতে পুতেকৰ কিবা এটা গতি লগাহেঁতেন শান্তিৰে চকু মুদিব পাৰিলেহেঁতেন । "নবৌ, অকলে অকলে বহি কি ভাৰস্তখনৰ কথা চিন্তা কৰিছনো? ইহঁত নাই নেকি ঘৰত ?" ন'ৰামৰ মাতত হে আঘোণীৰ ধ্যান
ভংগ হ'ল। "আছে,আছে অ। নাথাকিনো কলৈ যাব । তই পিছে কলৈ গৈছিলি ? জা-জলপান খালি নে?" বুঢ়ীয়ে ন'ৰামলৈ পীৰা এখন আগুৱাই দিলে । "নবহো নবৌ, জা-জলপান খোৱাই নাই । ৰাতিপুৱাই ওলাই গৈ আমাৰ কঠিয়ানীবাৰীৰ ওচৰৰ হোলাটো সিঁচিলো । মাছ-পুঠি গোটচেৰেক পালোঁ । বোলা তহঁতকো দুটামান দি যাওঁ ।" ৰীণাও ন'ৰামৰ মাত শুনি ভিতৰৰ পৰা ওলাই আহিল । মাছ দিবলৈ ওলোৱা দেখি তাই ল'ৰালৰিকৈ মাছ বছা চালনিখন আনি দিলেহি । আঘোণীয়ে দেখিলে , ন'ৰামে লৈ অহা কেৰাচিন তেলৰ টিনটোত আধামানলৈ মাছ। "ডাঙৰ মাছহে নাপালো নবৌ।" এইবুলি ন'ৰামে পুঠি-খলিহনা
অলপ চালনিখনত বাকি দিলে। গৰৈচিৰিকাও দুটামান আছে । "হব হব দে।সেয়াই হব। আমাৰ খাৱৰীয়া কম।" চালনিত বাকি দিয়াত মাছবোৰ ছটফটাই উঠিল । দুটামান জপিয়াই চোতালত পৰি চেঙালুটি পাৰিবলৈ ধৰিলে । " নে নে অ ভিতৰলৈ । গোটেইখন পিয়া পি দিলে এইখনে । আৰু মোৰ তিয়নী মেখেলাখন ক'ত? মোৰ বাহিৰ ফুৰিবৰ হ'ল।" "জেওঁৰাতে আছে আই। পানী বাল্টিৰ ওচৰতে ।"
বোৱাৰীয়েকে উত্তৰ দিলে । আঘোণীয়ে এইবাৰ তিয়নী মেখেলা খনেৰে বুকুত মেথনি মাৰি লাখুটিডাল লৈ বাৰীৰ চুকত থকা কেঁচা পায়খানাঘৰলৈ গ'ল । থাঁকোতে পকী পায়খানা এটি নথকা নহয় । পিছে বুঢ়ীয়েহে তালৈ যাবলৈ ভাল নাপায় । পুতেক -বোৱাৰিয়েকে কৈ কৈ ও তালৈ নিয়াব নোৱাৰিলে । বোলে উদৰ সাতপুৰুষ গ'ল কেঁচা মাছ খাই , অত বছৰ কেঁচা পায়খানাতেই কামফেৰা কৰি আহিলো ,মই আৰু এতিয়া সেইটো লৈ নাযাওঁ । গতিকেই বাৰীৰ চুকৰ কেঁচা পায়খানাটো বুঢ়ীৰ একচেতীয়া। এলুমিনিয়ামৰ ঘটিটোত পানী এঘটি লৈ বুঢ়ী পৰিস্কাৰ হ'ল। মাটিত ঘঁহি ঘঁহি হাতখনো পখালি ললে। চাবোনৰ ব্যৱহাৰ নকৰে বুঢ়ীয়ে । আগতে কেতিয়াবা নকৰা নহয় । চুলি ধুবলৈ মণিছালৰ গুটি , ঔ-টেঙাৰ বীজ আদিয়ে ব্যৱহাৰ কৰিছিল । বিয়াৰ পাছত ভদীয়া চহৰলৈ যাওঁতে কেতিয়াবা লাক্স চাবোন এডোখৰো আনি দিছিল । লাক্স চাবোনেৰে গা ধুই, চুলিত গোন্ধতেল সানি তাই যেতিয়া কাম কৰি ঘুৰি ফুৰিছিল , ফুৰফুৰীয়া গোন্ধ এটা তাই যেনিয়েই যায় তেনিয়েই ভাহি গৈছিল । ভদীয়াইও চল বিচাৰি তাইকেই চাই ফুৰিছিল । ন'ছোৱালী হোৱা দিনৰ কথা মনলৈ আহিলে সোঁতোৰা পৰা গাল দুখনত এতিয়াও ৰং আহে বুঢ়ীৰ । কি যে দিন আছিল সেইবোৰ ! ভদীয়াৰ চেনেহত তাই কামক কাম বুলি গণিতাই কৰা নাছিল । তেতিয়াটো তাই সমাজিকতো ভবা নাছিল যে ভদীয়াৰ মৰম বোৰ দুভাগ হৈ যাব । একচেতীয়া হৈ তাই লৈ থকা মৰম বোৰ ভদীয়াই গুণেশ্বৰীকো যাচিব আৰু ...আৰু অকল যচাই নহয়, তাইক ঘৈণী কৰি লৈয়ো আহিব । বিয়া হৈ আধাকুৰি বছৰ সংসাৰ কৰাৰ পাছতেই কেণাটো লাগিছিল । বৰঘৰৰ ভিতৰত ফেটি সাপ এটা সোমাইছিল । মানুহৰ চিঞৰ বাখৰত কালটো কেনি গল কোনেও কব নোৱাৰিলে । একেঠাইতে থকা জীৱ টো নহয়, গল চাগে ক’ৰবালৈ! তথাপি মনত ভয় ভয় ভাব লৈ থাকিল সেইদিনা । পিছদিনা শশুৰেকেই কলে বোলে ভকতকেইজনমানক মাতি শিৱবাবাৰ প্ৰসাদ অকণমান দিওঁ , কিবা দোষ থাকিলেও মৰিষণ হব। সেইদিনা ভঙুৱা সকামৰ বাবেই ভদীয়াই গুণেশ্বৰীৰ বাপেকক মাতিবলৈ গৈছিল । মাউৰী গুণেশ্বৰীক লোকাইয়ে সৰুতেই বিয়া দি লেঠা শেষ কৰিবলৈ বিচাৰিছিল । কিন্তু তাইৰ কপালত সুখ নিলিখিলে কণা বিধাতাই। তাইতকৈ বয়সত তিনিগুন ডাঙৰ তাইৰ পৈয়েক ম'দ খাই খায়েই সিফলীয়া হল। ফুলতে বাঁৰী হৈ তাই আকৌ ঘৰলৈ ঘুৰি আহিব লগা হ’ল। অলপদিন আমন- জিমনকৈ থকাৰ পাছত তাই আকৌ আগৰ চিটপখিলীজনী হৈ পৰিল। গাভৰুৰ তেজমঙহ তেতিয়া তাইৰ গালৈ আহিবলৈ আৰম্ভ কৰিছিল হে। ৰাতিপুৱা ঘৰ চোতাল সাৰি পুখুৰীত জোবোৰা এটা মাৰি আহি তিতা তিয়নীৰে চোতাল পাইছিলহিহে এথোন, তেনেতেই তাই ভদীয়াৰ লগত মুখামুখি হল। লাজতে তাই তালৈ মূৰ তুলি চাব নোৱাৰা হল। কাষৰ কলহটোকে সাৰথি কৰি লৈ গাটো ঢাকিবলৈ বিফল চেষ্টা এটা কৰি থাকিল । ভদীয়াইও চোতালত ওলাই থকা বনকেইদাল চাই চাই কোবাকোবিকৈ কৈ আহিল সকামৰ কথা বাপেকক কৈ দিবলৈ । লোকাই সেই সময়ত ঘৰত নাছিল । যেতিয়াৰপৰা গুণেশ্বৰীক ভদীয়াই তেনে ৰূপত দেখা পালে , তেতিয়াৰেপৰা ভদীয়াৰ চকুৰ আগৰ পৰা তাই নোযোৱাই হল। আৰু চেগ বুজি যাওঁতে যাওঁতে কেতিয়ানো সিঁহতৰ মাজত নঘটিব লগীয়া কিবা এটা ঘটি গল গমেই নাপালে । তাইৰ বাঢ়ি অহা পেটটো দেখি যেতিয়া গাঁৱত বু বু বা বা আৰম্ভ হৈ গল, ভদীয়াই এদিন তাইক আনি ঘৰ সুমুৱালহি। তেতিয়ালৈ সি কাকো পৰোৱা নকৰা হৈ গৈছিল । দেউতাকে বকনি জুৰিলে, মাকে ৰাউচি জুৰিলে, কিন্তু লাহে লাহে কথাবোৰ ভাতৰ লগত পানী খোৱাৰ দৰেই হৈ পৰিল তেওঁলোকৰ কাৰণে । ইমানবোৰ মাটি সম্পত্তি , ঘৰৰ কামো বহুত । ভালহে হল, কামলৈ-কাজলৈ , মাতলৈ-বোললৈ দুজনী হল বুলি
তেওঁলোকে তাপ মাৰিলে। তেওঁলোকে ভবাৰ দৰে উজুকৈ কথাটো লব নোৱাৰিলে আঘোণীয়েহে। কেনেকৈনো লব? সতিনীৰ জ্বালা কি পোৱাইহে বুজে! গঞাক দেখুৱাই একো চিঞৰ বাখৰ নকৰি তাই নিজৰ কামবোৰ কৰি , ল'ৰা-ছোৱালীৰ লেঠাবোৰ মাৰি থাকিলেও , গাটো অনবৰতে জ্বলা জুয়ে দহি থকাৰ দৰে থাকিবলৈ ধৰিলে। নিশাৰ সাজ খায় যেতিয়া সকলো শুই নিঃপালি দিয়ে , গুণেশ্বৰীৰ কোঠাৰ পৰা ভাহি অহা হাঁহি আৰু ফুচফুচনিৰ শব্দই শুবলৈ নিদিয়ে তাইক । ঘৰৰ ভিতৰত উশাহটো বন্ধ হোৱাৰ দৰে লাগে । কিমান ৰাতি ৰাতি যে তাই গৈ পুখুৰীৰ পাৰত বহি থাকেগৈ তাৰ হিচাপেই নাছিল । কেতিয়াবা ভাবিছিল , তাত জাপ মাৰি দিলে জুইৰ দহনটো কমিব নেকি বাৰু ? কিন্তু ৫জনী ছোৱালী আৰু একমাত্র লৰাটোৰ মুখলৈ মনত পৰি তাই সেই চিন্তা বাদ দিয়ে । দিন যোৱাৰ লগে লগে তাই ভদীয়াৰ ঘৈণী গুচি ল'ৰা-ছোৱালী কেইটাৰ মাক হৈ পৰিল । ভদীয়া আৰু তাইৰ মাজত দেৱাল এখন হৈ গুণেশ্বৰীয়ে ৰাজত্ব কৰি থাকিল । ছোৱালী এজনীও উপজিল তাইৰ । তেনেকৈয়ে চলি থাকিলহেঁতেন চাগৈ দিনবোৰ! কিন্তু গুণেশ্বৰীক ঘৰ সুমুৱাৰ দিন ধৰি ভদীয়াটো খাই গাহৰি হৈ পৰিল । কাম-কাজ কৰিবলৈ মন নকৰা হ'ল। তাতে গুণেশ্বৰীৰ ফায়-ফৰমাইচৰ অন্তই নাছিল । ক'ৰপৰা দিব সি? গুণেশ্বৰীৰ ফৰমাইচ পুৰাবলৈ ভদীয়াই মাটি এডৰা দুডৰাকৈ বেচিবলৈ আৰম্ভ কৰিলে । হাতলৈ আলাসতে ধন আহিবলৈ ধৰাত সি কামলৈ পিঠিয়েই দিলে । ধন থকা কেইদিন বিলাস কৰিব আৰু হাতৰ ধন শেষ হলেই আকৌ এডৰা মাটি বেচি দিব । গুণেশ্বৰীয়ে তাক হাক দিয়ক চাৰি উজান হে দিয়া কৰিছিল । তাই চাগে ভাবিছিল , তাইৰ এজনীহে ছোৱালী , পাছলৈ আঘোণীৰ ল'ৰা-ছোৱালীয়েই ভোগ কৰিবগৈ এইবোৰ । লাহে লাহে সহিব নোৱাৰা হৈ আহিল আঘোণীয়ে। হল বুলি এনেবোৰ কথা
সহি থাকিব পাৰি নেকি ? ল'ৰা-ছোৱালীকেইটাৰ বাবেই এইবাৰ আঘোণী বাঘিনী হৈ পৰিল । অতদিন নিমাতী কইনাৰ ৰূপত দেখি থকা ঘৈণীয়েকৰ এনে ৰূপ দেখা পাই গাত লোণ পৰিলে কোঁচ খাই যোৱা কেঁচুৰ দৰে হৈ পৰিল ভদীয়া । তাতে গুণেশ্বৰীৰ বাপেকৰ পাল্লাত পৰি পকা ভঙুৱাই হৈ গৈছিল সি। আঘোণীৰ লগত মুখ পাতিবলৈ শকতি আৰু মন এটাও নাছিল তাৰ । ঘৰ-সংসাৰলৈ পিঠি দি সি এইবাৰ ভাঙৰ খোলাতেই সময় পাৰ কৰিবলৈ ধৰিলে । গুণেশ্বৰীৰ প্ৰতি ও মোহ নাইকিয়া হল তাৰ । আনফালে আঘোণীৰ বুকুত উমি উমি জ্বলি থকা তুঁহৰ জুইকুৰা এইবাৰ দাও দাওকৈ জ্বলি উঠিল , আৰু জ্বলি উঠাই নহয় , তাৰ তাপে এইবাৰ গুণেশ্বৰীকো দহিবলৈ ধৰিলে । হোৱাই নোহৱাই আঘোণীয়ে গুণেশ্বৰীক গালি শপনি পাৰিবলৈ আৰম্ভ কৰিলে । শাখিনী, কালনাগিনী , পৈয়েৰৰ মূৰ খাইতি ধৰণৰ উপমা দিহে আঘোণীয়ে তাইক সম্বোধন কৰা হল। গুণেশ্বৰী ৰচকী পখিলী আছিল যদিও মুখ বজাব জনা নাছিল । আঘোণীৰ লাওপাত-কচুপাত মুখৰ লগত তাই বলেই নোৱাৰিছিল। তাতে ভদীয়াৰ উদাসীনতাত তাই লাহে লাহে ভাঙি পৰিবলৈ আৰম্ভ কৰিছিল । আৰু তেনে এটা দিনতেই তাই সেই সৰ্বনশীয়া কামটো কৰি পেলালে । এদিন পুৱাৰে পৰা মাক-জীয়েক দুইজনী নোহোৱা হল। চুবুৰীয়া কাৰোবাৰ ঘৰলৈ গৈছে বুলিয়েই আঘোণীয়ে পহিলাতে ভাৱিছিল। বিচাৰ নো লব কিয়? এজনীয়ে আনজনীৰ কটিহাই নসহে। দুদিনৰ পাছত যেতিয়া বাৰীৰ পাচফালৰ পুখুৰীটোত মাক-জীয়েকৰ উখহি ভীমাকাৰ হোৱা মৰা-শ দুটা উপঙি উঠা দেখিলে , তেতিয়াহে আঘোণীৰ গালৈ হুঁচ আহিল । সিহঁত দুজনী তাৰমানে আপোনঘাটী হল। তাৰ পাছৰ পৰাই আঘোণীৰ বুকুত ভয় এটাই কুৰুকি কুৰুকি সোমাই বাহ ললে। দুটাকৈ জীৱ বধৰ ভাগি হবনেকি তাই ? তাইটো কাকো পানীত জাপ দি মৰিবলৈ কোৱা নাছিল ! তথাপিতো !! নে তাইৰো মৰিবৰ সময়ত মহাজন বুঢ়াৰ গতিয়েই গতি হব? সিহঁত দুজনী কাল হোৱাৰ পাছত কিমান নিশা আঘোণী শুব পৰা নাছিল ! চকু মুদিলেই সমাজিকত মাক-জীয়েক আহি তাইক টেটুচেপা দিয়েহি। ন'ৰামেহে কলে, বোলে দীঘলা গাওঁৰ মঘাই বেজৰ পৰা ডোল ফটহি এডাল আনি ল' । সেইডাল অঁৰাৰ পাছৰে পৰা তাই যেনিবা সিহঁতক সমাজিকত দেখা নোপোৱা হল। কিন্তু বয়স বাঢ়ি অহাৰ লাগে লাগে এতিয়া আনটো ভয়েহে বুঢ়ীক কাবু কৰি আনিছে । কুশলে -মংগলে বাৰু তাইৰ জীৱটোৱে বাহ এৰি যাবনে? আয়ুসত চাউল থকালৈকে বাৰু নৰমনিচে যাওঁ বুলিলেও যাব নোৱাৰে । কিন্তু শেষ বয়সত লেলাত ভূঞ্জিবলৈ মন নাই তাইৰ । পুৰণি কথাবোৰ পাগুলি পাগুলি বুঢ়ী গৈ এইবাৰ থাপনাৰ ওচৰতে বহি পৰিল । গাটো তিওঁৱাৰ পাছত থাপনাত মূৰটো নোদোৱালে দিনটোলৈ ভাল নালাগে । থাপনাৰ আগত দীঘল দি বুঢ়ীয়ে ঘোষা এফাকি গাবলৈ ধৰিলে । কাতৰ মাতেৰে গাই থকা ঘোষাফাকি লাহে লাহে বিননি হৈ এটা সময়ত ৰাউচিলৈ সলনি হবলৈ ধৰিলে । হয়, আঘোণী বুঢ়ীয়ে কান্দিছে। হিয়া ধাঁকুৰি কান্দিছে। সোতোৰা পৰা দুগালৰ ওপৰেদি বানৰ দৰে বৈছে চকুলো আৰু এই চকুলোৰ লগত উটি গুচি গৈছে বুঢ়ীৰ হিয়াত গোট খাই থকা সমস্ত দুখ, ক্ষোভ, খং, অভিমান আৰু আক্ষেপ ।
Pohi bhal lagil..Apunar golpo pohi bhal laga..
ReplyDeleteধন্যবাদ😊
ReplyDeleteবৰ সুন্দৰ মোন বা ..বহুত ভাল লাগিল
ReplyDeleteThankyou dai nomita
Deleteবৰ ভাল লাগিল
ReplyDelete