www.hunguti.in

Breaking

www.hunguti.in

Ads

Saturday, August 1, 2020

#কোন বাৰু ( খণ্ড-৩)

#কোন সেইয়া (৩)


          খুলালীটোৰ প্ৰস্তাৱত সকলোৱে একেমুখে হয়ভৰ দিলে ৷ হয়তো ! অলপমান আঁতৰলৈ গৈ গোট খোৱা মানুহকেইজন বহি ললে ৷ তাৰ পাছত এগৰাকীক মাতি খুলালীটোৱে সুধিলে, " বাৰু বাইদেউ , আমাৰ সৰুকালৰ কিবা ঘটনা এটাৰ কথা ক’চোন ৷ যিটো ধৰ তই আৰু ময়হে জানো ৷" উত্তৰত মোৰ ১নং পত্নীয়ে ( পত্নী বুলিয়েই কৈছোঁ ) কৈ গ’ল , "সৰুতে এবাৰ আমি দুয়োটাই নাৰিকলৰ কোৰোকাত ভাত শাক ৰন্ধা খেলি আছিলোঁ ৷ তোক পানী আনিবলৈ পুখুৰীটোলৈ পঠাওঁতে তই পুখুৰীত পিচলি পৰিছিলি ৷ তোক চুলিত টানি যেনেতেনে পানীৰ পৰা উঠাইছিলো ৷ মাহঁতে গম পালে আমাৰ খেলা বন্ধ কৰিব বুলি আমি নোকোৱাকৈয়ে থাকিলোঁ কথাটো ৷ হয়নে নহয় বাৰু ? তই কচোন ৷ মই যদি আচলগৰাকী নহলোহেঁতেন তেন্তে কেনেকৈ জানিলোঁহয় কথাটো ৷" তেওঁৰ কথাত সকলোৱে হয়ভৰ দিলে ৷ হ’লেও ইগৰাকীকো সুধি চোৱাটো উচিত বুলি তেওঁলোকে মত পোষণ কৰিলে ৷ সিগৰাকীকো মতা হ’ল ৷ তেওঁকো একেটাই প্ৰশ্ন সুধিলে খুলালীটোৱে ৷ তেওঁ খন্তেক ভাৱি উত্তৰ দিলে , "ভাইটি তোৰ মনত আছেনে , আমি দুয়োটাই এবাৰ মোৰ লগৰ দীপালীহঁতৰ ঘৰলৈ গৈছিলোঁ ৷ মধুৰি গছজোপাত যে চাপৰতে মধুৰি লাগি থকা দেখি তই খাবলৈ বিচাৰিছিলি ৷ কলি মধুৰি বুলি খাবলৈ নিদিয়াত তই যে মনে মনে দুটামান চিঙি আনি ৰাস্তাত খাই আহোঁতে বগা চোলাটোত চেকা লগাইছিলি ৷ আৰু মাহঁতক নোকোৱাকৈয়ে চোলাটো মই ধুই দিছিলোঁ ৷ তথাপি চেকাটো নোযোৱাত চোলাটো পাছত লুকুৱাই পেলাইছিলোঁ ৷ মায়ে বিচাৰি ফুৰিছিল যে নতুন চোলাটো কি হ’ল বুলি ৷ তথাপি আমি নোকোৱাকৈ আছিলোঁ ৷ হয়নে নহয় ক’ ? " তাইৰ কথাত খুলালীটোৰ মুখৰ মাত বন্ধ হ’ল ৷ কি কব সি ? এইটো কথাও মিছা নহয় ৷ সকলো চিন্তাত পৰিল ৷ 
              ইতিমধ্যে আইতাকৰ কোলাত মুমুৰ টোপনি গ’ল ৷ মুমুৰ টোপনি যোৱা দেখি মোৰ দুয়োজনী পত্নী তাইৰ ওচৰলৈ উঠি আহি তাইক লবলৈ হাত মেলিলে ৷ কথাটোৰ ফয়চলা হোৱাই নাই কোনগৰাকী আচল আৰু কোনগৰাকী নকল ৷ সেয়ে আইতাকে মুমুক এজনীৰ হাততো নিদিলে ৷ ভিতৰত গৈ বিচনাখনত তাইক অকলে শুৱাবলৈ বেয়া পাই তেখেতে মুমুক কোঁচতে লৈ থাকিল ৷

             এনেতে পদুলিত পুলিচৰ গাড়ী এখন ৰ’লহি ৷ সকলো সচকিত হৈ উঠিল পুলিচক কোনে মাতিলে বুলি ৷ আচলতে আৰক্ষী বিভাগত পৰিদৰ্শকৰ চাকৰি কৰা মোৰ জেঠাইদেউৰ ল’ৰা তপনেহে খবৰটো পাই আহি ওলাল ৷ 

             তপনে আহি দুয়োজনীকে ভালদৰে নিৰীক্ষণ কৰিলে ৷ পুলিচী কায়দাৰে দুয়োজনীকে কিবা কিবি সুধিলেও ৷ কিন্তু তথাপিও একো ক্লু উলিয়াব নোৱাৰিলে ৷ শেষত সি হঠাত মোক সুধিলে যে মোৰ পত্নীৰ তেজৰ গ্ৰুপ কি? ছোৱালীজনীৰ জন্মৰ সময়ত যিহেতু পৰীক্ষা কৰোৱা হৈছিল সেইবাবে মই তেওঁৰ অ' পজিটিভ বুলি জানিছিলোঁ ৷ তাক কোৱাত সি এবাৰ দুয়োগৰাকীৰে ব্লাড গ্ৰুপ পৰীক্ষা কৰি চাবলৈ পৰামৰ্শ দিলে ৷ সেইমতেই সিহঁত দুয়োজনীক গৈ কথাটো কোৱা হ’ল ৷ 

              এগাৰাকীয়ে লগে লগেই সন্মতি জনালে যদিও আনগৰাকীয়ে যেন কিছু নাৰ্ভাছ কৰিছে ৷ তপনৰ চকুত কথাটো লগে লগেই ধৰা পৰি গ’ল ৷ সি সেইগৰাকীক ভয় খুৱাবলৈ তেওঁ শুনাকৈয়ে মহিলা পুলিচ পঠিয়াব লাগে বুলি থানালৈ ফোনেই কৰিলে ৷ সেইগৰাকীৰ উচপিচনি বেছি হ’বলৈ ধৰিলে ৷ আধাঘণ্টামানৰ পাছত পদুলিত পুলিচৰ জিপ এখনত মহিলা পুলিচ কেইগৰাকীমান আহি নামিলহি ৷ এইবাৰ তপনে উচপিচাই থকাগৰাকীক হেণ্ডকাফ লগাই জেলত থোৱাৰ ভয় দেখুৱালে ৷ এইবাৰ যেনিবা তাই মুখ খুলিলে ৷ তাই কৈ গ’ল, "আপোনালোকে নিশ্চয় ১৯৪০/৫০ চনত চৰ্চিত হোৱা ফ্লাইং চচাৰ বা ইউ এফ অ' ৰ কথা শুনিছিলে ৷ অন্য গ্ৰহৰ পৰা অহা বুলি অনুমান কৰা সেই ফ্লাইং চচাৰৰ ৰহস্য ৰহস্য হৈয়েই থাকিল ৷ কিন্তু আচলতে পৃথিৱীৰ বাদে আন কোনো গ্ৰহত জীৱৰ অস্তিত্ব সঁচাকৈয়ে নাইনে? আপোনালোকে বিশ্বাস কৰেনে? পৃথিৱীৰ পৰা ৬.৮বিলিয়ন কিলোমিটাৰ দূৰত্বত ইৰোছ নামৰ এটা গ্ৰহ আছে ৷ সেই গ্ৰহটোৰ ভৌগোলিক তথা প্ৰাকৃতিক পৰিবেশ পৃথিৱীৰ সৈতে একেই ৷ মাত্ৰ তাৰ প্ৰাণীকূলৰহে পৃথিৱীৰ মানুহৰ লগত মিল নাই ৷ ইৰোছৰ বাসিন্দাসকল পৃথিৱীৰ মানুহে কল্পনা কৰা বৰ্হিজগতৰ প্ৰাণীবোৰৰ দৰেই ৷ সেউজীয়া  নোমবিহীন প্ৰকাণ্ড শৰীৰ,স্প্ৰিংৰ দৰে  বাহিৰলৈ ওলোৱা চকু আৰু ভেকুলীসদৃশ মুখ ৷ হ’লেও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত তাৰ প্ৰাণীবোৰ বহুত আগবঢ়া ৷ সেই ইৰোছ গ্ৰহৰ পৰাই মাজে মাজে উৰণীয়া যান আহি নিশাৰ ভাগত পৃথিৱীত নামেহি আৰু বিভিন্ন নমুনা যেনে গছ-গছনি, মাটি, পানী আদি সংগ্ৰহ কৰি পৰীক্ষা কৰিবলৈ বুলি লৈ যায়হি ৷ হ’লেও খুউব কম সময়ৰ বাবে আহি বেছি বস্তুৰ নমুনা সংগ্ৰহ কৰা অসম্ভৱ ৷ সেয়ে এইবাৰ আলোচনা কৰি মোক দুদিনমানৰ বাবে ইয়াতে থৈ গ’ল ৷ ইৰোছৰ বাসিন্দাসকলে যিহেতু নিজৰ ইচ্ছামতে আনৰ ৰূপ ধাৰণ কৰিব পাৰে , সেয়ে প্ৰথমতে মই মেকুৰী এটাৰ ৰূপ ধৰি আছিলোঁ ৷ কাৰণ আমাৰ আচল ৰূপটো আপোনালোকক দেখুৱাব বিচৰা নাছিলোঁ ৷ কিন্তু জীৱ জন্তুৰ ৰূপ ধাৰণ কৰিলে কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷ ৰাতি কটোৱাৰ সমস্যাৰ লগতে ৰূপ ধাৰণ কৰা জন্তুটোতকৈ ডাঙৰ জন্তুৰ পৰাও ভয় থাকে ৷ মেকুৰীৰ ৰূপ ধাৰণ কৰি বাহিৰৰ চকীত শুই থাকোতে দুদিনমান এইটো ঘৰৰ পৰাই খেদা খাইছোঁ ৷ সেয়ে মানুহৰ ৰূপ ধৰাটোৱেই উত্তম বুলি বিবেচনা কৰি এই ঘৰৰ মানুহগৰাকীৰ ৰূপেই ধাৰণ কৰিলোঁ ৷ তেওঁ গা ধুই থাকোঁতেই মই পাকঘৰত চাহৰ যোগাৰ কৰিলোগৈ ৷ বাকীখিনিটো আপোনালোকে জানেই ৷ আজি নিশা মোক লৈ যাবলৈ যানখন পাবহি ৷ গতিকে মোক আপোনালোকে এতিয়া যাবলৈ দিয়ক ৷"  একেৰাহে কথাবোৰ কৈ মানুহজনী ৰ’ল ৷ কাঁহ পৰি জীণ যোৱা নিস্তব্ধতাৰ মাজত আমিবোৰে ইটোৱে সিটোৰ চকুলৈ চোৱা চুই কৰিলোঁ ৷ তেনেতে তপনে মাত লগালে , "ওহোঁ, তোমাক আমি এনেকৈ যাবলৈ দিব নোৱাৰোঁ ৷ তোমাৰ কথাৰ প্ৰমাণ লাগিব আমাক ৷এতিয়া তুমি থানালৈ যাব লাগিব ৷" এইবুলি সি মহিলা পুলিচকেইগৰাকীক মাতিলে মানুহগৰাকীক লৈ যাবলৈ ৷ সিহঁত কেইজনী ওচৰ পাইছিলহিহে মাত্ৰ , মানুহজনীয়ে চকুৰ পচাৰতে ক’লা মেকুৰী এটাৰ ৰূপ ধৰি গেটৰ বাহিৰলৈ চেকুঁৰ ধৰিলে ৷




4 comments:

  1. হে ভগৱান। মানিছো আপোনাক 👏👏

    ReplyDelete
  2. Sci-fic !!!! Wonderful . Keep it up

    ReplyDelete