#অণুগল্প
#প্ৰেম আৰু #দৈৱবাণী
#প্ৰেম
মাত্ৰ তেৰ বছৰ ছোৱালীটিৰ ৷ পুষ্পলতা দাস বিমোৰত পৰিল ৷ এই কণমানিজনীক মৃত্যুবাহিনীত ভৰ্তি হ’বলৈ দিব পাৰিনে? পাছে কণমানিজনীৰ যুক্তিত হাৰ মানি তেওঁ তাইৰ ইচ্ছাতেই মৃত্যুবাহিনীত ভৰ্তি কৰোৱালে৷
এইবাৰ কণমানিজনীয়ে গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলী বুকু পাতি ল’লে ৷ ককাক আইতাকে মৰমতে দিয়া 'কনকা' নামৰ কণমানিজনীয়ে দেশৰ বাবে দুৰ্জয় সাহস দেখুৱাই শ্বহীদ হ’ল ৷ দেশৰ প্ৰতি থকা প্ৰেমৰ বাবে মৰিও অমৰ হ’ল কনকলতা ৷
#দৈৱবাণী
ৰংপুৰৰ খাৰঘৰ আৰু চিপাহীৰ কোঠত অগ্নিসংযোগ কৰা অপৰাধীসকলক কৰায়ত্ত কৰা হ’ল ৷ ঘটনাস্থলীতে পিয়লি ফুকনক আটক কৰা হ’ল ৷ আটক কৰা হ’ল জীউৰাম দুলীয়া বৰুৱা, ৰূপচন্দ্ৰ কোঁৱৰ, দেওৰাম দিহিঙীয়া ফুকন, বম চিংফৌ আৰু হৰনাথ বৰগোহাঞিকো ৷ বেণুধৰ কোঁৱৰ আৰু দঁহা কোঁৱৰৰ কোম্পানীৰ সেনাৰ গুলীত ইতিমধ্যেই মৃত্যু হৈছিল ৷
পঞ্চায়তী বিচাৰ বহিল ৷ মণিৰাম দেৱানৰ পৰামৰ্শ অনুসৰি পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ ফাঁচীৰ হুকুম হ’ল ৷ পিয়লি ফুকনে মৃত্যুৰ আগমূহূৰ্তত মণিৰাম দেৱানক মাত্ৰ এষাৰ কথাই ক’লে, "টোলোঠাৰ কাণ, ইকান আৰু সিকাণ৷"
সঁচাকৈয়ে চাকোলা পিয়লি ফুকনৰ কথাষাৰ দৈৱবাণী বুলি পাছত প্ৰমাণিত হ’ল ৷
✍ স্বপ্না দত্ত ভৰালী
No comments:
Post a Comment