www.hunguti.in

Breaking

www.hunguti.in

Ads

Sunday, August 9, 2020

#জীৱনৰ পাঠ



 #গল্প

#জীৱনৰ পাঠ



এলাৰ্মৰ শব্দত চকুকেইটা মোহাৰি বিচনাৰপৰা উঠি আহিল সুজাতা ৷ ৰাতিপুৱা পাঁচ বাজিছে ৷ মুখত বিৰক্তি লৈ পৰ্দাকেইখন কোঁচাই তাই গা ধূবলৈ বুলি বাথৰুমত সোমালগৈ ৷ শুই উঠাৰপৰা শান্তিয়েই নাই তাইৰ ৷ কাম, কাম আৰু কাম ৷ ঘৰৰ কাম কৰাৰ ওপৰিও স্কুলৰ কামো থাকে ৷ স্কুলতো ইটোৰ পাচত সিটো ক্লাছ কৰি আহি ঘৰত আকৌ একেবোৰ কাম ৷ মাজে মাজে গিৰিয়েক প্ৰীতম নাথাকিলে বজাৰ সমাৰো কৰিবলগীয়া হয় ৷ ভাগ্যে যেনিবা কাম কৰিবলৈ মানুহ এজনী আহে ৷ নহলে সুজাতাৰ কি গতি হ'লহেঁতেন ভগবানেহে জানে ! তায়ো মাত্ৰ দুঘণ্টাহে কাম কৰে ৷ ৰাতিপুৱা ৬ বজাৰপৰা ৮ বজালৈ ৷ কেইবাঘৰতো কাম কৰিব লাগে তাই ৷ উপায়ো নাই ৷ কামকৰা মানুহ পাবলৈ কিমান অসুবিধা ভূক্তভুগীয়েহে জানে ৷ 

            গাটো ধূই আহি ধূপ এডাল জ্বলাই সুজাতা লৰালৰিকৈ পাকঘৰত সোমালগৈ ৷ ঘড়ীৰ কাঁটাৰ লগত সমানে নদৌৰিলে সকলো খেলিমেলি হৈ যায় ৷ দুটা কুকাৰত ভাত দালি দুফালে তুলি দি তাই লৰা-ছোৱালীদুটাৰ টিফিনৰ বাবে ৰুটি বনাবলৈ আটা মাৰিবলৈ লওঁতেই কামকৰা জানকী আহি পালেহি ৷ পুৰণা যদিও পৰিপাটীকৈ কাপোৰসাজ পিন্ধি অহা জানকীৰ মুখত সদায় মিঠা হাঁহি এটা লাগিয়েই থাকে। আহিয়েই তাই ঘৰটো সাৰি বাথৰুমত থকা কাপোৰ কেইটা মেলি আহিলগৈ ৷ সুজাতাই তাইক ভাজি এখন কাটি থবলৈ দি লৰা-ছোৱালীকেইটাক জগাবলৈ গ'ল ৷ 

             দুদিনমানৰপৰা  সুজাতাৰ প্ৰীতমৰ ওপৰত বৰ খং উঠি আছে ৷ ভালকৈ মাতবোলেই কৰা নাই তাই তাৰ লগত ৷ কিমানদিনৰ পৰা কৈ আছে ৱাচিং মেচিন এটা আনি দিবলৈ বুলি, কিন্তু তাৰ কাণসাৰেই নাই ৷ অকল ৱাচিং মেচিনহে নে কিবা ? পুৰণা টি ভি টো সলোৱাৰ পৰা ড্ৰয়িং ৰুমৰ কাৰ্পেট এখনলৈকে কিমানযে বস্তুৰ দৰকাৰ হৈ আছে ঘৰখনত ! ইফালে দুয়োটাৰে চাকৰি ৷ কেনেকৈনো জোৰা মাৰিবগৈ নোৱাৰে জানো? ভাবিয়েই নাপায় তাই ৷ গাড়ীৰ লোণ , ঘৰৰ লোণ দিয়াৰ উপৰিও ইলেক্ট্ৰিচিতিৰ বিল , লৰা-ছোৱালীৰ স্কুলৰ ফিজ্ , টিউচনৰ ফিজ্ ইত্যাদিবোৰ দিওঁতে দিওঁতে লম বুলি ভবা বস্তুটো লোৱাই নহয়গৈ ৷তাতে ঘৰৰ বজাৰ-সমাৰ থাকেই ৷ এইবোৰ কাৰণতে সুজাতাৰ মুখত অসন্তুষ্টিৰ ভাব এটা লাগিয়েই থাকে ৷ ঘৰত থকা সময়খিনি মুখখন গোমা হৈয়েই থাকে ৷ লগৰ কাৰোবাৰ ঘৰলৈ গলে মনটো বেছিকৈহে বেয়া লাগি আহে তাইৰ ৷ সিহঁতৰ সুন্দৰ ঘৰ-দুৱাৰ দেখি নিজৰটোত দেখোন আহি সোমাবলৈকে মন নাযায় ৷ এইবোৰ কথাৰ কাৰনেই সুজাতা আজিকালি খিংখিঙীয়া হৈ পৰিছে ৷ লৰা-ছোৱালীদুটাক হোৱাই নোহোৱাই বকিয়েই থাকে ৷ প্ৰীতমৰ লগতো খকাখুন্দা নলগাকৈ এটা দিনো নোযোৱা হৈছে ৷ 

                "বাইদেউ , ভাজিখন বহাই দিওঁনে?" জানকীৰ মাততহে সুজাতা বাস্তৱলৈ ঘূৰি আহিল ৷ "অ, দেচোন ৷ ৰুটীকেইখন মই বনাম বাৰু ৷ তই বেলি দিলেই হব ৷ তয়ো খাই যাবি ৷" "নালাগে বাইদেউ ৷ মই চাহ-ৰুটী খায়েই ওলাই আহিছোঁ ৷" জানকীৰ কথাত সুজাতা আচৰিত হ'ল ৷ "ইমান সোনকালে আহিব লাগে তই ৷ ৰুটী বনাবলৈ কেনেকৈ সময় পাৱ?" "বাইদেউ ৷ ৰুটীটো বাদেই ৷ ভাতো বনাই থৈ আহিছোঁ ৷ নহলে কোনে কৰিব? লৰা-ছোৱালী দুটা আৰু মানুহটোৱে তাকে খাই নিজৰ কামে কামে যাব ৷ মানুহটোৰ কাৰণে দুখন ৰুটী থৈয়ো আহিছোঁ ৷ দুপৰীয়া ভাত খাবলৈ আহিব নোৱাৰে কাৰণে ৰুটীকে লৈ যাব৷" "কেনেকৈ পাৰ জানো ইমান কাম কৰিব ! কেইটাত শুই উঠ?" "চাৰিবজাতে উঠো বাইদেউ ৷ ঘৰদুৱাৰ সাৰি-পুচি লৈ কাপোৰ দুই-এটাও ধুই লওঁ তেতিয়াই ৷ তাৰপাছত ভাত-দাইল কেইটা বহাই ৰুটীদুখনমানো বনাই লওঁ ৷ মানুহটোৱে শাক-পাত কাটি দিয়ে কেতিয়াবা ৷ পিচে তাক মই শাক-পাত কটাতকৈ লৰা-ছোৱালীদুটাৰ পঢ়াটোকে অলপ চাই দিবলৈ দিওঁ ৷ সি বাইদেউ মেট্ৰিক পাছ ৷ ঘৰৰ অৱস্থা বেয়া কাৰণেহে কলেজ পঢ়িব নোৱাৰিলে ৷ মইতো স্কুল গৈয়েই নাপালোঁ ৷ সেইকাৰণে লৰা-ছোৱালীহঁতকে পঢ়ুৱাম বুলিয়েই চাৰিঘৰমানত কাম লৈছোঁ ৷" "ভাগৰ নালাগেনে তোৰ ইমান কেইঘৰত কাম কৰি?" জানকীৰ কথাত সুজাতাই সুধিলে ৷ "বাইদেউ , ভাগৰ লাগিছে বুলি ভাবিলেহে ভাগৰ অনুভৱ কৰোঁ ৷ সেইকাৰণে নাভাবোঁয়েই ৷ মনটোহে আচল কথা ৷ এইটো মোৰ চাকৰি বুলিয়েই ধৰোঁ ৷ কাম কৰিবই লাগিব যেতিয়া কেলেইনো অসন্তোষ মনেৰে কৰোঁ ৷ আৰু কৰিছোঁনো কাৰ কাৰণে? লৰা-ছোৱালীদুটা আৰু ঘৰখনৰ কাৰণেহে৷খালী জুই ধৰি ভাত ৰান্ধিব লাগে কাৰণে অকনমান দিগদাৰ এটা হয় ৷ পইচাকেইটামান অলপ অলপকৈ সাঁচিচো ৷ পাৰিলে এইবাৰ গেছৰ ব্যৱস্থাটো কৰিম বুলি ভাবিছোঁ ৷" "কেলেই , তোৰ মানুহটোৱে ৰঙৰ কাম কৰে বুলি কৈছিলি নহয় ? সি পইচা নিদিয়ে নেকি? তাক কবি আকৌ গেছৰ ব্যৱস্থা কৰি দিবলৈ ৷" সুজাতাই তাইৰ কথা শুনি ক'লে ৷ "দিয়ে বাইদেউ ৷ কেলেইনো নিদিব ? হ'লেও মই তাক বৰকৈ এইবোৰ কথা কৈ থাকিবলৈ টান পাওঁ ৷ ইমান কষ্টৰ কাম কৰি আহি ঘৰখনত অকনমান শান্তিৰে থাকিবলৈ নাপালে কেনেকৈ হ'ব? বয়-বস্তু লৈ দুয়োটাৰে মাজত অশান্তি হলে লৰা-ছোৱালীহাল জানো শান্তিত থাকিব পাৰিব? যি আছে তেনেকৈয়ে চলি আছোঁ আৰু বাইদেউ ৷ আমিতো ভালকৈ ভাতকেইটাকে খায় আছোঁ ৷ ক'তই  দুবেলা দুসাজ পেটপূৰাই খাবলৈ পোৱা নাই ৷ আৰু বয়-বস্তুনো কি ? মৰিলে লগত নিব নোৱাৰোঁ নহয় ৷" হাঁহি ক'লে জানকীয়ে ৷ "বাইদেউ , পাকঘৰত আৰু কাম নাই যদি ঘৰটো মচি লওঁনে?" জানকীক ঘৰ মচিবলৈ পঠিয়াই দি সুজাতাই তাই বেলি যোৱা ৰুটীকেইখন ভাজিবলৈ লৈ তাইৰ কথাকেই ভাবি থাকিল ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগত প্ৰথম শ্ৰেণী লৈ অহা সুজাতাক স্কুলৰ মুখ নেদেখা জানকীয়ে আজি বৰ ডাঙৰ পাঠ এটা দি গ'ল ৷ জীৱনৰ পাঠ ৷ আত্মসন্তুষ্টিৰে জীয়াই থকাৰ পাঠ ৷


স্বপ্না দত্ত ভৰালী 


4 comments:

  1. এক্কেবাৰে সচাঁ । জানকী হতে জীবনৰ যি পাঠ শিকাব পাৰে কোনেও university পঢ়ি শিকাব নোৱাৰে। সুন্দৰ মাদাম ।

    ReplyDelete
    Replies
    1. Madam বহুত ধন্যবাদ আৰু মৰম দেই❤️

      Delete
  2. বৰ সুন্দৰ পাঠ এটা পঢ়ুৱালে জানকীয়ে। বৰ ভাল লাগিল।

    ReplyDelete
    Replies
    1. আন্তৰিক ধন্যবাদ আৰু মৰম দেই মেডাম❤️

      Delete