www.hunguti.in

Breaking

www.hunguti.in

Ads

Tuesday, August 11, 2020

#ভাল_দিন



 #গল্প


#ভাল_দিন



বাৰাণ্ডাৰ আৰামী চকীখনত জুপুকা মাৰি বহি লীলাৱতীয়ে পুৱাৰ ৰদচেৰেঙা গাত লৈ আলিয়েদি যোৱা বাটৰুৱাবোৰকে চাই আছিল ৷


          কৰিবনো কি ? কাম কৰিব নোৱাৰা হল একো ৷ ককালটো পৰাৰে পৰা বৰকৈ লৰি চৰি ফুৰিবলৈ আহুকাল হয় ৷ 


            সেয়ে বেছিখিনি সময় বাৰাণ্ডাতে বহি বহি কটাই দিয়ে তেওঁ ৷ মাজে মধ্যে খুন্দনাটোত তামোল অকন খুন্দি মুখত লয় ৷ পৰাপক্ষত ভাত পানীও বহাতে খায় ৷ 



           ভাত পানীনো কি ? একো খাবলৈকে মন নাযায়চোন ! মাংস খাবলৈ কেতিয়াবাই এৰিলে ৷ মাছ খাবলৈও মন নোযোৱা হল দেখোন ! কিবা গোন্ধ পোৱাৰ দৰে লগা হ’ল ৷ 

         


             আগতে পিচে এনে নাছিল ৷ ভাতৰ পাতত মাছৰ গোন্ধ অকন হলে কি যে তৃপ্তিৰে ভাতকেইটা খাইছিল ! 


             কম কাম কৰিছিলনে বাৰু তেতিয়া লীলাৱতীয়ে ? কঠীয়া তোলা , ভূই ৰুৱাৰে পৰা আৰম্ভ কৰি ঢেঁকীত ধান বন্ধালৈকে সকলোবোৰেইটো কৰিছিল ৷


            সময় পালে জাকৈখন লৈ পথাৰত চবিয়াই কণমাছ দুটামানো ধৰি আনিছিল পাতত দিবলৈ ৷ আৰু ইমান কাম কৰিছিল যদিও বৰকৈ অসুখ বিসুখ হোৱাৰ কথাও মনত নপৰেচোন ! 


             আচলতে কেতিয়াবা হলেও গাৰ অসুখ গাতে গৈছিল ৷ কামৰ হেচাঁত অসুখেও তাপ মাৰি আছিল চাগৈ ৷ আন চিন্তা নাছিল তেতিয়া লীলাৱতীৰ ৷ কেৱল ল’ৰা ছোৱালীকেইটা কেনেকৈ মানুহ কৰিব পাৰি সেইটোহে ৷ ভাবিছিল ৷ 

 

          সিহঁত যেতিয়া মানুহ হব , তেওঁৰো ভাল দিন আহিব৷ ইমান কষ্ট কৰিব নালাগিব ৷ 


            নহাও নহয় ৷ ছোৱালী দুজনী ভাললৈকে বিয়া দিলে তেওঁ ৷ ল’ৰা তিনিওটা চৰকাৰী চাকৰিয়াল ৷ খেতিয়ে পথাৰে আগৰেপৰা নদনবদন ঘৰ এতিয়া আৰু গজগজীয়া হল ৷ 


             বোৱাৰীকেইজনীও ঘৰধৰা ৷ কাজিয়া পেচাল এটা নলগাকৈ যে আজিলৈকে মিলাপ্ৰীতিৰে আছে তাতেই লীলাৱতীৰ আনন্দ ৷ নাতি পুতিৰে গমগমীয়া ঘৰখনলৈ সছাঁকৈয়ে ভাল দিন আহিল ৷ 


              হয় ৷ সদায় ভাল দিনলৈ আশা কৰি থকা লীলাৱতীৰ জীৱনলৈ কিন্তু এই ভাল দিনতকৈ আগৰ কষ্টৰ দিনবোৰেই  ভাল আছিল যেন তেনে ভাৱ হয় ৷ 


           আগতে দপদপাই কাম কৰি ফুৰা লীলাৱতীয়ে এতিয়া আনৰ সহায় নহলে লৰচৰেই কৰিব নোৱাৰে ৷ 


         তেতিয়া কামৰ মাজতে পইতাঁই কৰ্কৰাই একাঁহী খাই লোৱা লীলাৱতীয়ে এতিয়া বোৱাৰীহঁতে সযতনে আগত দিয়া ভাতমুঠিৰ দুগৰাহমান বৰ কষ্ট কৰিহে খায় ৷ 


          আগতে গধূলি বিচনাত পৰিলে একে কাতিয়েই ৰাতিপুৱাই , আজিকালি ৰাতিপুৱালৈকে চকু মেল খায়েই থাকে ৷ 


           আগতে এক দেৰঘন্টা বাটকুৰি বাই ফুৰি আহিও ঘৰৰ সমস্ত কাম কৰিবলৈ এলাহ নালাগে , আজিকালি গাড়ীত দহমিনিটৰ ৰাস্তা যাবলৈও চিন্তা কৰিব লাগে ৷ 


            আগতে কেঁচাই পকাই সকলো হজম কৰিব পৰা পেটে এতিয়া দেখুন অকনমাণ ইফাল সিফাল হলেও বিদ্ৰোহ কৰি উঠে ৷ 


               লীলাৱতীৰ প্ৰায়েই মনলৈ আহে এই কথা ৷ 


ভাল দিন এনেকুৱাই নেকি??


✍ স্বপ্না দত্ত ভৰালী


4 comments:

  1. Porhi Bhal Lagil...Likhi thakibo...🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

    ReplyDelete
    Replies
    1. আন্তৰিক ধন্যবাদ ৷ নিশ্চয়🙏🙏

      Delete
  2. বৰ ভাল লাগিল দেই

    ReplyDelete
    Replies
    1. আন্তৰিক ধন্যবাদ দেই

      Delete