#গল্প
#অমৃত
খমখমীয়া খাটি মুগাৰ ফা-ছু, ফা-ছিন, ফা-ডাই সকলো সলাই পেলালে ফুলমতীয়ে ৷ কপাহী কাপোৰ এজোৰহে পিন্ধি ল’লে ৷ সাধাৰণ কপাহী কাপোৰ জোৰেও সুন্দৰী ফুলমতীৰ লাৱনী দেহাটো তুলি ধৰিলে ৷ কাণত সোনৰ থুৰীয়াযোৰ আৰু ডিঙিত পোৱালমণি এধাৰি ৷ হাতৰ মুঠিত সোনৰ গামখাৰুৰ সলনি মুঠিখাৰুহে পিন্ধি ল’লে তাই ৷
কাৰেঙৰ পাছদুৱাৰেদি যাব লাগিব ৷ তাকো একেবাৰে গোপনে ৷ তাইৰ অতি বিশ্বাসী গা ধৰা লিগিৰীজনীৰ বাদে আনে ভূ নাপাই ৷ কেনেবাকৈ কোনোবাই দেখি স্বৰ্গদেউৰ কাণত পেলালে সৰ্বনাশ হ’ব ৷
'বৰৰজা' এতিয়া তেওঁ ৷ 'বৰৰজা'ই সাধাৰণ প্ৰজাৰ দৰে ঘুৰি নুফুৰে ৷ সাধাৰণ প্ৰজাৰ দৰে সাজপাৰো নকৰে ৷
হ’লেও নিজৰ জন্ম ঘৰখনক জানো কোনোবাই পাহৰিব পাৰে ? ইয়াৰ উত্তৰ হ’ব 'নোৱাৰে' ৷ কোনেও নোৱাৰে ৷ ফুলমতীয়েও ৷
চেৰেং চেৰেং কৈ মাকলৈ মনত পৰি থাকে ফুলমতীৰ ৷ ভনীয়েক দ্ৰৌপদীৰ লগত হোৱা ছোৱালীকালৰ কথা বতৰাবোৰে অন্তৰৰ এচুকত ঘৰ কৰি থাকে ৷
সেয়েহে এই আয়োজন ফুলমতীৰ ৷ নিজৰ মনটোক কিমান বান্ধি ৰাখিব ! ৰাজসিক আদব-কায়দাৰ মাজত লুকাই থকা তাইজনীকনো কিমানদিন হেঁচি ৰাখিব !
ঘৰৰ কথা ভাবি ভাবি আহি থাকোঁতে কেতিয়ানো ঘৰৰ নঙলামুখ পালেহি ফুলমতীয়ে তৰ্কিবই নোৱাৰিলে ৷ ইফালে সিফালে চাই তাই নঙলা খুলিলে ৷ গোটেইখন নিজান হৈ আছে ৷ কোনো নাই হ’বলা ঘৰত ৷ ক’ৰপৰা থাকিব? খেতিৰ ভৰপক সময় ৷ ঘৰত থাকিলে কাম সিজিব জানো?
চোতালতে ঢেঁকুৰাটো শুই আছিল ৷ ফুলমতীক দেখি নেজদাল জোকাৰি জোকাৰি উঠি আহিল ৷ তাইৰ চাৰিওফালে ঘুৰি ঘুৰি তাইক শুঙি চালে ঢেঁকুৰাটোৱে ৷ নেজডাল জোকাৰি জোকাৰি তাৰ নিজস্ব ধৰণেৰে আনন্দ প্ৰকাশ কৰিেল ৷
দুৱাৰত দিয়া ডাংদাল খুলি ফুলমতী ভিতৰলৈ সোমাই গ’ল ৷ আপোন আপোন গোন্ধ এটা বুকুলৈকে উজাই আহিল ৷ চকুদুটা মুদি দীঘলকৈ উশাহটো টানিলে তাই ৷ বুকুত ভৰাই কাৰেঙলৈ লৈ যাব গোন্ধটো ৷ তাত এইটো গোন্ধৰ বৰ অভাৱ ৷
খন্তেক ৰৈ ফুলমতীয়ে ভাবিলে ৷ কি কৰিব? মাকহঁত অহালৈ ৰ’বনে? দেৰি হ’লে যদি ইফালে কাৰেঙত হুলস্থূল লাগে!! নাই , দেৰি কৰিব নোৱাৰি ৷ যিমান পাৰে সোনকালে ঘুৰি গৈ কাৰেঙ সোমোৱাৰ কথাহে ৷
ফুলমতী এইবাৰ আখলঘৰত সোমালগৈ ৷ ঘৰখনলৈ আহি কিবা এটা নোখোৱাকৈ যাবনে? কাৰেঙত খোৱাৰ আকাল নাই ৷ থেও-দাম, খাও-মুনৰ পৰা চেও-খাও, খাও-মাইৰলৈকে , বিধে বিধে মাংস, মাছ, মুগালেটা ভজাৰ পৰা আমৰলিৰ টোপ , শুকুতি মাছলৈকে , লাগ বুলিলেই নামলাওৰ সৈতে যতনাই দিয়ে ৷ পিছে হ’লে কি হ’ব ৷ ফুলমতীৰ পেট ভৰিলেও মন নভৰে ৷
ভাতৰ চৰুৰ ঢাকোনখন দাঙি চালেগৈ তাই ৷ চৰুৰ তলিত কেইটামান পঁইতাভাত ৷ পঁইতাভাতৰ মলমলীয়া টেঙা গোন্ধটোৱে তাইৰ ভোকটো দুগুণে বঢ়াই দিলে ৷ পঁইতা ভাতৰ জুতি আালুগুটিৰ পোৰা পিটিকাৰ সৈতেহে উঠিব ৷ এইবাৰ তাই চাঙৰ পৰা আলুগুটি কেইটামান আনি পুৰিবলৈ যো জা কৰিলে ৷ চৌকাৰ গৰম হৈ থকা ছাইৰ মাজত আলুগুটিকেইটা সুমুৱাই এইবাৰ তুঁহজুইকুৰা খুচৰি চালে ৷ আশাকৰাৰ দৰেই তাত পোৰা হাঁহকণী এটা পালে ৷ মনটো আনন্দত নাচি উঠিল তাইৰ ৷
হৈ যাব ৷ পকাতেল আৰু লোণ অকন দি হাঁহকণীটো পিটিকা কৰিব ৷ পোৰা আলুগুটিকেইটাও পিটিকি ল’ব ৷ পকা জলকীয়া এটাৰে একাঁহী ভাত শেষ কৰিব পাৰিব ৷ পিটিকাৰ লগত পঁইতা ভাত খোৱাৰ জুতিয়েই সুকীয়া ৷
কাঁহৰ কাঁহী এখনত পঁইতা ভাতকেইটা উলিয়াই ল’লে ফুলমতীয়ে ৷ পোতনিকণো ঢালি ল’লে ৷ পঁইতা ভাতকেইটা খাই পোতনিকণ পি নাখালে খোৱা যেনেই নালাগে ৷ পোৰাআলুগুটিৰ পিটিকা, পোৰা হাঁহকণীৰ পিটিকা আৰু পকা জলকীয়াটোৰে ভাতকেইটা পৰম তৃপ্তিৰে খালে ফুলমতীয়ে ৷ ভাত নহয় যেন অমৃতহে !
ভাতকেইটা খাই তাই বেছি সময় ন’ৰল ৷ কোনেও ফুট নোপোৱাকৈ কাৰেং সোমাবগৈ লাগিব ৷ যাবলৈ সাজু হ’ল ফুলমতী ৷
দুৱাৰত ডাংদাল দি এইবাৰ চোতালত পৰি থকা পকা পাণখিলা তুলি ল’লে ৷ মুখখনত জ্বলা জ্বলা ভাব এটা আছে ৷ পাণখিলাই মুহুদি কৰিহে ফুলমতীৰ ভাল লাগিল ৷
কাৰেঙলৈ বুলি বাট বুলা ফুলমতীৰ গা মনত আজি নতুন বল ৷ এয়া আইৰ হাতৰ অমৃতৰ বল ৷
✍ স্বপ্না দত্ত ভৰালী
(ফা-ছু-চোলা
ফা-ছিন-মেখেলা
ফা-ডাই-ৰিহা
থেও-দাম-মাটিমাহ
খাও-মুন-ভাত আৰু দালচেনী
চেও-খাও-ভাপত দিয়া ভাত
খাও-মাই-চুঙা চাউল)
Wow......
ReplyDeleteমেডাম🙏🙏
DeleteNo words
ReplyDelete😘😘
Delete