www.hunguti.in

Breaking

www.hunguti.in

Ads

Thursday, August 20, 2020

চুটিগল্প (অকথিত)

#গল্প

#অকথিত


            দীৰ্ঘদেহী মানুহজন ৷ চকুত ক’লা ফ্ৰেমৰ চশমা ৷ জোঙা নাকটোৰ আগত বহি চশমাযোৰে বুদ্ধিদীপ্ত চকুহালক ঢাকি ৰাখে ৷ ঘৰত থকা সময়খিনিত তেওঁ বেছিভাগ কিতাপৰ মাজতেই ব্যস্ত থাকে ৷ হয়তো তেওঁ কিতাপ পঢ়ি ভাল পায় ৷ নতুবা সামান্য জ্বৰতে তেওঁক আৰু চাৰিবছৰীয়া ৰোহনক এৰি গুচি যোৱা মৰমী পত্নীৰ কথাবোৰ মনলৈ নাহিবৰ বাবেই কিতাপৰ মাজত নিজকে ব্যস্ত কৰি ৰাখে পূৰ্ণিমাই নাজানে ৷ 

           পূৰ্ণিমা এই ঘৰলৈ অহা বৰ বেছিদিন হোৱা নাই ৷ সিহঁতৰ গাঁৱৰ আঘোণী এইখন ঘৰতেই বহুতবছৰ কাম কৰা ৷ এতিয়া তেওঁৰ দেহাই নটনা হ’ল ৷ মানুহজনীক হেৰুৱাই ল’ৰাটোৰে সৈতে অকলশৰীয়া হৈ পৰা মানুহটোক তেনেকৈ এৰি থৈ যাবলৈ সত নগ’ল আঘোণীৰ ৷ শয্যাশায়ী মাক থকা নথকা একেই ৷গাঁৱলৈ মাজে মাজে যাওঁতে আঘোনীয়ে পূৰ্ণিমাৰ দুখৰ কাহিনী শুনে ৷ মাক দেউতাক থাকোঁতে বৰ মৰমত ৰখা ছোৱালীজনী  মাউৰী হোৱাৰ পাছত কষ্টৰ সীমা নাইকিয়া হয় ৷ তাইক বোজা বুলি ভাবি ককায়েক-নবৌয়েকৰ অত্যাচাৰে সীমা চেৰাই যায় ৷ আঘোনীৰ সহ্য নহয় ৷ সেয়ে পূৰ্ণিমাক কণমানি ৰোহনক চোৱাচিতাৰ ভাৰটো দিব খুজিলে ৷ মানুহঘৰ ভাল ৷ মানুহক মানুহ বুলি গণ্য কৰা মানুহ ৷ তাতে পূৰ্ণিমাৰো বিয়াৰ বয়স যাওঁ যাওঁ ৷ ককায়েকহঁতৰো একো কাণ সাৰ নাই ৷ তাত থাকিলে অন্ততঃ কাম কৰি নিজৰ ভাতমুঠি উলিয়াই শান্তিৰে খাব পাৰিব ৷ গলগ্ৰহ আঁতৰিব বুলি ককায়েকহঁতেও ভাল পালে ৷ তেনেকৈয়ে পূৰ্ণিমা আহি কণমানি ৰোহনৰ পূণি বা হৈ পৰিল ৷ শয্যাশায়ী মাকৰ কণাৰ লাখুটি ৷ আৰু চশমা পিন্ধা মানুহজনৰ  বাবে কেৱল পূৰ্ণিমা ৷ 

             লাহে লাহে পূৰ্ণিমা সেইখন ঘৰৰ এৰাব নোৱৰা অংশ হৈ পৰিছিল ৷ ৰোহনৰ আল মৰাৰ পৰা আইতাকৰ আপদাল কৰালৈকে , ভাত ৰন্ধাৰ পৰা ৰোহন আৰু আইতাকক খুওৱালৈকে সকলোখিনিয়েই কৰিব লগা হৈছিল ৷ ঘৰ সৰা মচা কৰিবলৈ আৰু কাপোৰবোৰ ধুবলৈ যেনিবা বাগানৰে লচমি আহিছিল ৷ হ’লেও সকলো কামৰে হিচাপ পূৰ্ণিমায়েহে ৰাখিব লগা হৈছিল ৷ 

             চশমা পিন্ধা মানুহজনৰ পিছে ওজৰ আপত্তি বুলিবলৈ একো নাছিল ৷ বাগানৰ চাকৰি ৷ পুৱাতেই ওলাই যায় ৷ তাই মাত্ৰ সময়ত টেবুলত খোৱাৰ যোগাৰটো দিব লাগে ৷ যি দিয়ে বিনা আপত্তিত খাই তেওঁ ওলাই যায় ৷ তেওঁ খোৱাৰ সময়ত পূৰ্ণিমা খোৱা টেবুলখনৰ ওচৰে পাজৰেই থাকিবলৈ চেষ্টা কৰে ৷ মনতে ভাবি থাকে , এদিন হ’লেও ক’বনেকি তেওঁ যে আজি তৰকাৰিখন পাগত উঠিছে বুলি ! ভাতকেইটা সুন্দৰ জৰজৰীয়া হৈছে বা দালিত নিমখ অকণমান কম হ’ল বুলি ! নাই , চশমা পিন্ধা মানুহজনে একো নকয় ৷ আনকি তেওঁৰ ওচৰে পাজৰে কোনোবা আছে বুলিও যেন তেওঁৰ খবৰ নাই ! মনে মনে আহত হয় তাই ৷ 

             ৰোহনৰ আইতাকৰ লগত কথা পাতে তাই মাজে মাজে ৷ কথা প্ৰসংগত তেওঁ পুতেকৰ কথা উলিয়ালে  তাই মন দি শুনে ৷ তেওঁৰ পৰা মানুহজনৰ পচন্দ অপচন্দ জানি লয় ৷ সেইদিনা ৰাতিলৈ তাই চশমা পিন্ধা মানুহজনৰ প্ৰিয় মচুৰ মাহৰ বৰ দি আমলখিৰ আঞ্জা ৰান্ধে ৷ পাচদিনা মাটিদালিত ঔটেঙা দি মেথিৰ ফোৰণ দিয়ে ৷ আলুপিটিকাৰ লগতে শিলপটাত আম দি পদুনা পিঁহে ৷ পিচে উদাসীন মানুহজনে সেইদিনা ভাতকেইটা ভালদৰে নোখোৱা যেনহে লাগে তাইৰ ৷ হয়তো সেইদিনা তেওঁ স্মৃতিকাতৰতাত ভোগে ৷ তেওঁৰ প্ৰিয় ব্যঞ্জন তেওঁৰ সন্মুখত , অথচ প্ৰিয় নাৰীগৰাকী কাষত নাই ! পেটলৈ যায়নো কেনেকৈ তেওঁৰ ৷ পূৰ্ণিমাই বুজি উঠে ৷ মচুৰ দালিৰ বৰ আৰু মাটিদালিৰ আঞ্জা ৰান্ধিবলৈ আৰু খাবলৈ বেয়া পোৱা হয় তাই ৷

           মানুহজনৰ ভাগৰ পাতল ৰঙৰ চোলাকেইটা মাজে মাজে ৰঙীন কাপোৰৰ লগত একেলগে ধুলে ৰং লগাৰ দোহাই দি কামকৰা মানুহজনীক ধুবলৈ নিদি নিজেই ধোৱে তাই ৷ কাপোৰবোৰ ইষ্ট্ৰি কৰোৱাই আনি ভাগে ভাগে ৰাহ্ লগাই থয় ৷ আনকি ৰুমালখনো নিজৰ ঠাইৰপৰা হেৰফেৰ নহয় ৷ চশমা পিন্ধা মানুহজনে একো প্ৰতিক্ৰিয়া ব্যক্ত নকৰে ৷ নকলেও তেওঁ যেন ঘৰখনত পূৰ্ণিমাৰ ভূমিকাক লৈ সন্তুষ্ট এনে ভাৱ এটাই দোলা দি থাকে পূৰ্ণিমাৰ মনটোত ৷ সুখী সুখী ভাৱ এটাৰে দুগুণ উৎসাহেৰে কামবোৰ কৰি যায় তাই ৷ সৰুতে ৰেডিঅ’ত শুনা গাণৰ কলি এটা গুণগুণায় ৷

             ৰোহনৰ জোতা কিনিবলৈ বুলি  কেতিয়াবা গাড়ীৰ পাছৰ চিটত বহি বজাৰলৈ যাওঁতে তায়ো যাব লগা হয় ৷ জোতাৰ দোকান বা কাপোৰৰ দোকানত সোমায় মানুহজনে কিন্তু তাইৰ কিবা কিনিবলগা আছিল নেকি সুধিবলৈ কাহানিও নাপাহৰে ৷ পূৰ্ণিমাৰ কিনিবলগা কিবা থাকিলেও ঘৰ মচিবলৈ অহা লচমিৰ হতুৱায়েই অনাই লয় ৷ হ’লেও বজাৰলৈ যাবলৈ তাই এইটো কাৰণতেই ভাল পায় ৷ চশমা পিন্ধা মানুহজনৰ মুখত পূৰ্ণিমা নামটো শুনাটোতেই যেন তাইৰ সাফল্য ৷

           মানুহজনৰ মাজে মাজে জ্বৰ হয় ৷ সেইদিনা ভাত খাবলৈ মন নকৰে তেওঁ ৷ পূৰ্ণিমাই শুকান ৰুটীদুখনৰ সৈতে সৰু আলুগুটিকে ভাজি দিয়ে ৷ তেওঁ নোকোৱাকৈয়ে ফ্লাস্কত গৰম পানী তেওঁৰ কোঠাত ৰাখি থয়গৈ ৷ ৰাতি সেইদিনা ভালকৈ টোপনি নাহে তাইৰ ৷ কপালত হাতখন দি এবাৰ চাই আহিবগৈ যেন ভাব এটা আহে ৷ কিন্তু নাযায় ৷ কিবা এক অনামী সংকোচে বাধা দিয়ে তাইক ৷ ৰাতিপুৱালৈ তেওঁক সুস্থ দেখিলেহে মনটো মুকলি লাগে তাইৰ ৷

            ৰোহন লাহে লাহে ডাঙৰ হৈ আহে ৷ স্কুলত নাম লগাব পৰা হয়গৈ ৷ আইতাকে বিচনাৰ পৰা বেছিকৈ উঠিব নোৱাৰা যেন হৈ আহে ৷ আৰু মানুহজন ? তেওঁৰ শৰীৰটো লাহে লাহে ক’লা পৰি আহে যেন ৷ সঘনাই জ্বৰটো উঠি থাকিবলৈ লোৱাৰ পৰা মানুহজন আগতকৈ বেছি দুৰ্বল হৈ যায় ৷ বন্ধু এজনৰ সহযোগত অসমৰ বাহিৰলৈ চিকিৎসা কৰিবলৈ যায় ৷ পুতেকৰ চিন্তাত জুৰুলা হোৱা মাকক পূৰ্ণিমাই বুজনি দিয়ে ৷ ৰোহনক মাকৰ মমতাৰে বেঢ়ি ৰাখিবলৈ তাই চেষ্টাৰ ত্ৰুটী নকৰে ৷ 

           মানুহজন আহে ৷ পুনৰ যায় ৷ লগত এইবাৰ বন্ধুৰ লগতে পৰিয়ালৰ সম্পৰ্কীয় ককায়েক এজনো যায় ৷ পূৰ্ণিমায়ে বিশেষ একো বুজি নাপায় ৷ লিভাৰৰ সমস্যাত ভুগি মানুহজনৰ কিবা এটা অপাৰেচন কৰিব লাগিব বুলি শুনে মাত্ৰ ৷ মনে মনে আচৰিত হয় তাই ৷ মদ-ভাং দূৰৈৰ কথা ,তামোল এখন বা চিগাৰেট এটাও নোখোৱা মানু হজনৰনো এনে অসুখ হ’ব লাগেনে ? ওপৰৰ জনাই যাৰ কপালত যি লিখে সেইটোৱেই হ’ব ৷ মানুহেনো কি কৰিব পাৰিব ! ঈশ্বৰৰ ওপৰত ভৰষা কৰিয়েই দৈনন্দিন কামবোৰ কৰি যায় তাই ৷ কামৰ লগে লগে চশমা পিন্ধা মানুহজন সুকলমে ঘুৰি অহাৰ অপেক্ষাও কৰি থাকে ৷

             আহিল ৷ চশমা পিন্ধা মানুহজন ঘুৰি আহিল ৷ এৰোপ্লেনতেই আহিল তেওঁ ৷ কাঠৰ বাকচ এটাৰ ভিতৰত সোমাই অহা মানুহজনে নাকৰ ফুটাত দেখোন কপাহৰ লদি দুটাও সুমুৱাই আনিছে ৷ আগতে দেখা নোপোৱা দৃশ্য এইটো তাইৰ বাবে ৷ এনেকৈ অহাটো কামনা কৰা নাছিল তাই ৷  প্ৰিয় নাৰীগৰাকীৰ ওচৰলৈ গ’লগৈ তেওঁ ৷ কণমানি ৰোহনক পূৰ্ণিমাই মৰমেৰে আৱৰি ৰাখিব বুলি  জানিলে চাগৈ ৷ অলৰ মাকজনীৰ সুবিধা অসুবিধাৰ হিচাপ তায়েই ৰাখিব বুলি ভাবিলে চাগৈ ৷  

              শ্ৰাদ্ধাদি হৈ যোৱাৰ পাছত ৰোহনৰ আইতাকে পূৰ্ণিমাক ওচৰলৈ মাতিলে ৷ তেওঁলোকে বাগানৰ কোৱাৰ্টাৰটো  এৰিব লাগিব ৷ গাওঁৰ পুৰণা ঘৰখনতে থাকিবগৈ ৷ মৃত্যু অৱধাৰিত বুলি বুজি পাইছিল নেকি বাৰু মানুহজনে ? অসুখটোৰ আৰম্ভণিতেই তেওঁ পুৰণি ঘৰখন চিজিল লগাই পেলাইছিল ৷ পানীৰ মটৰৰ পৰা ঘৰৰ মেৰামতিলৈকে সকলোখিনিয়েই কৰি পেলাইছিল ৷ ৰখীয়া হিচাপে গাওঁৰে মানুহ এহাল আছিলেই ৷ কথাবোৰ কৈ কৈ কান্দি থকাৰ মাজতেই বুঢ়ীগৰাকীয়ে পূৰ্ণিমাৰ নামত তেওঁ দি থৈ যোৱা টকাকেইটাৰ কথা কৈছিল ৷ পূৰ্ণিমাৰ বাবে সেয়া বহুত টকা ৷ তাইৰ ভৱিষ্যত জীৱনত সহায় হ’ব পৰাকৈ, সৰুকৈ হ’লেও কিবা ব্যৱসায় এটা আৰম্ভ কৰিব পৰাকৈ টকাকেইটা থৈ গৈছিল মানুহজনে ৷ ইমান চিন্তা কৰিছিল নে বাৰু মানুহজনে তাইৰ কথা ? ক’তা , গমেই নাপালে ৷ পইচাকেইটা ৰোহনৰ আইতাককে থ’বলৈ ক’লে তাই ৷ তাই ৰোহন আৰু আইতাকক এৰি ক’লৈকো নাযায় বুলি লোৱা সিদ্ধান্তটো জনাই দিলে ৷ 

               সিদ্ধান্তটো জনাই তাইৰ মনটো কিছু মুকলি লাগিল ৷ নিজৰ কোঠাটোলৈ তাই সোমাই গ’ল ৷ বিছনাত পৰি থকা কাপোৰবোৰ জাপি পেলালে ৷ তাৰ মাজৰ পৰা ৰঙীন কাপোৰবোৰ তাই আঁতৰাই থলে ৷ আৰু এটা সিদ্ধান্তও মনৰ মাজত তাই লৈ ল’লে ৷ ৰঙীন কাপোৰ আৰু কেতিয়াও নিপিন্ধাৰ সিদ্ধান্ত ৷ সেই সিদ্ধান্তৰ কথা পিছে তাই কাকোৱেই নক’লে ৷

✍ স্বপ্না দত্ত ভৰালী

       ২০/৬/২০২০

No comments:

Post a Comment