#গল্প
#প্ৰাৰ্থনা
ৰাতিপুৱাই খবৰটো শুনি মনটো বেয়া লাগি গ'ল ৷ ক'ণদাইটিৰ অসুখ বোলে ৷ ভাল নোহোৱা অসুখ ৷ লাষ্ট ষ্টেজ হেনো ৷ এতিয়া খাব-বব নোৱাৰা হ'ল ৷ যোৱাকালিয়েই গাওঁৰ ঘৰলৈ অহা ৷ কাতি বিহু বুলি দুদিনৰ ছুটি লৈছিলোঁ ৷ চাকৰিসূত্ৰে চহৰত থাকো যদিওঁ মনৰ মাজত নিজৰ জন্ম গাওঁখন সদায় কঢ়িয়াই লৈ ফুৰোঁ ৷ সেয়ে সময় পালে গাওঁৰ ঘৰখনলৈ আহিয়েই থাকো ৷ সোণকালে উঠি ৰাস্তাত অলপপৰ খোজ কাঢ়ো বুলি ওলাওতেই কাষৰে কৈলাশক পালোঁ ৷ তাৰ মুখতে দাইটিৰ অসুখৰ খবৰটো পালোঁ৷
দাইটৰ গা ইমান বেয়া হৈ গ'ল , অথচ মই গম নাপাওঁ ! ভাইটিয়েও কোৱা নাছিল ৷ আচলতে কামৰ হেঁচাত মাজতে অলপদিন ঘৰলৈ আহিবলৈ পোৱা নাছিলো ৷ আৰু বোলে দাইটিৰ অসুখৰ খবৰটো জনাজনি হোৱা বেচিদিন হোৱা নাই ৷ মাজে মাজে গা বেয়া হৈ থাকে যদিওঁ বিশেষ চিন্তাৰ বিষয় নহয় বুলিয়েই ভাবিছিল ৷ যেতিয়া আচল কথাটো গম পালে তেতিয়ালৈ বহুত দেৰি হৈ গৈছিল ৷
কণদাইটিৰ অসুখ !! দাইটিৰো অসুখ হব পাৰেনে?? অন্ততঃ সৰুতে সেইবুলিয়েই বিশ্বাস কৰিছিলোঁ ৷ যিজন মানুহে গাওঁৰ সৰু-বৰ সকলোকে ৰোগৰ বিধান দিয়ে , গাওঁত কাৰোবাৰ কিবা এটা হ'লে যিজনৰ ওচৰলৈ সকলো দৌৰ মাৰে, সেইজনৰ ওচৰলৈনো বেমাৰ আহিব পাৰেনে ?
কথাবোৰ পাগুলি পাগুলি গধুৰ মন এটা লৈ ঘৰলৈ আহিলো৷দাইটিক এবাৰ চাই আহিমগৈ বুলি লৰালৰিকৈ ৰাতিপুৱাৰ নিত্যকৰ্মখিনি কৰি গাটো ধূই ললোঁ ৷ কাতিবিহু বুলি দুদিনৰ ছুটীত গাওঁলৈ অহা মই আজি দুপৰীয়া ঘুৰি যাবই লাগিব ৷ অহাকাইলৈৰ পৰা মই আৰু মোৰ শ্ৰীমতী দুয়োজনে চাকৰিত যোগদান কৰিব লাগিব ৷ গতিকে দেৰি কৰিব নোৱাৰি ৷ৰাতিপুৱাবেলাতে গৈ দাইটিক চাই আহিলেহে অহা ৷ কি ঠিক? পাছৰবাৰ আহি তেওঁক দেখা পাওঁ বা নাপাওঁ!
দাইটিৰ খবৰটোৱে মোক আগৰ কথাবোৰ মনত পেলাই দিলে ৷ আগতে গাওঁত কাৰোবাৰ কিবা এটা হৈছে বুলি ক'লে কথাই নাই ৷ ডাক্তৰতকৈও আগতে কণদাইটিৰ নামহে সকলোৰে মুখলৈ আহে ৷ কাৰোবাৰ বোলে পেট কামোৰনি হ'ল , দাইটিয়ে আদাৰ ৰসত মৌজোল মিহলাই খুৱাই দিব নতুবা মচন্দৰী নহৰুৰ লগত বটি বড়ি এটা কৰি খুৱাই পঠাব ৷ কাৰোবাৰ পেটচলা বেমাৰ হ'লে মধুৰীৰ আগ তিনিটা বা পাঁচটা পিহি আগবেলা-পাছবেলা খাবলৈ বিধান দিব ৷ কোনোটোৰ বোলে গাত খৰ উঠিছে ৷ কোনো কথা নাই ৷ কণদাইটি আছে নহয় ৷ গ'লেই হ'ল ৷ কলীয়া তুলসী সামান্য নিমখ দি খুন্দি প্ৰলেপ এটা লগাই দিব নতুবা নহৰুৰ কোঁহ দুটামান খুন্দি খৰত সানি দিব ৷ মোৰ নিজৰ কথাকেই মনত পৰিল ৷ সৰুতে, খেলি থাকোঁতে এবাৰ ভৰিত কাঁইট সোমাই পকি গৈছিল ৷ খোজ কাঢ়িবলৈও অসুবিধা হৈছিল ৷ কণদাইটিয়েহে পচতীয়া পাত খুন্দাৰে প্ৰলেপ দি আৰু মহানিমৰ পাতেৰে ঘাঁ ধুৱাই ধুৱাই ভাল কৰিছিল ৷ ভাইটিৰ গাত খজুৱতি হওঁতেও কণদাইটিৰ দিহা মতে মহানিম আৰু কেঁচাহালধি সিজোৱা পানীত নাৰিকল তেল মিলাই গা ধুই ধুই হে ভাল পাইছিল ৷ আৰু কেঁচুৱাৰ মাকবোৰৰ কথাটো ক'বই নালাগে ৷ কেঁচুৱাৰ সকলো সমস্যাৰ সমাধান যেন কণদাইটিয়েই কৰিব পাৰিব ৷ কোনোবাটোৰ বোলে প্ৰস্বাৱ বন্ধ হৈ আছে , দাইটিয়ে দুপৰটেঙাৰ পাত দুখিলামান খুন্দি তলপেটত অলপ সময় লগাই দিলেই কেঁচুৱাই প্ৰস্বাৱ কৰিব ৷ নতুন কেঁচুৱা কোনোবাৰ বোলে নাড়ী পকিছে, দাইটিয়ে বগা চন্দন খুন্দি নাড়ীত লগাই দিবলৈ দিব ৷ কোনোবাটোৰ বোলে জ্বৰ মুৰত উঠিল ৷ কণদাইটিক সুধি মুৰত লাইজাবৰি বা মাটিকাঁদুৰিৰ ভৰন দিব ৷ মুঠতে আমাৰ সৰু গাওঁখনত কণদাইটিয়েই ডাক্তৰ ৷ আৰু তেওঁৰ বাৰীখনত নাই কি? যমলাখুটী , পচতীয়া, বগাবাহক, ছালমুগৰাৰ পৰা কৰিয়াবীজল, মহাভৃংগৰাজ, তেজমুই, বিশল্যকৰণীলৈকে সকলোবোৰ তেওঁ ৰুই লৈছিল ৷ সেইবুলি দৰৱ-জাতি দিয়াৰ বাবদ তেওঁ যে মানুহৰপৰা কিবা আশা কৰিছিল সেইটো নহয় ৷ কোনোবাই তামোল পাণ এযোৰাৰে খুচুৰা পয়চা এটা বা দুটা মাননি বুলি আগবঢ়াইছিল ৷ সেইটোৱেই ৷ আচলতে দাইটিৰ লৰা নৰেন সৰু হৈ থাকোঁতেই খুইটি ঢুকাল ৷ খুইটিৰ প্ৰতি দুৰ্বাৰ প্ৰেম থকা দাইটিয়ে আৰু পুনৰ বিয়া পাতিবলৈ মন নকৰিলে ৷ বনৌষধিৰ বিষয়ে জ্ঞান থকা দাইটিয়ে সেয়ে চাগৈ ব্যস্ত থাকিবলৈকে তেওঁ এই কামটো বাচি লৈছিল ৷
দাইটিৰ কথা ভাবি ভাবি গৈ থাকোঁতে কেতিয়ানো তেওঁৰ ঘৰৰ পদুলি পালোঁগৈ কবই নোৱাৰিলোঁ ৷ জপনাখন খুলি পদুলিয়েদি সোমাই গলোঁ ৷ হাফ ওৱালৰ আটোমটোকাৰী ঘৰ-চোতাল ৷ যিফালেই চকু যায় সেইফালেই সেউজীয়া ৷ দাইটিৰ একমাত্ৰ লৰা নৰেন ওচৰৰ এল্ পি স্কুলখনৰ শিক্ষক ৷ বিয়াপতা বেছিদিন হোৱা নাই ৷ ন-ছোৱালীজনীয়ে মোক যোৱা দেখি আথেবেথে ভিতৰলৈ মাতি নিলে ৷ নৰেনো ওলাই আহিল ৷ আলহী বহা কোঠাতোত বহিবলৈ দিছিল যদিওঁ নবহি একেকোবে দাইটিৰ কোঠা পালোঁগৈ ৷ বোৱাৰীয়েকে প্লাষ্টিকৰ চকি এখন নি দাইটিৰ খাটখনৰ ওচৰতে পাৰি দিলেহি ৷ খুৰাকেইটা চুটিকৈ কাটি চাপৰ কৰি দিয়া খাটএখনত দাইটি শুই আছে ৷ থু-খেকাৰ পেলাবলৈ সুবিধা কৰি প্লাষ্টিকৰ চৰিয়া এটাত অলপমান তুঁহগুৰি দি খাটখনৰ তলতে ৰাখি থৈছে ৷ ওচৰতে সৰু কাঠৰ তুল এখনত এটা পানীৰ ফ্লাক্স আৰু গিলাচৰ লগতে কাঁহৰ বাতি এটাত কিবা এটা ঢাকি থৈছে ৷ দাইটিলৈ চালোঁ ৷ আগৰ দাইটি আৰু এতিয়াৰ দাইটিৰ মাজত আকাশ পাতাল প্ৰভেদ ৷ মই মাত দিলত শীৰ্ণ হাতখন অলপ ওপৰলৈ উঠাই মোক কিবা এটা কবলৈ চেষ্টা কৰিলে ৷ অস্পষ্ট মাতেৰে কি ক'লে বুজি নাপালোঁ ৷ কথা কলেওঁ যেন খুউব কষ্ট পায় তেনে লাগিল ৷ পানীৰ গিলাচটোলৈ ইংগিত কৰাত নৰেনে লৰালৰিকৈ এচামুচ পানী মুখত বাকি দিলে ৷ গোটেই চামুচ পেটলৈ ন'গল ৷ কোঁৱাৰিয়েদি বাগৰি অহাকণ বোৱাৰীয়েকে শিতানত থকা গামোচাখনেৰে টুকি দিলে ৷ দাইটিক বেচি সময় চাই থকাৰ ধৈৰ্য্য ন'হল ৷ নৰেনৰ লগত দুই এষাৰ কথা পাতি গধুৰ মন এটাৰে আহিবলৈ ওলালো ৷ দাইটিলৈ চালোঁ ৷ চকুত তেওঁৰ কাতৰ দৃষ্টি ৷ সেই দৃষ্টিয়ে যেন মোক বহুতো কথা বুজাই গ'ল ৷ মৃত্যুলৈ সীমাহীন ভয় থকা মানুহেও আৱাহন কৰিব পাৰে মৃত্যুক ৷ উৎকৰ্ণ হৈ থাকিব পাৰে ইয়াৰ ঘন্টাধ্বনি শুনিবলৈ ৷ সকলোৰে বাবে মৃত্যু ভয়ংকৰ শব্দ নহবওঁ পাৰে ৷ কেতিয়াবা কাৰোবাৰ বাবে আৰ্শীবাদেৰে পুষ্টও হব পাৰে মৃত্যু ৷ ভাল হৈ থাকোঁতে গাওঁৰ ৰাইজক সকলো সময়তে সহায়ৰ হাত আগবঢ়োৱা দাইটিৰ কাৰণে এই সময়ত কৰিবলৈ একোৱেই নাই যে মোৰ ! দাইটিৰ বাবে এতিয়া এটাই মাত্ৰ কাম কৰিব পাৰিম ৷ প্ৰাৰ্থনা ৷ জীৱনৰ বাবে নহয় ৷ মুক্তিৰ বাবে ৷
স্বপ্না দত্ত ভৰালী
২৪/১০/২০১৯
হৃদয় চুই গ'ল
ReplyDeleteমৰম দেই❤️
Delete