www.hunguti.in

Breaking

www.hunguti.in

Ads

Friday, August 28, 2020

#পৰিৱৰ্তন



#গল্প

#পৰিবৰ্ত্তন




          পূৱে ভালকৈ ঢলফাত দিয়াই নাই ৷ কাউৰীজনীয়ে ৰমলিয়াবলৈ ধৰিছিলহে মাথোঁ ৷ চালপীৰাৰ পৰা গুণদা কেকোঁজেকোকৈ উঠি আহিলেই ৷ বাঁহৰ দৰ্জাখনৰ ডাংদাল খুলি থোৱাই আছে ৷ কোনোবা বাজলৈ গৈছিলে হ’বপায় ! লাহেকৈ ওলাই গৈ গুণদা পিৰালিতে বহি পৰিল ৷ চেঁচা বতাহজাকে শৰীলটো জুৰ পেলাই দিলে ৷ গোটেই নিশাটো বিচনাত ইচাটি-বিচাতি কৰি থাকোঁতেই গ'ল ৷ বিচনীনো কিমান মাৰিব? গোটেই চালপীৰাখনেই এনে তপত হৈ গ'ল ! কোঠাতোত যেন জুইহে বৰষিছে ৷ ঘৰ নহয় যেনিবা ভাতীঘৰতহে তপত খোলা এখনৰ ওপৰত শুই আছে ৷ জানো পায়  বাকী মনিচ্ বোৰ কেনেকৈ আছে ! ভাবিলে গুণদাই ৷ 


               অলপ পুহৰি পুহৰি হওঁতেই বোৱাৰীয়েক অণিমা শোৱাৰ পৰা উঠি আহিলে ৷ খেৰৰ সোঁতাটোৰে ঘৰটো সাৰি লৈ তাই এইবাৰ চোতাল সাৰিবলৈ লাগিল ৷ এনেবোৰ সময়তে গুণদাৰ বৰ বেয়া লাগে ৷ বোৱাৰীয়েকে ভালকৈ মাতষাৰ নিদিয়ে তাইক ৷ যেন দেখা পোৱাহে নাই ৷ মাতষাৰতনো কি যায়? "বৌটি উঠিলেনে?" বুলি কথাষাৰ সুধিলেনো কি এনে বৰ বাখৰ সৰি পৰিব তাইৰ? এনেকুৱা মানুহে অমৃত এচৰু আনি মুখৰ আগত দিলেও জিভাই সা-সোৱাদ নোপোৱাৰ দৰে লাগিব ৷ হ'বচোন দে আই ! তয়ো ল'ৰা তুলিছ নহয় , কি সোণ হাগি দিয়ে দেখিম ৷ নাভাবোঁ বুলিও গুণদাৰ মনলৈ আহে এই কথা ৷ বোলে কথাতে ক'য় নহয়, বালীলৈ যিপাত শৰ, সুগ্ৰীবলৈকো সেই একেপাত শৰ ৷ অৱশ্যে শাও দিয়া নাই তাই ৷ কিন্তু বোৱাৰীয়েকৰ ব্যৱহাৰে নানো বুলিলেও মনলৈ আনে সেই কথা ৷ 


             বাপেক নাইকিয়া ল'ৰাটোক , মানে ক’ণপাইক , কম কষ্ট কৰি ডাঙৰ কৰিছিলনে তাই ? লোকৰ ঘৰত আধি মাটি ৰুই ৰুই স্কুললৈ পঠিয়াইছিল তাক ৷ পহিলা পহিলাতে সি পঢ়াত মন কাণ দিছিল ৷গঞাই ভাল বুলি শলাগোতে শলাগোতে শলাগাঁঠি লাগিল তাৰ ৷ পিছলৈ পঢ়াত তাৰ সমূলি মন-কাণ নোহোৱাই হ’লগৈ ৷ টাংগুটি, মাৰ্বলগুটি খেলি সমনীয়াৰ লগত চাঙৰি চেলাই চেলাই ঘুৰি ফুৰাতহে তাৰ চখ্ বেছি বাঢ়িলগৈ ৷ বৰজহনীতযোৱা, হাইজাতযোৱাটোয়ে তেতিয়া ভালকৈ পঢ়াহলে এতিয়া এনেকৈ গেবাৰী খাটিব নালাগিলহেঁতেন নহয় ৷ তাৰ লগৰ মঠৰামে আকৌ নপঢ়িলে নুশুনিলে যদিওঁ কামত ধৰিয়েই ঘৰখন দপদপকৈ উঠাই নিলে ৷ সেইবোৰ খোৱা জীয়াৰ লক্ষণ থকা লৰা দেহি ৷ 'খাৱৰ জীৱৰ যাৰ মন , হাগোতেও আজোৰে বন ' বুলি গিয়ানী জনে এনেই কৈ যোৱা নাই ৷ আকৌ নিজৰে খাবলৈ নাটে , কাম-বন এটা ভালকৈ হাতত নোলোৱাকৈয়ে উকহে খোৱাটোৱে ৰূপেশ্বৰৰ ঘৰতে বুঢ়ী হৈ থকা জীয়েকক পলুৱাই আনি এদিন ঘৰ সোমোৱালেহি নহয় ৷ সেইজনীক দেখিয়েই খঙে মূৰৰ চুলিৰ আগ পাইছিলগৈ গুণদাৰ ৷ ভাৰস্তখনত ছোৱালী বিচাৰি নাপালে আৰু সি? জুই দিলেওঁ নোপোৰা মুখ তাইৰ ৷ একেবাৰে লাওপাত-কচুপাত ৷ বয়সতো তাতকৈ তাই চাৰিবছৰমানৰ ডাঙৰ ৷ 


                    গুণদাৰ ভালকৈ মনত আছে নহয় ৷ চৌকনীয়াচুকৰ নামঘৰত " দক্ষযজ্ঞ " ভাওঁনা চাই থাঁকোতে ৰূপেৰ ঘৈণীয়েকে তাইৰ ওচৰতে চটিবস্তাটো পাৰি বহিছিলহি ৷ ৰূপেৰ জীয়েক লৱৰি ফুৰা বয়সৰ তেতিয়া ৷ গা-ভাৰী গুণদাৰ ভাওঁনা চাই থাকোঁতেই দেহা চাটি-ফুটি লাগিবলৈ ধৰিছিলে ৷ ককাঁলটো বৰকৈ বিষাইছে বুলি কওঁতেই লগতে যোৱা বলেনৰ মাকে কথাটো গম পালেই নহয় ৷ আ বুলিলেই গৰ্ভ দেখা পোৱা মানুহ তাই ৷ লগে লগে দুজনীমান লগ হৈ তাইক ঘৰত থবলৈ আহিবলৈ ওলাল ৷ আহি ঘৰৰ চোতাল পাইছিলহিহে মাত্ৰ , তীব্ৰ বিষত চোতালতেই বহি পৰিছিল গুণদা ৷খেৰ ঘৰৰ পৰা চেকুৰি চেকুৰি নালিয়াৰ মাকৰ নিৰ্দেশত তাইৰ গিৰিয়েকে খেৰ আনি তলতে বিচনা এখন সাজু কৰিছিল ৷ কোনোবা এজনীয়ে কেৰাচিন তেল অকন ঢালি জুইকুৰা জ্বলাই জুহালত গৰমপানী কৰিছিল ৷ বলেনৰ মাকে তাইক "বল দে, বল দে" বুলি ওপৰ পেটত তেল অকন লগাই তললৈ হেঁচা মাৰি মাৰি থাকোঁতেই হঠাতে তীব্ৰ বিষ এটা আহি আকৌ নোহোৱা হৈ গৈছিল৷ হঠাতে হোৱা পানীকেঁচুৱাৰ "চেৱা, চেৱা " শব্দত গিৰিয়েক চেঁকুৰি গৈ তাইৰ ওচৰ পাই গৈছিলগৈ ৷ " ঐ কটা নিধক, চৰম নাইকিয়া৷ যা ইয়াৰপৰা ৷ পুতেৰক দেখিবি নহয়" বুলি বলেনৰ মাকে কৃত্ৰিম খঙেৰে গিৰিয়েকক খেদি পঠাইছিল ৷ লাজতে গিৰিয়েক কোবাকুবিকৈ চোতাল পাইছিলগৈ ৷ হয় পায় ৷ সৌ সিদিনাৰ কথা যেনহে লাগে দেখোন এতিয়াও ! 


                          ক’ণপাইৰ জন্মৰ পাছতে দুদিনৰ জ্বৰতেই বাপেকটো সিফলীয়া হৈছিল ৷ ক’ণপায়ে খোজ চলাইছিলহে এথোন ৷ সেই যে গিৰিয়েকটো গ'ল , তাৰ পাছৰেপৰা তাইৰ দুখ কোলাই-পাচিয়ে নধৰা হবলৈ ধৰিলে ৷ যি হ'লেও কষ্টে-মষ্টে ডাঙৰ কৰাৰ পাছত পুতেকে কৰিলে সেইখন ! কাম কৰি কৰি এপৰাল পৰা মাকক ঘৈণীয়েকে বকনি মাৰি থাকিলেও মুখৰ পৰা মাত এটা নোলাই তাৰ ৷ তিৰোতাসেৰুৱাটো কৰবাৰ ! ৰাগ উঠি যায় বুঢ়ীৰ ৷ এনে অপেশ্বৰীজনী একেবাৰে ৷ দেখিবলৈ ভাল হোৱা হ'লেও এবললে ৷ গুণ থকাহ'লে ৰূপ নেলাগেই বাৰু ৷ গুণৰ 'গ' টোও নাই তাইৰ গাত ৷ চালী কুলক্ষণী ৷ ভাবিলে মনতে তাই ৷ বুঢ়ীক চিকুটমানো সহ্য নকৰে বোৱাৰীয়েকে ৷ কেতিয়া মৰে , কেতিয়া মৰে দেখি আছে ৷ ক'লৈনো যাব বুঢ়ী? আগলৈ নাই , পাছলৈ নাই এটায়েই পো ৷ তাৰ লগতে নাথাকিনো আৰু কাৰ লগত থাকিব ? তাই বেয়া পালেই হ'বনে? পৈয়েৰক পালি কাৰ যহত খবৰ আছে? কিনো এনে বৰভোজডাল ৰান্ধি খুৱাইছে তাই ? লচপচকৈ দিনটো কামকে কৰি থাকে ৷ সময়ত ভাতকেইটা নহয়গৈয়ে  ইফালে ৷ এনেয়ে জানো ক’য় , বোলে 'খৰ-ৰান্ধনী খৰ-বাঢ়নী পৈয়েক লঘোনে যায় ৷ উদা ৰান্ধনী উদা বাঢ়নী পৈয়েকে তিনিসাজ খায় ৷' সা-সোৱাদ নথকা ভাত-আঞ্জাখিনি সিজাই থেকেচ্-নেকেচ্ কৈ খুওৱাক খুওৱা বুলি নকয় নহয় ৷ পুতেকৰ মুখলৈ চায়হে জীয়াই আছে বুঢ়ী ৷ নহলে এনেকৈ জীৱন কটোৱাতকৈ কৰ'বাত আপোনঘাতী হোৱাই ভাল যেন লাগে তাইৰ ৷ বাৰু, দেখা যাওক ৷ 'এদিন বামুনৰ, এদিন বহুৱাৰ' বুলি এনেই নকয় নহয় ৷


              নাতিয়েকটোও মাকৰ ফুটতেহে উঠিলে ৷ বোলে 'একে গছৰ পাণ, সি নো হ’ব কি আন' ৷ মানুহ এযোৰা আহিলে মাতষাৰ দিবলৈও নিশিকিলে ৷ অকল গাওঁৰ উৰুলিপুঙা দুটামানৰ লগত ধিতিঙালি মাৰি ফুৰিবলৈহে শিকিলে নেওঁচা-কেওঁচা দিবলৈ ৷ মন গ'লে ঘৰলৈ আহে , নগলে নাহে ৷ উদঙীয়া গৰু আৰু ঢাকনী নাইকীয়া চৰু সেই একেই ৷ক'ত থাকে, কি কৰে সুধিলেও গেঙেৰিহে দিয়ে ৷ সিও এটা ভাল জলা-কলা উলিয়াইছে ৷ যোৱা দুনিশা ঘৰতেই নাই সি ৷ ক'ত ভ্ৰমি ফুৰিছেগৈ ওপৰৰ জনাইহে জানে ৷ কথাবোৰ পাগুলি থাকোঁতেই নঙলাদাল খুলি পদুলিয়েদি কোনোবা সোমাই আহিল ৷ কোন বাৰু? চকুৰেও নমনে নহয় ভালকৈ ! জুপি জুপি চাই থাকোঁতেই মানুহহাল আহি তাইৰ ওচৰ পালেহি ৷ আৰে, এইজনী দেখোন নাতিয়েকৰ লগত সিখন গাওঁৰ ৰহদৈ ৷ "এইক মই আনিলো " বুলি নাতিয়েক গুণদাৰ ওচৰতে বহি পৰিল ৷ "এইজনী দেখোন তোতকৈ দহবছৰমানৰ ডাঙৰ হ'ব ৷ নহবনে? আৰু তাই হেনো আগতে দুবাৰ নি তিনিবাৰ কাৰোবালৈ গৈ গৈ ঘুৰি অহা ৷ হেৰৌ আৰু ছোৱালী বিচাৰি নাপালিনে?" "চুপ্ থাক বুঢ়ী ৷ পেক্ পেকাই নাথাকিবি ৷" বুলি বুঢ়ীক ধমক এটা লগাই দিলে সি ৷ কি হ'লনো বুলি বোৱাৰীয়েক অনিমা ওলাই আহি কথাটোৰ ভূ পায় ৰাউচি জুৰিবলৈ লাগিলে " চালী দেশখাতী , পাখৰী, গজমূৰী ,মোৰ তেজটোপা খাবলৈ আহিলি ৷ কোনটো নাকেৰে তই মোৰ ঘৰ সোমাইছহি? আৰু অই পাতকী , চদকাখোৱা, কটা চৰম নালাগিলনে তোৰ বাইৰ লগৰ বায়েৰক ঘৈনী কৰি আনিবলৈ ৷ মোৰ মূৰটোৱেই চোবাই পেলাহঁত অ তহঁতে ৷ কণা গোসাঁয়ে এইবোৰ দিন দেখুৱাবলৈকে মোক জীয়াই ৰাখিছিলে নেকি অ ..." বুলি চিঞৰি থকাৰ মাজতে অণিমাৰ মনলৈ আহিল , তাই কণপাইলৈ পলাই অহাৰ দিনাও গুণদায়ো এনেকৈয়ে ৰাউচি জুৰিছিল ৷ খালী সেইদিনা পুতেক কণপিতৌৰ ঠাইত ক’ণপাই আৰু ৰহদৈৰ ঠাইত অনিমা আছিল ৷ প্ৰথমবাৰৰ বাবে তাইৰ অনুভৱ হ'ল , আজিৰেপৰা তাৰমানে তায়ো দ্বিতীয় এজনী গুণদালৈ পৰিবৰ্ত্তন হ'ল ৷


স্বপ্না দত্ত ভৰালী ৷


✍১৪/৮/২০১৯

No comments:

Post a Comment