www.hunguti.in

Breaking

www.hunguti.in

Ads

Tuesday, August 25, 2020

#কাৰণ

 #গল্প


#কাৰণ




               নিশা বহুত হ’ল ৷ মই দোকানৰপৰা আহোঁতেই  দহ বাজি গৈছিল ৷ দোকান বন্ধ কৰি ঘৰলৈ ঘুৰোতে প্ৰায়েই দেৰি হয় মোৰ ৷ ইলেক্ট্ৰনিক সামগ্ৰীৰ দোকান ৷ লগতে মেৰামতিও কৰোঁ ৷ দোকানৰ পৰা ঘৰৰ দূৰত্ব প্ৰায় দুই কিলোমিটাৰমানেই হ’ব ৷ স্কুটিখন বেয়া হৈ থকাৰ বাবেহে খোজকাঢ়ি আহিবলগা হৈছে ৷ গোটেইখন নিমাওমাও । ঠাণ্ডা দিনত এনেয়েও দহ বজাত মাজৰাতি যেনেই লাগি যায় ৷ ঠাণ্ডা বতাহ এটা আহিও আছে ৷ অলপ খৰকৈ খোজকঢ়াৰ বাবেহে ঠাণ্ডাই কাবু কৰিব পৰা নাই ৷ মাজে মাজে পিছলৈও চাইছোঁ ৷ কিজানি কিবা ছায়া-টায়াই পিছ লৈছে ! ভয়টো মোৰ অলপ বেছিয়েই ৷ নিজৰ ওপৰতে খং উঠিল মোৰ ৷ কিহে পাইছিল বাৰু ইমান দেৰি কৰিবলৈ ৷ স্কুটীখন ভাল হৈ থকাহ’লে কথা নাছিল ৷ ইফালে চাগৈ মায়ে চিন্তা কৰি বহি থাকিব পায়! 


              এককিলোমিটাৰ মান আহিয়েই আমাৰ গাওঁলৈ সোমাই যোৱা ৰাস্তাটো ৷ আৰু এককিলোমিটাৰ যাবলৈ আছেই ৷ ৰাস্তাটোৰ মুখতে এজোপা বৰগছ ৷ কাষতে নৃপেনৰ ঘুমটিখন ৷ নৃপেনে আকৌ ফুটগধূলিতে বন্ধই কৰে দোকান ৷ উপায়ো নাই ৷ ৰাতিখন গাওঁৰ মানুহ দোকান কৰিবলৈ ক’তনো আহিব ! 


          বৰগছজোপালৈ চকু গৈয়েই গাটো জিকাৰ খাই গ’ল ৷ ৰাতি দোকানৰ পৰা স্কুটী লৈ আহোতেও মই বৰগছজোপাৰ ফালে নাচাওঁ ৷ প্ৰকাণ্ড গছজোপাৰ ছাঁত ছয়াময়াকৈ যেন কিবা এটা ৰৈ আছে তেনে লাগে ৷ বতাহত পাত এটা লৰিলেও বুকুখন চিৰিংকৈ যায়গৈ ৷ আজিও নাচালোঁ ৷  অদূৰত কুকুৰ এটাই ভূকি উঠিল ৷ নৃপেনৰ ঘুমটিখনৰ আন্ধাৰ ঠাইটুকুৰাত কোনোবা এটা যেন ৰৈ আছে !  বুকুখন ঢিপলিংকৈ গ’ল ৷ জেকেটটোৰ চেইনডাল অলপ তললৈ নমাই থু থু কৰি ললোঁ ৷ নাই , ভয় কৰিলে নহব ৷ অলপ বেগ দিওঁ ৷


"শশাংকদা নহয়নে বাৰু?" ছোৱালী এজনীৰ মাত শুনি মোৰ চুলিৰ আগে জীৱটো যাওঁ যেন হ’ল ৷ ৰাতি চাৰে দহমান হ’ল ৷ ক’ৰ ছোৱালী থাকিবহি বাৰু এইখিনিত !নিশ্চয় ভূতুনী ৷ কি কৰোঁ বাৰু ! মনলৈ একো নহাই হ’ল ৷ ভৰিদুটাত যেন শিপাহে গজিল ৷ দৌৰ মাৰো বুলিও নোৱাৰা হলোঁ ৷ 


               ইতিমধ্যে ছোৱালীজনী আহি মোৰ ওচৰেই পাইছিলহি ৷ পিন্ধনত জিনছ্ আৰু জেকেট ৷ পিঠিত  এটা বেগ ৷ তাই যিমানেই ওচৰ চাপিছিল মোৰ ভৰিদুখন সিমানেই থকথককৈ কঁপিবলৈ ধৰিলে ৷ তাই আহি মোৰ সন্মুখত ৰোৱাতহে দেখিলোঁ , এইজনী দেখোন আমাৰ গাঁৱৰ প্ৰমিলা ৷ ৰাজ্যিক কাবাডী খেলুৱৈ ৷ বৰকৈ ঘৰত নাথাকেই ৷ খেলৰ বাবেই ঘুৰি ফুৰিব লগা হ’য় ৷ তাইক দেখি মোৰ ভয়টো অলপ শাম কাটিল ৷ তাই চাগৈ কিবা কাৰণত আহোঁতে দেৰি হ’ল ৷ 


"ইমান ৰাতিখননো ক’ৰপৰা আহিলি তই?" মোৰ লগে লগে তাই খোজেৰে আহি থাকোতে সুধিলোঁ ৷ মনে মনে আন এটা ভয়ো লাগিল ৷ খেলিবলৈ যাওঁতে তাইৰ কিজানি ক’ৰবাত এক্সিডেণ্টেই হৈ ঢুকাল ! মই কিজানি গ’ম নাপাওঁ ! এতিয়া তাইৰ আত্মাটোৱে কিজানি গাঁৱলৈ ঘুৰি আহিছে ! কি ঠিক? এনেকুৱা ঘটনাবোৰ কেতিয়াবা কেতিয়াবা পঢ়িবলৈ পাওঁ নহয় ৷ পিচে মোক আশ্বস্ত কৰি তাই নিজেই কৈ গ’ল , "কোকৰাঝাৰত আছিল আমাৰ খেল ৷ ঘুৰি আহোঁতে বাচখন এঠাইত বেয়া হ’ল ৷ এইখিনি আহি পাওঁতে পাওঁতে সেয়ে দেৰি হ’ল ৷ ককাইদেউলৈ ফোন কৰিলোঁ আগবাঢ়ি আহিবলৈ ৷ সি বোলে অকলে অকলে নাহিবি , নৃপেনৰ ঘুমটিৰ বাৰাণ্ডাতে ৰৈ থাক ৷ মই পামগৈয়ে ৷ সেইবুলিহে ইয়াতে ৰৈ দিলোঁ ৷ তোমাক দেখিহে মাতটো দিলোঁ ৷ নহলে ককাইদেউ অহালৈকে সেইখিনিতে ৰৈ দিলোহেঁতেন ৷" হয় , নৃপেনৰ দোকানৰ বাৰাণ্ডাৰ এন্ধাৰমুৰীয়া ঠাইকণত থকা বেঞ্চিখনত বহি থাকিলে ভালকৈ নাচালে কোনোবা আছে বুলি ধৰিব নোৱাৰি ৷ 


"  ছোৱালীমানুহৰ কথা অ' ৷ দিনকালবোৰ বেয়া ৷ দিনতে অহা যোৱা কৰিবলৈ চাব লাগে ৷" তাইৰ কথা শুনি মই কৈ উঠিলোঁ ৷ 


"মোৰ ভয় দৰ নাই বুলি তুমি জানাই চাগে ৷ দেও ভূতলৈটো বাৰু ভয় নকৰোৱেই, মানুহলৈও নকৰো ৷ কেৰাটেত ব্লেক বেল্ট পাই থোৱা নহয় ৷ তুমি সদায় দোকান বন্ধ কৰি এইসময়তহে আহা নেকি?" তাই সুধিলে মোক ৷ 


"নহয়৷ আঠটা চাৰেআঠটা মানতে বন্ধ কৰোঁ দোকান ৷ আজিহে দেৰি হ’ল অলপ ৷ টিভি এটা বনাই আছিলোঁ ৷" তাইক কথাটো কৈ থাকোঁতেই সিফালৰ পৰা বেগাই চাইকেল মাৰি প্ৰমীলাৰ ককায়েক বিতুল আমাৰ ওচৰ পালেহি ৷ চাইকেলখন আমাৰ ওচৰতে ব্ৰেক মাৰি ৰখাই সি প্ৰমীলাক ক’লে , "তই গুচিয়েই আহিলি নি ? আহিবলৈ লওঁতেহে দেখিলোঁ চাইকেলখনৰ চেইন পৰি আছে ৷ সেয়েহে অকনমান দেৰি হ’ল ৷ কাৰোবাকনো অকনমান আগবঢ়াই দিবলৈ নকলি কিয় ? " তাৰ প্ৰশ্নৰ উত্তৰত প্ৰমীলাই কৈ উঠিল , "নহয় অ' ৷ কোৱাহ’লে দিলেহেঁতেন আগবঢ়াই ৷ কিন্তু সকলোকে ঘৰে ঘৰে থবগৈ লাগিব যে ৷ মইটো সোনকালেই পালোঁহি ৷ বাকীবোৰৰ আৰু দূৰৈত যে তাতে আলিমুৰতে শশাংকদাক পাই ভালেই পালোঁ ৷ বোলো গৈয়েই থাকোঁ৷ তোক বাটতে পাম বুলি জানিছিলোঁৱেই ৷" 

ইতিমধ্যে আমাৰ ঘৰৰ পদুলি পালোহিয়েই ৷ প্ৰমীলাহঁতৰ ঘৰলৈ আৰু অকনমান যাব লাগিব ৷ প্ৰমীলাৰ কথাত বিতুলে চক খোৱা যেন কৰি ক’লে , "কাক লগ পোৱা বুলি কলি তই?"  কথা পাতি পাতি সিহঁত আগলৈ গৈ থাকিল ৷ "তহঁত গৈ থাকচোন" বুলি কৈ মই আমাৰ ঘৰৰ নঙলাডাল খুলিলোঁ ৷ মনতে অকনমান ক্ষোভ এটাও হ’ল ৷ বিতুলে ময়ে একেলগেই পঢ়িছিলোঁ স্কুলত ৷ ভনীয়েকক ৰাতিখন আলিমুৰৰ পৰা লগত লৈ আহিছোঁ ৷ কথা এষাৰো নুসুধিলে মোক ৷ স্কুলত মাষ্টৰৰ চাকৰি পালে বুলি মোক ইমাননো অৱজ্ঞা কৰিব লাগেনে ! ভাবি ভাবি মই আহি বাৰাণ্ডাত উঠিলোহি ৷

         ভিতৰত মাৰ লগত কোনোবা আছে সম্ভৱতঃ ৷ কাৰেণ্ট নাই ৷ লেম্প এটা জ্বলাই থৈছে ভিতৰত ৷ অ' , খুৰীৰ মাত সেইটো ৷ আৰে, মায়ে দেখোন কান্দিছে ৷ কি হ’ল আকৌ ! দুৱাৰখনত টুকুৰিয়াবলৈ লওঁতেই চোতালৰ মুৰত থকা মোৰ স্কুটীখনলৈ চকু পৰিল ৷ চিন্ন ভিন্ন হৈ থকা স্কুটীখন দেখি বহুতো কথাই মনত পৰি গ’ল মোৰ ৷ হয়তো! দুদিনৰ আগতে নিশা দোকানৰ পৰা আহোঁতে কেলৈ ট্ৰাকএখনে মোক চোচোৰাই নিয়া নাছিল জানো! চোতালৰ আগত তুলসীজোপাৰ তলত মোক শুৱাই থোৱা ঠাইকণ বেৰি থোৱা আছে এতিয়াও ৷ ধিমিক ঢামাককৈ জ্বলি থকা মাটিৰ চাকিটো চাই চাই বাৰাণ্ডাতে বহি থাকিলোঁ মই ৷ বিতুলে মোক নমতাৰ কাৰণটো যেন এতিয়াহে বুজি পালোঁ ৷


✍ স্বপ্না দত্ত ভৰালী


2 comments: