#গল্প
#শিক্ষা
মুখত চিগাৰ এটা লৈ বাৰাণ্ডাৰ আৰামী চকিখনত বহি আছে হৰকান্ত বৰুৱা ৷ বাগিচাৰ ঘাঁহনিখন মেচিন এটা অানি সমান কৰিছে হৰেনে ৷ মালীৰ কাম কৰা জয়প্ৰকাশে ডাঙৰ কেঁচি এখন লৈ ফুলৰ ডালবোৰ কলম কৰি আছে ৷ হৰকান্ত বৰুৱাই মাজে মাজে ইটো সিটো নিৰ্দেশ দি আছে সিহঁতক ৷ হৰকান্ত বৰুৱাৰ পত্নী অপৰূপাই ৰাতিপুৱা মাছবেপাৰীয়ে দি যোৱা প্ৰকাণ্ড ৰাঘবৰালীটো মালতীৰ হতুৱাই কুটা বছা কৰোৱাই কিহৰ সৈতে ৰান্ধিব ৰান্ধনি বাপুটিক তাৰ দিহা দিছে ৷ পকা তেতেলীৰ লগতহে বৰালি মাছৰ জুতি উঠে ৷ হাঁহৰ মাংস কোমোৰাৰ লগতহে বৰুৱাই ভাল পায় ৷ ৰজতে আকৌ গোটা ভজা ৷ গতিকে দুয়োধৰণে ৰান্ধিবই লাগিব ৷ আমেৰিকাত থকা তেওঁলোকৰ একমাত্ৰ পুত্ৰ ৰজত আজি ঘৰ পাবহি ৷ সেয়ে আজি বৰুৱা বৰুৱানী হিয়া উলাহে নধৰা হৈ আছে ৷ ইতিমধ্যে ড্ৰাইভাৰ ল’ৰাটোৱে এবোজা বজাৰ লৈ ঘৰ পালেহিয়েই ৷
"হৰেন , সেইফালে ভালকৈ চাচোন ৷ আৰু অকনমান সমান কৰি দে" হৰেনক কথাটো কৈ থাকোতেই বৰুৱাই হাতৰ বাহুত ঈষৎ যন্ত্ৰণা অনুভৱ কৰিলে ৷ মেলো নেমেলোকৈ চকুদুটা মেলি চালে তেওঁ ৷ নাই , কোনো নাই ৷ হৰেন আৰু জয়প্ৰকাশো নাই ৷ অপৰূপা আৰু মালতীও নাই ৷ শুভ্ৰ বিচনাএখনতহে শুই আছে তেওঁ ৷ ইফালে সিফালে চাই তেওঁ ক’ত আছে অনুমান কৰিবলৈ চেষ্টা কৰিলে ৷ নাৰ্ছিংহমেই হ’ব ৷ নাৰ্ছ এগৰাকীয়ে তেওঁৰ বাহুটোত বেজী এটা দিওঁতেহে সাৰ পাই গ’ল ৷ তেওঁ চকু মেলা দেখি চেহেৰাত পাহাৰীয়া চাপ থকা বগা সৰুফুটীয়া মৰমলগা নাৰ্ছজনীয়ে সোঁফালৰ বেৰীয়া দাঁতটো জিলিকাই হাঁহি এটা মাৰি দিলে ৷
"সাৰ পালে?" হাঁহিটোৰ লগে লগে তাই কৈ উঠিল ৷
"ক’ত আছোঁ বাৰু মই ?" বৰুৱাই জানিবলৈ চেষ্টা কৰিলে ৷
"আৰোগ্য নাৰ্ছিং হ’মত ৷" কৈ তাই গ’লগৈ ৷ বৰুৱা আচৰিত হ’ল ৷ মনত পেলাবলৈ চেষ্টা কৰিলে তেওঁ ৷ কেনেকৈ তেওঁ নাৰ্ছিংহম পালেহি ? নাৰ্ছিংমহলৈ অহাৰ কথাটো নাছিল ! একমাত্ৰ পুতেকৰ লগত আমেৰিকালৈ যোৱাৰ কথাহে আছিল ! তেন্তে ??
তেওঁৰ ভাৱনাত যতি পেলাই কোঠাতোলৈ কোনোবা সোমাই আহিল ৷ ডাক্তৰ এজনৰ লগত দুগৰাকী নাৰ্ছ আৰু এজন ৱাৰ্ডবয় ৷
"মই ইয়ালৈ কেনেকৈ আহিলোঁ?" বৰুৱাই উঠিবলৈ চেষ্টা কৰিলে ৷ নাৰ্ছ গৰাকীয়ে বাধা দি বৰুৱা শুই থকা বেডখন মুৰৰ ফালে ওখ কৰি দিলে ৷
"এয়াৰপৰ্টৰ ৱেটিং ৰূমত আপুনি অচেতন হৈ গৈছিল ৷ তাৰপৰাই কোনোবাই আপোনাক আনি ইয়াত থৈ গ’ল ৷ " পালচটো চাই চাই সুন্দৰ চেহেৰাৰ অমায়িক যেন লগা ডাক্তৰ জনে কৈ উঠিল ৷
"বাৰু কথা পাতিম বৰ্তা আপোনাৰ লগত ৷ আহি আছোঁ ৷" ডাক্তৰজনৰ মুখত বৰ্তা শব্দটো শুনি বৰুৱাৰ কিবা এটা আপোন আপোন লাগি গ’ল ৷ ৱাৰ্ডবয় জনক কিবা নিৰ্দেশ দি তেওঁলোক গ’লগৈ ৷
ৱাৰ্ডবয় জনৰ সহায়ত বৰুৱা টয়লেটৰ পৰা আহিলগৈ ৷ মুখ হাতবোৰ তাৰ সহায়ত ধুই দিয়াত অলপ সতেজ অনুভৱ কৰিলে তেওঁ ৷ বৰুৱাৰ কোনো এটেনডেন্ট নাই বাবে ডাক্তৰচাৰে হেনো তাক তেখেতক চোৱা চিতা কৰিবলৈ কৈ গৈছে ৷ মাজতে ওলাই গৈ ফ্লাক্সত চাহ আনিও সি বৰুৱাক খাবলৈ দিলেহি ৷ ব্ৰেকফাষ্টটো অলপ পাছত আনি আছোঁ বুলি কৈ সি ওলাই গ’ল ৷ যাওঁতে কিবা দৰকাৰ হ’লে বেলটো বজাই দিবলৈও তেখেতক দেখুৱাই থৈ গ’ল ৷
অকলশৰীয়া হৈ এইবাৰ বৰুৱাই ঠাণ্ডা মগজুৰে কথাবোৰ জুকিয়াই চালে ৷ পুতেক ৰজতে খবৰ দিছিল তেওঁক যে সি গৈ আছে অসমলৈ ৷ অপৰূপা ঢুকুৱাৰ পাছত অকলশৰীয়া হৈ পৰা বৰুৱাৰ আগৰ প্ৰতিপত্তি নাইকিয়া হৈছিল ৷ বয়সো যথেষ্ট হৈছিল ৷ তেওঁক চাবলৈ মানুহেই নোহোৱাৰ দৰে হৈছিলগৈ ৷ সেয়ে তেওঁ পুতেকৰ প্ৰস্তাৱটো বেয়া নাপালে ৷ আৰু সা সম্পত্তিনো তেওঁ কালৈ কৰিছিল ! পুতেকৰেই সকলোবোৰ ৷ সেয়ে সি সকলো সম্পত্তি বেচি বাপেকক আমেৰিকালৈ লৈ যোৱাৰ কথাটোত তেওঁ বেয়া নেদেখিলে ৷ সি আহি হেনো পাচপোৰ্ট, ভিচা সকলোবোৰ ঠিক কৰিব আৰু সম্পত্তিবোৰ বিক্ৰী হোৱাৰ পাছতেই দেউতাকৰ লগত আমেৰিকালৈ উৰা মাৰিব ৷ এইটোৱেই টো বন্দবস্ত আছিল ! তেন্তে !!
হৰকান্ত বৰুৱাৰ মনলৈ আহিল ৷ তেওঁ যিখিনি ঠাইত ঘৰটো সাজিছিল , আচলতে ঘৰ বুলি ক’লে ভুল হ’ব , অট্টালিকাটোহে শুৱাব , সেইখিনি মাটিও কম ছলে বলে দখল কৰা নাছিল ! চহৰৰ মাজমজিয়াত তেওঁৰ মনৰ পচন্দৰ মাটিখিনিৰ মালিক আছিল ভবানন্দ হাজৰিকা ৷ ভবানন্দ হাজৰিকাই উত্তৰাধিকাৰী সূত্ৰে পোৱা মাটিখিনি কোনোপধ্যেই বেচিব খোজা নাছিল ৷ কিন্তু সেইসময়ত হৰকান্ত বৰুৱাক লাগ বুলিলে লাগিবই ৷ প্ৰথমে ভালকৈ ক’লে ৷ সৰহীয়া পইচাৰ লোভ দেখুৱালে ৷ তাৰপাছতো ভবানন্দ হাজৰিকা ৰাজী নোহোৱাত হৰকান্ত বৰুৱাই এইবাৰ বল প্ৰয়োগ কৰিলে ৷ হোজা সৰল ভবানন্দ হাজৰিকাই অৱশেষত হাৰ মানিলে ৷ তেওঁ পাবলগীয়া টকাকেইটাও শেষত সম্পূৰ্ণকৈ নিদিলেগৈ বৰুৱাই ৷ বৰুৱাৰ গুণ্ডাবাহিনীৰ ভয়ত ভবানন্দ হাজৰিকায়ো আৰু আশা নকৰিলে ৷ একমাত্ৰ পুত্ৰৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁ মাটিখিনি উছৰ্গা কৰিছোঁ বুলিয়েই ধৰি ললে ৷ তাৰপাছত বৰুৱাই তাত অট্টালিকা সাজিলে ৷ একমাত্ৰ পুত্ৰ ৰজতক পঢ়িবলৈ আমেৰিকালৈ পঠিয়ালে ৷ এক নম্বৰী, দুই নম্বৰী ব্যৱসায় কৰি অৰ্জন কৰা অজস্ৰ টকা পুতেকৰ কথামতে তাৰ একাউণ্টত ভৰাই দিলে ৷ পত্নী অপৰূপা নাইকিয়া হোৱাৰ পাছৰে পৰা বৰুৱা অকলশৰীয়া হোৱাদি হ’ল ৷ আগৰ বল শক্তিও নোহোৱা হ’ল ৷ সেয়ে পুতেকৰ প্ৰস্তাৱটো তেওঁ বেয়া নাপালে ৷
যথাসময়ত পুতেক ৰজত পালেহি ৷ আহিয়েই সি কামত লাগি গ’ল ৷ মানুহো পালে ৷ পচন্দৰ দামো ৷ বৰুৱাই সেইবোৰত নোসোমাল ৷ তাৰ বাবেই সকলোবোৰ ৷ সি যি কৰে কৰক ৷ এনেয়েও সিয়েই দেখোন তেওঁক চাব লাগিব ৷ সকলোবোৰ হৈ যোৱাৰ পাছত তেওঁলোক আমেৰিকালৈ যোৱাৰ দিনটো পালেহি ৷ এয়াৰপৰ্ট পোৱালৈকে সকলো ঠিকেই আছিল ৷ তাৰ পাছতহে তেওঁক ৱেটিং ৰূমত বহুৱাই থৈ সি 'মই আহিমেই এতিয়া' বুলি গ’ল যি গ’লেই , আৰু নাহিল ৷ তাৰ বাবে ৰৈ ৰৈ নিশা হ’লগৈ ৷ কোনোবাই কোনোবাই তেওঁক তাত বহি থকা দেখিহে সোধপোছ কৰাত গম পালে , যিখন ফ্লাইটত যাব লগা আছিল সেইখন কেতিয়াবাই গ’ল ৷ ৰজত গৈ চাগৈ আমেৰিকা পালেগৈ ৷ দলনিত পোনা মেলাদি মেলি গ’লহি বাপেকটোক ৷ কথাবোৰ শুনি মুৰটো ঘুৰাই তেওঁ তাতেই বাগৰি পৰিল ৷ তাৰপাছত সেয়া এই নাৰ্ছিংহমতহে চকু মেলিছেহি বৰুৱাই ৷
কথাবোৰ পুনৰ মনত পৰি আকৌ মুৰটো ঘুৰাই গ’ল তেওঁৰ ৷ নাকান্দো বুলিও চকুৰ কোণত দুটোপালমান পানী গোট খালেহি ৷ অপৰূপা আগতিয়াকৈ গুচি গ’ল ভালেই হ’ল ৷ থকা হ’লে মৰমৰ পুতেকৰ এনে বিশ্বাসঘাটকতাই মাকজনীক জীৱন্তে মাৰিলেহেঁতেন ! ইমান নিৰ্দয় সি কেতিয়াৰপৰা হ’ল ? যি লাগে তাকেইটো তাক দিছিল তেওঁ ! চলে বলে কৌশলে সা সম্পত্তি তাৰবাবেইটো গোটাইছিল ! এইবোৰ দিন দেখিবলৈকে নে? যাব ক’লৈ এতিয়া তেওঁ ? ককাই ভাই আছিল যদিও গোটেই জীৱনটোত এবাৰো খবৰ নাৰাখিলে সিহঁতৰ ৷ এতিয়া কোনখন মুখেৰে বিচাৰি যায় সিহঁতক ?
তেওঁৰ চিন্তাত যতি পেলাই দৰ্জাখন থেলি ৱাৰ্ডবয়জন সোমাই আহিল ৷ তাৰ হাতত পানীৰ বটল এটা ৷ তাৰ পিছে পিছে সোমাই অহা ল’ৰাটোৰ হাতৰ চাৰিচুকীয়া ট্ৰেৰ দৰে থালখন টেবুলত থৈ গুচি গ’ল ৷
"ব্ৰেকফাষ্টটো কৰি লওক ৷ বিচনালৈকে আনি দিছোঁ ৰ’ব ৷" ৱাৰ্ডবয়জনে থালখন উদঙাই আনি বৰুৱাক বিচনাতে দিলেহি ৷ শুকান ৰুটি , বুটদালি নে মটৰৰ তৰকাৰী এখন , আচাৰ আৰু পিয়াজ ৷ সম্ভবতঃ কেন্টিনৰ পৰা আনি দিছে ৷ পেটত ভোক লাগি থকাৰ পাছতো বৰুৱাৰ খাবলৈ মন নগ’ল ৷ খায় কেনেকৈ ? অনিশ্চিত ভৱিষ্যতৰ চিন্তাই, নিজৰ তেজৰ বিশ্বাসঘাতকতাই খাবলৈ নিদিলে তেওঁক ৷
"এতিয়া থোৱাচোন বাৰু ৷ পাছত ভোক লাগিলে খাম ৷" বুলি তেওঁ তাক কৈ থালখন পুনৰ টেবুলত থোৱালে ৷ পানীৰ বটলটোৰ পৰা পানী এঢোক খাই তেওঁ শুকাই যোৱা ডিঙিতো তিয়াই ল’লে ৷ দৰকাৰ হ’লে বেলটো বজাবলৈ কৈ ৱাৰ্ডবয়জন গ’লগৈ ৷
পুনৰ ভাবনাৰ জগতখনত সোমাই পৰিল বৰুৱা ৷ সঁচাকৈয়ে ! জীৱনত বহুত নকৰিবলগীয়া কাম কৰিলে তেওঁ ৷ পইচাৰ বাবে , সম্পত্তিৰ বাবে ভীষণভাবে লালায়িত বৰুৱাক সময়ে কিন্তু উচিত প্ৰতুত্ত্যৰ দিলে ৷ কিমানক যে অন্যায় কৰিলে হিচাপ নাই ৷ আটাইতকৈ বেছি অন্যায় কিজানি ভবানন্দ হাজৰিকাকেই কৰিলে ৷ তেওঁৰ ওচৰত সকলো হিচাপ নাথাকিলেও ভগৱানৰ ওচৰত নিশ্চয় এই সকলোবোৰৰ হিচাপ আছে ৷ নিজৰ ভাগৰ কৰ্মফল ভুঞ্জিবই লাগিব ৷ এইখিনি উপলব্ধি কৰোৱাবলৈকে চাগৈ ঈশ্বৰে তেওঁক এনেকুৱা অৱস্থা কৰালে ৷ কথাবোৰ চিন্তা কৰি তেওঁৰ চকুদুটা মুদ খাই আহিল ৷
"ই আপুনি হবলা ব্ৰেকফাষ্ট নকৰিলেই ৷ মই ইফালে লান্সেই আনিলোঁ আপোনালৈ " বুলি ৱাৰ্ডবয়জনে কোৱা কথাতহে সাৰ পালে বৰুৱাই ৷ বেৰত ওলমি থকা ঘড়ীটোলৈ চকু গ’ল ৷ এক বাজিবলৈ পোন্ধৰ মিনিট আছে ৷ ডাঙৰ ঘুৰনীয়া থালি এখন আন এখন একেধৰণৰ থালিৰে ঢাক মাৰি লৈ আনিছে ৰাতিপুৱা ৰুটি দি যোৱা ল’ৰাজনে ৷ ভাতৰ থালিখন টেবুলত থৈ ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ ট্ৰেখন তাক লৈ যাবলৈ কৈ ৱাৰ্ডবয়জনে ক’লে, "ভাতটো খাই লওক ৷ বিচনাতেই দি দিও ৷ ডাক্তৰ চাৰে আপোনাৰ খবৰ লৈ আছে ৷ নাইখোৱা বুলি ক’লে মোকেই খং কৰিব ৷" তাৰ কথাত বৰুৱাই শলাগ লৈ ভাতদুটামান খাম বুলি ক’লে ৷ তাৰ আগতে বৰুৱা পুনৰ এবাৰ টয়লেটৰ পৰা আহিলগৈ ৷
বিচনাতে বাতৰি কাগজ এখন পাৰি তাৰ ওপৰত ভাতৰ কাঁহিখন তুলি দিলেহি ৱাৰ্ডবয়জনে ৷ ভাত, দাইলৰ পানী, আলু মটৰৰ তৰকাৰী আৰু শাকৰ ভাজি এখন ৷ এটা কিনাৰত নেমু, জলকীয়া আৰু এটুকুৰা পিয়াজ ৷ মন নগলেও বলেৰে দুগৰাহমান ভাত খাই তেওঁ বাকী ভাতকেইটা লিৰিকি বিদাৰি থাকিল ৷ ৱাৰ্ডবয়জনে আৰু খাবলৈ মন নাই বুলি বুজি পালে ৷ হাতখন ধুবলৈ বিচনাৰ তলত থকা বাল্টি এটাকে আনি সুবিধা কৰি দিলে সি ৷ নিজেই এতিয়া উঠিব মেলিব পাৰে মানুহজনে ৷ হাতখন উঠি গৈ বেচিনতেই ধুবগৈ পাৰিলেহেঁতেন ৷ হলেও ডাক্তৰ চাৰে গুৰুত্ব দিয়া দেখিছে মানুহজনক ৷ সেয়ে সিও শুস্ৰুষা কৰিছে ৷
ভাতকেইটা খাই উঠি বৰুৱা আকৌ বিচনাত পৰি কথাবোৰ ভাবি থাকিল ৷ মাজতে ভাত দি যোৱা ল’ৰাটোৱে আহি বাচনবৰ্তনবোৰ লৈ গ’লহি ৷ আকৌ আবেলিলৈ ফ্লাক্সত চাহৰ সৈতে প’পো আনি দি থৈ গ’লহি ৱাৰ্ডবয়টোৱে ৷ বৰুৱাই খালী চাহ অকনমানহে ডিচপজেবল গিলাচ এটাত বাকি দিবলৈ ক’লে ৷ গধূলিকৈ ডাক্তৰ চাৰ এপাক মাৰিব বুলি কৈ সি গ’লগৈ ৷
গধূলি সময়ত সুন্দৰ, সপ্ৰতিভ ডাক্তৰজন আহিল বৰুৱাৰ ওচৰলৈ ৷ আহি তেওঁ নিজেই বৰুৱাৰ প্ৰেচাৰ আৰু পালচ্ চালে ৷ "বৰ্তা, সকলো ঠিকেই আছে ৷ মাত্ৰ খোৱা বোৱা ভালকৈ কৰিব ৷" বৰ্তা বুলি মাতটোত যেন বৰুৱা পমিহে যাব ৷ "আপুনি চিন্তা কৰি নাথাকিব ৷ কথাবোৰ গম পাইছোঁ মই ৷ আপোনাৰ কিবা এটা ব্যৱস্থা কৰিম ৷ আৰু ৰমেশে ক’লে আপুনি বোলে খোৱা নাই ভালকৈ ৷ কেন্টিনৰ খানা খাবলৈ বেয়া পাইছে চাগৈ ৷ গধূলিকৈ আপোনাৰ বাবে ভাতকেইটা মোৰ ঘৰৰ পৰা পঠিয়াবলৈ কৈছোঁ ৰব ৷" ডাক্তৰজনৰ কথাত আচৰিত হ’ল বৰুৱা ৷ নিজৰ ল’ৰায়েই নিঠৰুৱা কৰি বাটৰ ভিক্ষাৰী কৰিলে তেওঁক , কিন্তু এই চিনি জানি নোপোৱা ডাক্তৰজনৰ ইমান দৰদ তেওঁৰ প্ৰতি ! ডাক্তৰজনে যেন বৰুৱাৰ মনৰ ভাৱ বুজিহে পালে ! তেওঁ কৈ উঠিল , "বৰ্তা, আপুনি চাগৈ মোক চিনি পোৱা নাই ৷ মই ভবানন্দ হাজৰিকাৰ ল’ৰা আকৌ ৷ সৰুতেই দেখা আপুনি ৷"
থৰ হৈ গ’ল বৰুৱা ডাক্তৰজনৰ কথা শুনি ৷ ডাক্তৰৰ চকুত চকু থবলৈ তেওঁৰ সাহসে নুকুলালে ৷ ল’ৰাক মানৱীয়তাৰ শিক্ষা দিয়া ভবানন্দ হাজৰিকাক আজি তেওঁৰ ভৰি চুই সেৱা এটা কৰিবলৈ মন গ’ল ৷
খুৱ ভাল লাগিল
ReplyDeleteবৰ ভাল লাগিল। সুন্দৰ প্ৰকাশ।
ReplyDeleteবহুত ভাল লাগিল।
ReplyDelete