#গল্প
#অদৃষ্ট
অফ হোৱাইটত সৰু সৰু নীলা ৰঙৰ ফুল থকা পৰ্দা ৷ বাৰ্ণিছ কৰি জিলিকাই ৰখা সুদৃশ্য বেতৰ চোফাটোৰ কুশ্বনবোৰো পৰ্দাৰ ফুলৰ লগত সাদৃশ্য থকা ৷ আনকি ঢোলটোৰ দৰে গোল গোল মুঢ়াদুটাটো বগা নীলা ষ্ট্ৰাইপ থকা কাপোৰৰ কুশ্বনেই দিয়া আছে ৷ বেৰত চিত্ৰশিল্পী স্বামী অলকেশে অংকণ কৰা সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ ছবিখনে সোণত সুৱগা চৰাইছে ৷ ঠায়ে ঠায়ে ইনডৰ প্লেন্টৰ টাবকেইটা ৰখাৰ বাবেই সজীৱ সজীৱ ভাৱ এটা যেন চাৰিওফালে ৷ তাতে নেটৰ পৰ্দাকেইখনে কোঠাটোত আবুৰ এটাও দিছে ৷ মুঠতে বৃন্দাই ভাৰাঘৰটো বৰ সুন্দৰকৈ সজাই লৈছে ৷
বিয়া হোৱা মাত্ৰ চাৰিমাহ হৈছে বৃন্দাৰ ৷ স্বামী অলকেশৰ বেংকৰ চাকৰি ৷ বিয়াৰ পাছত অলকেশৰ গাওঁৰ ঘৰখনত বেছিদিন থাকিবলৈ সময়েই নাপালে সিহঁতে ৷ অলকেশৰ চুটী শেষ হোৱাত সিহঁত দুয়োটা আহি অলকেশৰ চহৰত থকা ভাৰাঘৰ পালেহি ৷ ডাঙৰ কম্পাউণ্ডৰ ভিতৰত সৰু, আটোমটোকাৰী ঘৰটো ৷ ঘৰৰ মালিক দূৰৈত থাকে ৷ সিহঁতে নিজা ঘৰত থকাৰ দৰেই থাকিব পাৰে তাত ৷
ছবি অঁকা অলকেশৰ হবি ৷ আজৰি সময় পালেই সি ছবি আঁকে ৷ বিভিন্ন প্ৰাকৃতিক দৃশ্যৰ পৰা কাৰোবাক মডেল হিচাপে লৈয়ো ছবি আঁকে কেতিয়াবা ৷ পিছে চাকৰিৰ তাগিদাত সি তাৰ চখ পূৰণ কৰিবলৈ বৰ বেছি সময় নাপায় ৷ থপিয়াই থপিয়াই সি যিকেইখন ছবি আঁকে , সেইকেইখন যেন জীৱন্ত হৈ পৰে ৷ বৃন্দা অভিভূত হয় ৷ ক’লা বিথীকাত তাৰ ছবিৰ প্ৰদৰ্শনী দেখিয়েইটো তাই তাৰ প্ৰেমত পৰিছিল ! অফিচৰ পৰা অলপ সোনকালে অহাৰ দিনা সি ফ্ৰেচ হৈ অলপ জিৰণি লয় ৷ তাৰ পাছত মৃদু সংগীতৰ তালে তালে কেনভাচত তাৰ বুৰুজে যাদু চলায় ৷
আজি কেইদিনমানৰ পৰা বৃন্দাই কৈ আছে তাইৰ এখন পেইণ্টিং অংকন কৰাৰ কথা ৷ অলকেশে সময় পালেই আঁকিম বুলি কথা দিছে ৷ কিন্তু সময়ৰ অভাৱত অকাঁ হৈ উঠাগৈ নাই ৷ আধৰুৱা পেইণ্টিংখন শেষ কৰিব পাৰিলেই সি বৃন্দাৰ পেইণ্টিংখন আঁকিবলৈ আৰম্ভ কৰিব ৷ তাৰো ইচ্ছা আছে তাৰ অনন্য সুন্দৰী পত্নীক কেনভাচত জীৱন্ত ৰূপ দিয়াৰ ৷ কেনেধৰণৰ সাজসজ্জা বা কি ভংগীমাত তাইত উপস্থাপন কৰিব সেইটো সিও কল্পনা কৰি আছে ৷ অন্যবোৰ ছবিতকৈ অগতানুগতিকটো হবই লাগিব !
সোমবাৰৰ দিনা বেংকৰপৰা অহা কিছু পলম হয় অলকেশৰ ৷ কাম কিছু বেছি হয় ৷ সেয়ে আঠ বজালৈকে সি নহাৰ বাবে বৃন্দাই সিমান চিন্তা কৰা নাছিল ৷ আঠ বাজি যোৱাৰ পাছতহে তাই তালৈ ফোন এটা কৰোঁ বুলি যাওঁতেই তাইৰ ফোনটো বাজি উঠিল ৷ অলকেশৰ ফোন ৷ কিন্তু সিফালৰ পৰা অচিনাকী কণ্ঠ এটাইহে ক’লে অলকেশৰ এক্সিডেণ্ট হোৱা বুলি ৷ নাৰ্ছিংহমলৈকে তাইক আহিবলৈ কৈ ফোনটো কাটি দিলে মানুহজনে ৷ মুৰটো ঘুৰাবলৈ লাগিল বৃন্দাৰ ৷ কি কৰিব এতিয়া? যেনেকৈ আছিল তেনেকৈয়ে লৰালৰিকৈ নাৰ্ছিংহম পালেগৈ তাই ৷ খবৰ পাই তাৰ সহকৰ্মী দুজনমানো ওলাইছিলহি ৷ তেওঁলোকৰ তৎপৰতাত যেনিবা ডাক্তৰে চিকিৎসা আৰম্ভ কৰিলে ৷ সি চলাই আহি থকা স্কুটীখন পাছফালৰ পৰা ট্ৰাক এখনে খুন্দিয়াই থৈ যোৱাত ভালকৈয়ে দুখ পালে সি ৷ ঘৰলৈ খবৰ দিয়াত ৰাতিলৈ ঘৰৰ পৰা অলকেশৰ ভায়েকহঁতো পালেহি ৷
দুদিনমান আই চি ইউত ৰখাৰ পাছত অলকেশ বিপদমুক্ত বুলি ডাক্তৰে জনালে ৷ তাৰপাছত লাহেকৈ তাক কেবিনলৈ অনা হ’ল ৷ কথা বতৰা পাতিছে যদিও গাৰ বেণ্ডেজবোৰ খোলা নাই ৷ বিচনাতে প্ৰসাৱ পায়খানা কৰোৱাব লগা হৈছে ৷ বৃন্দাই তাক এৰি এখন্তেকো কলৈকো যোৱা নাই ৷ অৱশ্যে অলকেশৰ ভনীয়েকো তাইৰ লগত সকলো সময়তে আছেই ৷
লাহে লাহে অলকেশ কিছু সুস্থ হৈ অাহিল ৷ ডাক্তৰে এদিন বৃন্দাক মাতি তাৰ স্বাস্থ্যৰ কথা আলোচনা কৰি কিছু উপদেশ দিলে ৷ অলকেশক দুই এদিনতে ৰিলিজ দিব বুলিও তাইক ডাক্তৰে কলে ৷ কেবিনলৈ আহি বৃন্দাই সকলোকে ডাক্তৰে কোৱা কথাবোৰ কলেহি ৷ ঘৰলৈ যাবলৈ দিব বুলি অলকেশৰ লগতে ঘৰৰ মানুহবোৰ বৰ সুখী হ’ল ৷ অলকেশে কৈ উঠিল , "এইবাৰ ঘৰলৈ গৈ গাটো ভাল পালেই তোমাৰ পেইণ্টিংখন আৰম্ভ কৰিমগৈ বৃন্দা ৷" মুখত মৃদু হাঁহি এটা লৈ বৃন্দাই মুৰ দুপিয়ালে ৷ তাৰপৰছত তাই বেলেগ কথা এটা উলিয়াই ছবি অঁকাৰ কথাটো তল পেলালে ৷ এতিয়াৰপৰা যে তাই সদায় সেইটোকেই কৰিব লাগিব ৷ এক্সিডেণ্টত অলকেশৰ সোঁহাতখন একেবাৰে অকামিলা হৈ গ’ল !৷ডাক্তৰে তাইক মাতি নি সেইটো কথাই কৈছিল ৷ সি আৰু কেতিয়াও ছবি আঁকিব নোৱাৰিব ৷
স্বপ্না দত্ত ভৰালী
খুৱ দুখ লাগিল দেই। ছবি অকাল মানুহে হঠাৎ ছবি আকিব নোৱাৰা হ'লে কি হ'ব সেইটো বুজোৱা।
ReplyDeleteহঠাতে দুৰ্যোগ নামি আহিলে সঁচাকৈয়ে যে কি হৈ যায় !
Delete